ফটাঢোল

নাদান দোস্ত – ৰাজশ্ৰী শৰ্মা

মূল হিন্দী: মুন্সী প্ৰেমচন্দ

অসমীয়া ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা

 

কেশৱহঁতৰ ঘৰৰ মূধৰ পিনে থকা কাৰ্নিছত এজনী চৰায়ে কণী পাৰিছিল। কেশৱ আৰু তাৰ ভনীয়েক শ্যামাই বৰ মনোযোগেৰে চৰাই হালৰ অহা যোৱা লক্ষ্য কৰি থাকে।পুৱা দুয়ো চকু মোহাৰিয়েই কাৰ্নিছৰ তল পায় আৰু তাতে চৰাইটো বা চৰাইজনী কোনোবা এটাক বহি থকা দেখে। সিঁহতক দেখিলেই ল’ৰা ছোৱালী দুটাৰ যে কি ফূৰ্তি! দুয়ো জিলাপী -গাখীৰৰ সোৱাদো পাহৰে। কিমান যে প্ৰশ্ন সিহঁতৰ মনত! কণীবোৰ কিমান ডাঙৰ হ’ব, কি ৰঙৰ হ’ব, কেইটা হ’ব, পোৱালি কেইটায়ে বা খাব কি? পোৱালি কেইটা কেনেকৈ ওলাই আহিব, পাখি গজিবনে সিহঁতৰ? বাহটোৱেই বা কেনে দেখাত ইত্যাদি ইত্যাদি।

পিছে সিহঁতৰ কৌতুহল নিৰসন কৰিবলৈ কোনো নাছিল। মাকৰতো ঘৰৰ কামৰ পৰা আহৰিয়েই নাছিল আৰু দেউতাকৰো লিখা পঢ়াৰ কাম অনবৰতে। উপায় নাপাই সিহঁত দুয়ো ইজনে সিজনৰ লগত কথা পাতিয়েই মনটোক বুজায়।

শ্যামাই কয়,”হয়নে দাদা, পোৱালি কেইটা ওলায়েই ফুৰৰৰৰৰ কৈ উৰা মাৰিব নেকি?”
কেশৱে বিদ্বান মানুহৰ দৰে কয়, “ধেই পাগলী! আগতে পাখি ওলাব আকৌ। পাখি নোলালে কেনেকৈ উৰিব।”
শ্যামা: “অহ অহ, কি বা খুৱাব বেচেৰীজনীয়ে পোৱালি কেইটাক!”
কেশৱৰ হাতত ইমান টান প্ৰশ্নৰ উত্তৰ নাছিল।

এনেকৈয়ে তিনি চাৰিদিন গ’ল। ল’ৰা ছোৱালীদুটাৰ কৌতুহল দিনে দিনে বাঢ়িহে গৈছিল। কণীকেইটা চাবলৈ যে কিমান মন গৈছিল সিহঁতৰ কি ক’ম। সিহঁতে অনুমান কৰে আজি কালিৰ ভিতৰতে চাগৈ কণী ফুটি পোৱালি ওলাবয়ে। পোৱালিকেইটাই নো কি খাব সেইটো চিন্তাই দুয়োকে জুৰুলা কৰিলে। চৰাইজনীয়ে বেচেৰী ইমান কেইটা পোৱালিক পেট ভৰাই খুৱাবলৈ দানা ক’ৰপৰা যোগাৰ কৰিব, ভোকতে দেখোন পোৱালি কেইটাই চিঁ চিঁয়াই মৰিয়েই যাব।

ইমান ডাঙৰ এটা বিপদৰ কথা ভাবি দুয়ো একেবাৰে চিন্তিত হৈ পৰিল। দুয়ো মিলি ঠিক কৰিলে যে মূধচৰ ওপৰত অলপ দানা আৰু পানী ৰখাই উচিত হ’ব। শ্যামাই ফূৰ্তিতে সুধিলে, “তেতিয়াতো চৰাইজনীয়ে দানা বিচাৰি ক’লৈকো যাব নালাগিব ন দাদা?”
কেশৱ: “নাই ,তেতিয়ানো কিয় যাব আকৌ।”
শ্যামা: “হয়নে দাদা, পোৱালি কেইটাৰ গাত বহুত ৰ’দ নপৰিছেনে বাৰু?”
আৰে, কেশৱেতো এইটো অসুবিধাৰ কথা ভবাই নাছিল। সি ক’লে ,”হয়তো। নিশ্চয় বহুত কষ্ট পাইছে ৰ’দত। পিয়াহো লাগিছে কিজানি। ওপৰত তো একো ছাঁও নাই, বহুত ৰ’দ।”

অৱশেষত সিদ্ধান্ত হ’ল যে বাহৰ ওপৰত এখন বহল কাপোৰ চালিৰ দৰে টানি দিয়া হ’ব।পানীৰ পাত্ৰ আৰু অকণমান খুদ চাউলো ৰখাৰ প্ৰস্তাৱ গৃহীত হ’ল।

দুয়ো বৰ উৎসাহেৰে কামত লাগিল। শ্যামাই মাকে নেদেখাকৈ চাউল থোৱা কলহৰ পৰা অলপ খুদ চাউল উলিয়াই আনিলে।কেশৱে শিলৰ পিয়লাত থকা তেলখিনি মনে মনে পেলাই দি সেইটো বহুত ভালদৰে ধুই তাতে পানী ভৰালে।

পিছে এতিয়া চালিৰ বাবে কাপোৰ পাই ক’ত! কিবা খুটিৰ অবিহনে কাপোৰ ৰ’বয়ে বা কেনেকৈ আৰু ইমান ওপৰত খুটি থিয় কৰা হ’ব কেনেকৈ?

কেশৱে বহুত সময় এইটো কথাই ভাবি থাকিল। অৱশেষত সি এইটো সমস্যাৰো সমাধান উলিয়ালে।শ্যামাক ক’লে, “জাবৰ পেলোৱা পাছিটো লৈ আহচোন যা।মাক নেদেখুৱাবি কিন্তু।”
শ্যামা: “সেইটো দেখোন মাজতে ফুটা। ৰ’দ নোসোমাবনে?”
কেশৱৰ বিৰক্তি লাগিল, “তই আনচোন বাৰু, ফুটা বন্ধ কৰাৰ উপায় মই উলিয়াম নহয়।”

শ্যামাই দৌৰি গৈ পাছিটো আনিলে। কেশৱে সেইটোৰ ফুটাটোত অলপমান কাগজ সুমুৱাই দিলে আৰু পাছিটো লাঠি এডালেৰে থিয় কৰাই ক’লে, ” চা, এইটো এইদৰে বাহটোৰ ওপৰত আঁৰি দিম।তাৰ পিছত ৰ’দ কেনেকৈ পৰিব!”
শ্যামাই ভাবিলে, দাদাও যে ইমান চালাক।

গৰমকালৰ কথা, দেউতাক গৈছিল অফিচলৈ। মাকে দুয়োটা শিশুকে শুৱাই থৈ নিজেও এঘুমটি মাৰিছিল।কিন্তু দুয়োৰে চকুত আজি আৰু টোপনি ক’ত? মাকক সন্তুষ্ট কৰিবলৈ দুয়ো চকু মুদি সুযোগ চাই আছিল। যেতিয়াই গম পালে যে মাকৰ টোপনি আহিল, দুয়ো মনে মনে বাহিৰ ওলাল আৰু লাহেকৈ দুৱাৰৰ ছিটিকণি খুলি বাহিৰ ওলাল। কণীকেইটাৰ সুৰক্ষাৰ বাবে আয়োজন কৰা হ’ল।কেশৱে এখন টুল আনিলে কিন্তু যেতিয়া সেইখনেৰে অকল কাম নহ’ল তেতিয়া গা ধোৱা ডাঙৰ পীৰাখন আনি টুলৰ তলত পাৰি ভয়ে ভয়ে টুলৰ ওপৰত উঠিল।

শ্যামাই দুহাতেৰে টুলখন ধৰি আছিল। কিন্তু টুলখনৰ আটাইকেইটা খুটি সমান নোহোৱা কাৰণে অলপ চলপ লৰি থাকিছিল। সেইখিনি সময়ত যে কেশৱৰ কেনে ভয় লাগিছিল সি হে জানে। দুহাতেৰে কাৰ্নিছত ধৰি লৈ শ্যামাক চেপা মাতেৰে দবিয়ালে, “ভালদৰে ধৰ। নহ’লে নামি লৈ ঠিকছে পিটিম।”

কিন্তু বেচেৰী শ্যামাৰ মনটো আছিল ঘৰৰ মূধত। বাৰে বাৰে তাইৰ চকু তালৈ গৈছিল আৰু হাতদুখন শিথিল হৈ পৰিছিল।

কেশৱে কাৰ্নিছত হাত দিয়াৰ লগে লগে চৰাই হাল উৰি গ’ল। সি দেখিলে তাত কিছু কূটা পৰি আছে, আৰু তাৰ ওপৰত তিনিটা কণী আছে। যেনেকুৱা বাহ সি গছত দেখিছিল,তেনে কোনো বাহ নাই। শ্যামাই তলৰ পৰা সুধিলে, ” কেইটা পোৱালি আছে দাদা?”

কেশৱ- ” তিনিটা কণী আছে, পোৱালি জগাই নাই এতিয়াও।”
শ্যামা- “মোকো অলপমান দেখুৱাই দিয়ানা,কিমান ডাঙৰ?”
কেশৱ- “দেখুৱাম বাৰু, আগতে অলপ ফটাকানি লৈ আহ যা,তলত পাৰি দিওঁ। কণী কেইটা কূটাৰ ওপৰতে পৰি আছে।”

শ্যামাই দৌৰি গৈ নিজৰ পুৰণি চোলা এটা ফালি কাপোৰ অকণমান আনিলে। কেশৱে হালি কাপোৰ টুকুৰা ল’লে,তাৰ কেইবাভাঁজো কৰি সি গাদী এখন বনালে আৰু কূটাবোৰৰ ওপৰত পাৰি দি তাৰ ওপৰত কণীকেইটা আকৌ থলে‌।
শ্যামাই আকৌ ক’লে -“মোকো দেখুৱাই দিয়ানা দাদা।”
কেশৱ-“দেখুৱাম ৰহ। আগতে মোক খৰাহিটো দে। ওপৰত ছাঁ কৰি দিওঁ।”
শ্যামাই তলৰ পৰা খৰাহিটো আনি হাতত দি ক’লে, “এতিয়া তুমি নামা। মোকো চাবলৈ দিয়া।”

কেশৱে খৰাহিটো এডাল লাঠিৰে ঢোকা দি ক’লে- “যা এতিয়া খুদ দানা আৰু পানীৰ বাতিটো লৈ আহ। মই নামিলে তই চাবি।”
শ্যামাই সেইদুটা বস্তুও আনিলে। কেশৱে সাৱধানে দুয়োটা বস্তু খৰাহিটোৰ তলত থ’লে আৰু লাহেকৈ নামি আহিল।
শ্যামাই একেবাৰে মিনতি কৰি ক’লে, “এতিয়াতো মোক উঠাই দিয়া দাদা। ময়ো চাওঁ এবাৰ।”
কেশৱ-“তই পৰি যাবি।”
শ্যামা- “নপৰো দাদা, তুমি ধৰি থাকিবা আকৌ।”
কেশৱ, “নাই নাই দেই। ক’ৰবাত লুটি খাই পৰিবি। আৰু মায়ে পিছত মোকহে মাৰিব। ক’ব তইহে উঠাই দিছিলি। এনেও চাই কি কৰিবি?এতিয়া কণী কেইটা বৰ আৰামত আছে। যেতিয়া পোৱালি ওলাব,তেতিয়া সিহঁতক পালিম। তেতিয়া চাবি।”

দুয়োটা চৰায়ে বাৰে বাৰে কাৰ্নিছৰ ফালে আহি আছিল আৰু তাত নপৰাকৈ আকৌ উৰি গৈছিল। কেশৱে ভাবিলে ইহঁতে আমাৰ ভয়তে আহা নাই। সি টুলখন উঠাই কোঠাত থৈ আহিল, পীৰাখনো য’ত থ’ব লাগে থ’লে।
শ্যামাই কন্দনামুৱা হৈ ক’লে, “তুমি কিন্তু মোক নেদেখুৱালা,মই মাক কৈ দিম।”
কেশৱ- “মাক ক’লে কিন্তু তোক ঠিকছে পিটন দিম,কৈ দিছোঁ।”
শ্যামা- “তেন্তে মোক কিয় নেদেখালা?”
কেশৱ- “তাৰ পৰা বাগৰি পৰিলে মূৰটো চাৰি ফাল নহ’ল হয়নে তোৰ?”
শ্যামা- “হ’লেও বা কি! মই মাক কৈ দিম চাবা।”
এনেতে কোঠাৰ দুৱাৰ খুলি মাক ওলাই আহিল। দুপৰীয়াৰ ৰ’দৰ পৰা হাতেৰে চকুৰ ওপৰত ছাঁ দি সুধিলে, “তহঁত দুয়ো বাহিৰত কেতিয়া আহিলি? মই কৈছিলোনে দুপৰীয়া বাহিৰলৈ নোলাবি বুলি। আৰু দৰ্জাৰ ছিটিকণি কোনে খুলিলে?”

ছিটিকণি আচলতে খুলিছিল কেশৱে,কিন্তু শ্যামাই এইটো কথা মাকক নক’লে।দাদাকে মাৰ খাব বুলি তাইৰ ভয় লাগিল।কেশৱৰো মনে মনে খুব ভয় লাগিল শ্যামাই ক’ৰবাত কৈ দিয়ে বুলি।তাইকতো সি কণীও নেদেখালে। শ্যামাই কেৱল দাদাকৰ মৰমতে মনে মনে আছিল নে দোষৰ ভাগী হোৱাৰ কাৰণে, সেইটো সি বুজি নাপালে।চাগৈ দুয়োটায়ে ইয়াৰ কাৰণ।
মাকে দুয়োকে ডাবি ধমকি দি আকৌ ঘৰৰ ভিতৰলৈ লৈ গ’ল আৰু লাহে লাহে বিচনীৰে বা দিবলৈ ধৰিলে। দুপৰীয়া দুই বাজিছিল, বাহিৰত প্ৰচণ্ড গৰম বতাহ! দুয়োটা শিশু সোনকালেই শুই পৰিল।

চাৰি মান বজাত হঠাতে শ্যামাই সাৰ পালে। দুৱাৰখন খোলা দেখি তাই দৌৰ মাৰি বাহিৰত আহি ঘৰৰ মূধৰ ফালে চালে। ওপৰত খৰাহিটো নাছিল। তেনেতে তাইৰ চকু মাটিত পৰিল আৰু লৰ মাৰি আহি দাদাকক ক’লে, ” দাদা, কণীবিলাক দেখোন মাটিত পৰি আছে। পোৱালি কেইটা উৰি গ’ল নেকি।”

কেশৱ খপজপাই উঠিল আৰু দৌৰ মাৰি বাহিৰ পাই দেখিলে যে তিনিওটা কণী তলত ভাঙি পৰি আছে আৰু তাৰ পৰা কিবা চূণৰ দৰে আঠা পানী ওলাই আছে। পানী থোৱা বাচনটোও কাষতে ভাঙি পৰি আছে।
তাৰ মুখ বিবৰ্ণ হৈ গ’ল। কান্দো কান্দো চকুৰে মাটিৰ ফালে চাই থাকিল বেচেৰাটোৱে।

শ্যামাই সুধিলে, “পোৱালি কেইটা ক’ত উৰি গ’ল দাদা?”

কেশৱে কাতৰ কণ্ঠৰে ক’লে, “কণী দেখোন ভা”আৰু পোৱালি কেইটা ক’ত গ’ল?”
“কন্দনামুৱা হৈ কেশৱে ক’লে, “আৰে পাগলী, দেখা নাই কণী ফুটি বগা বগা পানী ওলাই আছে! সেয়াই পোৱালি হ’লহেঁতেন দুই চাৰিদিন পিছত।”
মাকে হাতত চেণ্ডেল যোৰ লৈ আহি সুধিলে, “তোমালোকে ইয়াত ৰ’দত কি কৰি আছা?”
শ্যামাই ক’লে, “মা, চৰাইৰ কণীকেইটা ভাগি পৰি আছে।”
মাকে আহি ভগা কণী কেইটা চাই খঙেৰে ক’লে, “তোমালোকে কণী চুইছিলা নেকি?”

এতিয়া কিন্তু শ্যামাৰ দাদাকলৈ অকণমানো দয়া নোপজিল। সিয়ে কিজানি কণীকেইটা পৰি যাব পৰাকৈ থৈ আহিছিল। লাভৰ মূৰত ভাগিল নে এতিয়া। সি শাস্তি পাবয়ে লাগে। ক’লে, “দাদাই কণীকেইটা লাৰিছিল মা।”
মাকে কেশৱক সুধিলে, “হয়নে?”

কেশৱে সেই বেঙে মুতা গৰুৰ দৰে সহাবেঙা লাগি থিয় দি থাকিল।
মাক- “তই ইমান ওপৰ পালিগৈ কেনেকৈ?”
শ্যামা -“পীৰাৰ ওপৰত টুল থৈ উঠিছিল মা।”
কেশৱ- ” আৰু তই যে টুলখন ধৰি আছিলি।”
শ্যামা- “তুমি কোৱা কাৰণেহে কিবা।”
মাক- “তই ইমান ডাঙৰ হ’লি ,এইখিনিও নাজাননে যে চুলে কণী ঘোলা হয়। চৰায়ে আকৌ উমনি নলয়।”
শ্যামাই ভয়ে ভয়ে ক’লে, “তেনেহ’লে চৰাই টোৱেই কণীকেইটা পেলাই দিলে নেকি মা?”
মাক- “আৰুনো কোনে পেলাব নহ’লে।এতিয়া আমাৰ কেশৱৰ পাপ লাগিব ৰ’হ। হায় হায়, বেচেৰা কণীকেইটা ভাঙি পেলালে বদমাছ টোৱে!”
কেশৱে কান্দি কান্দি ক’লে , ” কিন্তু মইতো কেৱল কণীকেইটা কাপোৰৰ ওপৰত হে থৈছিলোঁ মা।”

মাকৰ হাঁহি উঠি গ’ল। কিন্তু বেচেৰা কেশৱৰ বহুত দিনলৈ মনটো বেয়া হৈয়েই থাকিল।বেচেৰাৰ নিজৰ ভুলৰ কাৰণে আফচোচ হৈ থাকিল। কণীকেইটা ৰক্ষা কৰাৰ নামত সি যে সেইকেইটাৰ সৰ্বনাশ কৰিলে। কথাটো মনত পৰিলেই তাৰ কান্দোন ওলায়।

সেই চৰাইহালকো তাত আৰু কোনোদিনেই দেখা নগ’ল।

☆★☆★☆

3 Comments

  • ডলী তালুকদাৰ

    বঢ়িয়া।সাৱলীল অনুবাদ

    Reply
  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ অনুবাদ, ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.