ফটাঢোল

নাটক কৰোঁতে হোৱা লটিঘটি – পৰীস্মিতা দাস

শৈশৱৰ মুকলিমূৰীয়া সময়ৰ কথা৷ বিদ্যালয়ৰ পৰা আহি ভাতমুঠি নাকে-কাণে গোঁজি দৌৰ মাৰোঁ পথাৰলৈ৷ হাওঁ, গোল্লা, দান, কাবাডী আদি খেলৰ মাজে মাজে এজাক শিশুৰ উল্লাসিত চিঞৰেৰে পথাৰখন ভৰি থাকে৷ মা-দেউতাৰ গালি ধমকিয়েও আমাক পথাৰখনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে৷ কিন্তু বহাগ বিহু আৰু হাইস্কুলৰ বিদ্যালয় সপ্তাহৰ আগৰ সময়খিনিত আমাৰ দৈনন্দিন ৰুটিনৰ সলনি হয়৷ চেনেহৰ পথাৰখনৰ পৰিৱৰ্তে সেইকেইদিন আমি ব্যস্ত থাকোঁ। গোটেই চুবুৰীটোৰ আমাতকৈ ডাঙৰ ছোৱালীখিনিয়ে লগ হৈ কৰা একাংকিকা নাটকৰ আখৰাত৷ প্ৰতি আবেলি সেই আখৰাত আমি ইমানেই নিমগ্ন হৈ যাওঁ যে আমি অনায়াসে কৈ দিব পাৰোঁ কোনজনী বাৰ পাছত কোনজনী বায়ে কি সংলাপ মাতিব৷

এনেকুৱা এটি আবেলিতে মোৰ মনলৈ আইডিয়া আহিল যে এইবাৰ বিহুত আমিও নাটক কৰিম৷ খেলাৰ লগৰীসকলৰ মাজৰ পৰা চাৰিজনী ছোৱালী ওলাল নাটক কৰিবলৈ৷ পুতু(ভণ্টি), সুৰভি, দুলু, সাগৰিকা আৰু মই মিলি এটি পাঁচজনীয়া নাটকৰ দল গঠিত হ’ল৷ এতিয়া সমস্যাটো হ’ল, বাহঁতৰ ওচৰত যিকেইখন নাটক আছে আটাইকেইখন আগতে কৰা নাটক; কিন্তু আমি আগতে কৰা নাটক নকৰোঁ৷ বেলেগ নাটক বিচাৰি ভাগৰি পৰিলোঁ৷

আটাইকেইজনীয়ে মিলি এই সমস্যাৰ সমাধান কৰিলোঁ এইদৰে, যে নাটক মই লিখিম৷ মই তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়িছিলোঁ৷ সেই সময়ত খুব ৰেডিঅ’ত নাটক শুনিছিলোঁ৷ ৰেডিঅ’ত শুনা আৰু বাহঁতৰ আখৰাত চোৱা নাটকৰ পৰা মোৰ মনত এটা ধাৰণা হৈছিল যে নাটকত মূলত: দুটা চৰিত্ৰ থাকিব লাগিব ৷ ১৷ খুব সহজ-সৰল কিন্তু দুখ থকা এটা চৰিত্ৰ আৰু ২৷ এটা বদমাচ চৰিত্ৰ (ভিলেইন শব্দটোৰ বিষয়ে তেতিয়া জ্ঞান নাছিল), আৰু বাকী কেইটামান আন চৰিত্ৰ৷ গতিকে, মাক, দুজনী জীয়েক, কাম কৰা ছোৱালী আৰু জীয়েকৰ বান্ধৱী, এই পাঁচটা চৰিত্ৰৰে নাটক এখন লিখি উলিয়ালোঁ৷

খুৰা আৰু পেহীৰ সহযোগত নাটকৰ আখৰা সম্পূৰ্ণ হ’ল৷ কিন্তু বিহুলৈ দুদিন থাকোঁতেই লাগিল নহয় কেনাটো৷ বিহুৰ দিনাখনেই বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰা ছোৱালীজনীৰ সম্পৰ্কীয় বায়েকৰ বিয়া আছিল৷ এটা নতুন কাম কৰাৰ উৎসাহত তাই বিয়াৰ কথা পাহৰি নাটকখনৰ আখৰা কৰি আছিল৷ কিন্তু বিয়াৰ দিন যেতিয়া ওচৰ চাপি আহিল তাই আৰু মন বান্ধিব নোৱাৰিলে৷ য’ৰ নাটক তাতেই এৰি তাই বিয়ালৈ গ’লগৈ৷ নাটকৰ দলটোৰ হাঁহাকাৰ লাগিল৷

কিন্তু ময়ো সহজে এৰি দি়য়া ভকত নহয়৷ সদায় আমাৰ নাটকৰ আখৰা চাই থকা কণমানি মুনুক(সৰু ভণ্টি) ক’লোঁ- “মুনু, প্লিজ আমাৰ লগত নাটক কৰ না৷” নাটকৰ আখৰা চাওঁতে চাওঁতে মুনুৰ সম্পূৰ্ণ নাটকখন মুখস্থ হৈছিল৷ তাই ক’লে- “হ’ব, মই কৰিম”৷ স্কুলত কোনো সহপাঠীৰ লগত বন্ধুত্ব নকৰা, প্ৰথম শ্ৰেণীৰ পৰা আহি মোৰ লগত চতুৰ্থ শ্ৰেণীৰ শ্ৰেণীকোঠাত বহি থকা মুনুৱে যেতিয়া নাটক কৰিম বুলি ক’লে, দুগুণ উৎসাহেৰে আমি আখৰা আৰম্ভ কৰিলোঁ৷

নাটকৰ দিনটো আহিল৷ মা, খুৰা আৰু পেহীৰ সহযোগত সাজি-কাচি আমি বিহুতলী পালোগৈ৷ ভয়, আনন্দ-উত্তেজনাৰ মাজেৰে আমি ৰৈ থাকিলোঁ নাটক কৰিবলৈ৷ ১২বজাত আমাৰ নাটকৰ দলৰ নাম ঘোষণা কৰিলে৷ কণ কণ চকুকেইটা জোৰকৈ মেলি আমি আটায়ে সাজু৷ কিন্তু মুনুলৈ চাই দেখোঁ, মাৰ কোলাত তাই টোপনিত লালকাল৷ মাতি মাতি মুনুক জগালোঁ৷ সাৰ পাই তাই কান্দিবলৈ ধৰিলে, তাই নাটক নকৰে৷ আচলতে ইমানবোৰ মানুহ দেখি তাই ভয়ো খাইছিল৷ নাটক কৰিবলৈ নোপোৱা বাবে ময়ো কান্দিবলৈ ধৰিলোঁ৷ সেইদিনা নাটক কৰাৰ আশাত তেনেকৈয়ে চেঁচাপানী পৰিল৷

আমাৰ গাঁৱত বিহু দুদিনীয়াকৈ পাতিছিল৷ গতিকে পিছদিনা ৮বজাতে আমাক নাটক কৰিবলৈ দিলে৷ নাটক আৰম্ভ হ’ল৷ সুন্দৰকৈ চলি থাকিল৷ কিন্তু মাজতে কেনা লগালে এই দুলুজনীয়ে৷ দুলুৱে মুনুৰ মাকৰ চৰিত্ৰত অভিনয় কৰিছিল৷ মুনুৰ সংলাপ শেষ হোৱাৰ লগে লগে দুলুৱে মঞ্চত প্ৰৱেশ কৰিব লাগে৷ মুনুৰ সংলাপ কোৱা শেষ৷ মঞ্চৰ মাজত দুই বাই-ভনী মুনু আৰু পুতুৱে থপথপাই বহি আছে৷ দুলু নাহেহে নাহে৷ দুলু আকৌ আজলী আছিল; য’ত যি দেখে ভেবা লাগি চাই থাকে৷ মঞ্চৰ চাৰিওফালে অসংখ্য মানুহ দেখি তাই তাতেই ভেবা লাগিল৷ ইফালে মঞ্চত মূৰ্তিৰ দৰে বহি আছে মুনু আৰু পুতু৷ ইমান দেৰি মনে মনে বহি থকা মুনুৱে এইবাৰ মঞ্চৰ পৰাই চিঞৰি দিলে- “ঐ দুলু, নাহ’ কিয়? মোৰ সংলাপ শেষ৷ তই যদি নাহ’ মই কিন্তু মঞ্চতে টোপনি যাম৷”

দৰ্শকৰ মাজত হাঁহিৰ ৰোল উঠিল৷ ইমানবোৰ লটিঘটিৰ মাজেৰে অৱশেষত নাটকখন শেষ কৰিলোঁ৷ মঞ্চৰ পৰা নামি অহাৰ লগে লগে দৰ্শক সকলে ঘেৰি ধৰিলে৷ অকণ অকণ ছোৱালীয়ে কৰা বাবেই নেকি, সকলোৱে নাটকখন বৰ ভাল পালে৷ লটিঘটিৰ মাজেৰে হ’লেও সেইদিনাৰ পৰা গাঁৱত “অভিনেত্ৰী” হিচাপে পৰিচিত হ’লোঁ ৷

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.