ফটাঢোল

নকৰিবলগীয়া চিন্তা – লখিমী হাজৰিকা

১) বনকৰা ছোৱালীজনীয়ে মূৰত লেপি দিয়া হেনাসোপাৰে সৈতে শইকীয়ানী শীতৰ ৰ’দজাকৰ উম লোৱাত ব্যস্ত।

: বাইদেউ চিলিণ্ডাৰ শেষ হ’ল।

: ঐ মৰতী, কি অদৰকাৰী কথা কৈ থাকহি। চাৰলৈ ফোন নকৰ কিয়?

: কৰিছিলো। চাৰ বিজি আছে বোলে।

: এইসৱৰপৰা শান্তি নাই! কিবা এটা সুস্থিৰে কৰিব নোৱাৰি৷

বুলি ভোৰভোৰাই শইকীয়ানীয়ে নিজৰ ফোনটো আনিলেগৈ।

: হেৰা, তুমি কেতিয়ামানে আহিবা?

: মই অলপ ব্যস্ত হৈ আছোঁ। পুৱাটো তোমাৰ লেকচাৰ লিখোঁতেই গ’ল! চিলিণ্ডাৰটো খুৱাই ল’ব নোৱাৰিবানে?

টিইট ..টিইট.. টিইট.. শইকীয়াই পুৱাই লিখি থৈ যোৱা “নাৰী সৱলীকৰণত আজিৰ সমাজৰ ভূমিকা” শীৰ্ষক বক্তৃতাটোত আকৌ এবাৰ চকুফুৰালে শইকীয়ানীয়ে। তেনেতে ড্ৰাইভাৰ ৰামু আহি হাজিৰ।

: বাইদেউ!

: অ আহিলি?

: যা যা গাড়ীখন ৰেডী কৰ। মই সাজুহৈ আহোঁ।

আধাঘন্টামানৰ ভিতৰত শইকীয়ানী সাজুহৈ গাড়ীত বহি ফেচবুক, হোৱাটচ্এপত আপডেটটো দি আজৰি হৈ ল’লে।

: ৰামু যাওঁতে কে.এফ.চিত ৰখাবি।

: হ’ব বাইদেউ।

ইফালে শইকীয়ানীৰ ঘৰত পাৰ্ট টাইম কৰা বডোছা ওলালহি। কাপোৰসোপা ধুইলৈ বনকৰা মিনিক মাত দিলে-

: কি ঐ, আজি চাহ-তাহ একো নেদা নাকি?

: গেছ শেষ হ’ল, কেনেকৈ খাবি?

: তই নাজান লগাব? কি শিকছা ঐ এনামদিনে? চাওঁ ব’ল পাকঘৰলৈ। তাহাঁতে এ.চি হোটেলত খাই ল’ব। তই শুকাই মৰবি নাকি? ঐ! যা তই যোগাৰ কৰ। নহলি চাৰটুইও ভাত খাব নাপাৱ!

দুয়ো আৰামত চাহটোপা খাই আজৰি হওঁতেই শইকীয়া আহি ওলাল অফিচৰপৰা চিলিণ্ডাৰ খুৱাবলৈ। মিনিয়ে আগবঢ়াই দিয়া চাহকাপত চুমুক দি ভাৱি থাকিল ….সাৱলীকৰণ কোন দিশে….

 

২) সি কথাবোৰ ক’লে তাক ছক্ৰেটিছ বুলি জোকায়। কোনোবাই বুদ্ধিজীৱী বুলি কয়। সি ভাবি নাপাই এনেকুৱা চিন্তা কৰিলে বেয়া হ’বই নেকি? হেমলক খুৱাই মাৰিব নে গুপ্তঘাটকে মাৰিব? তীখৰে বহু কথাই বুজি নাপায়। যেনে- ‘ইয়াত একো নিলিখিব ‘ বুলি কথাষাৰ বেৰখনতে কিয় লিখে? গেলা আঙুৰ, আপেলৰ ৰসেৰে তৈয়াৰ কৰাখিনিত লাইচেন্স পায়; সন্মানজনক পেছা। কিন্তু কোনোবাই পেটৰ তাড়নাত গেলাভাতৰপৰা বনালে খেদা খায়, আচলতে নীতিটো কি? তীখৰে নুবুজে।

আকৌ, আগদিনা সন্ধিয়াৰ বাতৰিত “কুখ্যাত অমুক কেলেংকাৰীৰ মালিকে অসমক লুটি-পুটি খালে” বুলি টকশ্বোত ডিঙিৰ সিৰ ফুলাই চিঞৰি থকা চেনেলৰ মালিকৰ বাতৰি কাগজত পিছদিনা প্ৰথম পৃষ্ঠাতে বৰ বৰ হৰফেৰে বিজ্ঞাপন ওলায়, ” অমুক বিস্কুট খাওক, জিভাই পাহৰি যাব আনবোৰৰ সোৱাদ”

মুঠতে তীখৰে তৌবা তৌবা দেখে।

তীখৰৰ খাৰখোৱা মগজুৱে বহুত কথাই বুজি নাপায়। অন্ধবিশ্বাস সম্পৰ্কে আয়োজন কৰা সজাগতা সভালৈ অহা বক্তাজনৰ ডিঙিত বগা চাৰ্টৰ মাজেৰে জিলিকি থকা ধাতুৰ চাৰিচুকীয়া বাকচটোৰ ভিতৰত এনে কি শক্তি আছিল, আজিও নুবুজিলে তীখৰে। সেই সজাগতা সভাৰ আঁতধৰা থোলোক গোস্বামীৰ হাতৰ ৰঙীন সূতাকেইডালৰ পাকবোৰ আহি তীখৰৰ মনটো পকাই ধৰেহি। মহাবিদ্যালয়ৰ প্ৰবক্তা শইকীয়া বৰদেউতাই তীখৰৰ দোকানলৈ চিগাৰেট কিনিবলৈ আহি ভূঞা মাষ্টৰক ভাষণ দিয়ে-

“আমাৰ এই অসমীয়া লেংগুৱেজটোৰ বিৰাট ক্ৰাইছিছ চলি আছে বুইছেনে ভূঞা! “

তীখৰৰ চকুকেইটা কাৰ্টুনত দেখুওৱাৰ দৰে বাহিৰলৈ ওলমি আহিব খোজে। ভূঞাৰ পুতেকে চাধা কিনিবলৈ আহে দেউতাকলৈ। নিজলৈ শিখৰ কিনে। আঁহে আঁহে কেশৰৰ গোন্ধ থকা। সি আহি তীখৰক কয়-

“এইসোপা লুকুৱাই থ’বি ঐ ল’ৰা…কাইলৈ আহিব পাৰে জিলাৰ মানুহ।”

কাইলৈ ..? কিয়…?”

“এহ কাইলৈ ধূম্ৰপান দিৱস আছে নহয়! চেকিঙত আহিব পাৰে।”

“অ’হ! ধূম্ৰপান দিৱস!”

তীখৰে সোধা নহ’ল। ধূম্ৰপান দিৱস নে ধূম্ৰপান বৰ্জন দিৱস? আকৌ ধূম্ৰপানত এই পেকেটবোৰ ধৰে জানো? ধোঁৱাটো নোলায় ন পেকেটৰপৰা! চুম’জাতীয় গাড়ী এখনৰপৰা এজনে পিকাই থৈ গ’ল। দেখিলে গাড়ীখনৰ গোটেই গাতে এসোপামান ৰঙীন পোষ্টাৰ-

“স্বচ্ছভাৰত অভিযানৰ”।

তীখৰ অবাক।

স্বচ্ছভাৰত! হয়তো হ’ব পাৰে সি স্বচ্ছভাৰতৰ গাড়ীহে চলাইছে। সিটো আৰু ডাইৰেক্ট অভিযানত ভাগ লোৱা নাই ন! অভিযানত ভাগ ল’বলৈ দহ ফুট ঠাইতে বিশজনমানে ঝাৰু একোটা লৈ ফটো উঠিব পাৰিব লাগিব। এম্বুলেঞ্চো ৰখাই দিয়ে মন্ত্ৰীৰ গাড়ী গ’লে, তেনে মন্ত্ৰীয়ে নিশ্চয় দেশৰ উন্নতিয়ে কৰিব! সময়ৰ মূল্য বুজা দেশৰক্ষক যিহেতু।

তীখৰে বাট ল’লে।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.