ফটাঢোল

নাৰী বশীকৰণ মন্ত্ৰৰ প্ৰভাৱ-প্ৰান্তৰ ভাগৱতী

নব্বৈ দশকৰ মাজভাগৰ কথা। আমাৰ তেতিয়া কলেজীয়া সোণালী দিন। আমাৰ হোষ্টেলটো পাহাৰৰ পাদদেশত। আজিকালিৰ দৰে সেইসময়ত মোবাইল, লেপটপ আদি নাছিল। গতিকে বিভিন্ন দুষ্টামি, বদমাছি, খেল ধেমালি আদিৰে দিনবোৰ পাৰ হৈছিল। আমাৰ হোষ্টেলটোৰ ব্লকবোৰৰ মাজত এখন ফুলনি আছিল। ফুলনিত যদি আবেলি বা সন্ধিয়া কেনেবাকৈ ওচৰৰ কাৰোবাৰ ছাগলী সোমাল তেন্তে তাৰ আধ্যা পৰিল। নিমিষতে ছাগলীৰ অপহৰণ হৈ প্ৰথম মহলাৰ বাথৰুমত বন্দী হৈছিল। ৰাতি অৰুণাচলৰ ছাত্ৰ দুজনমানে বধ কাৰ্য্য কৰি নিখুঁতভাৱে চাৰ্জাৰীৰ কামভাগ সমাধা কৰিছিল। তাৰপাছত হোষ্টেলৰ নিৰ্ভৰযোগ্য ৰান্ধনী এজনে কচাইৰ দায়িত্ব পালন কৰি মাংস হাফ ফ্ৰাই কৰি ৰাখিছিল। পিছদিনা দুপৰীয়া মাংস, ৰুটি বনাই আৰু অনুসাংগিক প্ৰায়বোৰ যা-যোগাৰ কৰি সকলোৱে কাষৰ পাহাৰ বগাই পাহাৰৰ ওপৰত অসময়ত হ’লেও পিকনিক খাইছিলো।

সেই সময়ৰে কথা। এবাৰ বহুদিনৰ মূৰত তেনেদৰে পাহাৰৰ ওপৰত পিকনিক খাবলৈ গ’লো। সেইবাৰ আকৌ কেৰাহী বাচনো লৈ গৈছিলো। মাংস তাতে বনাইছিল। গতিকে সময় থকাত আমি তিনিটা মানে পাহাৰৰ ওপৰত ইফালে সিফালে ফুৰিবলৈ গ’লো। গৈ গৈ এটা সৰু চাটাই বেৰৰ জুপুৰি দেখা পালো। পাহাৰৰ ওপৰত বাবাজী এজন থাকে বুলি শুনিছিলো। সেইটো তাৰেই জুপুৰি আছিল। দুৱাৰত দাং লগোৱা আছিল। সাহ কৰি ভিতৰলৈ সোমাই গ’লো তিনিওটা। ভিতৰত দেখিলো এখন সৰু খাট। মাটিৰ মজিয়াত থাপনা। কাষত ৰঙা জবা ফুল, সেন্দুৰ, কালী মাৰ ফটো। আৰু কিবা-কিবি আছিল, পাহৰিলো। কাষত বঁটা এটাত এখন পুৰণি পুথি। মোৰ সাহ নাছিল যদিও এটাই পুথিখন তুলি ল’লে আৰু নিমিষতে তিনিওটা বাহিৰলৈ ওলাই আহিলো। বাহিৰত গৈ পুথিখন চালো। নাম “যোগিনীতন্ত্ৰ আৰু বশীকৰণ”। তিনিওটা শিহৰিত হৈ উঠিলো। এনেয়ে কলেজীয়া চফল মন। লগে লগে পুথিখন লুকুৱাই লৈ খোৱা জেগাত উপস্থিত হ’লোগৈ। যিমান পাৰি সোনকালে খাই বৈ উঠি হোষ্টেল পাবগৈ পাৰো তাৰে চিন্তাত মগন হৈ থাকিলো।

আবেলি হোষ্টেলৰ ৰুমত সোমাই তিনিওটাই পুথিখন মেলি লৈ চাবলৈ ধৰিলো। যোগিনীতন্ত্ৰৰ বিচাৰ, প্ৰেত বশ, কালৰাত্ৰিৰ জপ, অমাৱস্যাৰ পিশাচ বশ ইত্যাদি ভয়ানক মন্ত্ৰ কিছুমানৰ পিছত হঠাতে এটা মন্ত্ৰত আমাৰ চকু থৰ হৈ গ’ল। “নাৰী বশীকৰণ মন্ত্ৰ।” লিখা আছিল, “কোনো নাৰীৰ যিকোনো এটা অংগ স্পৰ্শ কৰি মন্ত্ৰটো মনতে একৈশবাৰ মাতিলে সেই নাৰীৰ মন সম্পূৰ্ণৰূপে তোমাৰ বশত থাকিব।” আমাৰ শৰীৰেৰে বিদ্যুৎ প্রবাহ পাৰ হৈ যোৱা যেন লাগিল। এনেয়ে কলেজীয়া চফল মন। গতিকে মন্ত্ৰ মুখস্থ কৰাত লাগি গ’লো। তাৰপাছত লাগিল লেঠা। কাৰোবাৰ গাত চুবলৈ গ’লেতো ধুলাই পৰাৰ সম্ভাৱনাই বেছি। তাতে আকৌ একৈশবাৰ মাতিব লাগিব মন্ত্ৰটো। গতিকে সময়ো লাগিব। সেই সময়ত কলেজৰ সৰু, ডাঙৰ, লগৰ সকলো ছোৱালী আমাৰ বাবে একোজনী হিৰোইন। অৱশেষত বন্ধু এজনে উপায় উলিয়ালে। কামফেৰা বাছতে সমাপন কৰিব লাগিব। বাছৰ চিটত বহি থাকোতে চিটৰ ওপৰত হাতখন থৈ চুলি এডাল স্পৰ্শ কৰি মন্ত্ৰটো মাতিলেই হ’ল। কাৰণ চুলিওতো এটা অংগ।

সেইৰাতি শোওঁতে বহু সপোন দেখিছিলো। পিছদিনাৰপৰা অপাৰেচন আৰম্ভ হৈ গ’ল। প্ৰথমে আমি তিনিটাই কৰিলো। তাৰপাছত লগৰ কেইটামানে আৰু লাহে লাহে বহুতে মন্ত্ৰটো মুখস্থ কৰিবলৈ ধৰিলে আৰু সকলোৱে “নাৰী বশীকৰণ মন্ত্ৰ”ৰ প্ৰয়োগ আৰম্ভ কৰিলে। কলেজৰ বাছত কোনোবা মনে ভাল লগা ছোৱালী বহি থাকিলে কাষত থিয় হৈ হাতখন চিটৰ হেণ্ডেলত থৈ যেনে তেনে চুলি এডাল স্পৰ্শ কৰি মন্ত্ৰটো মতা আৰম্ভ কৰিলে। মন্ত্ৰটো আছিল, “ঔম হ্ৰিং ক্ৰিং হস্তস্পসং স্নেহভাজনং…” আৰু শেষত ওপৰলৈ চাই ক’ব লাগে, “কুৰু কুৰু স্বাহা”। এই “কুৰু কুৰু স্বাহা”টো ওপৰলৈ মূৰ তুলি মনতে সেই প্ৰেয়সীৰ কথা ভাবি নিবিড়ভাৱে মনতে মাতিব লাগে। এটাইতো এদিন বাছত উঠি এজনী ছোৱালীৰ চুলিত চুই চকু মুদি “কুৰু কুৰু স্বাহা” বুলি নিবিড়ভাৱে ওপৰলৈ মূৰ দাঙি মন্ত্ৰ পাঠ কৰি থাকোতেই তাই নামিবলৈ ধৰোতেই চুলিত টান খাই গালিও খালে। সকলোৰে প্ৰচেষ্টা চলি থাকিল। কিন্তু আমি সকলো সফল নহ’লো। হোষ্টেলৰ দুটামানে প্ৰেমিকা গোটালে যদিও মনত অলপ সন্দেহ থাকি গ’ল। মন্ত্ৰটোৰ প্ৰভাৱ হয় নে নহয় বা!

তাৰপাছত পুথিখন কাৰোবাৰ ট্ৰাংকত সোমাই গুচি গ’ল আমি পাছ কৰি হোষ্টেল এৰি আহোতে। কাৰ লগত গ’ল কোনেও গম নাপালে। কলেজৰপৰা পাছ কৰি আহি অলপ থান-থিত লগাৰ পাছত বিয়াৰ কথা উলিয়ালে সকলোৱে। নিজে যিহেতু ছোৱালী ঠিক কৰিব নোৱাৰিলোৱেই, গতিকে ঘৰৰপৰাই ছোৱালী ঠিক কৰিলে। এনেয়ে শুনিয়ে থাকো বিয়া পাতি ল’ৰাক ছোৱালীয়ে বশ কৰি থয়। গতিকে বিয়াৰ পিছত সেই মন্ত্ৰৰ প্ৰয়োগ কৰিম বুলি ভাবিলো। বিয়াৰ পিছত এদিন শ্ৰীমতীৰ গাত ধৰি মন্ত্ৰটো খুব ভালকৈ মাতিলো। বাহ! প্ৰথম বছৰ মন্ত্ৰই ভাল কাম দিলে। অফিচৰপৰা আহি পালেই কয়, “আপোনাৰ গৰম উঠি আহিছে, নেমু চৰবত বনাই থৈছোঁ, খাওক।” আঃ সঁচাকৈ বাবাজীৰ মন্ত্ৰই কাম দিলে! পিছে পাঁচ বছৰমানৰ পাছত যেতিয়া ক’লো, “হেৰা, বৰ গৰম হে! নেমু চৰবত অকণমান বনাবা নেকি?” সিফালৰপৰা শ্ৰীমতীৰ মৌসনা উত্তৰ আহিল, “ৰ’বা হে। দেখা নাই? মই লেপটপত ফেচবুক চাটিং কৰি আছোঁ। মন গৈছে নিজে বনাই খোৱা।” আৰু দহ বছৰৰ পিছত এতিয়া অফিচৰপৰা আহি যেতিয়া ক’লো, “হেৰা, আজি বৰ গৰম হে। নেমু……।”

“কি ক’লা!” মোবাইলটো টিপি থকাৰপৰা শ্ৰীমতীয়ে মাত লগালে।

“নাই মানে নেমু চৰবত বনাওঁ বুলি ভাবিছোঁ, তুমি খাবা নেকি?”

“সেইটোনো সুধিব লাগে নেকি! ইমান গৰমত নেমু চৰবত নাখাই চাহ খাম নেকি?” শ্ৰীমতীৰ খাৰাংখাচ উত্তৰ। ভাবি তত নাপাওঁ। কিয় এনেকুৱা হ’ল। শেষত ভাবি-গুণি গম পালো যে মন্ত্ৰটো পাহৰি যোৱাৰ বাবেই মই মন্ত্ৰৰ প্ৰভাৱৰপৰা মুক্ত হৈ গ’লো।

হঠাতে সিদিনা মোৰ পুৰণি ট্ৰাংকটো খোলোতে চুকত সোত মোচ খাই থকা অলপ উৱলি যোৱা সৰু কিতাপ এখন দেখি উলিয়াই লৈ দেখিলো ট ট কৈ জিলিকি আছে নামটো “যোগিনীতন্ত্ৰ আৰু বশীকৰণ।” কাৰোবাক লাগিব নেকি মন্ত্ৰটো?

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.