ফটাঢোল

নিজেও জুখিব পাৰে আপুনি মূৰ্খ, ঋষি নে দেৱতা – সৌমিত্ৰ যোগী

আগৰ দিনৰ কথাবোৰ অলপ বেলেগ আছিল৷ জোখ-মাখৰ পদ্ধতিও সেই হিচাপে বেলেগ বেলেগ আছিল৷ ধৰি লওক মুহিধৰৰ ঘৰৰ পৰা মেনকাহঁতৰ ঘৰলৈ তামোল এখনৰ বাট আছিল৷ এতিয়া আমি অনুমান কৰিব নোৱাৰোঁ মুহিধৰে কিমান ডাঙৰ তামোল খাইছিল৷ কুমলীয়া তামোল পকতিয়াইছিল নে পূৰঠ তামোল এখন চূণ-চাধা মিলাই গোন্ধপাণৰ সৈতে মেনকাৰ মন কুমলি যোৱাকৈ মহমহীয়া গোন্ধ এটা চাৰিওফালে বিয়পাই দি চোবাই গৈছিল? নে ওপৰত গোবৰ দি সযতনে পুতি ৰখা তামোল উলিয়াই তাৰে এখন মলাধঁপাতৰ লগত জুতিকে খাই গৈছিল? ঘনে ঘনে চোবাইছিল নে জুতি লৈ লৈ লাহে লাহে চোবাইছিল? মুখত তামোলখন ভৰাই বাটেৰে গৈ থাকোঁতে পোনেই মেনকাহঁতৰ ঘৰ সোমাইছিলগৈ নে বাটত আতৈ-হৰিভকতক লগ পাওঁতে দুই-চাৰি আষাৰ দেহ-মনৰ কথাও পাতিছিল? মুহিধৰে লাহে লাহে খোজ কাঢ়িছিল নে খৰকৈ? নে মুখত তামোল থাকিলে বেছি খৰকৈ খোজ কাঢ়িছিল মুহিধৰে? মুহিধৰে যাওঁতে যিমান বেগেৰে গৈছিল মেনকাহঁতৰ ঘৰৰ পৰা উভতি আহোঁতেও সিমান বেগেৰেই আহিছিলনে? মুহিধৰে যাওঁতে বাৰু তামোল খাইছিল, উভতি আহোঁতে খাইছিল নে নাই? তাতোকৈ ডাঙৰ কথা মেনকাই খাবলৈ দিয়া তামোলখন মুহিধৰে সঁচাকৈয়ে শেষ কৰিছিলনে? এই গোটেইবোৰ উত্তৰ লগ লগালে ধাৰণা এটা কৰিব পৰা যাব যে মুহিধৰৰ ঘৰৰ পৰা মেনকাহঁতৰ ঘৰলৈ আচলতে দূৰত্ব কিমান৷ আকৌ লাগিল গণ্ডগোল৷ মুহিধৰ যোৱালৈকে হিচাপটো বাৰু ঠিকেই আছিল৷ কিন্তু এদিন মুহিধৰে বিয়া পাতিলে৷ বিয়াৰ পাছত মেনকায়ো অহা-যোৱা কৰিবলগা হ’ল, তেতিয়াও একেই হ’বনে হিচাপটো? বা বিয়াৰ দুবছৰৰ পাছত মুহিধৰৰ ক্ষেত্ৰতে বিয়াৰ আগৰ হিচাপটো মিলিবনে? গতিকে “তামোল এখনৰ বাট” মানে কিমান দূৰ বাট সহজতে ধাৰণা কৰিব নোৱাৰি৷ হয়তো কল্পনাই দূৰত্ব জোখা একমাত্ৰ যন্ত্ৰ৷
এহালি হাঁহৰ কণী দিলে এদোন ধান পোৱা গৈছিল৷ হাঁহৰ গৃহস্থৰ উপায় নাই, কিন্তু ধানৰ গৃহস্থই কিমান ডাঙৰ দোনত ধান দিয়ে সেইটোহে আচল কথা৷ চাৰি পোৱাই হেনো এক লিটাৰ৷ গতিকে পানী খোৱা গিলাচেৰে চাৰি গিলাচ গাখীৰ মানে এক লিটাৰ৷ এতিয়া কাৰ ঘৰৰ পানী খোৱা গিলাচ কিমান ডাঙৰ সেইমতে হিচাপ নহয়৷ ছোৱালী মানুহৰ বয়স হেনো মাকেও পাহৰে৷ কুৰিত যিহেতু বুঢ়ী হয়েই, গাভৰু ছোৱালী এজনীৰ বয়সনো সঠিককৈ উলিয়াই কেনেকৈ?
সৌ সিদিনালৈকে মানুহ এজন লোভী নে নিৰ্লোভী সেইটো চাবলৈ সৰহ ধনৰ ৰখীয়া কৰি চাইছিল৷ ভদ্ৰ নে লম্পট চাবলৈ সুন্দৰীৰ সৈতে অকলে এৰি দি চাইছিল৷ কিন্তু এতিয়া আৰু সেইদিন নাই৷ দিনকাল সলনি হ’ল৷ এতিয়া আমাৰ হাতৰ মুঠিতে আমাৰ সকলো লুকাই থাকে৷ আগৰ দিনৰ কথাবোৰ চাওকচোন, জুখিও একো জুখিব নোৱাৰি৷ জোখেহে জোখেহে, তথাপি আচল হিচাপটো ওলাই নাহে৷ কিন্তু আমালৈ চাওক, আমি এতিয়া সকলো সঠিকভাৱে জুখি পেলাব পাৰোঁ৷ এই “সকলো” জোখা যন্ত্ৰ সেই একেটাই৷ হাতৰ মুঠিতে লুকাই থকাটো৷ এজন মানুহে কিমান জানে, মানে এগৰাকী মানুহ কিমান জ্ঞানী সেইটোও আমি জুখি পেলাব পাৰোঁ৷ এজন মানুহ কিমান স্মাৰ্ট, সেইটোও আমি খুব নিখুঁতকৈ জুখি পেলাব পাৰোঁ৷ কেনেকৈ?
কল্পনা কৰক – এটা সুন্দৰ কোঠা৷ খীণ পোহৰ৷ নাতি-শীতোষ্ণ পৰিৱেশ৷ শুভ্ৰ পাটী আৰু কৰ্পূৰৰ গোন্ধ বিয়পি থকা গিলিপ লগোৱা গাৰু আৰু এহাল সুন্দৰ, সুস্বাস্থ্যৰ নৰ-নাৰী৷ দুয়োৰে হাতত দুটা স্মাৰ্ট ফোন৷ এতিয়া আপুনি তেওঁলোকক চিনাক্ত কৰি পেলাব পাৰে তেওঁলোক নিৰ্লোভ নে আসক্ত নে স্মাৰ্ট৷ যদি দেখে দুয়ো দুফালে ফোনটো লৈ ব্যস্ত হৈ গৈছে তেতিয়া নিশ্চিত যে তেওঁলোক স্মাৰ্ট লোক৷ যদি দেখে কোঠাৰ পোহৰ নুমাই গৈছে তেতিয়া বুজিব লাগিব তেওঁলোক দেৱতা, অথবা মূৰ্খ৷ কাৰণ দেৱতা আৰু মূৰ্খৰহে লোভ নাথাকে৷ লোভ থকা কোনোবা মানুহে লাইট ফুকি দিয়েনে? ধৰি লওক, কাৰোবাৰ ফে’চবুক একাউণ্ট আছে, কিন্তু এদিন-দুদিনৰ মূৰে মূৰেহে চায়৷ তেতিয়া নিশ্চিত হোৱা যায় যে তেওঁৰ লোভ সম্বৰণৰ যথেষ্ট ক্ষমতা আছে, এতেকে তেওঁ যথেষ্ট নিৰ্লোভী আৰু চৰিত্ৰৱান ব্যক্তি৷ যদি দেখে তেওঁ একাউণ্ট এটা খুলি ৰাখিছে কিন্তু জমা-খৰচ নাই, তেতিয়া নিশ্চিত যে তেওঁ এজন প্ৰাজ্ঞ লোক৷ আৰু যদি কোনোবাই আজিৰ তাৰিখতো একাউণ্ট খোলা নাই বা অনাগত দূৰ দিনলৈ খোলাৰ প্ৰয়োজন বোধ কৰা নাই, তেন্তে পূৰামাত্ৰাই নিশ্চিত যে তেওঁ এগৰাকী ঋষিতুল্য ব্যক্তি৷
কাৰণ লোভ-মোহ সম্বৰণ কৰাটো সাধাৰণ মানুহৰ বাবে সম্ভৱপৰ কথা নহয়৷ যাৰ গুগুলৰ প্ৰতি ধাউতি নাই, যাৰ স্মাৰ্টনেছৰ প্ৰতি অকণো লোভ বা হাবিয়াস নাই, তেওঁ মানুহ হ’ব নোৱাৰে৷ তেওঁ নিশ্চিতভাৱে দেৱতা আৰু ঋষিয়ে হ’ব লাগিব৷
কিন্তু আমাৰ কিছুমান গণ্ডগোল আছে৷ আজিকালিৰ দিনত হোৱা এই গণ্ডগোলটো হৈছে, আমাৰ সত্য দুটা৷ যিটো দেখি থাকোঁ সেইটোও এটা, নেদেখাকৈ এটা থাকে সেইটোও এটা৷ আগৰ দিনৰ মানুহে কিছুমান সত্যৰ ওচৰ গৈয়ে পোৱা নাছিল৷ যেনে “তামোল এখনৰ বাট” মানে কেই কিলোমিটাৰ? কিন্তু পৰৱৰ্তী সময়ত আমাৰ বিজ্ঞান-প্ৰযুক্তিবদ্যাই আমাক সত্যৰ ওচৰ চপাই নিলে আৰু ইমানেই সত্যৰ ওচৰ চপাই নিলে যে কিছুমান সত্য জৰাসন্ধ ফালি দুফাল হোৱাদি হ’ল৷ লগে লগে দুটা সত্যৰ যুগ আৰম্ভ হ’ল৷ এইটোকে কয় ডিজিটেল৷ যেনে – ডিজিটেল ইণ্ডিয়া৷ দেখি থকাখন বেলেগ, আচলখনো বেলেগ৷ আপুনি বজাৰত মাছটুকুৰা লৈ বেপাৰীক জুখিব দিছে৷ তেওঁ ডিজিটেল পাল্লাত উঠাই দিছে৷ আপুনি দেখিছে ছশ ষাঠি গ্ৰাম৷ আপুনি বিশ্বাস কৰিছে, কাৰণ বেপাৰীয়ে হাতৰ টিপতে পাল্লা হেৰফেৰ কৰিব নোৱাৰে৷ গতিকে আপুনি নিশ্চিত যে আপুনি মাছ ছশ ষাঠি গ্ৰাম পাইছে, আচলতে সেইটো আপোনাৰ সত্যহে৷ ডিজিটেল পাল্লাখন বেপাৰীৰ সুবিধা হোৱাকৈ প্ৰোগ্ৰাম ছেট কৰি থোৱা হৈছে, সেইমতে ছশ ষাঠি গ্ৰামত হয়তো আপুনি ছশ বিছ গ্ৰামহে পাব৷ এই ছশ বিছ গ্ৰামটোও সত্য৷ এনেকুৱাকৈ আমাৰ চকুৰ আগতে অসংখ্য দুটা সত্য থকা ঘটনা আৰু কথা-কাণ্ডবোৰ ঘটি আছে৷ সেইমতে ব্যাখ্যাবোৰো বৰ্তি আছে৷ আমাৰ দৰে মানুহৰ কাৰণে তথ্যই সত্যৰ আধাৰ৷ কিন্তু এতিয়া আমাৰ দৰে সাধাৰণ মানুহবোৰৰ কাৰণে তথ্য নিৰ্মাণ কৰা যায় আৰু এই তথ্য নিৰ্মাণৰ মাজেৰে সত্য নিৰ্মাণ কৰা হয়৷ সেইকাৰণে বহু কথাৰে আজিকালি সত্য দুটা৷ ভালকে চকু মেলি চালে দেখা পায়, আচল সত্যটো জানিব পাৰি৷ চকু থাকিও অন্ধ কিছুমান মানুহ থাকে, তেওঁলোকে দেখা নাপায়৷ তেওঁলোকৰ কাৰণে তেওঁলোকে দেখাটোৱেই সত্য, তেওঁলোকে জনাটোৱেই সত্য আৰু তেওঁলোকে বুজি লোৱাটোৱেই সত্য৷
এতেকে শেষ-মেষ কথাটো হ’ল এয়ে যে যাৰ গুগুলৰ প্ৰতি ধাউতি নাই, যাৰ স্মাৰ্টনেছৰ প্ৰতি অকণো লোভ নাই, তেওঁ হৈছে ইনজয় কৰিব নজনা নীৰস মানুহ৷ আউটডেটেড মানুহ৷ তেওঁ নিশ্চিতভাৱে মূৰ্খই হ’ব লাগিব৷

☆★☆★☆

5 Comments

  • মৃদুল শইকীয়া

    চিন্তাৰ খোৰাক যোগাবপৰা সুখপাঠ্য লিখনি৷

    Reply
  • Padma Gogoi

    লেখাটোৱে জগাকথীয়া মেথাটো পখালি দিয়াৰ পিছত মই নিজে কোন জাতত পৰিলো ধৰিব পৰা নাই চাৰ ! গুগুলটোতো নেজানো ৷ইচমাৰট বোলা জাতত নপৰোঁ ৷মূৰুখৰ পৰা আঠু-বিঠুকাঢ়ি(বাকলি চেলি যোৱাকৈ চুঁচৰি )ওপৰলৈ উঠিবলৈ চিতদৌ-পাতদৌ কৰি থকা বিধক কি বোলে ? জনাবচোন !!

    Reply
  • মই কোনটো শাৰীত পৰিম গুগুলতে চাৰ্চ কৰি চাব লাগিব!

    Reply
  • Rintumoni Dutta

    সুখপাঠ্য, নিজে কোনটো শাৰীত পৰিম চিন্তা কৰোঁ এতিয়া ৰ’ব

    Reply
  • সুখপাঠ্য।

    Reply

Leave a Reply

Your email address will not be published.