ফটাঢোল

নিৰামিষ খাদ্য – অতুল নাথ

ষ্টাফৰ চিষ্টাৰ কেইগৰাকীমানৰ ফেয়াৰৱেল পাৰ্টি আছিল শনিবাৰ এটাত। মই, আৰু লগৰ দুজনে একেখন টেবুলত খাবলৈ বহিছোঁ। তাৰে এজনৰ নাম জীটু শৰ্মা৷ ভাবিছিলোঁ জীটুৰ ব্ৰত, তাৰ লখিমপুৰৰ দদায়েক ঢুকাল, গতিকে সি চাগে মাছ-মাংস নেখাব। আমি লাহে লাহে নিজৰ খোৱাত মন দিছোঁ। প্ৰথমতে মটৰ পনীৰ দিলেহি, সি “মোক সেইবোৰ নেলাগে, ব্ৰতত আছোঁ” বুলি ওলোটাই পঠিয়ালে।

ডিউটিৰ পিছত মিটিং, তাৰ পিছতহে খানা। গতিকে ভোক তুংগত, যি পাইছিলোঁ গো-গ্ৰাসে গিলিছোঁ। তেনেতে মাংসৰ প্লেট দিলেহি। কিন্তু এইবাৰচোন সি বৰ আগ্ৰহেৰে উমনিত বহা কুকুৰাই ঠোঁটেৰে কণী টনাৰ দৰে মাংসৰ বাটিটো টু শব্দ এটাও নকৰাকৈ দুহাতেৰে চপাই নি পৰম তৃপ্তিৰে খাবলৈ ল’লে। দেখি আমি অবাক। “ই আকৌ কেনে বৰতীয়া? মটৰ পনীৰ নেখায়, অথচ মাংস খাইছে।”

কথাটো মনতে দুদিন পাগুলিও উত্তৰ নেপায় আজি পুৱাই ডিউটিত জীটুক লগ পাই সিদিনা পাৰ্টিৰ সাথঁৰটো সুধিয়েই পেলালোঁ।

: চাওক, ব্ৰয়লাৰ মাংস সম্পূৰ্ণ নিৰামিষ খাদ্যৰ ভিতৰত পৰে। কাৰণ সিহঁতে দানা আৰু পানী এইদুটাৰ বাদে একোৱেই নেখাই। আনকি পোক পৰুৱা এটাও খাবলৈ নেপায় সিহঁতে, ইপিনে সম্পূৰ্ণ পকীঘৰত পোহে সিহঁতক। মোৰ লগৰ এটাৰ ফাৰ্ম আছে, মই মাজে মাজে চাওঁগৈ। সেইকাৰণে মই শণিবাৰে পাৰ্টিত মাংস খাই দিলোঁ। জীটুৰ অকাট্য যুক্তি।

তাৰ উত্তৰ শুনি মই বোলো,

: এৰা আগৰবাৰ আপোনাৰ খুড়ী ঢুকাওঁতেও বিলাতী মদক আপুনি নিৰামিষৰ শাৰীলৈ আনিলে৷

ক’লে বোলে,

: আপেল, আঙ্গুৰ আদি ভাল ভাল ফলৰ ৰসৰ পৰা বনোৱা বিলাতী মদ এক নম্বৰ নিৰামিষ আহাৰ।

আৰু এইবাৰ ব্ৰয়লাৰ মাংসকো আনিছে সেই লাইনলৈ। আমিষ খাদ্যৰ তালিকাখন চুটি কৰি অনাৰ মহৎ প্ৰচেষ্টাৰ বাবে আপোনাক চেল্যুট।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.