ফটাঢোল

নিমখ – ঈশান জ্যোতি বৰা

(১)
বিয়া খাবলৈ যোৱাৰ অভ্যাসটো মোটামুটি পৰিহাৰেই কৰি আছিলোঁ৷ আধুনিক অসমীয়া বিবাহৰ নৱতম সংযোজন পোলাও-মাংসৰ নতুনত্ববিহীন সোৱাদসোপা লৈ লৈ মুখমণ্ডল মূক হৈ গৈছিল৷ জিভাই বিদ্ৰোহ কৰি উঠিছিল৷ গতিকে বাদ দিছিলোঁ৷ একেবাৰেই বাদ৷ মনস্থ কৰিলোঁ-নতুন খাদ্য-সম্ভাৰ এটাৰ আৱিষ্কাৰ নোহোৱালৈকে বিয়া-চিয়া খাবলৈ নাযাওঁ৷ পিচে যোৱাটো সপ্তাহত মুকেশৰ পৰা পোৱা নিমন্ত্ৰণী-পত্ৰখনে মোৰ ভীষ্ম-প্ৰতিজ্ঞাত চেঁচা পানী ঢালি দিলে৷ পত্ৰখনৰ লগতে এহালি কেঁচা তামোল আৰু পাণ এগুছি৷ পাণগুছিৰ তলতে গোট-গোট আখৰেৰে লিখা এখন অকমাণি চিঠি-“অহা সপ্তাহত মোৰ জী ঈশাৰ বিয়া৷ আপুনি নাহিলে বেজাৰ পাম৷ আহিব দেই৷ ”-ইতি; মুকেশ, নীতা আৰু পৰিয়ালবৰ্গ (বিঃদ্ৰঃ ডেকাৰচুকত নতুনকৈ টাৱাৰ এটা স্থাপন কৰিলোঁ৷ নেটৱৰ্ক নাপালে তালৈ গৈ ৰিপ্লাই কৰে যেন৷ অ’ আৰু এটা কথা, বৰুৱাকো মাতিছোঁ৷ দুয়োজন একেলগে আহিব দেই৷)
‘দেই’-শীৰ্ষক শুৱলা অসমীয়া শব্দটোৰ প্ৰতি মোৰ দুৰ্বলতা পুৰণিকলীয়া৷ সেয়ে মুকেশৰ আন্তৰিকতাত বিমুদ্ধ-বিস্মিত-আলোড়িত হৈ ঈশাৰ অভিনৱ বিয়াখনলৈ যোৱাটোকে ঠিক কৰিলোঁ৷ কিন্তু চিঠিৰ শেষত লিপিবদ্ধ ‘বৰুৱাকো মাতিছোঁ’-এই শব্দ দুটাইহে অশান্তিৰ বৰদৈচিলা এজাক বোৱাই আনিলে৷ মনটো খেলিমেলিৰে ভৰাই তুলিলে৷ এই জধলা মানুহটোৰ লগত এনে এখন ‘ষ্টেণ্ডাৰ্ড’ বিয়া খাবলৈ কেনেকৈ যাব পাৰি! অসহনীয়! অসহনীয়! মনটোৱে প্ৰতিবাদ কৰি উঠিল৷ নোৱাৰি, এইটোৰ লগত বিয়া খাবলৈ যাব নোৱাৰি৷ গ’লে মই অকলে যাম, মনে মনে৷ এইজনক নিনিওঁ৷ কথাটো স্থিৰ কৰিলোঁ আৰু বিয়ালৈ যোৱাৰ পৰিকল্পনা তৈয়াৰ কৰাত লাগিলোঁ৷ পিচে..তেনে এক মুহূৰ্ততে-

: দেওবাৰে আঠটাত ওলাই থাকিবি৷ মই প্ৰিয়ংকাৰ টেক্সীখন ভাড়ালৈ লৈছোঁ৷ সেইদিনা তাই ছিলঙলৈ নাযায়৷ গতিকে আমি আৰামচে বিয়াখন খাই আহিব পাৰিম৷ ইয়ো মেন!

সেইয়া বৰুৱাৰ বাৰ্তা৷ বিয়াৰ চিঠি পায়েই মোলৈ মেচেজ পঠাইছে৷

কি বিড়ম্বনা! য’তে ৰাতি হয়, ত’তে বাঘ ওলাই দেখোন৷ আৰু এই হৰিচন্দ্ৰ বৰুৱা নামৰ বাঘটোৰ কথায়েই সুকীয়া৷ বিচিত্ৰ এই জীৱবিধৰ পৰা কাহানিও পৰিত্ৰাণ নাপাম চাগে! মোৰ অন্তৰৰ অটল গভীৰৰ পৰা হুমুনিয়াহ এটা ওলাই আহিল, স্বতঃস্ফূৰ্তভাৱে ৷

(২)
প্ৰিয়ংকাৰ অস্থিচৰ্মসাৰ টেক্সিখন চলাই চলাই আমি দুইজন মানৱ ঈশাৰ বিয়ালৈ যাবলৈ ওলালোঁ৷ টেক্সিত তেল এটুপিও নাছিল৷ তেলৰ কথা কওঁতে বৰুৱাই ‘বৰকৈ সৰুপানী চুব লাগিছে’ বুলি ইফালে-সিফালে চাই লৰ মাৰিলে৷ গতিকে তেলৰ দুহাজাৰ টকা মোৰ পকেটৰ পৰাই সৰকিল৷ ইয়াৰোপৰি বিয়াৰ উপহাৰ, বাটত চাহ-গজা, এগ ৰোল, ঘুগুনি, এণ্টাচিড, হজমোলা- সব মিলাই মুঠতে তিনিহাজাৰমান টকা খৰচ হ’ল৷ সিপিনে বৰুৱাই ঠেঙৰ ওপৰত ঠেং তুলি গপচত বহি আহিছে৷ প্ৰচলিত জীৱন-ৰীতি অনুসৰণ কৰি বৰুৱাই এটা টকাও খৰচ নকৰিলে৷

(৩)
যি কি নহওক; মানুহেৰে গিজ্‌গিজাই থকা বিয়াঘৰ আহি পাওঁতে দহটামান বাজিল৷ মুকেশ পদূলিতে ৰৈ আছিল৷ দেখা মাত্ৰকতে দৌৰি আহি সাবট মাৰি ধৰিলেহি৷ বৰ আনন্দ পালোঁ৷ জীৱনত কোনোদিনেই ইমান আন্তৰিকতাপূৰ্ণ আতিথ্যৰ সোৱাদ নোপোৱা বৰুৱাৰ দুচকুৰে কেইটোপালমান আনন্দাশ্ৰু সৰসৰকৈ বৈ আহিল৷ কথাটো মোৰ চকুত পৰিল৷ দুখোজ-এখোজকৈ আমি ক্ৰমাৎ ভিতৰলৈ সোমাই গ’লোঁ৷ বাপ্‌ৰে! অতবোৰ মানুহ৷ আমাৰ গাঁৱত ভীমৰ ভাও কৰি নামঘৰ কঁপাই থোৱা অমিতাভৰ পৰা আৰম্ভ কৰি ‘সদৌ অসম সদ্যবিবাহিত সন্থা’ৰ শেহতীয়া সংযোজন দীপিকা আৰু ৰণ নামৰ ফুলকুমলীয়া ল’ছালিহাললৈকে-সকলো আহিছে৷ গোটেইবোৰে আহি আমাক একেবাৰে আগুৰি ধৰিলেহি৷ প্ৰশ্নই প্ৰশ্ন৷ বোলে-কেনে খবৰ, কি খবৰ, কিয় খবৰ৷ আমি যথাযথ, যিমান পাৰি চমুকৈ উত্তৰবোৰ দি গ’লোঁ৷ আটাইতকৈ ভাল প্ৰশ্নটো কৰিলে মাধুৰীয়ে৷ বোলে,

: হেৰি নহয়৷ এই ৰঙালী বিহুটি এপ্ৰিলৰ পৰা টানি-টুনি ডিচেম্বৰলৈকে নিব নোৱাৰিনে? মানে, ল’ছালিকেইটাৰ পৰীক্ষাবোৰ তেতিয়াহে শেষ হয়৷ পাৰে যদি চাবচোন দেই৷ ইমান যে নাচিবলৈ মন যায়!

উত্তৰবোৰ দি দি আমি ভাগৰি গ’লোঁ৷ বৰুৱাই ফুচুফুচাই ক’লে-

: মোৰ তামাম ভোক লাগিছে৷ তই প্ৰেছ মেল সম্বোধন কৰ৷ মই খাই আহোঁ৷

: তই খকুৱা নেকি?

মই পোনছাটেই জক্‌জকাই উঠিলোঁ৷

: মোৰোতো পেট-জিভা শুকাই গৈছে৷ কিন্তু এই আপোন মানুহবোৰৰ মৰম-স্নেহক উপেক্ষা কৰি খাবলৈ যাওঁ কেনেকৈ? তাতে অতদিনৰ মূৰত লগ পাইছে! এইদৰে দলনিত পোনা মেলা দি মানুহবোৰক এৰি থৈ গ’লে একেবাৰে অশোভনীয় কথা নহ’বনে৷

কথাকেইটা কৈ ডিঙিটো ঘূৰাই বৰুৱালৈ চালোঁ৷ পিচে মানুহটো নাই৷ ভোজনশালালৈ পৰ্দাৰ ফাঁকেৰে চালোঁ৷ সৌৱা, বকাসুৰ গৈ ভোজনশালাত বহি আছে৷

(৪)
কি খাম ! জীৱনত দেখি নোপোৱা, শুনি নোপোৱা নানান বিচিত্ৰ ব্যঞ্জনৰে টেবুল উপচি আছে৷ টিক্‌টিক্‌কৈ ৰঙা লালমোহনটোৰ পৰা বৈ অহা ৰসবোৰকে খাম নে প্ৰকাণ্ড ভকুৱাৰ মূৰেৰে প্ৰস্তুত কৰা মূৰিঘণ্টকে খাম! আলু-বিলাহীৰ পোৰাকে খাম নে কম তেলত ভজা বেঙেনা ভজাকে খাম! পালেঙ শাকেৰে ৰন্ধা কাৱৈ মাছকে খাম নে পাতত দিয়া গৰৈ মাছকে খাম!

ইমান ধৈৰ্য আৰু কষ্টেৰে ৰান্ধিছে; অকণ-অকণ সকলোৰে স্পৰ্শ কৰাটো ভাল হ’ব৷ নহয়নে! তাকে ভাবি খাবলৈ আৰম্ভ কৰিলোঁ৷ বৰুৱাই সিপিনে তলমূৰ ওপৰ কৰিবই পৰা নাই৷ আনকি পাঁচ মিনিট আগতে নীতাই আহি যে মোক তাৰ কাষত বহুৱাই থৈ গ’লহি-সেই শ্ৰদ্ধাসূচক দৃশ্যও তাৰ দৃষ্টিগোচৰ নহ’ল৷

: হ’ৰা ভাইটি!

বৰুৱাই আঁতৰত বাল্টি এটা লৈ থিয় হৈ থকা ল’ৰাটোক উদ্দেশ্যি চিঞৰ এটা মাৰিলে ৷

: হাঁহৰ মাংস দুডোখৰমান লৈ আহাচোন৷ অথনি দিয়াকেইডোখৰ সব হাড়৷ চোবাবকে নোৱাৰি৷

ল’ৰাটোৱে মুখ ঘূৰোৱাত বৰুৱাই কাতৰভাৱে আহ্বান জনালে৷ ল’ৰাটোৱে মুখখনত বিষাদৰ ছবি এখন আঁকি বৰুৱাৰ দিশে আগুৱাই আহিল৷

: হেৰৌ, কিমান খাৱ আৰু! মানুহে যে কি বুলি ভাবিছে! ছিঃছিঃ!

মই তীব্ৰ বিতৃষ্ণাৰে কথাষাৰ কৈ বৰুৱাৰ খাদ্যবসতিপূৰ্ণ পাতখনলৈ চালোঁ৷

: অ’ তই! কোনসময়ত আহিলি! প্ৰেছমেল শেষ তাৰমানে!

মোৰ মাতটো শুনি বৰুৱা উচপ খাই উঠিল৷

: দাদা, হ’বনে?

বৰুৱাৰ পাতত পাঁচডোখৰমান মাংস দি উঠি ল’ৰাজনে দুখমনেৰে সুধিলে৷

: কলিজা দুডোখৰমান দি থৈ যোৱাচোন৷

বৰুৱাৰ যেন হেঁপাহেই নপলাব৷

: মোলৈ ভেবা লাগি কি চাই আছ? যিমান পাৰ খাই ল৷ মইতো তিনিদিনৰ জোখাৰে পেটৰ পোৰণি মাৰি লৈছোঁ৷ চতুৰ্থ দিনাহে ঘৰত চৌকা জ্বলাম৷

ল’ৰাটোৱে দি থৈ যোৱা কলিজাকণ মুখলৈ নি বৰুৱাই মোক ক’লে৷

মই কি ক’ম! ইতিমধ্যেই মূক হৈ পৰিছোঁ৷ বৰুৱাৰ নিখুঁত পৰিকল্পনা দেখি মই তাজ্জুব৷ মানুহ ইমান নিৰ্লজ্জ হ’ব পাৰেনে!

(৫)
সুদীৰ্ঘ পঞ্চলিছ মিনিটৰ অন্তত আমি ভোজনশালাৰ পৰা ওলালোঁ৷ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সময়খিনি বৰুৱাই বৰ আনন্দৰেই কটালে৷ নিমখৰ পৰা কেঁচা জলকীয়াটোলৈকে-সকলো উপাদানৰে দুই-তিনিবাৰ সোৱাদ ল’লে৷ হাড়কেইডালো চোবাই-চোবাই দাঁতেৰে গুড়ি কৰি ভাতৰ লগত সানি-পিটিকি খালে৷ কেৱল মাছৰ কাঁইটকেইডালৰহে অৱশিষ্ট থাকিলগৈ৷ কিন্তু এইবোৰৰ পিছতো লক্ষ্য কৰিছোঁ; ভোজনশালাৰ পৰা ওলোৱাৰ পিছৰপৰাই বৰুৱাৰ মনটো মৰা৷ কথাটো কি!

: কি হ’ল?

কৌতুহল চম্ভালিব নোৱাৰি সুধিলোঁ৷

: মুকেশক ক’ম৷

হাৰে, এইয়া কেনে কথা! অলপ আগলৈকে ‘মজ্জা, তামাম’ বুলি আনন্দদায়ী মত-মন্তব্য কৰি থকা মানুহটোৰ এতিয়া তৎক্ষণাতে হ’ল কি! মই বুজি নেপালোঁ৷ পিচে, ভাগ্য সুপ্ৰসন্ন হ’ল৷ কিয়নো এই প্ৰশ্নৰ এতিয়াই উত্তৰ পাম৷ কাৰণ দুয়োজন গৈ চকীখনত বহিবলৈ লওঁতেই সেহিস্থানে মুকেশৰ আৰ্ৱিভাৱ হ’ল৷

: দাদা, ঠিকে আছেনে সব?

হাতত তামোলৰ বঁটাটো লৈ মুকেশ আগুৱাই আহিল৷

: সুন্দৰ! অনুপম! অতুলনীয়!

মই মন খুলি প্ৰশংসা কৰিলোঁ৷ প্ৰশংসা শুনি মুকেশৰ চকুহাল জিলিকি উঠিছে৷

: আৰু বৰুৱা দা?

এইবাৰ মুকেশে বৰুৱাক সুধিলে৷ মই সেপটো গিলি বৰুৱাৰ উত্তৰলৈ বাট চালোঁ৷

: বৰ সুন্দৰ! পিচে..

কিবা এটা ক’বলৈ গৈ বৰুৱা ৰৈ গ’ল৷

: পিচে কি বৰুৱা দা! পিচে কি!

মুকেশৰ গাত যেন বজ্ৰহে পৰিল৷ মানুহটোৰ মুখখন শুকাই মুহূৰ্ততে টেমী যেন হ’ল৷ নহ’বনো কিয়! কেনেবাকৈ যদি খাদ্য-সম্ভাৰত খুঁট ওলায়, কমখন লাজৰ কথা হ’বনে! গোটেই মাৰ্কেটতে তেওঁৰ নাম মাটিৰ লগত মিহলি হৈ যাব৷ বহুতৰে লগত মাত-বোল বন্ধ হৈ যাব৷

: কি দাদা?

সেয়ে মুকেশে আকৌ এবাৰ সুধিলে৷ চকুৱে-মুখে তীব্ৰ উৎসুকতা৷

: মানে বিশেষ একো নাই৷ নিমখ অকণ কম হ’ল৷

: ক’ত দাদা?

: নিমখত৷

: নিমখত?

মুকেশ পৰম আশ্বৰ্যান্বিত হ’ল৷

: অঁ, মোৰ মানে অভ্যাস এটা আছে৷ দৈত নিমখ অকণ ছটিয়াই খাওঁ৷ নহ’লে পেটটোৱে বৰকৈ প্ৰতিবাদ কৰিবলৈ ধৰে৷ আজিও তাকেই কৰিবলৈ ওলাইছিলোঁ। পিচে এচিকুট-দুচিকুটকৈ প্ৰায় বিছগ্ৰাম নিমখ দৈত ছটিয়াইও নিমখৰ কোনো উপস্থিতি বিচাৰি নেপালোঁ৷ লোভ সামৰিব নোৱাৰি নিমখৰ সোৱাদ অবিহনেই দৈৰ দুটা বাতি খালোঁ৷ এতিয়া পেটটোৱে বৰকৈ ভোৰভোৰাবলৈ ধৰিছে৷

বৰুৱাৰ বিশ্লেষণ শুনি মুকেশ আৰু মই তবধ মানিলোঁ৷ বৰুৱা পিচে নৰ’ল৷ সুধিলে,

: নিমখবোৰ টাটাৰ দোকানৰ পৰা অনা নাছিলা নেকি?

: টাটাৰ লগত আমাৰ মাতবোল বন্ধ হোৱা কেইবাদিনো হ’ল৷

মুকেশৰ অকপট স্বীকাৰোক্তি৷

: তেন্তে?

বৰুৱাৰ সপ্ৰশ্ন চাৱনি৷

: আমি নতুনকৈ নিমখৰ ফেক্টৰী খুলিছোঁ৷ তাৰেই নিমখ৷

মুকেশে সলাজ ভংগীৰে জনালে৷

: বাদ দিয়া বুইছা৷ বাদ দিয়া৷

বৰুৱাই হাতখন দাঙি বিদগ্ধ বুদ্ধিজীৱিৰ দৰে কৈ উঠিল,

: চহৰৰ বাহিৰে-ভিতৰে থকা তোমালোকৰ মাটিত ইমান প্ৰকাণ্ড-প্ৰকাণ্ড টাৱাৰ আছে, বজাৰত পাঁচ-ছয়খন ম’বাইলৰ দোকান আছে, নৰেনৰ লগত হাত মিলাই শেহতীয়াকৈ ৰাফেল যে চাফেল-সেইবোৰৰো বিজিনেছ কৰিছা! টকায়েই টকা৷ এতিয়া নিমখৰ কাৰবাৰ আৰম্ভ কৰি জীৱনটো নিমখীয়া কৰিব নেলাগে বুজিছা৷

বৰুৱাই মৰমেৰে, সামান্য স্পষ্টতাৰে উপদেশবোৰ দিলে৷ চোকা বুধিৰ মুকেশেও কথাবোৰত পটকৈ পতিয়ন গ’ল হ’বলা৷ সেয়ে সবিনয়ে কৈ উঠিল,

: হয়৷ কথাটো মই এতিয়াহে ভাবিছোঁ৷ এইবোৰ সব আজিয়েই বন্ধ কৰি দিম৷

: বৰ ভাল কথা৷

সোঁহাতখন মুকেশৰ কান্ধত থৈ বৰুৱাই চাব্বাচি নিদি নোৱাৰিলে৷

: ধন্যবাদ দাদা৷

মুকেশ সামান্য আৱেগিক হ’ল৷

: হ’ব৷ ভালকৈ থাকিবা দেই৷ আমি আহোঁ৷ ঐ, ব’ল!

মুকেশৰ লগত নিমখসৰ্বস্ব বাৰ্তালাপটো সম্পন্ন কৰি বৰুৱা ওভতিবলৈ সাজু হ’ল৷ ‘ঐ,ব’ল’-বচনটো মাতিলে মোক উদ্দেশ্যিয়েই ৷

: তই কিন্তু আজিকালি বৰ-বৰ কথা ক’বলৈ শিকিলি৷

গাড়ীৰ ষ্টিয়েৰিঙত হাত থৈ মই বৰুৱাক ক’লোঁ৷

: নক’লে কেনেকৈ হ’ব!

খন্তেক ৰৈ বৰুৱাই সুধিলে,

: বাৰু..তই এটা কথা জাননে?

বৰুৱাৰ মাতটো হঠাতে বৰ গভীৰ হৈ পৰিল৷ মই বুজিলোঁ-বৰুৱাই এতিয়া “স্বৰচিত মহৎ লোকৰ বাণী” এটা ক’ব৷ আৰু মই ভবাটোৱেই হ’ল৷ বৰুৱাই ক’লে,

: মানুহৰ জীৱনত নিমখ আৰু চেনি দুয়োটাই থাকে৷ খাঁও বুলিয়েই তই চেনিকে খাই থাকিব নোৱাৰ আৰু নাখাওঁ বুলিয়েই তই নিমখ নোখোৱাকৈ থাকিব নোৱাৰ৷ দুয়োটায়েই খাব লাগিব৷ তেহে জীৱনৰ সোৱাদ পাবি৷ নহ’লে গোটেইখন ফ্লপ শ্ব’৷ দে, এতিয়া গাড়ী চলা৷

তৃপ্তিৰ হাঁহি এটা মাৰি বৰুৱাই মোক আদেশ দিলে৷ বৰুৱাৰ বাণী আৰু আদেশ শিৰত তুলি ময়ো গাড়ী ঘূৰাই দিলোঁ গৃহাভিমুখে৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.