ফটাঢোল

নাৰী আলোচনাৰ নতুন বিষয় – অসমী গগৈ

ন+অৰি=নাৰী৷ অৰ্থাৎ যাৰ কোনো শত্ৰু নাই৷ গতিকে এই নাৰীওনো আলোচনাৰ এটা বিষয় হ’ব পাৰেনে? পাৰে৷ নিশ্চয় পাৰে৷ বৰ্তমানৰ আলোচনা সমালোচনাৰ এটা গুৰুত্বপূৰ্ণ বিষয়৷ আড্ডাই বোলা হওক বা আলোচনা বা আলোচনা চক্ৰই হওক, সাহিত্যতেই হওক, সুকুমাৰ কলাতেই হওক নাৰী এটা গুৰুত্বপূৰ্ণ বিষয়৷ জন্মৰে পৰা মাতৃ, ভগ্নী, কন্যা, বধূ আদি ভিন্ন ৰূপত জীৱনৰ প্ৰতি পদক্ষেপতে তেওঁলোকৰ সহায় সহযোগ নিস্বাৰ্থ ত্যাগ, শ্ৰম, যন্ত্ৰণা, অভাৱ অভিযোগ আদিও আমি একাধাৰে দেখি আহিছো৷ আমাৰ জীৱনত, সমাজ জীৱনত তাৰ বিনিময়ত আমি কেনে স্থান সন্মান আদি দি আহিছে সেয়া নিশ্চয় আমিয়েই ভাবিবলগা কথা৷

ব্যক্তিগত জীৱনত ঘৰত থাকি পঢ়া-শুনা কৰা কালছোৱাত এনেকুৱা এটা দিনৰ কথা মনত নপৰে যিদিনা পঢ়া টেবুলৰ কাষত মা উপস্থিত নাই! কেতিয়াবা কিবা আলোচনী কেতিয়াবা পাচলি কেইটামান, কেতিয়াবা উল-শলা, কেতিয়াবা বেজী-গুলি লৈ হ’লেও মা কাষতে বহি আছিল৷ দিনজোৰা পৰিশ্ৰমৰ অন্তত জিৰণি বিচৰা যাৰ দেহাটো কেতিয়াবা কাষৰ বিছনাত কাটি হৈ পৰিছিল৷ যথেষ্ট ন’হলেও তেতিয়া আমি বুজন ছোৱালী আছিলো৷ আনকি শৈশৱতো আমি ককাতকৈ আইতা দুগৰাকীৰ পাছে পাছে ফুৰিবলৈহে বেছি ভাল পাইছিলো৷ লাগিলে সেয়া সাধু শুনাৰ লোভতেই হওক বা হাতৰ মুঠিত লুকুৱাই অনা খেজুৰ, বগৰী, আমলখি, লেটেকু, পনিয়ল যাৰ লোভতেই নহওক কিয়৷ অৱশ্যে দুয়োটা পৰিয়ালৰ ডাঙৰ নাতিনী হোৱা বাবে লগত লৈ ফুৰাৰ হেঁপাহ দুয়োগৰাকীৰে অধিক আছিল৷ সৰু কালৰ সেই সহজাত হেঁপাহেই পাছৰ কালত মোৰ চিন্তাৰ বিষয় হৈছিল৷ বুজন হৈ তেওঁলোকৰ মানসিক অৱস্থাৰ বুজ ল’বলৈ মনটো চটফটাই উঠিছিল৷ কিন্তু সেই ইচ্ছাক আধৰুৱা কৰি এগৰাকী আইতা (দেউতাৰ মাক) আঁতৰি গৈছিল৷ আনগৰাকী আইতাৰ সৈতে একাত্মতা গঢ়ি উমান লৈছিলো তেওঁৰ মনৰ৷ যিহেতু আইতা আমি নেদেখা নজনা যুগটোৰ প্ৰতিনিধি, যেতিয়া তেওঁলোকৰ স্কুললৈ যোৱাৰ, মুকলিকৈ ফুৰাৰ স্বাধীনতা নাছিল৷ আনকি বিবাহৰ দৰে জীৱনৰ চূড়ান্ত সিদ্ধান্ততো আনৰ ইচ্ছাত সন্মতি জনাবলগা হৈছিল৷ পিতৃ-ভাতৃৰ আদেশ নিৰ্দ্দেশত এটা যন্ত্ৰলৈ সলনি হ’বলগা হৈছিল৷ লাগিলে সেইজন পূৰ্বে বিবাহিতই হওক বা চাৰি পাঁচটা সন্তানৰ পিতৃয়ে হওক বা নিজৰ ভগ্নীৰ পতিয়ে নহঁওক কিয়৷ সেই যুগত কাৰোৱে স্বামীৰ চকুলৈ চাই, স্বামীৰ কথাৰ ওপৰত কথা কোৱাৰ সাহস নাছিল৷ আইতাও তাৰ ব্যতিক্ৰম নাছিল৷ এতিয়া সেইজনী আইতাই মই স্বামীক নাম কাঢ়ি তুমি বুলি কৰা সম্বোধনত ইছ ইচাই উঠে- “ছি! ছি! নাপায় মাতু, নাপায়৷ গিৰিয়েকক নাম কাঢ়ি মাতিব নাপায়৷ আয়ুস টুটে, পাপ হয়৷” (কিন্তু আইতাহঁতেতো এনে পাপ কৰা নাছিল তেন্তে আজি সুদীৰ্ঘ দিন বৈধব্যৰ যন্ত্ৰণা কিয়?) হয় তাহানিকালৰ আইতাজনীয়ে ইয়াতকৈ বেলেগকৈ আৰু কি ভাবিব৷ হাতৰ কাষতে নূন্যতম প্ৰয়োজনীয় বস্তুৰ যোগান ধৰি এক প্ৰকাৰ তেওঁলোকক ঘৰৰ চাৰিবেৰৰ মাজত বন্দী কৰি ৰখা হৈছিল যাতে সীমাৰ বাহিৰলৈ ওলাবলৈ পাই তেওঁলোকৰ মনৰ সীমনা বৃদ্ধি হ’ব নোৱাৰে৷ মুকলি আকাশত উৰিবৰ বাবে প্ৰয়োজন হোৱা পাখি দুখন সেইকালৰ নাৰীৰ হয় উভালি পেলোৱা হৈছিল নহয় কাটি পেলোৱা হৈছিল৷ আৰু শিক্ষা-দীক্ষাৰ কথা নকলোৱেইবা৷ তেতিয়া ল’ৰাৰ লগত একেলগে শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাটো হাতৰ তলুৱাত নোম গজাৰ দৰে কথা আছিল৷ সন্তান জন্ম দি লালন পালন কৰা স্বামী তথা পৰিয়াল পৰিজনৰ আলপৈচান ধৰা, সকলো দায়দোষ নতশিৰে মানি লোৱা, আনৰ সন্তুষ্টিতেই আত্মসন্তুষ্টি লাভ কৰাটোৱেই আছিল সেই যুগৰ নাৰীৰ জীৱন বৃত্ত৷ বৃত্তৰ পৰিধি ভঙাৰ সাহস ক্ষমতা যাৰ নাছিল৷

কিন্তু ইয়াৰ পাছৰচাম আজিৰ আধুনিক নাৰী৷ আৰু তেওঁলোকৰ জীৱন জীৱন ধাৰণৰ মান, স্থিতি, স্বাধীনতা, সংগ্ৰাম এইবিলাকো আলোচনাৰ একো একোটা বিষয়৷ তাহানিৰ দিনত খৰি-খেৰ, খেতি-খেলাৰ দৰেই আজিৰ আধুনিক নাৰীয়ে কি কৰা নাই৷ তেতিয়া যেনেদৰে নাৰীক শোষণ কৰা হৈছিল আজি একবিংশ শতিকাতো কৰা হয়৷ একেই আছে সকলো, মাথোন পদ্ধতি সলনি হৈছে৷ আমাৰ সমাজত আজিও এনে নাৰী আছে যি নিজে নজনাকৈয়ে দিনৰ পাছত দিন শোষিত হৈছে৷ ঘৰৰ ভিতৰত আধুনিক বৈজ্ঞানিক সভ্যতাৰ সকলোবিলাক অত্যাধুনিক সা-সুবিধা মজুত, ফোনৰ নম্বৰ টিপিলেই ঘৰৰ ভিতৰত সকলো বস্তু হাজিৰ, প্ৰয়োজনীয় বস্তু বিচাৰি ঘৰৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজনেই নাই, তেওঁ হয়তো নিজৰ সৌভাগ্যক লৈ গৌৰৱ কৰে৷ আনৰ ঈৰ্ষাৰ জন্মাৰ কথা ভাবে (কিন্তু তেওঁ যে দুখলগাকৈ জীৱনৰ প্ৰকৃত সোৱাদৰ পৰা বঞ্চিত)৷ কিন্তু প্ৰকৃততে তেওঁৰ অৱস্থাতে গৌৰৱ কৰিবলগীয়া নে ঈৰ্ষা কৰিবলগীয়া নে পুতৌ কৰিবলগীয়া! আন এগৰাকী কৰ্মজীৱী মহিলা৷ ঢলপুৱাতে পাটি এৰি পুৱাৰ চাহ জলপান, ভাতপানী, ল’ৰা-ছোৱালীৰ টিফিন , সাজপোছাক ভাগে ভাগে সজাই, গৰু গাই থাকিলে গোহালি চোতাল অতাই স্বামীৰ গাধোৱা মুখধোৱা পানী কাপোৰ-কানি, চাহ জলপান যতনাই ধুই পখালি আজৰি হৈ নাকে মুখে দুগৰাহ গুজি দিনৰ দিনটো মূৰ ঘমাই ঘূৰি আহিও সেই একেখন ৰুটিনেই৷ তাৰ মাজতে বেমাৰ-আজাৰ, আলহী-দুলহী আদি আছেই৷ তেওঁ ইমানখিনি কৰিবই লাগিব৷ দেহা বা মন টানক বা নাটানক, তেওঁ যিহেতু নাৰী৷

আকৌ এই যে আজিৰ গ্লেমাৰৰ যুগত ফেশ্যন বা মডেলিঙৰ বাবে অৰ্ধনগ্ন পোছাক, কাকো গণ্য নকৰা মই বৰ মনোভাব এইবিলাকে নাৰীক ক’লৈ লৈ গৈছে সেয়াও চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে৷ ফেশ্বন বা মডেলিঙৰ নামত নিজকে জাহিৰ কৰিবলৈ লৈ তেওঁলোক যে একোটা পণ্য সামগ্ৰীত পৰিণত হৈছে সেয়াও ভাবিব লগা কথা৷ এনে এচাম তথাকথিত আধুনিক নাৰীৰ বাবে আন এচাম কেনেদৰে শোষণ শাসন বা ধৰ্ষণ আদিৰ দৰে ঘটনাৰ বলি হ’ব লগা হৈছে৷ ছয় সাত বছৰীয়া শিশুৰ পৰা পঞ্চাশ বছৰীয়া নাৰীও আজি পুৰুষৰ কামুক লোলুপ দৃষ্টিৰ পৰা সাৰি যাব পৰা নাই৷ কিয় এনে হৈছে? মানুহ হিচাপে, নাৰী হিচাপে পাবলগা নূন্যতম সম্মান, শ্ৰদ্ধা, ভক্তিৰ পৰা নাৰী আজি কিয় বঞ্চিত হৈছে৷ ৰাজপথত প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা নাৰী গৰাকীলৈ কাৰো সহায়ৰ হাত কিয় আগবাঢ়ি যোৱা নাই? হাড়কপোৱা জাৰত উদং গাৰে কোলাত ভায়েকক লৈ ভিক্ষা মাগি ফুৰা ছোৱালীজনী, সদা প্ৰস্ফুটিত যৌৱনক মানুহৰ লোলুপ দৃষ্টিৰ পৰা বচাবলৈ ফটা ফ্ৰকটো ইফালে সিফালে টানি বেচিকৈ ফালি পেলোৱা কিশোৰীজনীক আপোন বুলি ভাবিব পৰা কোনো এজনো কিয় ওলোৱা নাই? গাড়ী মটৰত মানুহৰ ঠেলা হেঁচাত অস্বস্তিত ভোগা ছোৱালীজনীক সকাহ দিবলৈ কিয়নো কোনো আগবাঢ়ি অহা নাই৷ দেহ বেচি জীৱন কটাবলৈ সিহঁত বাধ্য হ’ল নে স্ব-ইচ্ছাত ইত্যাদিবিলাক কথা আজি ভাবিবলগীয়া আলোচনা কৰি ইয়াক ৰোধ কৰাৰ সময় সমাগত৷ ৷ এই সকলোবিলাক নাৰীয়ে সমাজত সন্মুখীন হোৱা সমস্যাৰ কিছু অংশহে৷ এতিয়া চোৱা যাওক এই সমস্যা বিলাকৰ উদ্ভৱৰ দিশলৈ৷ ইয়াৰ কাৰণ সম্পৰ্কে ব্যক্তিগতভাৱে মই ভাবো যে নাৰী নিজৰ শক্তি সম্পৰ্কে জ্ঞাত নহয়৷ নিজকে নাৰী বুলি নাভাবি সমাজৰ এক অপৰিহাৰ্য অংগ মানৱ শক্তি বুলি ভাবিব লাগিব৷ নাৰীৰো যে নিজস্ব এটা মন আছে, সত্ত্বা আছে বুলি ভাবিব পাৰিব লাগিব৷ মনৰ দৃঢ়তা অটুট ৰাখিব পাৰিব লাগিব৷ আৰু এই দৃঢ়তা তেওঁ দৈনন্দিন জীৱনৰ প্ৰতিখোজ, সমাজৰ প্ৰতি খোজৰ পৰাই গোটাব লাগিব৷ এই ক্ষেত্ৰত আৰু মনত ৰখা উচিত হ’ব যে আত্ম সন্মানবোধ সকলোৰে আছে, থকা উচিত কথাষাৰ৷ জীৱন বাটত পোৱা প্ৰতিটো ঠেকাই তেওঁৰ বাবে প্ৰেৰণাৰ একোটা উৎসৰূপে গ্ৰহণ কৰিব পাৰিব লাগিব৷ অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰাটো উচিত হ’ব বুলি ভাবো যে আধুনিক শিক্ষা প্ৰসাৰে বৰ্তমানৰ নাৰীসকলক যথেষ্ট আত্মসচেতন কৰি তুলিছে৷ কিন্তু এই সচেতনতা মাথোন এচাম নাৰীৰ মাজতে সীমাবদ্ধ আছে৷ আগবাঢ়ি যোৱা চাম গৈয়েই আছে আৰু আনচাম একেদৰেই আছে৷ পুথিগত শিক্ষাই যে নাৰীৰ এই অৱস্থাৰ উন্নতি সাধন কৰিব নোৱাৰে সিও সঁচা কথা৷ আৰু এটা কথা, হকে বিহকে পুৰুষৰ সৈতে খোজ মিলাবলৈ যোৱা মানেই যে নাৰীৰ প্ৰকৃত উন্নতি বুলিও ভাবিব নোৱাৰি৷ এই ক্ষেত্ৰত আমি নিজৰ শাৰীৰিক আৰু মানসিক সামৰ্থ্যৰ কথাও মনত ৰাখিব লাগিব৷ সামৰ্থ্যৰ কথা কওঁতে এইখিনিতে নাৰীৰ আৰ্থিক স্বাধীনতাৰ কথা আহি পৰিছে৷ নাৰীৰ স্বাৱলম্বীতাক সমৰ্থন কৰো৷ কিন্তু তাৰ বাবে যিকোনো পদ্ধতিৰ সহায় লোৱাটোও আমি সমৰ্থন নকৰে৷ ঘৰ-সংসাৰৰ প্ৰতি থকা দায়িত্ব পালন কৰি সৎ পথত থাকি নিজৰ ঘৰখনক আৰ্থিক সকাহ দিয়াৰ লগতে নিজৰো এটা চিনাকি গঢ়ি তোলাতোহে আটায়ে বিচাৰে৷

আমি আৰু বিশ্বাস কৰো নাৰীৰ কল্যাণময়ী আৰু সমতাময়ী পৰিচয়ত৷ লগতে এগৰাকী নাৰীৰ চৰিত্ৰিক দৃঢ়তাই তেওঁৰ সন্তানকো সেইপথেৰে আগুৱাই নিব পাৰিব বুলিও আমি বিশ্বাস কৰো৷

আমাৰ আলোচনাই ঢুকি পোৱাৰ বাহিৰতো নাৰী সম্পৰ্কীয় আৰু বহুতো সমস্যা বা দিশ আছে৷ যাৰ সম্পৰ্কে চিন্তা চৰ্চা কৰাৰ ফলস্বৰূপে জন্ম হৈছিল প্ৰায় অষ্টাদশ শতিকাতে নাৰীবাদী ধ্যান ধাৰণাৰ৷ আৰু আজি নাৰী গৱেষণাৰ বিষয়বস্তু হৈছে৷ পাশ্চাত্যৰ লগতে আমাৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত এই সম্পৰ্কীয় অধ্যয়নৰ স্বতন্ত্ৰ শাখা গঢ় লৈ উঠিছে৷ উদাহৰণ স্বৰূপে মুম্বাইৰ এচ. এন. ডি. টি. মহিলা বিশ্ববিদ্যালয়, তামিলনাডুৰ মাদাৰ টেৰেছা বিশ্ববিদ্যালয়, দিল্লীৰ চেণ্টাৰ ফ’ৰ উইমেনছ ডেভেলপমেণ্ট ষ্টাডি ইত্যাদি অনেক সৰু বৰ প্ৰতিষ্ঠান৷ আমাৰ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উইমেন ষ্টাডি চেণ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Documentation Centre for Womens Studies আদিৰ কথা উল্লেখ কৰিব পাৰি৷ আমি ভাবো নাৰীয়ে আলোচনাৰ বিষয় হিচাবে যথেষ্ট গুৰুত্ব লাভ কৰিলে সমাজৰ আধা অংশ দখল কৰি থকা নাৰী সমস্যাৰ সমাধান অৱশ্যম্ভাৱী৷

☆ ★ ☆

Leave a Reply

Your email address will not be published.