ফটাঢোল

নেতা আহে লাহে লাহে – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

গাঁওখনৰ সকলোৰে মুখত এটাই কথা, প্ৰস্তাৱটো চৰকাৰে যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে আন্দোলন চলি থাকিব। তিৰি মুনিহ, ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ৰাতুলৰ এই প্ৰস্তাৱটোত সন্মতি জনাইছে যেতিয়া ৰৈ থকাৰ সময় নাই। অহাকালিৰ পৰাই কাৰ্য্যসূচী মতে সিহঁতৰ আন্দোলন পৰ্য্যায়ক্ৰমে আৰম্ভ হ’ব। ইতিমধ্যে ওচৰৰে কেইখনমান বেলেগ গাঁৱৰ পৰাও ৰাতুলহঁতে সন্মতি আদায় কৰিবলৈ সক্ষম হৈছে। ৰাতুল সিহঁতবোৰৰ প্ৰস্তাৱক তথা হ’বলগীয়া আন্দোলনবোৰৰ আহ্বায়ক, সম্পূৰ্ণ নাম ৰাতুল গোস্বামী। উদাত্ত ভাষণ দিব পৰা ক্ষমতাৰ বাবেই আজি ইমান গুৰুত্বপূৰ্ণ বাব এটা পাইছে। ৰাইজৰো আস্থা আদায় কৰিবলৈ সক্ষম হৈছে সি। চৰকাৰী পক্ষৰো বহুত মানুহৰ লগত তাৰ অবাধ উঠা বহা। সেইটোৰ কাৰণে তাৰ সংগঠনৰ ভিতৰচৰাত বহুত মানুহে তাক বেয়া পালেও কোনেও মুখ তুলি কথা ক’ব নোৱাৰে তাৰ সন্মুখত।

হাজাৰ হ’লেও সংগঠনৰ কাম কাজ চলাৱলগীয়া টকা পইচাবোৰ সিয়েই সংগ্ৰহ কৰে। চৰকাৰৰ মানুহৰ লগত বুজাবুজি নাৰাখিলে সংগঠন আৰম্ভনিতে বিপদত পৰাৰ সম্ভাৱনা দেখিয়ে সি বহুতক নিজৰ হাতৰ মুঠিত লৈ ৰাখিছে। তাৰো সুবিধা আৰু সিহঁতৰো ইমানদিনে বাহিৰাকৈ দুপইচা আহি থকা ৰাস্তাবোৰ বন্ধ নোহোৱা, মুঠৰ ওপৰত এক অলিখিত বুজাবুজি।

কি মাৰোৱাৰী, কি বিহাৰী, কি অসমীয়া মুঠৰ ওপৰত আদ্যবন্ত মানুহ দেখিলেই ৰাতুলৰ চকু পৰে কিজানি কিবাকৈ টকা কেইটামান চান্দা হিচাবে ল’বই পাৰি। অসমীয়া হ’লে আৱেগিক ভাষণ আৰু বিহাৰী মাৰোৱাৰী হ’লে ৰণচণ্ডী ৰূপ। পইচা উঠোৱা কামটোৰ সৰ্ববিদ্যা বিশাৰদ ৰাতুল।

এই আন্দোলনটোক কিবা এটা দিক্‌ নিৰ্ণয় কৰি দিব পাৰিলেই তাৰ নিজৰ কাম সিজি যাব, তেতিয়ালৈকে সি ভাবি থকা মতে কামবোৰ হ’লে নিজেও কৌটিপতি হৈ পৰিব আৰু মনত ভাবি থকা পৰৱৰ্তী আন্দোলনটোৰ কাম আৰম্ভ কৰিব।

প্ৰথম পৰ্য্যায়ত পথ অৱৰোধ, বন্ধ ঘোষণা এইবোৰৰ দৰে সৰু সুৰা কাৰ্য্যসূচী। প্ৰথমতে মহকুমা পৰ্য্যায়ত, পিছত জিলা পৰ্য্যায়ত আৰু তাৰ পিছত যদিহে সাংগঠনিক ভেটি মজবুত হয় তেনেহ’লে সমগ্ৰ ৰাজ্য কঁপি যোৱাকৈ গণ আন্দোলন। সমগ্ৰ ৰাজ্যখন কেনেদৰে কঁপাই তুলিব সেইটো চিন্তা কৰিহে তাৰ তত্‌ নাইকিয়া হয়। ৮২ চনৰ পিছত হেনো ৰাজ্যখন একেলগে কঁপাই নাই ইমান বছৰে। কিবা উপায় উলিয়াব লাগিব সি নহ’লে তাৰ সকলো পৰিকল্পনা অসাৰ হ’ব।

সংগঠনটোৰ কাৰ্য্যকৰী সমিতি এখন বনাইছে যদিও মূখ্য পদবীসমূহ সি নিজৰ মানুহবোৰৰ মাজতে ৰাখিছে। সৰুতে দেউতাকে কোৱা ‘স্থান হেৰুৱালে মান হেৰুৱাই’ কথাষাৰ আখৰে আখৰে সত্য বুলি সি নিজৰ অভিজ্ঞতাৰ পৰাই বুজিছে। ঘোচ লোৱাৰ অপৰাধত দেউতাকৰ কেৰাণী চাকৰিটো যোৱাৰ পিছতেই সমাজত এঘৰীয়া হ’ব লগীয়া হৈছিল সিহঁত, এতিয়া যেনিবা তাৰ নিজৰ পদৱীটোৰ জোৰতে আকৌ সমাজখনে সিহঁতক আকোৱালি লৈছে।

আজি সি দমাটি গাঁৱৰ মানুহখিনিৰ ওচৰলৈ যাব আন্দোলনটোৰ কাৰণে সিহঁতক সৈমান কৰাব, সেইখিনি মানুহৰ সমৰ্থন নহ’লে তাৰ নিজৰ সপোন সাৰ্থক কৰিব পৰা এই আন্দোলনটোৱে চৰকাৰৰ আগত মূল্যহীন হিচাবে বিবেচিত হ’ব। যি উদ্দেশ্য আগত ৰাখি সি আন্দোলনটো আৰম্ভ কৰিবলৈ গৈ আছে তাত প্ৰধান ভূমিকা ল’ব লগা মানুহ আচলতে দমাটি গাঁৱৰ পৰাই ওলাব লাগিছিল, কিন্তু মানুহখিনি সহজ সৰল কাৰণে সিহঁতে এইবোৰ চৰকাৰী কাৰচাজি একো বুজি পোৱা নাই, ৰাতুলহঁতৰ মুখলৈ চাই আছে।
নামঘৰটোতে আলোচনাখন হ’ব বুলি গাঁৱৰ সকলোবোৰ মানুহ আবেলি সময়ত তাতে গোট খাইছে।

ৰাতুলে ভাষণ আৰম্ভ কৰিলে, “ৰাইজ! আমাৰ এই বৃহত্তৰ দমাটি অঞ্চলৰ একমাত্ৰ চৰণীয়া পথাৰখনত আজি চৰকাৰৰ লোলুপ দৃষ্টি, কোনোবাই কৈছে তাত চৰকাৰী উদ্যোগ বনাব, কোনোবাই কৈছে তাত চাৰিচকীয়া গাড়ী কোম্পানীৰ কাৰখানা হ’ব”, মুঠৰ ওপৰত আমাৰ অঞ্চলৰ কৃষিজীৱি মানুহখিনিৰ গৰু ছাগলী চৰোৱা একমাত্ৰ পথাৰখন অতি শীঘ্ৰে চৰকাৰী ফাইলত বন্দী হোৱাটো খাটাং আৰু এবাৰ আমাৰ পথাৰখন যদি চৰকাৰে দখল কৰে ভৱিষ্যতে সেইখনৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকিব, আমাৰ গৰু ছাগলীবোৰৰ অবাধ বিচৰণৰ অধিকাৰ খৰ্ব হ’ব। সেইকাৰণে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ, সকলোৱে ওলাই আহক আৰু নিজৰ নিজৰ দখলত থকা মাটিৰ অধিকাৰ সাব্যস্ত কৰক। নামঘৰতে বহি থকা বয়সীয়াল মানুহ এজনে মাত লগালে বোলো চৰণীয়া পথাৰখনৰ মাটিবোৰ দেখোন চৰকাৰী মাটিয়েই, আমি কেতিয়াও সেইবোৰ মাটিৰ খাজানা দিয়া মনত নপৰে।

খাজানা নিদিলেও কথা নাই খুড়া, আন্দোলন কৰিলেই মাটি আমাৰ হৈ যাব, আৰু এবাৰ মাটিখিনি আমাৰ নামত নামজাৰি হোৱাৰ পিছত তাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ, চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। মোক সহযোগ কৰক, সকলোৱে এই পথাৰখনত এবিঘাকৈ ম্যাদী পট্টাৰ মাটি পাব, তাৰ পিছত আপোনালোকে সেই মাটিত খেতি কৰে বা উচিত দামত বহিৰাগত মানুহক বিক্ৰী কৰে সেইয়া আপোনালোকৰ কথা, মুঠৰ ওপৰত ইমানদিনে আপোনালোকে দেখি থকা মাটি আপোনালোকৰেই।

বোপা ঐ, কিবা উদ্যোগ এটা হ’লেও দেখোন বেয়া নহ’ব যেন লাগে। গাঁওখনৰ কিমান ল’ৰা নিবনুৱা হৈ আছে, ঘৰত থকা মাটিখিনিত খেতিও কৰিব নিবিচাৰে আজিকালিৰ ল’ৰাকেইটাই। পঢ়া-শুনা কৰি হালত ধৰিব নিবিচৰাকেইটাই উদ্যোগটো হ’লে যদি কিবা উপাৰ্জনৰ বাট দেখা পাই, আপত্তি কিয় কৰ তহঁতে?

আপুনি নুবুজিব খুড়া এইবোৰ কথা। চৰকাৰে আমাক কিমান শোষণ কৰি আছে এইবোৰ দেখি আমি মনে মনে হাত সাৱটি বহি থাকিব নোৱাৰোঁ।আজি ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত দ্বিতীয়খন দলং কোনে বনালে আপুনি জানেনে? দলং বনাইছে আমাৰ পইচাৰে, নাম ৰাখিছে চৰকাৰী মানুহৰ। ৰাস্তা বনাইছে আমাৰ পইচাৰে, নাম ৰাখিছে ৰজাঘৰীয়া মানুহৰ। স্কুল কলেজবোৰ চাৰিওফালে বনাইছে কিন্তু নামবোৰ চাওঁক আপোনালোকে, ৰাইজ! সকলোবোৰ চৰকাৰৰ ফৈদৰ মানুহবোৰৰ। যিমানবোৰ উন্নয়ন হৈছে সকলোবোৰ আপোনাৰ মোৰ দৰে শ্ৰমজীৱি মানুহৰ পৰা লোৱা পইচাৰে, কিন্তু সেইবোৰৰ নামাকৰণ আপোনাৰ বা মোৰ নামত হোৱা নাই।

ৰাতুলে উদাত্ত কণ্ঠৰে, গলৰ শিৰবোৰ ফুলি যোৱাকৈ চিঞৰি চিঞৰি কোৱা কথাবোৰ শুনি বয়সীয়াল মানুহবোৰ লাহে লাহে পতিয়ন যাব যেন বোধ হ’ল তাৰ নিজৰে। একমাত্ৰ সভাখনত পিছফালে বহি থকা কমবয়সীয়া ল’ৰাকেইটাই তাৰ ভাষণ চলি থাকোঁতে ফুচফুচাই কথা পাতি থকা দেখি সেইকেইটাৰ বিশ্বাস তথা সহমত আদায় কৰিব পৰা যেন আশ্বস্ত নহ’ল সি।

মাটি আৰু মান সন্মানৰ টোপটো দি সি যে বয়সীয়াল সকলক কাবু কৰিব পাৰিছে সেইটো সি নিজে অনুধাৱন কৰি ল’লে, এতিয়া পিছফালৰ যুৱকসকলক হাতৰ মুঠিলৈ আনিবৰ কাৰণে সি মনতে ভাবি ল’লে যে এইবাৰ অলপ ধৰ্মীয় ৰাজনীতি, বিজ্ঞান প্ৰযুক্তিবিদ্যা নিৱনুৱা সমস্যা এইবোৰৰ কথা কোৱা ভাল হ’ব। আজিকালিৰ যুৱকবোৰৰ এইবোৰত আসক্তি বেছি।

মাইকটো হাতৰ মুঠিত লৈ ৰাতুলে আকৌ আৰম্ভ কৰিলে, “ৰাইজ, আজি দেশত ধৰ্মৰ নামত কটা-মৰা আৰম্ভ হ’বলৈ ধৰিছে, মানুহে মানুহক মাৰিবলৈ ধৰিছে”, এইবোৰৰ কাৰণে জগৰীয়া কোন? হিন্দুৱে মুছলমান মাৰিছে, মুছলমানে হিন্দু মাৰিছে, এইবোৰ কোনোদিনে ভাৰতত নোহোৱা নোপোজা ঘটনা ঘটিবলৈ ধৰিছে। এই সকলোবোৰৰ পিছত চৰকাৰী ষড়যন্ত্ৰ আছে। ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ দেশ, ইয়াত কেতিয়াও হিন্দু মুছলমানৰ কাজিয়া হোৱাৰ নজিৰ নাই। আমি এই ধৰ্মীয় শোষকসকলৰ বিৰুদ্ধে একগোট হোৱাৰ সময় সমাগত ৰাইজসকল। ইতিহাস আমাৰ পক্ষত ৰাইজ, যেতিয়াই জনজাগৰণ একোটাৰ সৃষ্টি হৈছে, সদায় নৱপ্ৰজন্মৰ যুৱকসকলে আগভাগ লৈছে আৰু সদায় জনতাৰে বিজয় হৈছে। আপোনালোকে মোৰ লগত সহযোগ কৰিলে আমিও চৰকাৰী শোষণ বঞ্চনাৰ বিৰুদ্ধে যি জেহাদ ঘোষণা কৰিবলৈ ওলাইছোঁ তাত আমাৰ বিজয় নিশ্চিত। এই গাঁৱৰ নবযুৱকসকল মোৰ লগত ওলাই আহিলে আমি আপোনালোক সকলোৱে ইমানদিনে দেখি থকা চৰণীয়া পথাৰৰ মাটিবোৰ আপোনালোকৰেই হ’ব। অলপমান পিচফালৰ ল’ৰাকেইটাক পৰ্যবেক্ষন কৰি সিহঁত অলপ আশ্বস্ত হোৱা যেন অনুমান কৰি ৰাতুলে আকৌ আৰম্ভ কৰিলে, “ৰাইজ! এতিয়া বিজ্ঞানৰ যুগ, এই যুগতো মানুহে জাতি-ভেদ, বলি-বিধান আদিৰ দৰে সৰু সৰু কথাত লাগি থাকিবলৈ সময় পায় এই দেশত।”

অইন দেশে চন্দ্ৰত মানুহ পঠাইছে, ঘণ্টাত ৩০০ কি:মি: গতিবেগত যাব পৰা গাড়ী আৱিস্কাৰ কৰিছে আৰু আমিবোৰ সৰু সৰু কথাত লাগি আছোঁ অথচ যিখন দেশ বিজ্ঞান প্ৰযুক্তিবিদ্যাত পৌৰাণিক যুগৰ পৰাই আগবঢ়া আছিল। আজি আমাৰ দেশে বিজুলী গাজনিৰ পৰা তাপ বিদ্যুৎ শক্তি আহৰণ কৰিব পাৰিব লাগিছিল কিন্তু পৰিতাপৰ কথা এইটোৱেই যে আজিও সমগ্ৰ দেশত বিদ্যুৎ পৰ্যাপ্ত পৰিমানে যোগান ধৰা নহয়।

দেশত নিবনুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে, কেইটামান টকাৰ কাৰণে মানুহে মানুহক হত্যা অপহৰণ কৰিবলৈ ধৰিছে। শিক্ষিত যুৱকসকলে আজি চাকৰি নাপাই তীব্ৰ হতাশাত ভূগি নিচাসক্ত হৈছে। উচ্চ শিক্ষিত যুৱকসকল চাকৰিৰ অভাৱত চুৰি ডকাইতিৰ দৰে কুকৰ্মত লিপ্ত হ’ব লগা হৈছে। চৰকাৰৰ কোনো ধৰণৰ সুনিৰ্দিষ্ট পৰিকল্পনা নাই এইবোৰ বিষয়ক লৈ। আজি বৃত্তিমুখী শিক্ষাব্যৱস্থাৰ প্ৰতি যুৱকসকলক আগ্ৰহী কৰিব নোৱৰাৰ মূলতেই এই চৰকাৰখন। চৰকাৰৰ সদিচ্ছাই নাই আজিৰ প্ৰজন্মৰ যুৱকসকলক বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰাৰ, নহ’লে যে তেওঁলোকৰ ৰাজনীতি কৰাৰ থলেই নাথাকিব আমাৰ ৰাজ্যত। ৰাইজসকল, যদিহে এইবোৰৰ এটা সু-মীমাংসা বিচাৰিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰক আৰু চৰকাৰক বাধ্য কৰা হওঁক কামবোৰ যাতে আমি বিচৰা মতে হয়। আমাৰ অসমত ইমানবোৰ প্ৰাকৃতিক সম্পদ থকা স্বত্বেও আমি কিয় দুখীয়া হ’ম। সকলোবোৰ সম্পদৰ অধিকাৰ আমাক দিবই লাগিব।

“আমাৰ সম্পদ আমাৰ অধিকাৰ”।
ৰাইজ, এই কথাটোৱেই সকলোৱে মনত দৃঢ়ভাবে বিশ্বাস কৰি ওলাই আহক মোৰ সৈতে। মই আজি এই নামঘৰৰ পৰাই আপোনালোকক কথা দিলোঁ যে আমি আমাৰ সম্পদৰ অধিকাৰ নোপোৱালৈকে এই আন্দোলন বন্ধ নহয়। কথাখিনি শেষ কৰি উদাত্ত ভাষণৰ আৱেশত চলচলীয়া হোৱা চকুজুৰি এবাৰ মোহাৰি ৰাতুলে নিশ্চুপ হৈ তাৰ ভাষণ শুনি থকা মানুহবোৰৰ মুখলৈ চকু ফুৰালে। জাউৰিয়ে জাউৰিয়ে দিয়া হাতচাপৰিৰ শব্দবোৰ নামঘৰটোৰ ভিতৰতে ইফালৰ পৰা সিফালে খুন্দা খাই প্ৰতিধ্বনিত হ’বলৈ ধৰিলে। সভাত উপস্থিত মানুহবোৰ যেন কল্পনাৰ এখন নতুন অসমত সাঁতুৰিবলৈ ধৰিলে, শব্দবোৰ যিমান সোনকালেই নামঘৰটোৰ পৰা বাহিৰ ওলাই ৰাইজৰ ওচৰলৈ যাব সিমানেই যেন “আমাৰ সম্পদ, আমাৰ অধিকাৰ”বোলা দাবীষাৰৰ প্ৰাৰম্ভিক জুইকুৰা জ্বলিব।

পিছফালে বহি ইমানসময় ফুচফুচাই কথা পাতি থকা ল’ৰাবোৰে নিজৰ নিজৰ হাতবোৰ দাঙি চিঞৰিবলৈ ধৰিলে,
“ৰাতুল গোস্বামী জিন্দাবাদ, কৃষক সন্থা জিন্দাবাদ”।
“ৰাতুল গোস্বামী জিন্দাবাদ, কৃষক সন্থা জিন্দাবাদ”।

লাহে লাহে নামঘৰটোত উপস্থিত থকা মানুহবোৰৰ আশীৰ্বাদ লৈ ৰাতুল আৰু অনবৰতে তাৰ গাৰ ছাঁটোৰ দৰে লাগি থকা কমল ওলাই আহিল, এইবাৰ সিহঁতৰ গন্তব্যস্থান এয়াৰপোৰ্ট। খৰখেদাকৈ আহি সিহঁতৰ সন্থাই সিহঁতক মেল মিটিংবোৰ কৰিবলৈ অহা যোৱা কৰিবলৈ দিয়া গাড়ীখনত উঠি এয়াৰপোৰ্টৰ পিনে যাত্ৰা আৰম্ভ কৰিলে। যোৱা তিনিমাহ ধৰি অবিৰতভাৱে সিহঁতে এইবোৰ মিটিঙেই কৰি ঘূৰি ফুৰিছে আৰু এটা সৱল জনভিত্তি গঠন কৰিবলৈও ইতিমধ্যে সক্ষম হৈছে। অহাটো নিৰ্বাচনৰ আগে আগে সকলোবোৰ কথা আৰু কাম ৰাতুলে ভাবি থকা মতে হ’লে সিহঁতৰ দলটোৱে নিজাবৱীয়াকৈ প্ৰতিদ্বন্দিতা কৰিব এইবাৰ, তাৰেই কামত সিহঁত দুজনৰ আজি এই দিল্লী যাত্ৰা। দিল্লীৰ যাত্ৰাৰ উদ্দেশ্যটো যথেষ্ঠ গোপনীয় আছিল কাৰণে ৰাতুলে কমলক আগতীয়াকৈ কোৱা নাছিল।
গাড়ীত বহিয়েই কমলে সুধিলে ৰাতুলক, “ইমান খৰধৰকৈ দিল্লী যাবলগীয়া হ’ল যে দাদা, কিবা ডাঙৰ কাম ওলাল নেকি?”

“কাম ডাঙৰেই কমল! আজিৰ সভাত উপস্থিত থকা মানুহবোৰৰ আশা আকাঙ্খাবোৰক আমি অথলে যাবলৈ দিব নোৱাৰোঁ, অহা নিৰ্বাচনটো আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ। এতিয়াৰ পৰা প্ৰস্তুতি নকৰিলে পিছত শলঠেকত পৰিবলগীয়া হ’ব পাৰে আমাৰ দল।”

“দাদা, মাটিৰ অধিকাৰৰ আন্দোলনটো আৰম্ভ হোৱাৰ পিছত এইবোৰ ভাবিলে বেচি ভাল হ’লহেতেন নেকি? আমাৰ দেখোন এটাও কাৰ্য্যসূচী এতিয়াও আৰম্ভ হোৱাই নাই।”

এই প্ৰতিবাদবোৰৰ আৰম্ভণি বা শেষ নাই অ কমল। “আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াৱী জীৱ” কবিতাটোৰ দৰে। তই মাথো ভাবি ল, “আহিছে প্ৰতিবাদ, গৈছে প্ৰতিবাদ, আমি প্ৰতিবাদী জীৱ”।

কোনেও মনত নাৰাখে কোনটো প্ৰতিবাদৰ ফলাফল কি হ’ল, সকলোৱে মনত ৰাখিব তই সৰ্বমুঠ কিমান প্ৰতিবাদত অংশগ্ৰহণ কৰিছ। সকলো বিষয়ত ভুলে শুদ্ধই মাত মাতিব পাৰিলেই হ’ল। আজিয়েই চা চোন বাৰু তই, মোৰ ভাষণটোত কিমান কথা সাঙুৰি ল’লোঁ, মাটিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি বৃত্তিমুখী শিক্ষালৈকে, মাজতে বিজ্ঞান প্ৰযুক্তিবিদ্যা, নিৱনুৱা সমস্যা এইবোৰো সাঙুৰি ল’লোঁ। কাৰ মনত থাকিব ঐ ইমানবোৰ কথা, মই স্বয়ং কোৱাজনৰে মনত নাই এতিয়া কি কি কৈছিলোঁ তাত।

“হয় দাদা, হিন্দু মুছলমানৰ কথাও কিবা কিবি কৈছিল আপুনি আজি। পাহৰিলেই নহয় ইমান তৎক্ষণাৎ।

“বাৰু, বাদ দে কমল এইবোৰ এতিয়া। আমি দিল্লীলৈ গৈ সৰ্বভাৰতীয় জংগীছ দলৰ লগত আমাৰ বুজাবুজি কৰিব লাগে তেতিয়াহে উপযুক্ত সময়ত ধনে-জনে সহায় পাম আমাৰ আন্দোলনবোৰত। এই দলটোৰ সমগ্ৰ ভাৰতবৰ্ষতে জংগী আন্দোলন কৰাৰ প্ৰায় এশ বছৰীয়া অভিজ্ঞতা আছে, তাতে সিহঁতৰ নেতা নেত্ৰীবোৰ বৰ মৰমীয়াল মানুহ, গতিকে এবাৰ সিহঁতৰ লগত বুজাবুজি হ’লে আমাৰ আন্দোলনবোৰ অসমৰ মানুহে মনত ৰাখিবলগীয়া হ’ব। কৃষক সন্থাৰ মানুহ নে জংগীছ দলৰ মানুহ বেলেগে বুজিবই নোৱাৰিব, মানুহে অকল তীব্ৰ গণ প্ৰতিবাদবোৰহে দেখিব। তই চাই থাক কমল, মই এনেকুৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ আন্দোলন কৰিম যিবোৰ অসমৰ মানুহে প্ৰথমবাৰ দেখিব এই মুলুকত। কাৰোবাক যদি তপিনা দেখুৱাই প্ৰতিবাদ কৰোঁ তেনেহ’লে অইন কাৰোবাৰ সন্মুখত বান্দৰৰ দৰে জঁপিয়াই জঁপিয়াই প্ৰতিবাদ কৰিম। মুঠৰ ওপৰত অসমত তই এতিয়াৰ পৰা এক নতুন ৰূপত বাৰেৰহনীয়া প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পাবি।”

ৰাতুলৰ কথাবোৰত হয়ভৰ দি থাকিয়েই দুয়োটাই ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰিলে।

“দাদা, আপুনি বাৰু ভাবেনে যে সমগ্ৰ অসমৰ মানুহৰ সমৰ্থন আদায় কৰিবলৈ আমি সমৰ্থ হ’ব পাৰিম?” কমলৰ প্ৰশ্নটোৰ উত্তৰ দিব গৈ ৰাতুলে চিটটোৰ পিছফালে অলপ ভালদৰে আউজি ল’লে।

“আৱেগৰ ঢল এইখন অসমত বাৰে বাৰে বিক্ৰী হৈ থাকে ঐ কমল। প্ৰতিটো মিনিটত নতুন নতুন আৱেগ বিক্ৰী কৰিব পাৰি ইয়াত। আৱেগতে নেতা হয়, আৱেগতে মন্ত্ৰী হয়। মই নিশ্চিত হৈ আছোঁ কমল, অহাবাৰ মোৰ আৱেগটো বিক্ৰী হ’বই হ’ব ইয়াত যিহেতু ৰাইজৰ আৱেগৰ লগত বিবেকৰো সংমিশ্ৰণ কিছু পৰিমানে হ’লেও কৰিব পাৰিছোঁ মই। অহাকালি দিল্লীত অসমীয়াৰ আৱেগ আৰু দিল্লীৰ বিবেকৰ মাজত এক অলিখিত বুজাবুজিৰ সৃষ্টি হ’ব আৰু যাৰ পৰিণতিত অন্য এজন নেতা আহিব লাহে লাহে, সংগোপনে আমাৰ মাজলৈ৷” নাটকীয় ভঙ্গীমাত কথাখিনি কৈ কমলৰ ফালে চাই এটা কুটিল হাঁহি মাৰিলে ৰাতুলে।

ইতিমধ্যে সিহঁতৰ উৰাজাহাজখন বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰি ব্ৰহ্মপুত্ৰৰ ওপৰেদি উৰিবলৈ আৰম্ভ কৰিছিল। তলত ব্ৰহ্মপুত্ৰৰ পানীত সন্ধিয়াৰ অস্তগামী সুৰুযৰ অন্তিম হেঙুলীয়া ৰহনখিনিও ডুবো ডুবো।
শৰাইঘাট দলংৰ দুয়োকাষৰ কৃত্ৰিম বিদ্যুৎ চাকিৰ পোহৰবোৰেও যেন অনাগত অমাৱস্যাৰ আন্ধাৰৰ লগত লীন যাবলৈ নিজকে সাজু কৰিছে।

☆★☆★☆

22 Comments

  • ৰাজশ্ৰী শৰ্মা

    অতি সুন্দৰ ব্যংগ।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • ৰিণ্টু

    ক্ষুৰধাৰ সঞ্জীব, একদম সাময়িক পৰিস্থিতিৰ লগত খাপ খোৱা।

    খুব ভাল লাগিল পঢ়ি

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • Neil Baruah

    অতি সুন্দৰ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • Manisha Kakati

    মাটি আৰু মান — আবেগৰ বান আনিবলৈ এই দুটা অমোঘ অস্ত্ৰ।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ মনিচা।

      Reply
  • Mridusmita Sarma

    বৰ ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • হেমা‍ংগ

    সময়োপযোগী লেখা।

    Reply
  • হেমা‍ংগ

    সময়োপযোগী লেখা।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • Rupa Boro

    অতি সুন্দৰ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ

      Reply
  • সময়োপযোগী। ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ

      Reply
  • গৌৰীশংকৰ শৰ্মা

    তীক্ষ্ণ ব্যংগ। পঢ়ি ভাল পালোঁ।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • জয়ন্ত দাস

    মজা লাগিল দেই

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • Meghali Goswami

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.