ফটাঢোল

নগা – গীতিকা শইকীয়া

ধাননি পথাৰখনৰ লগতে থকা গেজেপনি মৰা জংঘলখনত তাৰ অবাধ অহা-যোৱা। আবেলি বেলি লহিওৱাৰ আগতেই পথাৰখনত কাম কৰি থকা মানুহবোৰ ঘৰলৈ যাবলৈ লৰা-লৰি কৰে। কিন্তু সি পথাৰৰ কাম কৰি অঁতাই জংঘললৈ যায় আৰু আন্ধাৰ হোৱাৰ পিছতহে হাবিখনৰ পৰা ওলায়। উদং পথাৰখনত কাকো নেদেখিলে জপিয়াই জপিয়াই নাচি ফুৰে। ক’ৰবাত কাম কৰি অলপ দেৰিকৈ ঘৰলৈ যোৱা গাঁৱৰ এটা দুটা মানুহে তাক তেনেদৰে নাচি থকা দেখিলে ভূতে পালে বুলি আটাহ পাৰি গাঁৱলৈ দৌৰি যোৱা চাই সি খেকখেকাই হাঁহে। তেনেকৈ কওঁতে কওঁতে তাক সকলোৱেই ভূতে পোৱা নগা বুলি ক’বলৈ ল’লে। ক’বলৈ গ’লে তাৰ নামটো নগা নাছিলেই! জন্মগতভাৱে আয়েকে নাম দিছিল চুকাফা।

আহোমৰ ঠগে-গঢ়ে আয়েকে নুমলীয়াটিৰ ভাল নামেই বাছি উলিয়াইছিল। পিছে অকণমান ডাঙৰ হোৱাৰ লগে লগে তাৰ কাণ্ড-কাৰখানাবোৰ দেখি দেখি গাঁৱৰ মানুহবোৰে তাৰ নামটো নগা থ’লে। মানে তাৰ সকলো কাম-কাজতে কিবা এক জবৰজং স্বভাৱ আছিল। ভোক লাগিল বুলিয়েই ঘৰলৈ গৈ কিবা খোৱাৰ সমান সময় ল’বলৈ তাৰ ধৈৰ্য নাছিল। সেয়ে কেঁচাই পকাই হাততে পোৱা ফল-মূল খোৱাৰ লগতে পেট নভৰিলে গছ-বিৰিখত থকা পোক পৰুৱাও থপিয়াই আনি মুখত ভৰাইছিল। মানুহবোৰে হায়ৈ-বিয়ৈকৈ “এইডালে পোক পৰুৱাও খায়” বুলি আটাহ পাৰি থাকে মানে সি কেইটামান পোক পৰুৱা খাই উঠি খাল-বিল যিয়েই নহওক হাত পখালি পানী খোৱা দেখিলে চাই থকা বিলাকৰ বমি আহি গৈছিল।

দূৰৰ পাহাৰৰ নামনিত হোৱা বজাৰখনত কেতিয়াবা পাহাৰৰ ওপৰৰ নগা গাঁওবোৰৰ পৰা নগা মানুহবিলাক আহিছিল। পোক-পৰুৱা, তথা কুকুৰ আদি খোৱা নগাবোৰক দেখি অহা গাঁৱৰ দুই-চাৰিজনে তাৰ কাণ্ড দেখি প্ৰায়েই কৈছিল যে ই কিবা ভুলক্ৰমেহে অসমীয়া গাঁৱত জন্ম ল’লে। তাৰ নগাৰ ঘৰতহে জন্ম হ’ব লাগিছিল। এনেদৰেই তাৰ নামটো নগা বুলি সকলোৱেই ক’বলৈ ল’লে।
এদিন গাঁৱৰ ল’ৰামখাই পানী বাঢ়ি ওফন্দি থকা নদীৰ পানী জুৱঁলিত বৰশী বাই আছিল। গোঁহালিৰ পৰা পেলোৱা গোৱৰমাটিৰ দমৰ পৰা বিচাৰি অনা কেঁচুবোৰ বৰশীৰ টোপ হিচাবে লগোৱা হৈছিল। দুটামান চেঙেলিয়াই নগাক জোকাই চালে,-“নগা অ’, খাই চাচোন কেনে লাগে?”

নগাই সিহঁতলৈ ঘোপাকৈ চাই বৰশী বোৱাত লাগিল। আচৰিতকৈ বেছিভাগ মাছেই নগাৰ বৰশীতহে লাগিবলৈ ধৰিলে। বাকীবোৰে বহুত দেৰি ৰৈও ভাল মাছ নোপোৱাত নগাৰ পৰা খুজি ঘৰলৈ যাবলৈ মন কৰিলে। পিছে নগাৰ মন নাই মাছবোৰ দিবলৈ! ইতিমধ্যে দুপৰীয়াৰ ভাত খাই বয়সস্থ মানুহ কেইজনমানো আহি ঘাটৰ পাৰত বহি সিহঁতৰ বৰশী বোৱা চোৱাত লাগিল। নগাৰ ভোক লাগিবলৈ ধৰিলে। ওচৰতে থকা কলি মধুৰি আম কেইটামানকে ছিঙি আনি চোবালে। নাই, ভোক নমৰেহে নমৰে। অলপ দূৰত থকা অমিতা এজোপাৰ কলি অমিতা দুটামানো ছিঙি অনা দেখি বুঢ়া-মেথাকেইজন চিঞৰি উঠিল,-“হেৰৌ নগা, ইমান কলি অমিতা খালে মুখ ডাকিব অই! কেলেই খাই মৰিব খুজিছনো?”

নগাৰ উত্তৰ,-“হেই, তহঁতৰ মুখ, জিভাবোৰ কেৱল লোকৰ ৰটনা কৰিবলৈকে চোকা। এইবোৰ খাবলৈ নহয়।“- এইবুলি লগত ৰখা কটাৰীখনেৰে বাকলি গুচাই নদীৰ পানীতে আওখালি নগাই কলি অমিতাকেইটা মকৰ মকৰকৈ চোবোৱাত লাগিল। বাকীবোৰে বৰশী বাবলৈ এৰি নগাকেই চাই থাকিল। বুঢ়াকেইজনে নিজৰ মাজতে ফুচফুচাই উঠিল,-“ই সঁচাকৈয়ে কোনোবা বকাসুৰৰ পুতেক হয়। ইয়াৰ মাক কালৰী বুঢ়ীয়ে ইমান বয়সত এইটোক কেনেকৈ জন্ম দিলে সেইটোহে আচৰিত কথা।“ তাৰ মাজতেই ইটোৰ পিছত সিটোকৈ নগাৰ বৰশীত মাছবোৰ লাগি থাকিল। নগাই উৎসাহতে বৰশী বায়েই থাকিল। ইফালে পেটৰ কলমলনি আকৌ বাঢ়িবলৈ লোৱাত নগাই দেখে তাৰ বৰশীৰ ওচৰতে ফৰিং কেইটামান উৰি ফুৰিছে। নোদোকা ফৰিং। সি সাউতকৈ আগবাঢ়ি গৈ দুই-তিনিটা ফৰিং হাতেৰে থপিয়াই ধৰি হাতৰ কাষলতিৰ চেপত সোমোৱাই থলে। লগতে ৰৈ থকা চেঙেলীয়াকিটা চিঞৰি উঠিল,- “হে হেই, হেই নগা, তই ফৰিংবোৰ কাষলতিৰ চেপত কিয় থৈছ?”

“হে হে হে…-“নগাই হাঁহি হাঁহি ক’লে,-“গৰম কৰিছো আকৌ! বৰ ভোক লাগিছে, খাম এতিয়া।“

বৰশী বোৱা নদী ঘাটটোত থকা ল’ৰা-বুঢ়া, চেঙেলীয়া সকলোৱেই আতংকিত হৈ উঠিল। কিন্তু কিবা কোৱাৰ আগতেই নগাই কাষলতিৰ চেপত ৰখা ফৰিংবোৰ এটা এটাকৈ খাবলৈ ধৰিলে। দুই এটাৰ সোৱাদ ভাল নলগাত কামোৰা ফৰিং তাৰ খালৈত ৰাখি যোৱা মাছতো থৈ দিলে। তাকে দেখি মাছ খোজাকেইটা ফৰিংছিটিকা দিলে।

লাহে লাহে তাৰ নামটো ফৰিং খোৱা নগা বুলি জনাজাত হ’বলৈ ধৰিলে। এটা সময়ত সি নিজেও পাহৰি থাকিল যে জন্মতে তাৰ আয়েকে তাৰ নাম চুকাফা থৈছিল। সময় গৈ থাকিল। নগা ডেকা হ’ল। নাকটো ফেঁচা হ’লেও তথা চকুদুটা সৰু হ’লেও ৰঙা-বগা নগা এক থুলন্তৰ ডেকা হৈ পৰিল। পিছে তাৰ স্বভাৱৰ কোনো পৰৱিৰ্তন নহ’ল। বৰঞ্চ বাঢ়িলহে।

গাঁৱলৈ মাজে মাজে জহামাল ধৰিবলৈ কিছুমান মানুহ আহে। কেৱল শৰীৰৰ নিম্নাংশ ঢকা মানুহখিনিৰ গাৰ পৰা উৎকট বেয়া গোন্ধ ওলায়। গাঁৱৰ মানুহৰ কেঁচা পায়খানাৰ গাঁতৰ পৰা জহামাল তথা গুঁই সাপ ধৰি গাঁৱৰ পৰা ওলাই যায়। জংঘলী মানুহখিনিয়ে কাৰো লগত কথাও নাপাতে। জহামাল ধৰা বাবেই গাঁৱৰ মানুহে সিহঁতকো জহামাল বুলিয়েই কয়। এবাৰ নগাও সেই জহামাল দলৰ লগ লাগিল। জহামাল, গুঁই সাপ ধৰি সিহঁতৰ লগতে নগাও ক’ৰবালৈ গুচি গ’ল। কালৰী বুঢ়ীয়ে অলপদিন ইনাই-বিনাই থাকিল। কিন্তু অলপদিন পিছতেই নগা আহি ঘৰ ওলাল। মানুহে সোধাত ক’লে যে সি হেনো সেই জহামাল মানুহবোৰ ক’ত, কেনেকৈ থাকে চাবলৈ গৈছিল। পিছে অলপদিনৰ পিছৰ পৰা জহামাল মানুহবোৰৰ চৰ্দাৰজনে নিজৰ জীয়েকক নগালৈ বিয়া দিব বিচৰাত সি গুচি আহিল। গাঁৱৰ মানুহে বহুদিনলৈ কালৰী বুঢ়ীক জোকাই থাকিল, -“পুতেৰে জহামালনি আনিব দেই!…”
নগাৰ মুখখন কেৱল খোৱাতেই যে ভাল তেনে নহয়, মুখচোকা বুলি গোটেই অঞ্চলটোতেই নগাৰ নাম ৰৈ বৈ যোৱা। তিনি আলিৰ মূৰত লোকৰ আলোচনা কৰি থকাখিনিয়ে নগাক দেখিলেই পলাই পত্ৰং দিয়ে। স্থান, কাল, ডাঙৰ-সৰু নিৰ্বিশেষে নগাই সকলোকে মুখৰ আগতেই কথাৰে থকা-সৰকা কৰে। অলপ ডাঙৰ হোৱাৰ পিছৰে পৰা কালৰী বুঢ়ীক প্ৰতিদিনেই কোনোবা নহয় কোনোবাই নগাই কৰা আলৈ আথানিৰ আপত্তি কৰি থৈ যোৱাটো নিয়মীয়া ঘটনা। পিছে কালৰী বুঢ়ীয়ে আন সকলো কথা ঠিকেই শুনিলেও নগাৰ বিষয়ে গাঁৱৰ মানুহে কৰা আপত্তিবোৰ নুশুনাৰ ভাও জুৰে বুলি মানুহে কোৱা-কুই কৰে।

নগাৰ কথা-কাণ্ডত অতিষ্ঠ হৈয়েই ককায়েক তিনিওটাই নগাক বেলেগ কৰি দিলে। কালৰী বুঢ়ীয়ে নুমলীয়া পুতেকৰ লগতে থাকিবলৈ ল’লে। নগাৰ মতে ঘৈণীয়েকহঁতৰ উৎপাততহে মাকৰ দায়িত্ব ল’ব নোখোজাৰ বাবেহে ককায়েকহঁতে নগাক মাকৰ সৈতে বেলেগ কৰিলে। কালৰী বুঢ়ীয়ে আন যি হ’লেও, এটা কাম পিছে ভাল কৰিলে। ঘৰ-বাৰী, ভেটি, খেতিৰ মাটি সমানে সমানে পাঁচভাগ কৰোৱালে।

“তহঁতে মোৰ দায়িত্ব বিয়া নোহোৱাকৈ থকা ভায়েৰৰ ওপৰত দিছ যেতিয়া মোৰ ভাগৰ মাটিখিনিও সিয়েই পাব।“—কালৰী বুঢ়ীৰ খাৰাংখাচ কথা।

ককায়েক-বৌয়েকহঁতৰ আপত্তি আছিল যদিও গাঁৱৰ মেল বহুওৱাত সকলোৱে হয়ভৰ দিয়াত মানি ল’বলৈ বাধ্য হ’ল। অৱশ্যে গাঁৱৰ মেলুৱৈসকলৰ লগতো নগাৰ অহি-নকুল সম্বন্ধ। সেয়ে ককায়েকহঁত নিশ্চিন্ত আছিল যে যিহেতু নগাক গাঁওবুঢ়াৰ পৰা সকলোকেইজন মেলুৱৈয়ে চকু পাৰি দেখিব নোৱাৰে সেই গতিকে আয়েকে মেলত গোচৰ দিলেও ককায়েকহঁতেই জিকিব। পিছে হিতে বিপৰীত হ’ল। গাঁওবুঢ়া কিম্বা আন মেলুৱৈসকলে কিবা ৰায় দিয়াৰ আগতেই নগাৰ কথাই সকলোকে নেফা-নেফ কৰিলে। প্ৰয়োজন হ’লে নিজৰ অধিকাৰৰ বাবে কোৰ্টলৈকো যাম বুলি কোৱাত গাঁওবুঢ়াই সম্পত্তিৰ পাঁচটা ভাগ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে সিহঁত থকা ঘৰটোত পিতাকৰ মৃত্যুৰ পাছত মাকৰ অধিকাৰহে থাকে বুলি ৰায় দিয়াত ককায়েকহঁতে কাষতে থকা বাৰীমাটিত নিজা নিজাকৈ ঘৰ বনাবলৈ বাধ্য হ’ল।

অৱশ্যে ডাঙৰ ককায়েক-বৌয়েকে ক্ষমা খুজি পুনৰ আয়েক আৰু নগাৰ লগতে থকাটো বিচাৰিছিল, নগাইহে নিদিলে। মাজু আৰু তিনি নম্বৰজনে গধূলি গধুলি চেৰাৱ ভাট্টিত গৈ অকনমান গেলা পানী খোৱাৰ অভ্যাস। তাৰেই গইনা লৈ কেইদিনমানলৈ সন্ধিয়া সন্ধিয়া ঘৈণীয়েকহঁতক গালি পাৰি থাকিল যে “তহঁতৰ বাবেহে আইক নগাৰ ফলীয়া কৰি মাটিকণো হেৰুৱালোঁ।“ এই কথাটো নগাই কৈহে থাকিছিল, ককায়েকহঁতৰ মদৰ নিচাত সঁচা কথাটো ওলায়েই পৰিল। সেই তেতিয়াৰে পৰা ককায়েকহঁতৰ লগত নগাৰ সিমান ৰাহি-যোৰা নাহে। আয়েকেহে সকামে-নিকামে ককায়েকহঁতৰ ঘৰলৈ অহা-যোৱা কৰে।

যি নহওক, নামঘৰতো ফৰিং খোৱা নগাৰ ফটা মুখখনক লৈ বহুতৰে নগুৰ নাগতি চলি থাকে। বিশেষকৈ নামঘৰীয়া, নামতি, গায়ন-বায়নৰ গোটেই জাকটোৱেই নগাক চকু পাৰি দেখিব নোৱাৰে। কিবা কথা কটা-কটি হ’লেই নগাই সিহঁতৰ জীৱনৰ ইতিহাসৰ এনে বৰ্ণনা দিয়ে যে তেওঁলোক মনে মনে থকাৰ বাহিৰে আন উপায় নাথাকে। গাঁৱৰ সকলোৱেই ভয় কৰা নামঘৰীয়াক নগাই সন্মুখতে কৈ দিব পাৰে,- “কি অ, কাইটি, নামঘৰ চাফা কৰিবলৈ আহি ৰাজহুৱা কুঁৱা থকা স্বত্বেও পানী আনিবলৈ যোৱাৰ চলেৰে নদী ঘাটত গা-ধুই থকা গাঁৱৰ জীয়ৰী-বোৱাৰীক তিতা কাপোৰত চাই বৰ ভাল লাগে নহয়নে….?” আন সময়ত হোৱা হ’লে, নামঘৰীয়াই এগালমান অবাইচ মাত মাতি নগাৰ চৈধ্য পুৰুষ উজাৰি গালি পাৰিলেহেঁতেন! কিন্তু নামঘৰত সকলোৰে আগত একো ক’ব নোৱাৰি চকু ঘোপাকৈ চাই আঁতৰি যায়। সেয়ে বাকীবোৰেও নগাক একো নোকোৱাকৈ থকাটোৱেই সমীচিন বুলি ভাৱে।

নগাৰ চৰিত্ৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল, কাৰো অন্যায় হোৱাটো নিবিচাৰে। যদিও মানুহবোৰে নগাক কথাত বলে নোৱাৰি নগাৰ বদনাম কৰে, নগাই আলৈ-আথানি কৰে বুলি অভিযোগ কৰে, কিন্তু নগাৰ যুক্তিপূৰ্ণ কথাক কোনেও অস্বীকাৰ কৰিবও নোৱাৰে। গাঁওখনত দুই এটাৰ লগতে নগাইও হায়াৰ ছেকেণ্ডেৰী পাছ, ককায়েকহঁতে দায়িত্ব ল’ব নোৱাৰা বাবেহে নগাই পঢ়া এৰি খেতিত ধৰিলে। ভাগ হোৱাৰ পিছত পোৱা মাটিখিনিতেই নানা তৰহৰ খেতি কৰি আয়েকৰ সৈতে দুটা মানুহৰ ঘৰখন নগাই বৰ আটোমটোকাৰিকৈ ৰাখিবলৈ ল’লে। লাহে লাহে খেতিৰ ৰাহি হোৱা ধান বেছি বেছি ঘৰখনো মেৰামতি কৰিলে। ঘৰলৈ আধুনিক সঁজুলিবোৰো আনিবলৈ সক্ষম হ’ল। পিছে নগাৰ স্বভাৱক লৈ ৰটনা কৰাবোৰৰ বাবেই হওক, নগালৈ ওচৰ-পাঁজৰৰ কোনো মানুহেই ছোৱালী বিয়া দিবলৈ মান্তি নহ’ল। দুবাৰমান যেনে তেনে বিয়া ঠিক হৈছিল, কোনোবাই ঘুনুক-ঘানাককৈ শুনা মতে নগাৰ ককায়েকহঁতেই ছোৱালীঘৰত গৈ কথা লগোৱাত বিয়া ভাঙিল। তাৰ পিছৰ পৰা নগাই বিয়াৰ নামেই নোলোৱা হ’ল। আয়েকক ক’লে যে তই জীয়াই থকা দিনকেইটাত ভালকৈয়ে ৰাখিম। তই চিন্তা নকৰিবি। পিছে হাজাৰ হ’লেও মাক। কালৰী বুঢ়ীয়ে পুতেকৰ বিয়াৰ কথা উলিয়ায়েই চকু পানী টুকি থাকে,-“জীয়াই থাকোঁতে যদি বোৱাৰীজনী চাই যাব পাৰিলোঁহেঁতেন!”

গাঁওখনৰ এটা মূৰত কেইঘৰমান বামুণ মানুহ আছে। গোটেইকেইজনেই গাঁওবোৰত যজমানীৰ কাম কৰি পেট প্ৰৱৰ্তায়। তেওঁলোকৰ ছোৱালীবোৰকো কন্যাকাল প্ৰাপ্তিৰ পিছতেই তথা কেতিয়াবা কন্যাকাল প্ৰাপ্তিৰ আগতেই বিয়া দি দিয়ে। প্ৰায়েই বিয়া দিয়া হয় ছোৱালীবোৰতকৈ বয়সত বহুত ডাঙৰ মানুহলৈ, কোনোবাজন হয়তো বিপত্নীক। বহুতৰেই পত্নীৰ সন্তান জন্ম দিয়াৰ সময়ত মৃত্যু হয়, মৃতকৰ শ্ৰাৰ্দ্ধাদি শেষ নৌহওঁতেই বিপত্নীক মানুহজনৰ পুনৰ বিবাহৰ আয়োজন কৰা হয়। তেনে সময়তেই এই দুখীয়া বামুণৰ কম বয়সীয়া ছোৱালীবোৰক তেওঁলোকৰ মত অবিহনেই বিয়া দি দিয়া হয়। বহুতো ছোৱালী গাভৰু হয় মানে গিৰিয়েকহঁতৰ বয়সজনিত কাৰণত মৃত্যু হয়। তেতিয়া বহুতে বিধৱা বামুণনীক মাকৰ ঘৰলৈ পঠিয়াই দিয়ে।

নগাই প্ৰায়েই যজমানী কৰিবলৈ অহা পুৰোহিত কেইজনক ককৰ্থনা কৰে, – “দেশ স্বাধীন হ’ল, ল’ৰা-ছোৱালী সমানে শিক্ষিত হৈ আকাশ চুবলৈ গৈছে, আৰু তহঁতে ছোৱালীবোৰক এনে শাস্তি দিয়। লাজ লাগিব লাগিছিল, ধৰ্মৰ নামত তহঁতে নিজৰ জীয়ৰী-বোৱাৰীৰ লগত ইমান ঘৃণনীয় কাম কৰহঁক।“

তেনেকৈয়ে সৰুতে বিয়া হৈ গাভৰু কালতে বিধৱা হোৱা মামনিৰ মাকৰ ঘৰলৈ উলটি অহাৰে কেবাবছৰ হ’ল। আয়েক তাই সৰু থাকোঁতেই ঢুকাল। পিতায়েকে অলপ দিনৰ পাছতে পুনৰ এজনী বিয়া পাতি আনিলে। ককায়েক দুজনেও সোনকালে বিয়া পাতিছিল। অলপদিনৰ পিছত কন্যাকাল প্ৰাপ্তিৰ আগতেই তাইকো বিপত্নীক এজনলৈ বিয়া দি উলিয়াই দিয়া হৈছিল। পিছে বিয়াৰ দুবছৰমানৰ ভিতৰতে পিত্তৰোগত আক্ৰান্ত গিৰিয়েক ঢুকাই থকাত তাইক পিতায়েকৰ ঘৰলৈ পঠিয়াই দিলে। পিতায়েকে যজমানী কৰিয়েই ঘৰখন চলাইছিল। মাহীমাকৰো ইতিমধ্যে দুটা ল’ৰা-ছোৱালী হ’ল। কিন্তু তাই ঘৰলৈ উভতি অহাৰ এবছৰৰ পাছতেই পিতায়েকৰো মৃত্যু হ’ল। চৰকাৰী চাকৰি কৰা স্বত্বেও ইমানদিনে পিতায়েকৰ যজমানীতে খাই থকা ককায়েক দুজনে নিজৰ পৰিয়ালৰ দোহাই দি মাহীমাকৰ পৰিয়াল আৰু তাইক বেলেগ কৰি দিলে। বামুণৰ বিধৱাই খেতি-খোলাতো কাম কৰিব নোৱাৰে, কাৰোবাৰ ঘৰতো গৈ কাম কৰিব নোৱাৰে। বাৰীখনত থকা শাক-পাঁচলি, তামোল-পাণ, ফল-মূল ঘৰৰ পৰাই কম দামত বেপাৰীবোৰে কিনি নিয়ে। সেই সামান্য আৰ্জনেৰে এসাজ খাই দুসাজ লঘোণে থাকিব লগা হয়।

নগাই প্ৰায়ে মামনিক দেখে পথাৰৰ কাষৰ হাবিখনত ফল-মূল বিচাৰি থকা। সি তাইক সন্মুখত পালে লগত গোট খোৱা গোটেইবোৰ ফল-মূলেই দি দিয়ে। তায়ো হাত পাতি লয়, নিৰৱে হাঁহি এটা মাৰি গুচি যায়। এবাৰ পথাৰৰ খেতিৰ মাজৰ খালত পোৱা মাছ অলপ লৈ ঘৰলৈ উভতি আহি থাকোঁতেই নগাই মামনিক বাটতে লগ পালে। তায়ো মুনি-চুনি বেলিকা চাদৰৰ আঁচলত অলপমান কলমৌ, ঢেকিয়া লৈ গৈ আছিল। নগাই তাইক ইংগিতেৰে ৰখিব দি খালৈৰ পৰা মাছ অলপ উলিয়াই দিলে। মামনিয়ে ইফালে-সিফালে চাই কাকো নেদেখিলে যদিও চেপা মাতেৰে ক’লে,-
“আমি বামুণৰ বিধৱাই মাছ-মাংস খোৱা নিষেধ। গতিকে মাছ নিব নোৱাৰোঁ দে। বেয়া নাপাবি।“

“কোনে কৈছে অ’, তহঁতে মাছ খাব নোৱাৰ বুলি!”- নগা জকজকাই উঠিল। “আৰু এটা কথা কচোন, কোনেনো তহঁতৰ চৌকাত মাছ বনাইছ বুলি গম পাব! যদি কোনোবাই মাছ ভজাৰ গোন্ধ পাই সোধেও, কৈ দিবি মাহীমাৰৰ ল’ৰা-ছোৱালী দুটাৰ বাবে বুলি! একো নহয় যা, আজি কলমৌ, ঢেঁকীয়াৰে ভালকৈ এসাজ খাবিগৈ।“ মামনিয়ে একো নোকোৱাকৈ মাছখিনি লৈ ঘৰলৈ গ’লগৈ। যোৱাৰ আগতে অলপমান কলমৌ-ঢেঁকীয়া নগাকো দি থৈ গ’ল। নগাৰ বৰ বেয়া লাগিল। সি মন কৰিছিল, তাই যদিও কৈছে যে বামুণৰ বিধৱাই মাছ খাব নাপায়, তাইৰ চকু-মুখ মাছখিনি দেখি উজ্জল হৈ উঠিছিল। এবাৰ নিজৰ চাদৰৰ আঁচলত থোৱা কলমৌ, ঢেকীয়াখিনিও চাইছিল। খঙতে নগাই শূন্যলৈকে থুৱাই কৈ উঠিল,- “কোন অধইছে যে এই নিয়মবোৰ বনাইছিল, পোৱা হ’লে কাটি কাটি নিমখ কচি কচি মাৰিলোহেঁতেন!”

এদিন আবেলি সময়ত জংঘলৰ মাজত ঘূৰি ফুৰোঁতে নগাই হঠাতে কাৰোবাৰ চিঞৰ শুনিবলৈ পালে। ঠিক যেন কাৰোবাৰ পৰা বাছিবলৈ কোনোবাই পাৰেমানে চিঞৰিছে। অলপদূৰ আগবাঢ়ি গৈ দেখে সিফালৰ পৰা মামনি হেঁপাই-ফোঁপাই দৌৰি আহিছে। হঠাতে সন্মুখত নগাক দেখি আগ-পিচ নাভাৱি তাই তাক সাৱটি ধৰি কান্দি উঠিল। আকস্মিকতাত নগা কিছুপৰ দৰক লাগিল। কিছুদূৰত গেজেপনিৰ মাজত কোনোবা ৰৈ থকা যেনো লাগিল। নগাই তাইক গাৰ পৰা এৰুৱাই সুধিলে,- “কি হৈছে কচোন! ক’ৰবাত বাঘ-ঘোং দেখিলি নেকি? আমাৰ এই অঞ্চলত বাঘ নাই বুলিয়েই জানো। বিষাক্ত সাপ অৱশ্যেই আছে। তই ইমানদিন ধৰি এই জংঘলখনত ঘূৰি ফুৰ, সেইটোতো বুজি পাব লাগে যে কোন কোন ঠাইত সাপ থাকিব পাৰে!”

“নহয় অ’ নগা, কোনোবা জন্তু বা বিষাক্ত সাপে খোঁটা হ’লে ভালেই আছিল। মৰি গ’লেই মুক্তি। গাঁৱৰ লুটুৰা মতাবোৰ হাবিৰ জন্তু, বিষাক্ত সাপতকৈয়ো বিষাক্ত। গাঁওবুঢ়াই সমাজত সকলোৰে বিচাৰ কৰে, তেওঁৰ বিচাৰ কোনে কৰিব।“ অলপ প্ৰকৃতিষ্ঠ হৈ তাই আকৌ ক’লে,- “মাজে মাজে আমাৰ ঘৰলৈ, মানে ককাইদেউহঁতক লগ কৰিবলৈ আহি গাঁওবুঢ়াই মোলৈ কিবা বেলেগ ধৰণৰ চাৱনি দি কথা পাতে। মানুহটোৰ চাৱনি দেখি গাটো কিবা বিছাই ডকাদি ডাকে। দুদিনমানৰ পৰা সুধিবলৈ লৈছে যে মই জংঘলত আহি কি কৰোঁ বুলি! আৰু আজি মই সিফালে পথাৰখনৰ লগতে থকা সেৰেঙা হাবিখনত ঔটেঙা বুটলি আছিলো। কাইলৈ ঘৰৰ শাক-পাচলি কিনিবলৈ বেপাৰীটো আহিব। ঔটেঙা অলপো বেচিব পাৰিলে ভাই-ভনীকিটাৰ স্কুলৰ কিতাপ-বহীকিখন কিনিব পাৰিম বুলি, আৰু কিবা ফল-মূল পাওঁ নেকি বিচাৰি জংঘলৰ অলপ ভিতৰলৈকে গ’লোঁ। কিমান সময় হ’ল গমকে নাপাওঁ, এনেতে পিছফালৰ পৰা কোনোবাই জোৰকৈ মোক সাৱটি ধৰিলে। চাদৰৰ আঁচলত ঔটেঙাবোৰো আছিল, পিছফালৰ পৰা ধৰাত পটক কৰে এৰোৱাবলৈকো পৰা নাই। যেনে তেনে হাতত কামুৰি ওলাই দেখোঁ সেই গাঁওবুঢ়া, সেইডালৰ চকু দুটা দেখি ভয় খাই গ’লোঁ। কিবা গোটে গোটে গিলিব যেন লাগিল।“

ইতিমধ্যে খঙত কঁপি উঠা নগাই হাতৰ দাখন লৈ জংঘলৰ সিটো ফাললৈ চোঁচা ল’লে। পিছে পিছে মামনি। অলপদূৰ গৈ দেখে অ’ত ত’ত ঔটেঙাবোৰ পৰি আছে। অলপ দূৰলৈ চাই দেখে হয়, গাঁওবুঢ়াই দৌৰি দৌৰি জংঘলৰ পৰা ওলাই গৈছে। নগাৰ তেতিয়াও খং উঠি আছিল। ওচৰতে পৰি থকা গছৰ শুকান ডাল এটা জোৰত গাঁওবুঢ়ালৈ দলিয়াই দিলে। মস্ত ডালডাল গাঁওবুঢ়াৰ মূৰতে পৰাত হামখুৰি খাই পৰিল। দৌৰি গৈ নগাই গাঁওবুঢ়াৰ ভৰিত গছকি ধৰি থাকিল।

“লোলুপ বুঢ়া, এই বয়সতো তই গাভৰু ছোৱালীক চকু দিয়! আগতেও কৈছিলো তোক যে গাঁৱৰ ছোৱালী-বোৱাৰীক চকু দিয়া বন্ধ কৰ। ভালতেহে তোৰ ল’ৰা-ছোৱালী নাই। থকা হ’লে কিমান যে লাজ পালেহেঁতেন!”
গাঁওবুঢ়াই কোনোমতে থিয় হৈ উভতাই ধৰিলে,-“বিধৱা বামুণনীৰ প্ৰতি তোৰনো কিহৰ ইমান দৰদ? জানো নহয় তহঁত জংঘললৈ প্ৰায়েই আহ, কি কৰিবলৈ আহ? শুনিছো তই বোলে ইহঁতক মাছৰো যোগান দিয়! বামুণৰ বিধৱাই আকৌ কেতিয়াৰ পৰা মাছ খাবলৈ ল’লে? তই তাইৰ পৰা যি লৈ আছ মইও তাকেহে বিচাৰিছোঁ। তাতে তোৰ কি খতি হ’ল? “

নগাই খঙত দাখন ডাঙি লৈ গাঁওবুঢ়ালৈ খেদা মাৰি গ’ল। মামনিয়ে নগাৰ ভৰিয়ে-হাতে ধৰি তাক শান্ত কৰে মানে গাঁওবুঢ়াই পথাৰৰ আলিত ৰখাই থোৱা চাইকেলত উঠি জোৰে জোৰে চলাই গাঁৱৰ ফাললৈ গ’লগৈ!
নগাই ভোৰভোৰাবলৈ ধৰিলে,-“ৰহ, গাঁওবুঢ়া, এইবাৰ তোৰ চাৰণ নাই। তোক সমাজৰ মাজতে নাঙঠ কৰিম মই।“

অলপ পৰ ৰৈ মামনিক উদ্দেশ্যি ক’লে,- “ব’ল, তোক ঘৰৰ ওচৰত থৈ আহোঁ। আৰু ইমান দেৰিলৈকে জংঘলত সোমাই নাথাকিবি। আজি মই আছিলো বুলিহে! নহ’লে কি হ’লহেঁতেনে ভাৱচোন!”
একো নকৈ মামনি নগাৰ পিছে পিছে গাঁৱৰ ফালৰ ৰাস্তালৈ বুলি উঠিল। কানি-মুনি বেলিকা মানুহবোৰ ইতিমধ্যেই পথাৰৰ পৰা গৈছিল। খোজ কাঢ়ি গৈ থাকোঁতে মামনিৰ বাৰে বাৰে তাই দৌৰি গৈ নগাক সাৱটি ধৰাৰ সময়খিনি মনলৈ আহিল। কিমান যে নিৰাপদ অনুভৱ কৰিছিল তাই সেইসময়ত। বাৰে বাৰে সেই কথাটোৱেই তাই ভাৱি থাকিল। ইফালে গজং গজং খোজেৰে গৈ থকা নগাই উভতি চাই দেখে যে মামনি বহু দূৰৈতে আছে। সি দূৰৈৰ পৰাই চিঞৰিলে,-খৰকৈ খোজ দে অ’, আন্ধাৰেই হ’ল।

ইমান সময়ে ভাৱি ভাৱি অহা মামনিয়ে ইফালে সিফালে চাইহে গম ধৰিব পাৰিলে যে ওচৰে পাঁজৰে কোনো নাই। নগাও বহু দূৰৈত। হঠাতে তাইৰ ভয় লাগি উঠিল। মেখেলা কোঁচাই দৌৰি দৌৰি নগাৰ ওচৰ পালেহি! যেন নগাৰ ওচৰ পালেই ৰক্ষা! কিবা এক নিৰাপদৰ অনুভৱে তাইক আকৌ জোকাৰি গ’ল। তাই ফেঁপাই থকা দেখিহে নগাই পিছলৈ উভতি চাই নিজৰ খোজ লাহে লাহে দিবলৈ ধৰিলে।
লাহে লাহে সিহঁত গাঁৱৰ ওচৰ চাপি আহিল। পথাৰৰ পৰা আহিলে বামুণ চুবুৰীটো প্ৰথমে পায়। মামনিৰ ঘৰৰ ওচৰ পাই মানে ৰাস্তাত বহুতো জুইৰ পোহৰ সিহঁতে দূৰৈৰ পৰাই দেখিবলৈ পালে। সিহঁত উচপ খাই উঠিল, -কি হ’ল গাঁৱত? কাৰোবাৰ কিবা অথন্তৰ হোৱা নাইতো! নগাই মামনিলৈ চাই খোজ অলপ খৰকৈ দিবলৈ ধৰিলে। মামনিয়েও দৌৰিবলৈ লাগিল। দুইটা আহি মামনিৰ পদূলিমুখ পাই মানে মানুহবোৰে চিঞৰিবলৈ ধৰিলে,-
“সেইয়া, চা চা, জংঘলত গা-ঘেলাই সিহঁত আহি ওলাইছেহি!”

মানুহবোৰৰ হাতে হাতে লণ্ঠন, কেৰাচিন তেলৰ লেম্প, চাকি। হঠাতে ভিৰৰ মাজৰ পৰা মামনিৰ ককায়েক আহি হঠাতে মামনিক চৰিয়াবলৈ লাগিল। ঘটনাৰ আকস্মিকতাত নগা, মামনি অলপদেৰি তভক মাৰি ৰ’ল। ককায়েকে বাৰে বাৰে মামনিক চৰ মাৰি থকা দেখি নগাৰ সহ্য নহ’ল। ককায়েকৰ হাতখন ধৰি কৈ উঠিল,- “ককাইদেউ, কি কৰিছ? তাইক কিয় মাৰিছ?” মামনিৰ ইজন ককায়েকো এইবাৰ গৰজি উঠিল,- “তই কাক কথা সুধিবলৈ আহিছ? শূদীৰৰ ল’ৰা হৈ বামুণৰ ছোৱালীক, তাকো বিধৱা বামুণৰ ছোৱালীক হাত দিছ। তোৰ সাহস কেনেকৈ হ’ল? তোৰ লাওপাত কচুপাত মুখখনৰ বাবে গাঁৱৰ মানুহে তোক এৰাই চলে বুলি তই যি তি কৰি থাকিবি।“
অবাক হৈ পৰা নগাই কিবা কয় মানে ভিৰৰ মাজৰ পৰা গলখেঁকাৰি এটা মাৰি হাতত লাখুটি লৈ গাঁওবুঢ়া ওলাই আহিল,- “মানে বিষয়টো এতিয়া এঘৰৰ কথা হৈ থকা নাই। বিষয়টো মেলত আলোচনা হ’ব লাগে।“
নগাই তেতিয়াহে কথাটো বুজি পালে। কিন্তু অতবোৰ মানুহৰ আগত গাঁওবুঢ়াক মাৰিবলৈ হাত উঠালে হিতে বিপৰীত যে হ’ব সেইটোও মনতে ঠাৱৰ কৰি ল’লে। ইফালে কোনোবাই কালৰী বুঢ়ীকো ঘৰৰ পৰা লৈ আহিলগৈ।

মানুহবোৰে ভুন-ভুনাবলৈ ধৰিলে,-“নগাই বোলে বামুণৰ বিধৱাক মাছ-মাংসৰো যোগাৰ ধৰে!”কোনোবা দুটামানে কিৰিলিয়াই উঠিল,- “আৰু কি কি দিয় অই নগা? ছোৱালী বিয়া পাতিবলৈ নেপাই বামুণৰ বিধৱাকে ধৰিলিগৈ…!”
একো বুজিব নোৱাৰিলেও কালৰী বুঢ়ীয়ে চিঞৰি থাকিল,-“তহঁতে যিয়েই কৱ লাগিলে, মোৰ পুতায়ে এনে কাম নকৰে। গাঁৱৰ কোনো ছোৱালী-বোৱাৰীকে কেতিয়াও মোৰ নগাই বেয়া ব্যৱহাৰ কৰি পোৱা নাই। তাতকৈ সৰু পিতকলি ল’ৰাবোৰৰ অসভ্যালি দেখি চুলি পকাইছো এই বুঢ়ীয়ে….”নগাই এইবাৰ চিঞৰি চিঞৰি গোট খোৱা মানুহখিনিক ক’বলৈ ধৰিলে,- “ৰাইজ, অলপ মোৰ কথা শুনি লওক। তাৰপিছত আপোনালোকৰ যি ক’ব লগা আছে মই বিনা আপত্তিৰে শুনিম। কিন্তু আজি মোৰ কথা তথা তাৰ আগতে মামনিৰ কথা প্ৰথমে শুনিবই লাগিব…”
নগাৰ ইংগিতত মামনিয়ে নগাৰ আগত কোৱা কথাখিনিকে পুনৰ ক’লে। লগতে ককায়েকক লগ কৰিবলৈ আহোঁতে তাইলৈ বেয়া দৃষ্টি দিয়া কথাও ক’বলৈ নাপাহৰিলে।
গাঁওবুঢ়া খেংখেঙাই উঠিল,- “এই বয়সত কি বুলি ভাবিছ? মোৰ আৰু একো কাম নাই! বামুণৰ বিধৱা, কুলক্ষণী এজনীতহে চকু দিমগৈ! মোৰ ইমানো বেয়া দিনো অহা নাই দে! ৰাইজ, এইবোৰ চব এই অসভ্য নগাৰ কাৰচাজি। ইমানদিনে সি এই বিধৱা বামুণনীৰ লগত বেয়া সম্পৰ্ক ৰাখি আছে, আজি মই হাবিলৈ গৈ হাতে-লোটে ধৰা পেলালোঁ, সেয়ে মোৰ নামত ইমান অপযশ আনিছে। ৰাইজ, ই মোক অপমান কৰি গোটেই গাঁৱৰ ৰাইজখনকে অপমান কৰিছে। ইয়াক ধৰি-বান্ধি মাৰি গাঁৱৰ বাহিৰ কৰিব লাগে।“

গাঁওবুঢ়াক সমৰ্থন কৰা কিছুমানে গাঁওবুঢ়াৰ কথাত হয়ভৰ দিলে। “কাৰ ইমান সাহস আছে চাওঁচোন, মোক কোনে গাঁৱৰ বাহিৰ কৰে? তহঁতৰ সকলোৰে লেখ-জোখ আছে। ক’লে কেইবাদিনো লাগিব। গেলা পানী খাবলৈ গৈ কেইজনীৰ পেট ডাঙৰ কৰিলি, কেইজনীক নি চহৰৰ ডাক্টৰৰ তাত ঘৈণী বুলি চিনাকি দি বাচ্চা খহালি হিচাপ দিওঁনে?” লগে লগে কেইজনমান মনে মনে থাকিল। তেনেতে অলপ দূৰৈত ৰৈ থকা তোষেশ্বৰ দাইটিলৈ চাই নগাই ক’বলৈ ধৰিলে,-“দাইটি অ’, অন্ততঃ আজিতো মনে মনে নাথিকিবি। তইতো কৈছিলি যেতিয়া দৰকাৰ হয়, মোক সহায় কৰিবি বুলি! আজিতো কিবা এটা ক!”
সকলোৱে ঘূৰি তোষেশ্বৰলৈ আচৰিত হৈ চালে। হঠাতে গাঁওবুঢ়া অলপ পিছুৱাই গ’ল। নগাই চিঞৰি উঠিল,-“গাঁওবুঢ়াদেউ, ক’লৈ যাৱ? অলপ ৰৈ যা। তোষেশ্বৰ কাইটিৰ কথাখিনিলৈকে ৰৈ যা। আজি সকলো ফইচলা হৈয়েই যাওক। ৰাইজ, গাঁওবুঢ়াক যাব নিদিব। আপোনালোকৰো জীয়ৰী-বোৱাৰী আছে। তেওঁলোকৰ ভালৰ বাবেই গাঁওবুঢ়াক যাব নিদিব।“

মানুহবোৰৰ মাজত আকৌ ভুনভুননি হ’বলৈ ধৰিলে। তেনেতে তোষেশ্বৰ আগবাঢ়ি আহিল। তোষেশ্বৰৰ কথাখিনি শুনাৰ পিছত অলপ সময় কাঁহ-পৰি জীন যোৱাৰ দৰে অৱস্থা হ’ল। মানুহবোৰে খঙাল চকুৰে গাঁওবুঢ়ালৈ চাবলৈ ধৰিলে। তোষেশ্বৰৰ বিয়া নোহোৱাকৈ থকা ভনীয়েকজনীক বুঢ়াই নদীৰ ঘাটত অকলে পাই অপদস্থ কৰিছিল। সেইখিনি সময়তে নগা গৈ ওলোৱাত ৰক্ষা পৰে। নগাই সঁকিয়নী দিয়াৰ পাছতো আন এদিন তোষেশ্বৰৰ ভনীয়েক বুলি তোষেশ্বৰৰ ঘৈণীয়েককে পিছফালৰ পৰা গৱা মাৰি ধৰিছিল। সেইদিনা তোষেশ্বৰেও গৰুহালক পানী খোৱাবলৈ নদীলৈ গৈ আছিল। বাটতে নগাকো পাই কথা পাতি পাতি গৈ নদীৰ গৰাত জোঁটা-পোটা কৰি থকা অৱস্থাত গাঁওবুঢ়াক পায়। নগাই সেইদিনা গাঁওবুঢ়াক ভালকৈয়ে এপিটন দিয়ে। তেতিয়াই গাঁওবুঢ়াই সৈ কাঢ়ে যে তোষেশ্বৰৰ ভনীয়েক বুলিহে ঘৈণীয়েককে পিছফালৰ পৰা সাৱতি ধৰিছিল। নগাই আকৌ চোঁচা ল’লে,-বিয়া নোহোৱাকৈ থাকিল বুলি তাইৰ কোনো সন্মান নাই নেকি? তোষেশ্বৰেহে ৰখাইছিল। লগতে গাঁৱত নক’বলৈ গাঁওবুঢ়াই ভৰিয়ে-হাতে ধৰাত তোষেশ্বৰে নগাকো মানা কৰিলে। মিছাতে গাঁওখনত ভনীয়েক, ঘৈণীয়েকৰ বদনাম হ’ব।
কথাখিনি জনাৰ পাছত মানুহখিনিয়ে কিবা কয় মানে গাঁওবুঢ়া সেইখিনিৰ পৰা আঁতৰ হ’ল। আনহাতে মামনিৰ ককায়েক, বৌয়েকহঁতে তেতিয়াও মামনিক তিৰস্কাৰ কৰিয়েই আছিল। মাহীমাকে, ভায়েক-ভনীয়েকহালক লৈ মনে মনে বহি আছিল। নগাই সিহঁতক মামনিৰ দোষ নাই বুলি বাৰে বাৰে কৈ আছে যদিও সিহঁতৰ তিৰস্কাৰ বন্ধ হোৱা নাছিল। ককায়েকহঁতৰ মতে মামনি কুলক্ষণী, সেয়েহে ভৰ যৌৱন নৌহওঁতেই গিৰিয়েকৰ মূৰ খালে। নগাৰ সহ্য নহ’ল। খঙত চিঞৰি উঠিল,-“হেৰৌ, অকণমানটো দয়া কৰ। তাই গাভৰু নহওঁতেই তহঁতে বুঢ়া বামুণ এটাৰ লগত বিয়া দিলি। বয়সৰ কাৰণে মানুহটো মৰিল, তহঁতে তাইক কেলৈ দোষ দি আছ?“
কোনোকালে নগাক চিঞৰি কথা ক’বলৈ সাহস নকৰা মামনিৰ ডাঙৰ ককায়েকে চিঞৰি উঠিল,- “তহঁতে কি বুজিবি? আমি নিয়ম-কানুনবোৰ নামানিলে আমাৰ নিজৰ জাততে এঘৰীয়া কৰিব। বিধৱা হ’ল, গতিকে ভগৱানৰ পূজা-সেৱা কৰি ঘৰৰ চাৰিবেৰৰ ভিতৰত থাকিব লাগে।“

এইবুলি কৈ ককায়েকে মামনিৰ চুলিকোঁচাত ধৰি ঘৰৰ ফালে চোঁচৰাই নিয়াৰ দৰে কৰিলে। হঠাতে কি জানো হ’ল, খুব জোৰেৰে ককায়েকৰ হাতখন তাইৰ চুলিৰ পৰা এৰুৱাই মামনি নগাৰ ওচৰলৈ উভতি আহিল,-
“নগা অ’, মই জানো তই বিয়া-বাৰু নকৰাওঁ বুলি ঠিক কৰিছ। কিয় কৰিছ মই নোসোধোঁ, এইটো কথাও হয় যে তোৰ লগত এনেকৈ দুই এটা কথা পতাৰ বাহিৰে আমাৰ মাজত এই মানুহবিলাকে ভৱাৰ দৰে একো সম্বন্ধ নাই। তথাপিও সুধিছো, তই মোক নিব পাৰিবিনে? তোৰ ঘৰৰ চুক এটাতে পৰি থাকিম। তোৰ আয়েৰৰ আল-পৈচান ধৰিম। তথাপি মোক তোৰ ঘৰলৈকে লৈ যা। তাতহে মই আটাইতকৈ বেছি নিৰাপদ অনুভৱ কৰিম। মোৰ এই ককাইদেউ দুটা, খুব বামুণৰ নিয়মৰ কথা কয়। বিধৱাৰ নিয়মৰ কথা কয়। কিন্তু ৰাতি কি কৰে জান, অফিচৰ বৰবাবুক আনে ঘৰলৈ, মোক কয়, মদৰ বটল-গিলাচ লৈ সেইমখাৰ ওচৰলৈ যাবলৈ। এই মাহীআইজনী নথকাহ’লে মোৰ কোন কাহানিবাই নিলাম হ’লহেঁতেন! ৰাতি দা-কটাৰী হাতত লৈ শুওঁ, মাহীআইয়ে দুৱাৰ ডাং হিচাবে চিপৰাং, যাঠি থৈ দিয়ে। কিন্তু এনেকৈ কিমান দিন! ক নগা, তই মোক নিব পাৰিবিনে? “
নগা থৰ লাগিল। আচৰিতকৈ নগাই কিবা কোৱাৰ আগতেই কালৰী বুঢ়ী আগবাঢ়ি আহিল,- “হ’ব দে! আহ আই! ব’ল, সি কি ক’ব ভাবিয়েই পোৱা নাই। মোৰ ল’ৰাটোৰ বাবেও যে কোনোবা আহিম বুলি কৈছে মোৰ কাৰণে সেয়াই বহুত। আহ! তই আৰু সেইখন ঘৰলৈ যাব নালাগে। আমাৰ ঘৰলৈকে ব’ল। আজি মোৰ লগতে থাকিবি, কালিলৈ নিয়ম অকন কৰি তোক নগাৰ বোৱাৰী কৰিম।“ এইদৰে কৈ কালৰী বুঢ়ীয়ে মামনিক ধৰি ধৰি নিজৰ ঘৰৰ ফালে খোজ ল’বলৈ ধৰিলে। নগাইও কিংকৰ্তব্যবিমূঢ় হৈ বুঢ়ী আৰু মামনিৰ পিছ ল’লে। তেনেতে মামনিৰ মাহীমাকে হাতত টোপোলা এটা লৈ দৌৰি আহিল,- “মামনি অ’ এই দুখুনীয়ে আন একোৱেই দিব নোৱাৰোঁ তোক। বিয়াৰ সময়ত তোৰ পিতায়েৰে দিয়া পাটৰ কাপোৰ সাজকে লৈ যা। তই কোৱাৰ দৰেই মই ল’ৰা-ছোৱালী দুয়োটাকে পঢ়ুৱাম, বিশেষকৈ ভনীয়েৰক তোৰ মোৰ দৰে অৱস্থা হ’বলৈ নিদিওঁ। পঢ়ি-শুনি উপাৰ্জনক্ষম হৈ নিজৰ জীৱনৰ সিদ্ধান্ত তাই নিজেই ল’ব। আৰু এতিয়াৰ পৰা তোৰ আৰু নগাৰ আশ্বাস থাকিব আমাৰ লগত। যাগৈ যা, ৰাজসুখ নহ’লেও এটা সুন্দৰ জীৱন তই নগাৰ লগত কটাব পাৰিবি। “

মামনিৰ চকুহাল সেমেকি উঠিল। মাহীমাকক সেৱা এটা কৰি তাই উঠিল। তেনেতে নগাই আহি তাইৰ হাতত ধৰিলে। এখন সুস্থ সৱল হাতৰ মুঠিত তাই সমগ্ৰ জীৱনৰ নিৰাপত্তাৰ নিশ্চয়তা বিচাৰি পালে।
☆★☆★☆

26 Comments

  • তৃষ্ণা সো.

    বহুত ভাল লাগিল এইটো গল্প বা, মনত ৰৈ যাব এই কাহিনী।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ তৃষ্ণা। তোমাৰ মন্তব্যই সদায়েই অনুপ্ৰাণিত কৰে।

      Reply
  • Rashna borah

    এক অন্তৰস্পৰ্শী কাহিনী। নগাৰ চৰিত্ৰটিৰ বলিষ্ঠ উপস্থাপনে মনোগ্ৰাহী কৰিছে কাহিনীটো।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ বা।

      Reply
  • Rashna borah

    বৰ মৰ্মস্পৰ্শী কাহিনী। নগা চৰিত্ৰটিৰ বলিষ্ঠ উপস্থাপনে কাহিনীটো মনোগ্ৰাহী কৰি তুলিছে। সুন্দৰ গীতিকা।

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল গীতিকা৷ দিনে দিনে পৈনত হৈ গৈছা৷

    Reply
    • গীতিকা শইকীয়া

      অশেষ ধন্যবাদ দাদা।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল পঢ়ি বা।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ ৰাজশ্ৰী

      Reply
  • সদানন্দ ভূঞা

    বৰ মৰ্মস্পৰ্শী কাহিনী । পঢ়ি আপ্লুত হলো ।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দাদা।

      Reply
  • Smriti Rekha Das

    বৰ সুন্দৰ বা।

    Reply
  • কঙ্কণা মহন্ত

    ইয়াত কমেণ্ট দি চাইছোঁ।দুবাৰমান যোৱা নাছিল কমেণ্ট

    Reply
  • Kamala das

    খুবেই বলিষ্ঠ লিখনি ।বৰ ভাল লাগিল ।

    Reply
  • Kamala das

    খুবেই বলিষ্ঠ লিখনি ।বৰ ভাল লাগিল

    Reply
  • ৰূপাঞ্জলী

    বৰ ভাল লাগিল বা।

    Reply
  • বৰ্ণালী বৰা ভূঞা

    খুব সুন্দৰ লিখনি

    Reply
  • SankarJyotiBora

    বৰ ভাল লাগিল৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ শংকৰ।

      Reply
  • বাইদেউ গল্পটোৱে মনত সাঁচ বহুৱালে।

    Reply
  • ৰিণ্টু

    অন্তৰস্পৰ্শী, ভাল লাগিল পঢ়ি

    Reply
  • গীতিকা শইকীয়া

    ধন্যবাদ দেই!

    Reply
  • উষা মহন্ত

    বৰ ভাল লাগিল ।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ বাইদেউ।

      Reply

Leave a Reply

Your email address will not be published.