ফটাঢোল

নগেন ককাইদেউৰ বাঘ চিকাৰ – উপেন শইকীয়া

গোলাঘাট জিলাৰ মেৰাপানী একেবাৰে ভিতৰোৱা অঞ্চল এটাত আজি কেইদিনমানৰ আগতে এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ গাঁৱৰ গৰু, মহ মাৰি খাই শেষ কৰিছিল৷ কেইবাজনো চিকাৰী বাঘটো ধৰাত বা মৰাত ব্যৰ্থ হৈছিল৷ চৰকাৰেও একো কৰিব পৰা নাছিল৷ মুঠৰ ওপৰত মেৰাপানীবাসী ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা৷ এটা চেপা উত্তেজনা বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলটোত৷ মানুহো মৰিল দুটামান৷

কথাটো আমাৰ নগেন ককাইদেৱে বাতৰি চাই থাকোঁতে গম পালে৷ আৰু লগে লগে গৈ মেৰাপানী পালেগৈ৷ গাঁৱৰ মানুহ আৰু পুলিচৰ লগত কথা-বতৰা পাতি তেওঁ ক’লে’ “মোক এবাৰ চেষ্টা কৰি চাবলৈ দিয়ক৷”

তেওঁলোকেও মানি ল’লে আৰু সুধিলে, “কিন্তু কিহেৰে বাঘ ধৰিব আপুনি?”

তেতিয়া নগেনদাই ক’লে, “কেইটামান নেমু হ’লেই হ’ব৷”

এখন গামোচাত নেমু কেইটা বান্ধি নগেনদা জংঘলৰ ফালে সোমাই গ’ল৷ লাহে লাহে নেদেখা হ’ল নগেনদা৷ ৰাইজৰ চিন্তা আৰু ভয়ত পেটতে হাত ভৰি লুকাল৷ কি মৰসাহ লৈ মানুহজন এনেকৈ হাবিৰ মাজলৈ গৈছে!লাহে লাহে আন্ধাৰ হৈ আহিল৷ নগেনদাৰ কোনো শুংসূত্ৰ নাই৷ মানুহবোৰে ভয় খাইছে৷ গোটেই ৰাতি বাট চালে কিন্তু একো খবৰ নাপালে৷ আনহাতে ম’বাইলৰ টাৱাৰো নাই৷

লাহে লাহে পোহৰ হ’ল৷ সকলোৱে মিলি আলোচনা কৰিলে যে মানুহজনক বিচাৰি যাব লাগে৷ কথামতে কাম হ’ল৷ মানুহবোৰে লগত পুলিচ আৰু বন্দুক বাৰুদ লৈ হাবিৰ মাজলৈ আগবাঢ়িল৷ গৈ গৈ অটব্য অৰণ্যৰ মাজত সকলোৱে দেখা পালে নগেনদা গছ এজোপাৰ তলত আৰামত বহি আছে আৰু বাঘটোও ওচৰতে শুই আছে৷ সকলোবোৰ পাগল হৈ গৈছে কথাটো কি!

নগেনদাক সোধোতে ক’লে যে, “একো নাই এইটো এটা একেবাৰে সাধাৰণ কথা৷ মই গছ এজোপাত উঠি আছিলোঁ৷ আৰু যেতিয়া বাঘটোৱে মোক খাবলৈ খেদামাৰি আহে তেতিয়াই মই নেমু এটা তাৰ মুখলৈ মাৰি দিওঁ৷ বাৰ বাৰে তেনেকৈয়ে সাতটা নেমু মাৰিলোঁ৷ এতিয়া তাৰ দাঁত টেঙাই একো খাব নোৱৰা হ’ল৷ মুখত হাত লগাই থ’লেও খাব নোৱাৰে৷”

এইদৰেই সহজেই বাঘটো ধৰিব পৰা গ’ল৷

☆★☆★☆

One comment

  • সদানন্দ ভূঞা

    নেমুটেঙাৰে বাঘ চিকাৰ, মজা লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.