ফটাঢোল

ন-গল্প – কিৰণ খনিকৰ

তাইৰ হাতত ধৰি ন-পুখুৰী পাৰ্কত সোমাই গলোঁ৷ জীৱনত প্ৰথমবাৰৰ বাবে পাৰ্কত সোমাইছোঁ৷ তাকো কোনোবা ছোৱালীৰ লগত! এইখিনি সময় কেৱল মোৰ আৰু প্ৰেয়সীৰ, পৰস্পৰৰে৷ কিবা এটা অবুজ শিহৰণে জোঁকাৰি গ’ল সমগ্ৰ শৰীৰ৷ মাজত পুখুৰীটো লৈ অতিকায় ন-পুখুৰী পাৰ্কখন৷ কেওফালে নানা তৰহৰ ফুল আৰু বিৰিখে মনটো শাঁত পেলায় দিয়ে৷ পৃথিৱীৰ জীৱনবোধৰ সমস্ত চিন্তা তোৰণৰ বাহিৰতে এৰি প্ৰেমৰ মায়াজাল গাঁথিবলৈ সোমাছোঁ এই পাৰ্কত৷ পুখুৰীটোৰ পাৰে পাৰে দুপাক ঘূৰিলোঁ, নাই! ক’তো সূচল ঠাই এডোখৰ নাই দুয়ো ভালদৰে বহিবলৈ৷ সকলোবোৰ ঠাই ইতিপূৰ্বেই লেইলা-মনজুৱে অধিকাৰ কৰিলেই! কি কৰা যায়!! কি কৰা যায়!!

অৱশেষত এডোখৰ নিৰ্জন ঠাই চকুত পৰিল৷ বৃহৎ জৰীজোপাৰ আঁৰত সেইডোখৰ বৰ মনোৰম৷ কিন্তু এইহেন মনোৰম ঠাইডোখৰ লেইলাহঁতৰপৰা বাদ পৰি থাকিল কিয়??  হেইৎ, কি যে চিন্তাবোৰ! প্ৰেমালাপ কৰিবলৈ আহি কিবোৰ যে ভাবি আছোঁহি!! পুখুৰীৰ পাৰটোলৈ পিঠি দি,  জৰীজোপা সন্মুখত লৈ দুয়ো বহি পৰিলোঁ তলত থকা সৰু পকী বেঞ্চখনিত৷ জীৱনত প্ৰথম বাৰৰ বাবে এগৰাকী নাৰীক ইমান কাষৰ পৰা পাইছোঁ৷ বুকুৰ ভিতৰত ৰজতহঁতৰ ধানবনা মেছিনটোৰ দৰে হাজাৰটা মেছিনৰ শব্দ.. ৷ ধপ্-ধপ্, ধপ্-ধপ্, ধপ্-ধপ্..৷ আমাৰ মাজত কিছুপৰ নিৰৱতা….

—“ নী…”

— “হুঁ…”

—“ কোৱা আকৌ…”

— “কি ক’ম ?”

— “কি ক’ব বিচাৰা তুমি ?”

— “নাজানোঁ..”

দুয়োৰে মাজত এহাতমান ব্যৱধান৷ কাষ চাপি বহিলোঁ এইবেলি, বুকুখন তিনিহাতমান ডাঠ কৰি৷ তাই হাতত লৈ থকা চিপচৰ পেকেট ফালিবলৈ লাগিল৷ মোৰ চকু গ’ল কিছুদূৰৈত অৰ্ধ-অসংযত অৱস্থাত থকা সেই লেইলা-মনজু হাললৈ৷ প্ৰেম মানেই শৰীৰ নেকি?  প্ৰেমত আত্মাৰ তথা মনৰ গুৰুত্ব কিমান?  যদি তোৰো মনে গ’লে মোৰো মনে গ’লেই প্ৰেম হয়, তেনেহ’লে এইবোৰ কিয়??

— “মনে মনে থাকিলা যে ? “

হঠাতে বাস্তৱলৈ ঘূৰি আহিলোঁ তাইৰ মাতত৷ তাইৰ মুখলৈ চাই বহি আছোঁ থমথম মদন গোপাল হৈ৷ কি ক’ম ভাবি পোৱা নাই৷ অতদিনৰে পৰা ক’ম ক’ম বুলি সাঁচি ৰখা কথাবোৰচোন শুকাই কৰাল মাৰিলে! এবাৰ চুৰকৈ চাওঁ সেই লেইলা-মনজু হাললৈ,  এবাৰ তাইৰ মুখলৈ৷ ভাৱবোৰ খেলি-মেলি, মেলি-খেলি হৈ পৰিল! এবাৰ পটককৈ চকু পৰিল সেই ওখ বস্তুটোলৈ৷ কি বস্তু এইটো?  মোৰ ঠিক বুকুৰ সমান উচ্চতাত থকা এইটো কি বস্তু হ’ব পাৰে?  ইমান নিপোটল!!

—“ কি চাইছা তেনেকৈ?  মোৰ চকুলৈ চোৱা৷ লাজ নালাগে নেকি কিবা!“

নাই, তাইৰ চকুলৈ মোৰ চাবলৈ আহৰি নাই৷ মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু সেই ওখ বস্তুটো৷ বৰ হেঁপাহ জাগিছে সেইটো চুই চাবলৈ৷ কি হয় এইটো?  চাওঁনেকি এবাৰ চুই?  চাওঁ নেকি চুই আমাৰ দুয়োৰে বাদে পৃথিৱীৰ আন কোনেও গম নোপোৱাকৈ? অৱশেষত বুকুখন আৰু এহাতমান,  মুঠ চাৰিহাতমান ডাঠ কৰি ঠিৰাং কৰিলোঁ চুই চাম এইটো৷ পৃথিৱী ধ্বংস হয় যদিও হওক এইটো স্পৰ্শ কৰাৰ বাবে! লাহেকৈ থিয় হৈ বস্তটোৰ ফালে হাতখন আগবঢ়াই দিলোঁ৷ লাহেকৈ স্পৰ্শ কৰিলোঁ সেই নিপোটল ওখ বস্তটো ৷

—“ হেই.. হেই.. কি কৰা! কি কৰা! নুচুবা না… মই জানিছিলোঁৱেই তুমি এইটো কৰিবা বুলি..।“

ভয়াতুৰ হৰিণীৰ দৰে প্ৰেয়সী মোৰ কাষৰ পৰা উঠি দৌৰ মাৰিলে৷

ভঁঅঁঅঁঅঁঅঅঁঅঁঅ….. হঠাৎ যেন পৃথিৱীখনৰ সমগ্ৰ গাড়ী-মটৰৰ হৰ্ণসোপা মোৰ কাণত বাজিবলৈ ধৰিলে৷ আৰে!! জৰীজোপাত এইটোচোন টেকেলী কদোৰ বাহ!! ইমান লোভনীয় মৃসনকৈ বনাইছে!! ততেই ধৰিব নোৱাৰি৷ হেইৎ তেৰি!! অ’ সেয়েহে চাগৈ এইডোখৰ ঠাই লেইলা-মজনুহঁতে বৰ্জন কৰি থৈছে!! চিৰিবিষ্টু.. চিৰিবিষ্টু..!! ময়ো ভিৰাই দৌৰ মাৰিলোঁ প্ৰেয়সীৰ পিচে পিচে৷ কিন্তু তাই কেনেকৈ জানিলে কদো বাহটোৰ কথা?  নে আন কাৰোবাৰ লগতো ইয়াত তাই… হেইৎ তেৰি!!

☆★☆★☆

 

6 Comments

  • চিৰিবিষ্টু — চিৰিবিষ্টু।
    সুন্দৰ

    Reply
    • কিৰণ খনিকৰ

      ধন্যবাদ আপোনালৈ

      Reply
  • হেমন্ত কাকতি

    বাপৰে! মই আকৌ কিবা বুলিহে… ভাবিলো! ধেত তেৰি!
    ভাল লাগিল চাচপেঞ্চ টো!

    Reply
    • কিৰণ খনিকৰ

      ধন্যবাদ আপোনালৈ ৷

      Reply
  • Tamaswini boruah

    সুন্দৰ..কৌতুহলত এ গল কাহিনীটো শেষত গমপালোঁ কন্দুবাহৰ কথা কলে..

    Reply
    • কিৰণ খনিকৰ

      ধন্যবাদ আপোনালৈ

      Reply

Leave a Reply

Your email address will not be published.