ফটাঢোল

নেভাৰ গিভ আপ – ঈশান জ্যোতি বৰা

(১)
বেংকৰ পৰা আজি বৰুৱা পাঁচ মিনিট সোনকালে আহিল৷ তিতাকেৰেলাৰ ভাজি, বেচনত ভজা বেঙেনা আৰু পোৰা বিলাহী পিটিকাৰ দুৰ্দান্ত সহযোগত প্ৰাণচঞ্চল হৈ উঠা ভাতকেইগৰাহ পেটলৈ নিলে৷ খাই-বৈ এহাতে বাতৰি-কাকতখন আৰু আনটো হাতে চকী এখন লৈ বৰুৱা তাৰপিছত আগচোতাললৈ ওলাই আহিল৷ গলখেকাৰি দুটামান মাৰি চকীখনত বৰুৱা মহাজনৰ দৰে বহি ল’লে৷ এতিয়া বৰুৱাই পেপাৰ পঢ়িব৷ কিমান দিন যে হ’ল-ভালদৰে পেপাৰখন নপঢ়া৷ আজি সেয়ে পেপাৰ পঢ়াৰ উদ্দেশ্যৰেই বৰুৱা পাঁচ মিনিট সোনকালে আহিছে৷

পিচে কথাতে কয়; বোলে-দাতাই দিলেও বিধাতাই নিদিয়ে৷ পৰম আগ্ৰহৰে বৰুৱাই ‘দিনটোৰ ৰাশিফল’ পঢ়িবলৈ লৈছিলহে, তেনেতে লোৰ জপনা খুলি নিধিৰাম ককাইদেউ কোবাকুবিকৈ বৰুৱাৰ চৌহদত প্ৰৱেশ কৰিলে৷ মুখখন দেখিলেই ধৰিব পাৰি সাংঘাতিক এটা চিন্তাত মানুহটোৰ মন-মগজু ভাৰাক্ৰান্ত৷ মনৰ ক্ষোভ মনতে সামৰি বৰুৱাই সসন্মানেৰে চকীখন তেওঁলৈ আগুৱাই দিলে৷ নিধিৰাম ককাইদেৱে ধন্যবাদসূচক হাঁহি এটা মাৰিলে আৰু বিষাদজৰ্জৰ কণ্ঠৰে ক’বলৈ ধৰিলে-

: ডাঙৰ কথা এটা হৈছে৷

: কি ডাঙৰ কথা হৈছে? নিসঙ্কোচে মোৰ আগত সকলো দাঙি ধৰক৷

: অনেক দিনৰ পৰা মোৰ ভাইৰ এটা দোষ মোৰ কাণত পৰি আছে৷

: হমম৷ দুখ নকৰিব৷ সকলোতো আৰু মোৰ দৰে নম্ৰ, ভদ্ৰ আৰু অমায়িক নহয়৷

: হেৰৌ ফটাঢোল৷ আগতে শুনচোন৷

: কওক কওক৷

বৰুৱাই অলপ লাজ পালে৷

: বুইছনে৷ সি আজিকালি খুব ‘চেনি’ খায়৷ কলেজত তাৰ সৈতে একেটা শ্ৰেণীতে পঢ়া গংগা, যমুনা আৰু সৰস্বতীৰ লগত ওৰে দিনটো চেনি খায়৷ মহাবিদ্যালয়ৰপৰা বাছেৰে ঘৰলৈ আহি থকাৰ অৱস্থাত বাছত তাৰ ওচৰে-পাজৰে বহা চম্পা, চামেলি, ৰজনীগন্ধাৰ লগতো পুৰামাত্ৰাই চেনি খায়৷ সিমানতো তাৰ চেনি খোৱাৰ অভিযান শেষ হোৱা নাই৷ টিউছন ল’বলৈ যোৱা গোলাপ মাষ্টৰৰ ঘৰত মাষ্টৰৰ জীয়েক দুজনীৰ লগত ব্ৰহ্মপুৱাতেই কিলোৱে কিলোৱে চেনি হজম কৰে৷ ভাবিছিলোঁ, চেনি খোৱাৰ পৰম্পৰাটো তাতেই কিজানি সমাপ্ত হ’ব৷ পিচে আশাত চেঁচাপানী পৰিল৷ আজিকালি কিবা ফেঁচাৰ বুক নে বাদুলীৰ বুক কিবা এটা হেনো ওলাইছে, য’ত দেশ-বিদেশৰ নানাৰঙী বন্ধু-বান্ধৱীসকলে ৰঙ-বিৰঙী ফটো লগাই হৰেক কিছিমৰ কথাৰ মহলা মাৰে; তাতো হেনো সি কোনোবা বিদেশীনীৰ লগত হুৰা-হুৰে চেনি খায়৷ এইবোৰ দেখি-শুনি মই কালি পুৱাতেই তাক চিকিৎসকৰ কাষলৈ লৈ গৈছিলোঁ৷ বোলোঁ- আমাৰ বপুৰাই যিটো হাৰত চেনি হজম কৰিব লাগিছে, ইয়াৰ মধুমেহ-চধুমেহ ৰোগে পোৱা নাইতো ! পাইছে যদি সোনকালে কওক, তাৰ প্ৰতিকাৰৰ দিহা কৰিবৰ সময় সমাগত৷ চিকিৎসকে ফেলেককৈ হাঁহি এটা মাৰি মোক কি ক’লে জাননে, বোলে,

: আপুনি মিছা-মিছি টেনছন লৈছে৷ ইয়াৰ এইবোৰ একোৱেই হোৱা নাই৷ কলেজত পঢ়িলে এইবোৰ হয়েই৷ এইবুলি কৈ মোক বিদায় দিলে৷ কালিৰেপৰা বুজিছনে বোপা, মোৰ চকুত টোপনিৰ কোনো উপস্থিতিয়েই নাই৷ চিকিৎসকৰ কথাবোৰে মোৰ মনত আউল লগাই আছে৷ এতিয়া তয়েই এই সাঁথৰবোৰ ভাঙ৷

ককাইদেউৰ কথাখিনি শুনি বৰুৱাৰ খুব জোৰেৰে হাঁহিবলৈ মন গৈছিল৷ কিন্তু হাঁহিটো ককাইদেউৰ বাবে অপমানৰ উৎস হ’ব পাৰে৷ সেয়েহে পেটৰ পৰা তীব্ৰ গতিৰে ওলাই আহিব ধৰা হাঁহিটোক দাঁতেৰে কামুৰি পুনৰ বৰুৱাই পেটলৈ গতিয়াই খেদিলে৷ তাৰপিছত নিজকে অলপ চম্ভালি অভিজ্ঞ যুৱক বৰুৱাই ককাইদেউৰ আগত চেনি-পুৰাণখন মোকলাবলৈ ধৰিলে-

: এইবিধ চেনি আপুনি পুৱাতেই উঠি চাহৰ লগত মিলাই খোৱা চেনি বুলি ভুলতো নাভাবিব ককাইদেউ৷ যদিও দুয়োটাৰে সোৱাদ একেই, পিচে আকৃতি-প্ৰকৃতি, কাৰ্য-প্ৰণালী দুয়োটাৰে ভিন্ ভিন্৷ আপোনাৰ ভায়েকে যিবিধ চেনি অ’তদিনে হোৰা-হোৰে গিলিব লাগিছে, সেইবিধ চেনি হ’ল ল’ৰাই ছোৱালীক বা ছোৱালীয়ে ল’ৰাক আকৰ্ষণ কৰিবলৈ অন্তৰৰ কোনো অচিনাকি গহ্বৰৰ পৰা কঠোৰ অধ্যৱসায়ৰ জৰিয়তে উৎপন্ন কৰা আৰু আত্মবিশ্বাসৰ গছডালত ভেঁজা দি মুখেৰে উচ্চাৰণ কৰা নাইবা চকুৰ চাৱনিৰে ফুটাই তোলা কেতবোৰ মিঠা মিঠা বাক্যৰ আৰু অভিব্যক্তিৰ সমষ্টি৷ এইবিধ চেনি অদৃশ্য৷ ইয়াক আপুনি সপোনতো দেখা নাপায়৷ ই কেৱল অনুভৱৰহে তুল্য৷ এইবিধ চেনি আপুনি এদিন কিয়, দুদিন কিয়, এবছৰ খাই থাকিলেও পেটৰ একো অপকাৰ নহয়৷ কিন্তু এইখিনিতে এষাৰ কথা যোগ দিয়াটো নিতান্তই আৱশ্যকীয় যে-এই অদৃশ্য চেনি বিধ কাৰোবাক খোৱাবলৈ সঁচাৰ লগতে দুই-চাৰিটা মিছা কথাও মিঠাভাৱে ক’ব জানিব লাগিব৷ তেতিয়াহে আপুনি এজন পাকৈত ‘চেনিখাওঁতা’ হ’ব পাৰিব৷

: অ’ হয় নেকি! ভাল ভাল৷ ভগৱানে তোৰ মংগল কৰক!

জোলোকা-জোলোকে আৰ্শীবাদ দি নিধিৰাম ককাইদেৱে বৰুৱাৰ ওচৰৰ পৰা বিদায় মাগিলে৷

 

(২)
সেইদিনাই সন্ধ্যাবেলা৷ নিধিৰাম ককাইদেউৰ ঘৰত ভীষণ হুলস্থুল৷ চিঞৰ-বাখৰবোৰ আকাশে-বতাহে গুঞ্জৰিত হৈ বৰুৱাৰ কাণত আহি পৰিল৷ দৌৰা-দৌৰিকৈ বৰুৱা গৈ ককাইদেউৰ ঘৰ পালেগৈ৷
আধুনিকা যুৱতী এগৰাকীয়ে বোলে ককাইদেউক আজি বজাৰত ঠিকমতে লপা-থপা দিলে৷ অপদস্থৰ কাৰণটো কি, অভিযুক্তই এতিয়ালৈকে মুখ খোলা নাই৷ বৰুৱাক দেখি ককাইদেউৰ চকুহাল চমকি উঠিল৷ ঘৰৰ চুক এটালৈ বৰুৱাক টানি নিলে আৰু চকু পকাই ক’লে-

: তোৰ কাৰণেই আজি মোৰ এই দশা হ’ল৷ বজাৰত চাহ-মিঠাই খাই থাকোঁতে মোৰ সমুখৰ চকিখনত ৰূপহী গাভৰু এগৰাকী দেখি মোৰ হিয়াখন কিবা আৱেগত উথলি উঠিল আৰু মোৰো অলপ চেনি খাবলৈ মন গ’ল৷ সেয়ে মনৰ মাজতে গুণগুণাই থকা কবিতাটো তেওঁলৈ বুলি আগবঢ়াই দিলোঁ –

: চিঙৰাৰ সমান প্ৰকাণ্ড ওকনিয়ে তোমাৰ চুলিৰ মাজত ৰচিছে কি যে অপৰূপ মায়াৰে জাল!
অবোধ বালকলৈ পিঠি দি কিয় সৃষ্টি কৰিছা হে সুন্দৰী তুমি এই আবতৰীয়া আহুকাল?
সন্ধ্যাৰ এই বতাহজাক কেনেনো শুৱনি, চোৱাচোন হেৰা হৰিণী-নয়নী
তোমাৰ কোমল হাতৰ পৰশ পালেই মই হ’ম চাগে আমীৰৰ গজনি!
নকৰিবা বিমুখ মোক তুমি; হে সুন্দৰী-প্ৰাণেশ্বৰী-প্ৰিয়তমা,
সাউতকৈ আহি দুগালতে দিয়াহি টপৰ-টপৰকে কেইডজনমান চুমা৷

অ’তবোৰ চেনিসনা কথা একেবাৰে কৈ মই মোৰ মুখ জপালোঁ৷ পিচে গাভৰুগৰাকীয়ে মোৰ চেনি-প্ৰতিভা দেখি কি ভাবিলে নাজানো, পিন্ধি থকা চেন্দেলপাত খুলি লৈ মোৰ গোটেই দেহাটোকে ঠাণ্ডা দিনত মানুহে লেপ-কম্বলৰ ধূলি কোবোৱাদি কোবাবলৈ ধৰিলে৷ তাতে ক্ষান্ত নাথাকি “ইডিয়ট! ৰাস্কেল! ব্লাডি হেল” ইত্যাদি নানান বিদেশী ভাষাৰে মোক ক্ষত-বিক্ষত কৰিবলৈ লাগিল৷ এয়া চা, গালত এতিয়াও তাইৰ ছয় নম্বৰী চেণ্ডেলৰ দাগটো জিলিকি আছে৷

হয়, ইংৰাজীৰ ‘ছয়’ অংকটো ককাইদেউৰ সোঁ গালখনত ৰাজপথৰ মাজত জিলিকি থকা দ গাঁতকেইটাৰ দৰে জিলিকিব লাগিছে৷ বৰুৱাই তধা লাগি অলপপৰ চালে। পিচে বৰুৱাৰ গা নকঁপিল৷ বৰুৱা মানুহটো জন্মৰেপৰা পজিটিভ আৰু আশাবাদী৷ শুনকচোন, বৰুৱাই ককাইদেউক কি দিহা দিলে-

: ককাইদেউ৷ নেভাৰ গিভ আপ৷

: কিনো আপৰ কথা ক’লি, ভালকৈ ফুটাই ক’চোন৷

: মানে চেষ্টাৰ অসাধ্য একো নাই৷ আপুনি এটা কাম কৰক৷ ফে’চবুকত একাউণ্ট এটা খুলি লওক৷

: ফেচাৰ বুকত একাউণ্ট খুলি কি কৰিম?

: কি কৰিব নোৱাৰিব, সেইটো সোধক৷

: হেৰৌ, এনেকুৱাইনে?

: হয়৷ এনেকুৱাই৷

: পিচে মই যে এইবিধত একেবাৰে কেঁচা৷

: টেনছন লৈছে কিয়! ত্ৰিশহাজাৰটকীয়া স্মাৰ্টফোনডাল মই ডিঙিত এনেই ওলমাই থৈছোঁ নেকি?

: মই কি কৰিব লাগিব?

: একো কৰিব নালাগে৷ আপুনি মাত্ৰ মোৰ কথামতে কাম কৰি যাওক৷ এসপ্তাহতে একেবাৰে বনাই পেলাম৷ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছুদান, ইউৰোপ, জাপান আৰু আছাম-সকলোৰে কেৱল থাকিব ছুপাৰহিৰো নিধিৰাম৷

: সজ সজ৷

: সদ্যহতে আপোনাৰ একাউণ্ট খুলি দিওঁ৷ নামটো কি দিম?

: মোৰ নাম নিধিৰাম৷

: ধুৰ৷ ফে’চবুকত সেইবোৰ নাম নচলে৷ অলপ ইউনিক নাম লাগিব৷ ৰ’ব ৰ’ব-এটা নাম মনলৈ আহিছে৷

: কি বাৰু?

: বিন্দাছ অসমীয়া ডেকা৷ কেনে লাগিছে?

: অপূৰ্ব হৈছে৷

: তেন্তে আজিৰপৰা ‘বিন্দাছ অসমীয়া ডেকা’ৰ যাত্ৰা আৰম্ভ হ’ল৷

: পিছে ম’বাইলটো আছে তোৰ হাততহে৷ মই কেনেকৈ কি কৰিম!

: মই জানো আপোনাৰ নিজৰ মানুহ নহয় ! আপোনাৰ কামটোহে হ’ব লাগে৷ মোৰ ওপৰত বিশ্বাস ৰাখক৷ সব ব্যৱস্থা কৰি দিম৷ মাত্ৰ এটা কথাই মনত ৰাখিব৷

: কি কথা?

: নেভাৰ গিভ আপ৷

বৰুৱাৰ অন্তৰ গলোৱা ভাষণ শুনি নিধিৰাম ককাইদেউ আশ্বস্ত হ’ল৷ মূৰৰ চুলি চিঙি চিঙি আৰ্শীবাদ দিলে আৰু বিচনাত পৰিলগৈ৷

কাহিনীৰ পিছৰ কাহিনী-
‘নেভাৰ গিভ আপ’ৰ বাণী সুঁৱৰি সেইদিনাৰ পৰা ‘বিন্দাছ অসমীয়া ডেকা’ই এক নতুন যাত্ৰা আৰম্ভ কৰিলে৷ পিচে দুখৰ কথা- যাত্ৰাৰ মূল মানুহ নিধিৰাম বৰুৱা অসমতে থাকিল৷ যাত্ৰাৰ ৰঙ-ৰহস্যৰ পৰশ তেওঁৰ গাততো বাদেই, নখতো নপৰিল৷ সিপিনে অভিনৱ যাত্ৰাৰ হৰ্তা-কৰ্তা-বিধাতা ‘বিন্দাছ অসমীয়া ডেকা’ই জাপান, হংকং, কেলিফৰ্ণিয়া পাৰ হৈ আমষ্টাৰডম পালেগৈ৷ আজিকালি ‘বিন্দাছ অসমীয়া ডেকা’ই ৰাছিয়ান ভাষাত কবিতা লিখে৷ তেনে এটা কবিতাৰ অসমীয়া ভাষান্তৰ ঠিক এনেকুৱা-
“চীনত কৰোঁ ব্ৰেকফাষ্ট,
জাপানত কৰোঁ লান্স,
পেনপেনাই থাকিও একো লাভ নাই
নিদিওঁ কাকো চান্স৷
ৰাছিয়াত কৰোঁ সুস্বাদু ডিনাৰ
সংগী মোৰ এমেলিনা ৰেবেকা,
পুট ইউৰ হেণ্ডছ আপ ইন দি ইয়েৰ ফ’ৰ
বিন্দাছ অসমীয়া ডেকা৷
ফ’ৰ বিন্দাছ অসমীয়া ডেকা৷” চিয়েৰছ্

☆★☆★☆

6 Comments

  • Jyotirupam Dutta

    বিন্দাছ পঢ়ি হেন্দচাপ হৈ গলো!!

    Reply
  • অভিজিৎ কলিতা

    ইশানৰ লেখাৰ চোক,
    যেন দুপৰীয়াৰ ভোক,
    পেট ভৰিলেও নভৰে দেখোন,
    মনৰ কেউটা চুক।

    Reply
  • হা হা..চিয়েৰছ্

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি।

    Reply
  • Mitali Saharia

    খুব ধুনীয়া লাগিল।

    Reply
  • ৰিণ্টু

    এইবোৰ কাৰণতে ঈশানৰ জাব্ৰা ফেন মই। এক সুকীয়া আমেজ আছে তোমাৰ লিখাৰ।

    খুব ভাল লাগিল ঈশান

    Reply

Leave a Reply

Your email address will not be published.