ফটাঢোল

নতুন আইন – কমল তালুকদাৰ

কাউৰীয়ে কা নকৰোঁতে পানীৰামে আজি শোৱাপাটী এৰিছে। উঠিয়েই মুখত পানী এচলু মাৰি ঘৈণীয়েক পদুমীক নমতাকৈ ৰাস্তা ওলালেগৈ।

(মৰিলুং মৰিলুং লাগি যায় , মৰিলুং…) এৰি চাদৰখন কাণে মূৰে মেৰিয়াই গুণগুণাই গৈ আছে।

পানীৰাম চানা দোকানীৰ বৰ ফূৰ্তি, নহ’বনো কিয়? চৰকাৰেহেনো নতুন আইন জাৰি কৰিছে, আকৌ সি শেষত দেবজিৎ মাষ্টৰৰ পৰা বুজি ল’লে যে অইন ঠাইত নিৰ্যাতনৰ সন্মুখীন হোৱা মানুহক উদ্ধাৰ কৰি নিজৰ ঘৰত আশ্ৰয় দিলে আশ্ৰয়দাতাক চৰকাৰী সাহায্য দিয়া হ’ব।

এনেই বুঢ়ী নাচনী তাতে নাতিনীৰ বিয়া, বহু দিনৰ পৰা ভাবি আছিল সুযোগ পোৱা নাই, এতিয়া আইন জাৰি হ’ল যেতিয়া কিহৰ ভয় গতিকে পানীৰামৰ গাত তত নাই। সিখন গাঁঁৱৰ মিনতীয়ে মাজে মাজে চানা ভজা নিয়ে তাৰ দোকানৰ পৰা। মদপী গিৰিয়েকৰ বৰ অত্যাচাৰ। তাকে দেখি সি উদ্ধাৰ অভিযান চলাই ব্ৰহ্ম পুৱাতে মিনতীক ঘৰৰ পদূলি মুখ পোৱালেহি।

পদুলি পাইয়েই চিঞৰ পানীৰামৰ,

: হেৰৌ, পদুমী আহ চাহি এইজনীক উদ্ধাৰ কৰি আনিলোঁ। এতিয়াৰ পৰা আমাৰ লগতে থাকিব।

পদুমীয়ে আথে বেথে ওলাই আহি,

: বোলো কিনো হ’ল এই পুৱাই? কোন থাকিব?

পানীৰামেে ক’লে,

: এইযে নতুন আইনখন….(আঁতি-গুৰি মাৰি আইনখনৰ বিষয়ে বুজাই কয়)৷ গতিকে তই আৰু মোক বাধা দিব নোৱাৰ। আইন আছে মোৰ লগত।

অলপ সময় তভক মাৰি পদুমীয়ে মুখ খুলিল,

: অ’ কথা সেইটোহে, হ’ব দিয়ক আপোনাৰ কথামতেই৷ অলপ ৰ’ব, মই আদৰিবলৈ কিবা এটা আনোগৈ।

এইবুলি পদুমীয়ে ভিতৰলৈ গৈ মেখেলাখন আঁঠুৰ মূৰলৈ তুলি এহাতত এডাল ঝাৰু আৰু আনখন হাতত মেচি দাখন লৈ বাহিৰলৈ ওলাই আহি,

: ঐ জহনিত যোৱা, সেইখন আইনে তাইক বচালে, কিন্তু মোৰ এই দুখন আইনে তহঁত দুইটাক বচাব জানো?

স্থান: গাঁওখনৰ সিটো মূৰে পথাৰখনৰ মাজে মাজে।

আগে আগে পানীৰাম, পিছত মিনতী আৰু অলপ দূৰত পিছে পিছে পদুমী। পদুমীয়ে চিঞৰী আছে,

: ঐ হাইজাত যোৱা আহ তোৰ আইনখন লৈ! ময়ো চাওঁ কিমান বল আছে সেইখনত। হয় গুৱাহাটী নহয় ৰঙামাটি।

ইফালে পানীৰামে মাতে,

: ঐ মোক নতুন আইন নালাগে, তোৰ আইন মানি চলিম, আগতে দাখন পেলা৷

লাহে লাহে চিঞৰবোৰ সৰু হৈ আহে, সিহঁত বহু দূৰলৈ খেদাখেদি কৰি গৈ থাকে।

☆★☆★☆

3 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, দাৰ আগত কোনো আইন নচলিব৷

    Reply
  • ৰাজীৱ

    হয় দেই, আইন দুয়োফালৰ পৰাই সমানে প্ৰযোজ্য।এখন যেনিবা দা আইন।

    Reply
  • জয়ন্ত দাস

    সুন্দৰ৷

    Reply

Leave a Reply

Your email address will not be published.