ফটাঢোল

নাচনী ভূত – নাজিয়া হাছান

মানুহজনে খেতি পথাৰৰ কাম কৰি চোতালখনত আহি বহিছেহে মাত্ৰ। ঘৰৰ মানুহগৰাকী তেওঁৰ; ভিতৰৰ পৰা ফাগুনৰ বতাহজাক হেন গতিত হু- হুৱাই আহি; মানুহজনৰ কাষত খুটাটো হেন হৈ থিয় দি ৰ’ল আৰু কঁকালত এখন হাত থৈ অসাধাৰণ ভঙ্গীত মানুহজনক ক’বলৈ লাগিল…

: হেৰী..! এইবাৰ বহাগত মই বিহু নাচ প্ৰতিযোগিতাত ভাগ লম। আৰু বিহু নাচৰ জৰিয়তে অসমৰ নাম আমি মহিলাবোৰে উজ্জ্বল কৰিম। চিনেমাত মহিলাৰ দ্বাৰাই সন্মান আহিছে। খেল জগততো আমাৰ নাৰীয়েই গোটেই পৃথিৱীখনক পিছ পেলাই দেশলৈ সন্মান কঢ়িয়াই আনিছে। গতিকে বিহু নাচটোক আগত ৰাখি আমিও দেশৰ নাম উজ্জ্বল কৰিবলৈ বিচাৰিছোঁ বুইছে!

হাও! এই মানুহজনীৰ কি হ’ল ঔ, বুলি মানুহজনে তেওঁলৈ থৰ দৃষ্টি এটা নিক্ষেপ কৰিলে।

: কি হ’ল! ভেবা লাগি চাই থাকিব নালাগে মোলৈ। কিনো আকাশ পাতালখন ভাগি পৰা কথাটো কলোনো মই? মই নাচিম। মোৰ লগত আমাৰ সৰু ছোৱালীৰ মাক, পুতুকণৰ মাক, থুপুকি খুৰী, নিশাতৰা বাইদেউ, চামেলি পেহীহঁতেও নাচিব। আমি সবেই গ্ৰুপ বিহু নাচিম। গোটেইকেইজনীৰেই ঘৰৰ মানুহজন ৰাজি হৈ গ’ল। সিহঁতক নাচিবলৈ দিছে। আপুনি ইমান খুৰ ধাৰ দিয়া হেন চকুৰে মোলৈ কিয় চাই আছে? নেলাগে চাবলৈ। লাভ নাই চাই। কাৰণ মোক এৰি সেইসকল কোনেও বিহু নাচিবলৈ নেযায়। মানে আমি এজনীয়ে আনজনীক এৰি কোনোৱে নাচিবলৈ নেযাওঁ।

কৈ তেওঁ পাকঘৰলৈ বুলি পুনৰ বতাহজাকৰ গতিত আগুৱাই গ’ল।

মতা মানুহবোৰ ইমান শান্ত কেতিয়াৰ পৰা হ’ল বাৰু? মানুহজনে তাকেহে ভাবিবলৈ ল’লে। ইমান পৰে মানুহজনীয়ে ইমান সোপা বলকিলে; ৰিপ্লাই হিচাপে তেওঁ দেখোন মানুহজনীক টু এটা বুলিও শব্দ মুখেৰে উলিয়াই ক’বলৈ সময় সুবিধায়ে নাপালে! কথাটো ভাবি শেষ নহওঁতেই মানুহজনী খুটাটো হেন হৈ পুনৰ তেঁওৰ কাষত আহি থিয় দিলেহি।

: হেৰী! এয়া লওক চাহ খাওক।

বুলি মুঢ়াটো একে টানে চুচুৰাই মানুহজনৰ ঠিক কাষতে লৈ ভকতৰ দৰে বহিল। চাহকাপত সুহা মাৰি মানুহজনে মুখখন তিনিবেকেতা মাৰি ধৰ্ম পত্নীক কৈ উঠিল..

: হেৰা! চাহত চেনী বুলি নিমখকে দিলা নেকি হে..! থু থু..। নোৱাৰি দেই এই চাহ খাবলৈ! কি হৈছে হে তোমাৰ? তুমি মানুহজনী ক’ত আছাহে এইকেইদিন, গম আছেনে তোমাৰ?”

মানুহগৰাকী জাঙুৰ খাই উঠি লগে লগে চিধা জবাব দিলে..

: নাই। মই মানুহজনী এই সংসাৰৰ কাম ধান্দাত নাই। মই এইবাৰ নাচিম। বিহু তলি হিলাই এইবাৰ আমি নাচিম। আমি সফল হ’বই লাগিব। আমি আমাৰ দেশৰ মান ৰক্ষা কৰিবই লাগিব। আমি নাৰী। আমি শক্তি। আমি সৃষ্টি! আমি যদি আগুৱাই নাযাওঁ, আমি যদি দিনে ৰাতিয়ে চৌকাটোকে সংসাৰ বুলি ভাবি গৃহস্থৰ সেৱাকে কৰি থাকোঁ.. তেনেহলে আমাৰ দেশ কেনেকৈ আগবাঢ়িব!…

: বাপৰে হয়নে? হেৰা, নাচিবলৈ মন কৰিছা কৰা। কিন্তু তুমি নাচি দেশখন কেনেকৈ আগবঢ়াই লৈ যাব খুজিছা.. তাকেহে বুজি পোৱা নাইহে মই!

কনকলতাৰ দৰে হাতখন মুঠি বান্ধি ওপৰলৈ জোকাৰি জোকাৰি কথাখিনি কৈ থকাৰ পৰা মানুহজনী ঢপকৈ মুঢ়াটো কাষৰ পৰা টানি মানুহজনক চিধা চিধি কৈ চাব পৰা হিচাপে পিঠি চিধা কৰি মানুহজনৰ সন্মুখত বহি ল’লে আৰু অমৰা গুটি হেন লগা ডাঙৰ মস্ত চকু দুটা ওলোমাই; মানুহজনক কৈ উঠিল..

: হেৰী! আপুনি কি ক’ব বিচাৰিছে। মই বিহু নাচিবলৈ নেজানো কি হ’ল? নাচৰ টিউচন ল’ম। ময়েই নহয় আমি সবেই টিউচন লৈ পোৱা গধূলি নাচ শিকিম! ঢুলীয়া, তালিয়া সকলো ব্যৱস্থা হৈ আছে। এতিয়া মাথো পইছা লাগে। এদিনত এশ টকা…!

কথাটো শুনিয়ে মানুহজনৰ বুকুখনৰ ভিতৰত থকা কলিজাখন একেবাৰে থৰথৰাই কঁপি উঠিল!

: হেৰাআআ..! মাথা পাগল হৈছে নেকিহে তোমাৰ? এদিনত এশ টকাকৈ দি বিহু নাচ শিকিবলৈ আহিছা তুমি? পইছা কি ফাগুনৰ বতাহত এনেই এনেই উৰি-ঘূৰি, ইফালে-সিফালে পৰি থকা গছৰ শুকান পাত বুলি ভাবিছা নেকি হে? হেই! ক’ত মৰা মৰাগৈহে তুমি। মোৰ মূৰ নেখাবা কৈ দিছোঁ। নাতি পুতি দেখোঁ দেখোঁ কৰি থকা বয়সত তেওঁ মানুহজনী নাচিবলৈ যায়! নাচৰ প্ৰতিযোগিতাত যোগ দি দেশলৈ নাম কঢ়িয়াবলৈ যায়..! থোৱা হে।

মানুহজনৰ কথা শুনি মানুহজনীয়ে মাটি ফাটি যোৱাকৈ উগ্ৰ মূৰ্তিৰ ৰূপ লৈ চোতালত পৰি থকা হালোৱা লাখুটিডাল লৈ মানুহজনৰ ফালে চুচা মাৰি গ’ল।

মানুহজনে এ এ.. কি কৰা! কি কৰা! বুলি সেই হেন আদহিয়া বয়সত পিছেদি লাখুটি লৈ লৰি অহা মানুহজনীলৈ চাই চাই আগ পিছ একো নেভাবি ধুতিখনত টিপা ধৰি ল’ৰিবলৈ ধৰিলে।

মেখেলাখন এহাতেৰে ধৰি আনখন হাতেৰে হালোৱা লাখুটিডাল ওপৰলৈ ডাঙি ডাঙি মানুহজনীয়ে মানুহজনক খেদি খেদি গৈ থাকিল।

: নাচিবলৈ নিদিয় মোক হাঁ? নাচিবলৈ নিদিয়..?নাচিমেই মই..। নাচিমেই…

বুলি ‘ভুল ভোলায়া’ চিনেমাখনৰ ‘মঞ্জুলিকা’জনীৰ নিচিনা ৰূপ লৈ চুলি মাথা জোকাৰি জোকাৰি বিচনাখন হিলাই ভাঙিবলৈ হে বাকী যেন কৰিলে!

মানুহজন ভয়ত পেঁপুৱা লাগি। বিচনাখনৰ পৰা জাঁপ মাৰি সাত হাত দূৰৈত মাটিত পৰি.. “চেন্নাই এক্সপ্ৰেছ” চিনেমাখনত শাহৰুখ খানে চিঞৰাৰ দৰে,
“মিনা চুৰেল বন গয়ী..চিনা..
মিনা চুৰেল বন গায়ী..
মিনা চুৰেল বন গায়ী” বুলি হাত ভৰি এছাৰী চিঞৰিবলৈ ধৰিলে..।

সপোন বুলিহে বাছিল ঔ মানুহজন! খোদা…!

*****

2 Comments

Leave a Reply

Your email address will not be published.