ফটাঢোল

নাৰী তুমি অনন্যা– ৰচনাঃ শ্ৰী সঞ্জীৱ মজুমদাৰ

বৈদিক যুগত নাৰীৰ স্থান আৰু অধিকাৰ পুৰুষৰ সমান আছিল। তৈত্তৰীয় উপনিষদত মাতৃক দেৱীৰ স্থান দিয়া হৈছিল বুলি উল্লেখ আছে। শতপথ ব্ৰাহ্মণৰ মতে পতিৰ সতে পত্নী লগত নাথাকিলে, বৈদিক যুগৰ যাগ-যজ্ঞ আদিৰ আহুতি গ্ৰহণ নহৈছিল। সেই যুগত নাৰী জাতিক দাসী বা অস্থাৱৰ সম্পত্তি বুলি ভবা নহৈছিল। যিমান কি গুৰুতৰ অপৰাধ নহ‌ওঁক কিয় নাৰীক হত্যা কৰাৰ অনুমতি নাছিল। এইবিষয়ে শতপথ ব্ৰাহ্মণত উল্লেখ আছে যে নাৰী লাৱণ্যৰ দেৱী হিচাবে বিবেচিত হৈছিল।

বৈদিক যুগৰ পিছৰ সময়ছোৱাত নাৰীৰ সামাজিক স্থিতিৰ ভালেখিনি সলনি হৈছিল। এই সময়ছোৱাত শিশু বয়সৰ পৰা আৰম্ভ কৰি কৈশোৰ, যৌৱন, বিবাহৰ পৰৱৰ্তী জীৱনলৈকে নাৰীয়ে মানসিক আৰু শাৰীৰিক নির্যাতন সহ্য কৰিবলগীয়া হৈছিল। পুৰুষতান্ত্রিক সমাজত নাৰীৰ কোনো স্বাধীনতা নাছিল। অথচ মানব সভ্যতাৰ সূচনালগ্নৰ পৰত পুৰুষে যেতিয়া বনে-জঙ্গলে চিকাৰৰ সন্ধানত ঘুৰি ফুৰিছিল নাৰীয়ে তেতিয়া আগচোতালত বহি বিভিন্ন কৃষিপণ্যৰ বিপণন কৰিছিল। নাৰী সকলৰ হাত ধৰিয়েই মূলতঃ আমাৰ কৃষি কাৰ্য্যৰ সূচনা হৈছিল। অথচ সৌ সিদিনালৈকে নাৰীক ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰখাৰ চেষ্টা চলি আছিল।

সমগ্ৰ বিশ্বৰ আধুনিক যুগৰ সূচনালগ্নৰ সময়ত যি উদাৰনৈতিক, মানবতাবাদী, যুক্তিবাদী আৰু গণতান্ত্রিক চিন্তাধাৰাৰ উন্মেষ ঘটিছিল তাৰ পূর্ণৰূপ পাইছিল অষ্টাদশ শতাব্দীৰ ফৰাচী বিপ্লৱৰ মাজেদি। ১৭৮৯ চনৰ ফৰাচী দেশৰ বৈপ্লৱিক চৰকাৰৰ জাতীয় সংসদে ঘোষণা কৰিছিল যে, “সকলো মানুহ স্বাধীন হৈ জন্ম গ্ৰহণ কৰিছে আৰু সকলো মানুহৰ অধিকাৰ সমান।” ফৰাচী বিপ্লৱৰ মাজেদি ইউৰোপত নাৰী অধিকাৰ জাগ্রত হয়। প্ৰকৃততে কোনো পৰিবর্তন সম্ভব নহয় যেতিয়ালৈ সমাজৰ এক উল্লেখযোগ্য অংশৰ বাবে পৰিবর্তনৰ প্রয়োজনীয়তা অনুভব কৰা নহয়, পৰিবর্তন সম্পর্কে সচেতন নহয়।

ঊনবিংশ শতাব্দীৰ ইংৰাজ দার্শনিক জন স্টুয়ার্ট মিল আছিল নাৰীমুক্তি আন্দোলনৰ এগৰাকী সক্ৰিয় সমর্থক আৰু প্ৰবক্তা। ১৮৬৯ চনত তেখেতে ৰচনা কৰা ‘দি চাবজেক্সন্ অব উইমেন’ নামৰ কিতাপখনত নাৰীক নিকৃষ্ট বুলি গণ্য কৰা পুৰুষ সমাজক যথেষ্ট নিন্দা কৰিছে। তেখেতৰ মতে, “আইনগতভাবে নাৰীক পুৰুষৰ অধীনত ৰখাটো ঘোৰতৰ অন্যায় আৰু ইয়াৰ ফলত মানব সমাজৰ অগ্রগতি চৰমভাবে ব্যাহত হৈছে। এই প্রথাৰ অৱসান ঘটাই কোনো পক্ষক কোনো বিশেষ সুবিধা নিদি আৰু কোনো অধিকাৰৰ পৰা বঞ্চিত নকৰি পুৰুষ ও নাৰীৰ সমান অধিকাৰ প্রতিষ্ঠা কৰা একান্ত আবশ্যক।’’

নাৰীৰ অধিকাৰ সম্পর্কে এটা কথা জোৰ দি কব পাৰি যে, যেতিয়ালৈ নাৰীসকল নিজৰ মর্য্যদা আৰু দায়িত্ব সম্পর্কে অধিকতৰ সচেতন নহ’ব, তেতিয়ালৈ কেৱল আইনৰ দ্বাৰা তেওলোকৰ অধিকাৰ প্রতিষ্ঠা কৰা সম্ভব নহ’ব। বাস্তবত মানুহ জাতিৰ জীৱন তেতিয়াহে সুখী, সমৃদ্ধ আৰু অর্থবহ হ’ব যেতিয়া নেকি নাৰী-পুৰুষৰ মাজত সম্পর্কৰ আদান-প্ৰদান, বুজাবুজি আৰু পৰস্পৰৰ প্রতি শ্রদ্ধা, মৰম-চেনেহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব। এখন সমাজৰ মানদণ্ড অৰ্থাৎ কিমান উন্নত সেইয়া নির্ভৰ কৰিব সেই সমাজখনৰ নাৰীৰ অৱস্থান কিমান উন্নত তাৰ ওপৰত।

সেয়ে নাৰীক সৃষ্টিশীল জগতৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী সৰ্বগুণেৰে অলংকৃত। কাৰণ নাৰী মহিমাময়ী, নাৰী মমতাময়ী, নাৰী কৰুণাময়ী হোৱাৰ লগতে আদৰ্শ, দয়া, মমতা, সহনশীলতা, ধৈৰ্য্য, ত্যাগ আদি এশ এটা গুণৰ সমাহাৰ ঘটে এগৰাকী নাৰীৰ মাজত।

সৃষ্টিকৰ্তাৰ আটাইতকৈ সুন্দৰ আৰু সৰ্বশ্ৰেষ্ঠ সৃষ্টিয়ে হৈছে নাৰী।

ইমানৰ পিছতো কিন্তু চকু চৰহা কিছুমানে নাৰীৰ অলংকাৰৰ প্ৰতি থকা দূৰ্বলতাহে দেখে অথচ সেইসকল মূঢ়মতিয়ে নাজানে যে এগৰাকী মহিলাই চকুপানীকো অলংকাৰৰ দৰেই পিন্ধি ফুৰে। যি অলংকাৰে নাৰীক প্ৰভাৱশালীও কৰি ৰাখে।

আন এগৰাকী নাৰী বিদ্বেষী, অস্কাৰ ৱাইল্ডে কোৱা কথাষাৰ শুনিলেই গাটো ইচাট-বিচাট লাগি যায়। এই কথাষাৰৰ সত্যতা কিদৰে নিৰূপিত হব? “এগৰাকী নাৰী তেতিয়াহে সুখী হ’ব, যেতিয়া নেকি তেখেতক, দেখাত নিজৰ জীয়েকতকৈ দহ বছৰ সৰু যেন লাগিব।”

এগৰাকী নাৰীৰ মনোজগত পুৰুষতকৈ বহু গুণে বেছি চফা, একেবাৰে ষ্ফটিকৰ দৰে পৰিষ্কাৰ কাৰণ ই প্ৰতি মূহুৰ্ততে সলনি হৈ থাকে।

ঈশ্বৰেও হেনো ঈভৰ আগতেই আদমক বনাইছিল কাৰন আদমক কেনেকৈ বনাব লাগিব, এই পৰামৰ্শ তেওঁ ঈভৰ পৰা লৈ দ্বিধাগ্ৰস্ত (confused) হ’বলৈ বিচৰা নাছিল।

এইটো সঁচা যে নাৰীসকল পুৰুষতকৈ শান্তি প্ৰিয়। এবাৰ ভাবি চাওঁকচোন যদি এই পৃথিৱীৰ সকলো দেশৰ মুৰব্বী কেৱল নাৰীয়েই হ’লহেতেঁন, তেনেহলে যুদ্ধ বিগ্ৰহ নিশ্চয় কমিলেহেতেঁন। অৱশ্যে কেইখনমান দেশৰ মাজত ‘নমতা’ দিয়া-দিয়ি চলিলহেতেঁন।

প্ৰায়েই নাৰীসকলে কৰা অভিযোগ একেবাৰে সঁচা যে পুৰুষে দৰ-দাম কৰিব নাজানে আৰু বস্তুবোৰ কিনোতে বেছি দাম ভৰি আনে। পুৰুষে অতি প্ৰয়োজনীয় হ’লেহে ৫০ টকাৰ বস্তু এটা ১০০ টকাত কিনে, কিন্তু নাৰীয়ে ১০০ টকা দামী অলাগতিয়াল বস্তু এটা ৫০ টকাত পালে কিনিবই কিনিব, ই এশ শতাংশ নিশ্চিত ।

বহুতে ভাবে যে প্ৰত্যেক গৰাকী নাৰীৰ জীৱনৰ ‘এইম ইন লাইফ’ হৈছে এজন ‘চাৰ্মিং প্ৰিন্স’ টাইপৰ প্ৰেমিক বা জীৱনসঙ্গীৰ সন্ধান আৰু ইয়াৰ বাবে প্ৰতীক্ষা কৰা। কিন্তু বহুতেই নাজানে যে নাৰীসকলৰ বেছিভাগৰেই জীৱনৰ লক্ষ্য হৈছে, কাঁহী কাঁহীয়ে দকচি খোৱা আৰু তেনেদৰে খোৱাৰ পিছতো শকত নোহোৱাকৈ থাকিবলৈ বিচৰা।

যদি কোনো নাৰীৰ ফাঁচী হুকুম হয়, ফাঁচীকাঠলৈ যোৱাৰ আগেয়েও তেখেতে প্রসাধন ঠিক কৰাৰ বাবে সময় বিচাৰিব। এক ইঞ্চি ডাঠ প্ৰসাধনৰ প্ৰলেপৰ তৰপেৰে আবৃত কিছুমান নাৰী আছে, যাক ত্ৰিছ ফুট মান দূৰৰ পৰা চালে অপূৰ্ব সুন্দৰী যেন লাগে। অথচ দহ ফুট দূৰৰ পৰা চালেহে অনুভৱ হয় যে “আচলতে এইগৰাকী ত্ৰিছ ফুট দূৰত্বৰ পৰাই নিৰীক্ষণ কৰিবলগীয়া বস্তুহে।”

আটাইতকৈ অপ্ৰিয় সত্যটো হৈছে যে এই পৃথিৱীৰ পৰা যদি পুৰুষ নামৰ প্ৰজাতিটো নোহোৱা হৈ যায় তেতিয়াহলে গোটেই পৃথিৱীখন শকত শকত সুখী মহিলাৰে ভৰি পৰিব।

ঈশ্বৰৰ মহানতাৰ ওপৰত মোৰ কোনোদিনেই সন্দেহ নাছিল আৰু যদি অকণমান আছিলো সেইয়াও দূৰ হৈ গ’ল যেতিয়া গম পালো যে আদমৰ বুকুৰ কামিহাড়ৰ পৰাই ঈশ্বৰে অনবৰতে উচ্চস্বৰত বাজি থকা লাউডস্পীকাৰ এটা তৈয়াৰ কৰিলে! ঈশ্বৰ সঁচাকৈয়ে মহান সৃষ্টিকৰ্তা। প্ৰণাম প্ৰভূ।

আপুনি যেতিয়া এগৰাকী নাৰীক, কিতাপৰ দৰে পঢ়ি, নাৰী মনৰ সম্পূৰ্ণ ৰহস্য উদ্ঘাটন কৰিবলৈ যত্ন কৰিব, দেখিব আপোনাৰ লাইব্ৰেৰী কাৰ্ডখনৰ ম্যাদেই উকলি গৈছে।

এগৰাকী মহিলাই ইচ্ছা কৰিলেই যিকোনো পুৰুষক ‘উল্লু’ বনাব পাৰে, যদিহে পুৰুষজন মহিলাগৰাকীৰ প্ৰেমত পৰে।

আচলতে বেছিভাগ ছোৱালীয়েই বুদ্ধিমতী, আপুনি কেৱল তেওঁলোকৰ সন্মুখত বুৰ্বকৰ দৰে অভিনয় কৰিব জানিব লাগিব।

যিহেতু ম‌ই এজন পুৰুষ ম‌ই ভাবো তুমি যি পিন্ধিছা বৰ ধুনীয়া। তুমি পাঁচ মিনিট আগতে পিন্ধা কাপোৰ যোৰো বৰ ধুনীয়া আছিল। তোমাৰ দুয়োপাত চেণ্ডেলো ধুনীয়া। খোপা বান্ধিলে বা নেবান্ধিলেও তোমাক ভালেই দেখি। তোমাৰ চুলিকোচা ধুনীয়া। তোমাক অকল ভালেই নহয়, অতি ভাল দেখি, তুমি যেনেকৈয়ে নোলোৱা লাগে। এতিয়া সোনকালে ওলাবানে? দেৰি হৈছে।

ৰাজনৈতিক জগতত, পুৰুষতকৈ নাৰীৰ সংখ্যা তাকৰ কাৰণ, ৰাজনৈতিক নেতাৰ দুয়োটা চেহেৰাত প্ৰসাধনৰ প্ৰলেপ দিবলৈ বহু বেছি সময়ৰ প্ৰয়োজন হ’ব।

নাৰীয়ে চব জানে, চব বুজে, নজনা একো নাই। সেয়েহে এবাৰ এগৰাকী জ্ঞানী মহাপুৰুষে কৈছিল, “ম‌ই নাজানো, আপুনি কথাটো কোনোবা নাৰীক সোধক।”

প্ৰসাধনৰ সামগ্ৰী সমূহ প্ৰত্যেক গৰাকী নাৰীৰ বাবে আশীৰ্বাদ স্বৰূপ, কিন্তু যিবোৰ পুৰুষৰ ওচৰৰ দৃষ্টি দূৰ্বল (চকুৰ পাৱাৰ কম) তেনে পুৰুষবোৰ কিছুমান নাৰীৰ বাবে দেৱদূত।

কিছুমান মূৰ্খ পুৰুষে নাৰীক মনে মনে থকাৰ উপদেশ দিয়ে, আনহাতে জ্ঞানী পুৰুষ সকলে “তোমাৰ ওঠযুঁৰি জপাই থ’লে, তোমাক বৰ ধুনীয়া দেখি” বুলি কয়।

বিয়াৰ আগতে ক‌ইনাজনী ইমান ধুনীয়া! ইমান মৰমলগা! তামাম সুন্দৰী… ইত্যাদি কথাবোৰ পতিগৰাকীয়ে বহুবাৰ উচ্চাৰণ কৰে। বিয়াৰ পিছৰ সময়ছোৱাত কোন, কিমান ধুনীয়া, এইবোৰ কথাৰ কোনো অৰ্থ নাথাকে, কাৰণ আন্ধাৰত বগা মেকুৰীজনীও ক’লাই দেখি।

মহিলাসকলে সদায় পুৰুষসকলে পাহৰা কথাবোৰক লৈ ব্যতিব্যস্ত হৈ পৰে, আনহাতে পুৰুষসকলে সদায় নাৰীয়ে পাহৰি নোযোৱা কথাবোৰক লৈ উদ্বিগ্ন হৈ থাকিবলগীয়া হয়।

কোনো এগৰাকী মহিলাই যদি অকনো বিতৰ্ক নকৰাকৈ সুস্পষ্ট আৰু বিবেকসন্মত পৰামৰ্শ এটা গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে, তেনেহলে বুজিব লাগিব তেখেত বিবাহিতা।

আপোনাৰ পত্নীয়ে যদি আপুনি কিবা এটা কোৱাৰ পিছত “কি??” বুলি ডাঙৰকৈ কৈছে, এইটো নাভাবিব যে তেখেতে আপোনাৰ কথাটো শুনা নাই। তেনেক্ষেত্ৰত বুজিব লাগিব, আপুনি কোৱা কথাষাৰ সলাবলৈ আপোনাৰ পত্নীয়ে আপোনাক এক সুবৰ্ণ সুযোগ দিছে।

এগৰাকী ঈৰ্ষাপৰায়ণ নাৰীয়ে চিবিআইতকৈয়ো অধিক দক্ষতাৰে বিষয়টো অনুসন্ধান কৰিব জানে ।

যদি কোনো নাৰীয়ে নিজৰ আচল বয়সটো সচাঁকৈয়ে কৈ দিছে তেনেহ’লে তেনে নাৰীৰ পৰা সাৱধানে থাকক। তেখেতক কেতিয়াও বিশ্বাসত লৈ কোনো কথা নক’ব। কাৰণ তেখেতে যিকোনো কথাই মানুহৰ আগত কৈ দিব। কাৰণ যি গৰাকীয়ে নিজ জ্ঞাতিৰ ধৰ্ম ভংগ কৰিব পাৰে আনৰ কথা তেওঁ কিয় ভাবিব!

পুৰুষসকলে বন্ধুবৰ্গ পালেই ইজনে সিজনক ”বোম কামোৰ” দি সমালোচনা কৰে ঠিকেই কিন্তু অন্তৰৰ পৰা কেতিয়াও সমালোচনা নকৰে। মহিলাসকলেও ইজনীয়ে সিজনীক লগ পালে হেয়াৰ ষ্টাইল, ৰূপ-চৰ্চা, সৌন্দৰ্য্যৰ প্ৰশংসা কৰে, কিন্তু অন্তৰৰ পৰা কেতিয়াও নকৰে। তেনে সময়ত কাষেৰে পাৰ হৈ গ’লে আপুনি কিবা জ্বলা পোৰাৰ গোন্ধ পাবই পাব।

যদি আপুনি এগৰাকী মহিলাৰ বিষয়ে বিতংভাবে জানিবলৈ ইচ্ছা কৰে, তেনেহলে তেখেতৰ এগৰাকী বান্ধৱীৰ সন্মুখত তেখেতৰ প্ৰশংসা কৰি চাওঁক।

নাৰী হৈছে এক দুৰ্বোধ্য ভাষা, সীমাহীন ৰহস্য। পুৰুষে কেতিয়াও বুজিবলৈ সক্ষম নহ’ল, হোৱা নাই আৰু কেতিয়াও নহ’ব। নাৰীসকলে দিনৰ দিনটো কি ভাবি কটায়, সেইটোও এক ৰহস্য।

বহু বছৰ আগতে, “মোক দেখিবলৈ কেনে লাগিছে, বাৰু? ভাল লাগিছে নে? ক‌ওঁক না।” মহিলা সকলে সাজিকাছি ওলাই, সততে পতিদেবক সোধা ওপৰোক্ত প্ৰশ্নৰ পৰা পৰিত্ৰাণ পাবলৈ, এগৰাকী পীড়িত পতিয়ে ‘আইনা’ৰ আৱিষ্কাৰ কৰিছিল।

নাৰীয়ে মাথো তিনিটা বস্তু বিচাৰে। নতুন নতুন কাপোৰ, প্ৰসাধন সামগ্ৰী আৰু প্ৰশংসাৰ বানপানী।

বৰলা ভাইসকল, বিয়া পতাৰ আগতে, পাৰিলে এগৰাকী বুদ্ধিমতী, পৰমা সুন্দৰী আৰু মৰমীয়াল ছোৱালীৰ সন্ধান কৰি লোৱা। কিন্তু তিনিওগৰাকীক কেতিয়াও একেলগ হ’ব নিদিবা।

নাৰীয়ে কিয় বুদ্ধিদীপ্ত পুৰুষক ভাল পায়? কাৰণ বিপৰীত শক্তিৰ মাজতহে আকৰ্ষণ সংঘটিত হয়।

সৃষ্টিৰ আৰম্ভনিতে ঈশ্বৰে যেতিয়া নাৰীৰ সৃষ্টি কৰিছিল, ঈশ্বৰে পুৰুষক কথা দি কৈছিল যে পুৰুষৰ দুখ বুজা, সহনশীলা আৰু সৰলা নাৰী পৃথিবীৰ চুকে কোনে বিচাৰিলেই পোৱা যাব। কিন্তু ঈশ্বৰে পিছলৈ গোটেই পৃথিৱীখনকেই গোলাকাৰ বনাই দিলে।

আপুনি যদি বিচাৰিছে যে কোনো এগৰাকী মহিলাই আপোনাৰ ক’বলগীয়া কথাখিনি মনোযোগেৰে শুনক, তেনেহ’লে আপোনাৰ ক’বলগীয়া কথাখিনি মহিলা গৰাকীৰ ওচৰত থকা, অইন এগৰাকী মহিলাক ক‌ওঁক।

মহিলাসকলে কেতিয়াও, আপুনি নিজে ভবা কথাটো শুনিবলৈ নিবিচাৰে। আচলতে মহিলাসকলে তেওঁলোকে নিজে ভবা কথাটোহে, বৰ গভীৰ ভাবে আপোনাৰ মুখেৰে শুনিবলৈ বিচাৰে।

যদি আপোনাৰ পত্নীয়ে কয়, “আপুনি যি ভাল দেখে সেইটোৱেই কৰক।” ভুলতো যি মন যায় সেইটো কৰিবলৈ গৈ বিপদ চপাই নল’ব। মনত ৰাখিব, সেইয়া প্ৰকৃততে আপোনালৈ জাৰী কৰা এক সাৱধান বাণীহে।

নাৰী সকলক সন্তুষ্ট কৰাৰ মাথোঁ দুটাই পদ্ধতি আছে আৰু সেইয়া কোনেও নাজানে। মনোবৈজ্ঞানিক চিগমণ্ড ফ্ৰয়েডে কৈছিল,”ম‌ই ত্ৰিছ বছৰ ধৰি নাৰীৰ আত্মাৰ ওপৰত অধ্যয়ন কৰিলো, কিন্তু আজিলৈ নাৰীয়ে কি বিচাৰে বুজিয়েই নাপালো।”

শেষত বৰলা সকললৈ এক বিনামূলীয়া উপদেশ, “প্ৰত্যেক গৰাকী পুৰুষে বিয়া পতা উচিত। অকল সুখেই মানুহৰ জীৱনত সৰ্বস্ব নহয়।”

নাৰী! নাৰী হৈছে পূৰ্ণ ৰহস্য।

নাৰী আচলতে আদি শক্তি আনহাতে পুৰুষ হৈছে সহন শক্তি।

অধিকাংশ ৰূপহীৰ হাঁহিৰ শোভা মাংসপেশীৰহে কৃতিত্ব, হৃদয়ৰ কৃতিত্ব নহয়।

নাৰীয়ে প্রথম প্রেমিকক কিবা কথাত ঘৃণা কৰিলেও কেতিয়াও পাহৰিব নোৱাৰে। ঠিক যিদৰে পৰিষ্কাৰ পানী কাগজত পৰিলে শুকাই যোৱাৰ পিছতো দাগ থাকি যায়।

ভদ্র ল’ৰাৰ প্ৰতি কেতিয়াও ছোৱালীবোৰৰ হৃদয়ত প্ৰেমৰ অনুভূতি নহয়, হয় মাথোঁ সহানুভূতি।

নাৰীৰ চকুত দুই ধৰণৰ অশ্রু থাকে, এবিধ দুখৰ, আনবিধ ছলনাৰ।

বিয়া হৈছে এক জুৱা খেল য’ত পুৰুষে বাজী ৰাখে ‘স্বাধীনতা’ আৰু নাৰীয়ে বাজী ৰাখে ‘সুখ’।

নাৰীয়ে ব্যাক্তিগত চাহিদাৰ ওচৰত কেতিয়াও পৰাজিত নহয়।

যিগৰাকী পুৰুষে নাৰীক বুজি পায়, সেই পুৰুষজনে পৃথিৱীৰ যিকোনো বস্তু বুজি পোৱাৰ গৌৰৱ কৰিব পাৰে।

অৱশেষত, নাৰীয়ে ব্যৱহাৰ কৰা কপালৰ টিপটোৰ আঠা নাইকিয়া হ’লেও সেইটো যত্ন সহকাৰে ৰাখে। এযোৰ কানণফুলিৰ এপাত হেৰুৱালেও আনপাত পেলাই নিদিয়ে। পুৰণি শাৰী, পুৰণি মেখেলা-চাদৰ, ভঙা খাৰু, নষ্ট হৈ যোৱা মোবাইল আদি কোনোদিন কামত নাহে বুলি জনাৰ পিছতো এইবোৰ সযতনে ৰাখে।

এই সকলোবোৰৰ কাৰণ হৈছে নাৰীৰ মমতা। নাৰীয়ে এই মমতাৰ বাবেই পেলনীয়া বস্তুও নেপেলায়। অসংখ্য কষ্ট, যন্ত্রণা পোৱাৰ পিছতো নাৰীয়ে এই মমতাৰ বাবেই এটা প্ৰেম, এটা সম্পর্ক, এখন সংসাৰৰ স্থায়িত্ব বজাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।

এই মমতাৰ বাবেই নাৰী সকলোৰেই ‘মা’ হ’ব পাৰিছে আৰু এইয়া মাথোঁ এগৰাকী নাৰীৰ বাবেহে সম্ভৱ। সেইবাবেই হয়তো মমতাময়ীৰ কোনো পুৰুষবাচক শব্দ নাই!

ম‌ই গৰ্বিত যে মোৰ মা এগৰাকী নাৰী।

☆★☆★☆

7 Comments

  • Madhurjya Goswami

    অৱশেষত দিলে ব্ৰহ্মাস্ত্ৰপাট এৰি।

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল সঞ্জীৱ!

    Reply
  • Asomi Gogoi

    খুউব ভাল পালো পঢ়ি।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ নাৰী বিশ্লেষণ । পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • কমলা দাস

    নাৰী বিশ্লেষণ কৰিলে ন

    Reply
  • ৱাহ..বঢ়িয়া

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ বিশ্লেষণ৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.