ফটাঢোল

নামনি অসমত নাৰদৰ বিলৈ – সদানন্দ ভূঞা

জম্মু-কাশ্মীৰ এতিয়া অশান্ত। মৃত্যুৱে যেন জম্মু-কাশ্মীৰক হাতবাউল দি মাতে। যমৰ নগৰৰ কাৰাগাৰ, পোতাশাল কতোৱেই খালী ঠাই নোহোৱা হ’ল। ইফালে সোনৰ অসমতো এগালমানে সৰগৰ সোমৰস বুলি বিষাক্ত গেলা খায়ো যমৰ নগৰ পালেগৈ। যমৰ নগৰত প্ৰত্যেক ঘৰৰ চোতালে চোতালে, পথাৰে পথাৰে কেৱল মনুষ্যৰ আত্মা আৰু আত্মা। যমৰাজ নিৰুপায় হৈ ভগৱান বিষ্ণুৰ শৰণাপন্ন হ’ল। যমৰ বাৰ্তা শুনি ভগৱান বিষ্ণুৰো চুৰ্তি হেৰাল। ভগৱান বিষ্ণুৱে তেওঁৰ কটকী নাৰদলৈ ফোন লগাই বোলে… নাৰদ, তুমি যতেই আছা তাৰপৰাই অতি শীঘ্ৰে মোৰ ওচৰত হাজিৰ হোৱা। নাৰদে সেইসময়ত অন্নমুঠি ধৰিছিলহে। প্ৰভূ নাৰায়নৰ বাৰ্তা পায়েই চুৰ্তি বিচুৰ্তি হেৰুৱাই আধাপেটী হৈয়েই বাহন ঢেকীটোত উঠি ভগৱান বিষ্ণুৰ অন্তেষপুৰত হাজিৰ হ’ল। নাৰায়ন নাৰায়ন বুলি নাৰদে ভগৱান বিষ্ণুক ইমান খৰধৰকৈ মাতি পঠোৱাৰ কাৰণ জানিবলৈ বিচাৰিলে। ভগৱান বিষ্ণুৱে নাৰদক সকলো বৃত্তান্ত দিয়াৰ পিছত প্ৰথমে জম্মু-কাশ্মীৰ আৰু পিছত অসমৰ সকলো তথ্য সংগ্ৰহ কৰি অতি সোনকালে ভগৱান বিষ্ণুক জনাবলৈ লিখিত নিৰ্দেশ প্ৰদান কৰিলে। সকলোবোৰ তথ্য লিখিতৰূপত দিব লাগিব বুলিও নাৰদৰ ওপৰত ভগৱান বিষ্ণুৱে আদেশ জাৰি কৰিলে।

ভগৱান বিষ্ণুৰ লিখিত আদেশ পাই ঢেকীটোতে উঠি ততাতৈয়াকৈ নাৰদ জম্মু-কাশ্মীৰ পালেগৈ। জম্মু-কাশ্মীৰত দুদিনতে সকলোবোৰ তথ্য সংগ্ৰহ কৰি অসম অভিমুখে ঢেকীটোতে উঠি যাত্ৰা আৰম্ভ কৰিলে। নাৰদে আহি আহি অসমৰ ধুবুৰী, গোৱালপাৰা, সৰভোগ, বৰপেটা, নলবাৰী আদি পাৰ হৈ গুৱাহাটী পালেহি। নাৰদৰ উদ্দেশ্য আছিল উজনি অসম ভ্ৰমণ। কিন্তু গুৱাহাটীৰ আকাশমাৰ্গত নাৰদৰ ঢেকীটোৰ যান্ত্ৰিক বিজুতি ঘটিল। ঢেকীটোৰ পৰা ঢেকীথোৰাটো খহি পৰিল। নাৰদে ঢেকীটোকে পেৰাচুট বুলি তললৈ নামি আহিছিল যদিও বেচেৰা নাৰদৰ ভাগ্য সুপ্ৰসন্ন নাছিল৷ নাৰদে উৰি উৰি আহি পৰিল যি পৰিল একেবাৰে হেমন্ত কাকতিৰ বাৰীত থকা খেজুৰ গছজোপাৰ ওপৰত পৰিল। নাৰদৰ সিমানখিনি দুৰ্গতি হোৱা হ’লেও ভালেই আছিল। পিচে নাৰদৰ ভাগ্য সেইদিনাখন একেবাৰে বেয়া আছিল। নাৰদমুনি খেজুৰ গছজোপাৰ পৰা উফৰি হেমন্ত কাকতিৰ নতুনকৈ বনাবলৈ লোৱা লেট্ৰিনৰ টেংকিটোতে ধুপুচকৈ পৰিলগৈ। খেজুৰৰ জোঙা জোঙা কাইট, লেতেৰা বোকা-পানী আৰু পকা ইটাই নাৰদ বাপুক বাৰুকৈয়ে ঠুকুচি পেলালে। নাৰদে জ্বৰে-বিষে কেঁকাবলৈ ধৰিলে। ইফালে হেমন্ত কাকতিয়ে বাৰীত ধুপুচকৈ কিবা এটা পৰা শুনি চকখাই উঠিল। দিন-দুপৰতে হাতত টৰ্চ লাইটটো জ্বলাই বাৰীৰ ভিতৰখন উৎসটো বিচাৰি চলাথ কৰিবলৈ ধৰিলে।

কাকতি: ওপৰৰ পে এনাম ডাঙাৰকে কি পৰলাক এ? মই দেখুন একো দেখি পাৱাই নাই।

নাৰদ: ( কেঁকাই-গেঁঠাই ) হে মনুষ্য, মই ইয়াতে পৰি আছোঁ।

কাকতি: কাইয়ে? কৰপে আটাহ পাৰি মৰবা ধৰছা?

নাৰদ: নাৰায়ন নাৰায়ন, হে মনুষ্য মই ইয়াতে পৰি আছোঁ। আপোনাৰ পোতাশালত।

কাকতি: অই গজমুৰা, মোৰ নাম মনুষ্য নহয়। জানছা না? অই শুগনেখাৱা, মোৰ বাৰীত তই কৰপে পোতাশাল দেখি পালি এ? হাৰামজাদা, তই ক’ত আছা ভালকে কউ। আৰু তই কুনি এ।

নাৰদ: হে মনুষ্য, মই নাৰদ৷ আপুনি অনুগ্ৰহ কৰি মোক ইয়াৰ পৰা উদ্ধাৰ কৰক।

কাকতি: নাৰদ? আমাৰ গাঁঁৱত দেখুন নাৰদ নামৰ মানুহ কাইয়ো নাই। তইনু কুন নাৰদ আহি মোৰ বাৰীত সুমলি এ৷

নাৰদ: হে মনুষ্য, মই সৰগৰ ভগৱান বিষ্ণুৰ কটকী নাৰদ৷ নাৰদ মুনি৷

ভগৱান বিষ্ণুৰ কটকী নাৰদ বুলি কোৱা শুনিয়েই হেমন্ত কাকতিৰ কলখোৱা ধাতু বাজ হওঁ হওঁ অৱস্থা। ভাগ্যে তেখেতে মূৰ ঘূৰাই লুটিখাই ক’তো নপৰিল। ভয়তে কাকতিয়ে তেখেতৰ মিচেছক টেটুফালি চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। মিচেছ কাকতিয়ে হেমন্ত কাকতিৰ চিঞৰ-বাখৰ শুনি কাকতিৰ কিবা হ’ল বুলি ভাৱি উধাতু খাই লৰি-ঢাপৰি আহি কাকতিৰ ওচৰ পালেহি। কাকতিয়ে পত্নীক সকলো কথা খুলি কোৱাৰ পিছত দুয়ো বাৰীখনত পিতপিতাই বিচাৰিবলৈ ধৰিলে৷ মিচেছ কাকতিয়ে লেট্ৰিনৰ টেংকিৰ পৰা ভাঁহি অহা কেকনি শুনি কাকতিক লেট্ৰিনৰ টেংকিটোৰ দিশে দেখুৱাই দিলে। দুয়ো দৃশ্য দেখি হতবাক। কাকতিয়ে নিজৰ ঘৰৰ লগুৱাজনক মাতি নাৰদক টেংকিটোৰ পাৰলৈ উঠাই দিলে। হেমন্ত কাকতিয়ে দিন দুপৰতে চুৰ কৰিবলৈ আহিছে বুলি ভাবি ফলা খৰিৰে নাৰদৰ তপিনাত দুচাট দি খেদি পঠিয়ালে। এনেই ইমানখিনি যান্ত্ৰণা, তাতে আকৌ কাকতিয়ে দিয়া তপিনাৰ দুচাট৷ নাৰদ বাপুৱে ত্ৰাহি মধুসুদন সুঁৱৰি ভিৰাই ল’ৰ মাৰিলে।

নাৰদ মুনিয়ে জ্বৰে-বিষে, লঘোণে-ভোকে এইবাৰ পল্লৱী কলিতাৰ ঘৰত উপস্থিত হ’ল। নাৰদ মুনিয়ে টোকাৰীটো বজাই পল্লৱী কলিতাৰ ঘৰৰ বাহিৰত নাৰায়ন নাৰায়ন বুলি চিঞৰাৰ লগে লগে পল্লৱী কলিতা আৰু তেখেতৰ মিষ্টাৰ বাহিৰলৈ ওলাই আহিল। পল্লৱী কলিতাই নাৰদ মুনিৰ ৰেহ-ৰূপ দেখি দিনতেই ভুত ওলাল বুলি ভয় খাই ঠাইতেই মুচকচ গ’ল। পল্লৱী কলিতাৰ মিষ্টাৰে খৰধৰকৈ ভিতৰৰ পৰা বিচনী আৰু পানী আনি বিচনীখনেৰে বিচিছেহে বিচিছে, চকুৱে মুখে পানী মাৰিছেহে মাৰিছে নাই, পল্লৱী কলিতাৰ হুঁচ অহা নাই। নাৰদ মুনিয়ে সকলোবোৰ দেখি বুজিলে কথা বিষম। পলোৱাই মংগল৷ নাৰদমুনিয়ে দৌৰি দৌৰি গৈ এইবাৰ ব্ৰহ্মপূত্ৰৰ পাৰ পালেগৈ৷ তাতেই নাৰদমুনিয়ে নিজৰ পিন্ধি অহা সকলো সৰগী বস্ত্ৰ ধুই-পখালি পৰিষ্কাৰ কৰি নিজেও দেহাটো ব্ৰহ্মপূত্ৰৰ বুকুত ধুই-মেলি জিলিকাই ল’লে। ব্ৰহ্মপূত্ৰৰ নিৰ্মল পানীয়ে নাৰদৰ দেহ-মন কিছু শাত পেলোৱাত ঢোকে ঢোকে ব্ৰহ্মপূত্ৰৰ পানী গলাধঃকৰণ কৰি বাবা ব্ৰহ্মপূত্ৰৰ পাৰতে কিছু সময় জিৰণি ল’লে। নাৰদ মুনিয়ে সৰগী বস্ত্ৰ শুকোৱাৰ পিছত পুনৰ পৰিধান কৰি টোকাৰীখন হাতত লৈ পুনৰ গুৱাহাটী মহানগৰীৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিবলৈ ধৰিলে। দেহৰ জ্বৰ-বিষ আৰু ভোকৰ তাড়নাত নাৰদমুনি এইবাৰ সোমেশ্বৰ বৰাৰ গৃহত প্ৰৱেশ কৰিলে।

সোমেশ্বৰ বৰা ঘৰৰ চোতালতে বহি তেখেতৰ সহধৰ্মিনীৰ লগত চাহৰ জুতি লৈ আছে। নাৰদমুনিয়ে টোকাৰী বজাই নাৰায়ন নাৰায়ন বুলি কোৱাৰ লগে লগে সোমেশ্বৰ বৰাই ভাবিলে এইগৰাকী সংসাৰৰ মায়া মোহ ত্যাগ কৰা কোনোবা বীনবৈৰাগীয়েই হ’ব। বৰাই আথে-বেথে নাৰদমুনিক চকী এখনত বহি পত্নীক চাহ একাপ আনি দিবলৈ ক’লে। মিচেছ বৰানীয়ে ভিতৰলৈ গৈ চাহ একাপ আনি নাৰদমুনিক যাঁচিলে৷ নাৰদমুনিয়ে পৰম তৃপ্তিৰে চাহকাপ খাই আছে৷ সোমেশ্বৰ বৰাই মাত লগালে,

বৰা: বোলো প্ৰভূ, আপুনিনো কোন? কিয় বা আমাৰ গৃহত পদধুলা দিলেহি?

নাৰদ: হে মনুষ্য…

বৰা: প্ৰভূ, মোৰ নাম মনুষ্য নহয়। মোৰ এটা সুকীয়া নাম আছে। মোৰ নাম সোমেশ্বৰ বৰা।

নাৰদ: নাৰায়ন নাৰায়ন হে মনুষ্য, আচলতে কথা সেইটো নহয়৷

বৰা: হে প্ৰভূ, বাদ দিয়ক আপোনাৰ কথা। মোৰ নাম মনুষ্য নহয় বুলি কৈছোঁ নহয়। প্ৰভূ, আপুনি টোকাৰী বজাই যেতিয়া গীত এটিকে গাওকচোন।

নাৰদ: (টোকাৰীত আঙুলি বুলাই ) নাৰায়ন নাৰায়ন… নাৰায়ন নাৰায়ন… নাৰায়ন

বৰা: হে প্ৰভূ, কি নাৰায়ন নাৰায়ন কৰি আছে? গীত গাওক, গীত। লোকগীত, টোকাৰীগীত, দিহানাম গাওক।

নাৰদ: হে মনুষ্য, লোকগীত, টোকাৰীগীত, দিহানাম মানে কি?

বৰা: হে হৰি, আপুনি লোকগীত, টোকাৰীগীত, দিহানাম কি নাজানে? বাৰু ৰবচোন, আপুনি যে ইমানকৈ কেঁকাই-গেঁথাই আছে… কিয়?

নাৰদমুনিয়ে সোমেশ্বৰ বৰাক সকলো কথা ভাঙিপাতি ক’লে যদিও বৰাই নাৰদক কোনোবা চেৰাবলিয়াইহে পালে বুলি বৰ ভয় খালে৷ ইফালে নাৰদমুনিৰ অৱস্থা দেখি বৰাৰ মনত দুখো লাগিল। বৰা বৰ কোমল হৃদয়ৰ মানুহ৷ বৰাই ভালদৰে বুজি পালে এইগৰাকীক চিকিৎসাৰ কথা ক’লে পলাব। গতিকে “আপোনাক সৰগলৈ যোৱাৰ পথটো দেখুৱাই দিওঁগৈ” বুলি আভুৱা ভাৰি বৰাদেৱে নিজৰ গাড়ীখনত বহুৱাই ডাক্তৰ পাৰ্থসাৰথি ভূঞাৰ চেম্বাৰলৈ লৈ গ’ল।

চেম্বাৰত সোমেশ্বৰ বৰাই গোপনে ডাক্তৰ পাৰ্থসাৰথি ভূঞাক সকলো কথা ভাঙি পাতি ক’লে। বৰাৰ পৰা সকলোবোৰ কথা শুনি সোমেশ্বৰ বৰা, ডাক্তৰ পাৰ্থসাৰথি ভূঞা, চেম্বাৰৰ সকলো কৰ্মচাৰী আৰু নাৰ্চসকলে মিলি নাৰদমুনিক হাতে-ভৰিয়ে বান্ধি চেম্বাৰৰ বিচনাত জপটিয়াই বান্ধি ল’লে। নাৰদে নাৰায়ন নাৰায়ন বুলি মাত লগালেে,

নাৰদ: হে মনুষ্য, আপোনালোকে মোক এনেকৈ কিয় বান্ধিছে?

বৰা: এখেত ডাক্তৰ৷ এখেতেই আপোনাক চিকৎসা কৰিব৷

নাৰদ: ডাক্তৰ? এইটো নামতো সৰগত শুনা নাই। হে মনুষ্য, মোক ডাক্তৰ নালাগে। কবিৰাজ মাতক। সৰগত কবিৰাজে হে চিকিৎসা কৰে।

ডাক্তৰ: হেৰৌ কটা নিধক, চিকিৎসাৰ কথা তই জান নে মই জানো। কটা চেৰাবলীয়া, কবিৰাজ মাতিব লাগে৷ কৰবাত কিবা কৰিলি, কৰি মেলি এতিয়া ডাক্তৰ নালাগে৷ উহ, একেবাৰে সৰগৰ ভগৱান বিষ্ণুৰ নাৰদমুনি ওলাইছে। মুখ বন্ধ কৰি মনে মনে থাক৷ নহ’লে কেইপাটমান ৰাম চৰত চিধা কৰি দিম৷

এইবুলি ডাক্তৰ পাৰ্থসাৰথি ভূঞাই নাৰদৰ শৰীৰৰ পৰা চেপেনাৰে টানি টানি খেজুৰ গছৰ কাইটবোৰ উলিয়াই আছে। নাৰদমুনিয়ে বিষত থাকিব নোৱাৰি চিঞৰত গগণ ফালিছে। ডাক্তৰে ঘাঁবোৰ ভালদৰে আয়দিনেৰে পৰিষ্কাৰ কৰি নাৰদমুনিৰ টিকাত তিনিটা বেজীৰ খোচ দি দিলে৷ নাৰদমুনিয়ে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে,

নাৰদ: হে মনুষ্য, এয়া আপোনালোকে কি কৰিলে? মোৰ শৰীৰত অস্ত্ৰৰে কিয় আঘাট কৰিলে? অস্ত্ৰৰ আঘাটৰ ফলত মোৰ সকলো ঐশ্বৰিক শক্তিৰ বিলুপ্তি ঘটিল। এতিয়া মই সৰগলৈ কেনেকৈ যাম? মোক আপোনালোকে সৰ্বনাশ কৰি দিলে৷ হে প্ৰভূ নাৰায়ন, মোক উদ্ধাৰ কৰা৷ নাৰায়ন নাৰায়ন, প্ৰভূ মোক ৰক্ষা কৰা। ৰক্ষা কৰা, উদ্ধাৰ কৰা। নাৰায়ন নাৰায়ন।

ভগৱান বিষ্ণুৱে অনন্তশয্যাত বাগৰি জিৰণি লৈ থাকোঁতে টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ টোপনিতে ভগৱান বিষ্ণুৱে এটি ভয়ানক সপোন দেখিলে। তেওঁৰ পৰম ভক্ত পৰম বিশ্বাসী কটকী নাৰদৰ কিবা যেন ভয়ানক বিপদ হৈছে৷ বিপদত আতুৰ হৈ নাৰদমুনিয়ে যেন তেওঁকেই কাতৰভাবে মাতি আছে। ভগৱান বিষ্ণু খকমককৈ সাৰ পাই গ’ল৷ ভগৱান বিষ্ণুৱে সাৰ পায়ো বহু দূৰৰ পৰা ৰিণিকি ৰিণিকি নাৰদমুনিৰ কাতৰ আহ্বান শুনি পালে৷ ভগৱান বিষ্ণুৱে দিব্যচকুৰে চাই নাৰদৰ দুৰৱস্থা দেখি পালে৷ লগে লগে ভগৱান বিষ্ণু তেওঁৰ বাহন গড়ুৰ পক্ষীত উঠি তীব্ৰ গতিৰে আহি নাৰদৰ সন্মুখত হাজিৰ হ’ল। নাৰদমুনিয়ে কাতৰে ভগৱান বিষ্ণুক প্ৰণাম কৰিলে৷ নাৰদমুনিৰ অৱস্থা দেখি ভগৱান বিষ্ণুৰ দুচকুৰে দুধাৰি চকুলো বাগৰি আহিল৷ ভগৱান বিষ্ণুৱে সোঁহাত দাঙি বিষহৰি ৰশ্মিৰ দ্বাৰা সম্পুৰ্ণ সুস্থ কৰি তুলিলে৷ নাৰদৰ সন্মুখত নাৰদমুনিৰ বাহন ঢেকীও আহি হাজিৰ হ’ল৷ ভগৱান বিষ্ণু আৰু নাৰদমুনি পলকতে অদৃশ্য হৈ ডাক্তৰ পাৰ্থসাৰথিৰ চেম্বাৰ ত্যাগ কৰি সৰগলৈ ৰাওনা হ’ল৷

হঠাতে ডাক্তৰ পাৰ্থসাৰথি ভূঞাৰ চেম্বাৰৰ বিচনাৰ পৰা নাৰদমুনি অন্তৰ্ধ্যান হোৱাত সোমেশ্বৰ বৰা, ডাক্তৰ পাৰ্থসাৰথি ভূঞা সহিতে সকলোৱে বৰ বেয়াকৈ ভয় খাই চেম্বাৰৰ য’তে-ত’তে চেতনা হেৰুৱাই বাগৰি পৰিল।

পাঠকবৃন্দ, সঁচাকৈ কৈছোঁ মই এই কাহিনীটো লিখি শেষ কৰালৈকে কোনো এজনৰেই হুঁচ অহা নাই৷ অৱশ্যে বৰ্তমান হুঁচ আহিল নে নাই, সেইবিষয়ে মই অৱগত হোৱা নাই। আপোনালোকে এবাৰ খবৰ কৰিব দেই।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.