ফটাঢোল

ন-পঢ়ুৱৈৰ দৃষ্টিভংগীত বেজবৰুৱা – হোমেন বৰগোহাঞি

আজি কেইবছৰমান আগতে গুৱাহাটীৰ নবীন বৰদলৈ হলৰ চোতালত অনুষ্ঠিত বেজবৰুৱা স্মৃতিসভা এখনত থিয় হৈ,অসমীয়া সাহিত্যৰ কৃতবিদ্য অধ্যাপক এজনে ঘোষণা কৰিছিল যে,আজিলৈকে অসমীয়া সাহিত্যত বেজবৰুৱা যুগেই চলি আছে৷”বেজবৰুৱা যুগ এতিয়াও শেষ হোৱা নাই”:এই কথা কোৱাৰ অৰ্থ এয়েই যে,এতিয়ালৈকে অসমীয়া সাহিত্যত সামন্ত-যুগীয় মনোভাৱ অতীতৰ প্ৰতি নিৰ্বিচাৰ অন্ধ মোহ আৰু ঠেক জাতীয়তাবাদৰ শেষ হোৱা নাই৷তাৰ অৰ্থ এয়েই যে অসমীয়া সাহিত্য এটা মৰা সুঁতিত পৰিণত হৈছে;যোৱা প্ৰায় একুৰি বছৰৰ বিশ্ব-ৰাজনীতিত উখল-মাখল লগোৱা বিৰাট অভিজ্ঞতাবোৰ,দ্বিতীয় বিশ্বযুদ্ধ,এচিয়া-আফ্ৰিকাত ঔপনিবেশিকতাৰ অৱসান,নতুন নতুন ৰাষ্ট্ৰীয় অভিব্যক্তি আৰু মানুহৰ চিন্তাক ন সাঁচত ঢালি গঢ় দিয়া আধুনিকতম বৈজ্ঞানিক সিদ্ধান্ত,এইবোৰৰ একোটোৱেই অসমীয়া সাহিত্যক স্পৰ্শ কৰিব পৰা নাই৷এনে মত পোষণ কৰাটো অবৈজ্ঞানিক মনোভাৱৰ চিনাকি৷ই জানি-শুনি বুৰঞ্জীক বিকৃত কৰাৰ প্ৰয়াস৷

অসমীয়া সাহিত্যত নতুন যুগৰ আৰম্ভ হৈছে৷আঞ্চলিক বিশেষত্ববোৰ বাদ দি, সমসাময়িক অন্যান্য সাহিত্যৰ পৰা আমাৰ সাহিত্যৰ এই নতুন যুগটোৰ লক্ষণবোৰ বৰ বেছি বেলেগ নহয়৷”ৰামধেনু”ৰ পাতত ঘোষণা কৰা “আৰ্ন্তজাতিকতা,সামাজিক ন্যায় আৰু গণতন্ত্ৰই ন-লিখকৰ মুখ্য সাহিত্যিক আদৰ্শ৷নতুন বৈজ্ঞানিক আৰু দাৰ্শনিক সিদ্ধান্ত সমূহৰ পোহৰত ব্যক্তি আৰু বিশ্বৰ সম্পৰ্ক নতুনকৈ বিচাৰ কৰিবলগীয়া হোৱাত, আধুনিক লিখকৰ পথ খুৰৰ ধাৰৰ দৰে দুৰ্গম; বিজ্ঞান,দৰ্শন আৰু ৰাজনীতিৰ মাজৰ ঐক্য সূত্ৰ আৱিষ্কাৰ কৰি নতুন পটভূমিত সামাজিক সমস্যাবিলাক বিচাৰ কৰিবলগীয়া হোৱাত,আজিৰ সাহিত্যত ফোঁপোলা উচ্ছাসৰ ঠাই নাই৷এইখিনি কথা মনত নেৰাখিলে বেজবৰুৱা যুগৰে প্ৰকৃত ঐতিহাসিক বিচাৰ সম্ভৱ নহয়৷সাহিত্যত যুগ-বিভাগ কৰোতে পৌত্তলিক মনোভাৱৰ দাস হৈ ঐতিহাসিক বিৱৰ্ত্তনৰ প্ৰতি চকু নেৰাখিলে কাৰো প্ৰতি সুবিচাৰ কৰা নহয়৷

বেজবৰুৱা অসমীয়া সাহিত্যৰ যুগ-প্ৰৱৰ্ত্তক পুৰুষ৷অসমীয়া সাহিত্যক বৰ্ত্তমানৰ ৰূপ দিয়াত তেওঁৰ দান অসামান্য৷বেজবৰুৱা আছিল একাধাৰে কবি,নাট্যকাৰ,সমালোচক,
ব্যংগ-লেখক,ঔপন্যাসিক আৰু চুটি গল্প লিখক৷তেওঁৰ বহুমুখী প্ৰতিভাক স্বীকাৰ কৰিও,ড:জনচনে গোল্ডস্মিথৰ বিষয়ে কোৱাৰ দৰে He aborned whatever he touched.বুলি বেজবৰুৱাৰ বিষয়ে ক’বলৈ উপায় নাই৷ সাহিত্যৰ কেইটামান বিভাগত তেওঁ হাত দিছিল কোনো মহৎ শিল্প প্ৰেৰণাত নহয়,সেই সময়ৰ অসমীয়া সাহিত্যক পৰিৱেশৰ প্ৰয়োজনৰ তাগিদাতহে!গতিকে তেওঁৰ কিছুমান লিখাৰ বিচাৰ এই মাপ-কাঠীৰেই কৰিব লাগিব৷ অসমৰ মধ্যযুগৰ সাহিত্য,বিশেষকৈ সেইসময়ৰ আধ্যাত্মিক চিন্তা আৰু ধৰ্ম্ম-আন্দোলন সম্পৰ্কে সমসাময়িক কালৰ বৈজ্ঞানিক কৌতূহল জাগ্ৰত কৰি তোলাটো লিখক হিচাপে তেওঁৰ ঘাই কীৰ্ত্তি৷ এই বিষয়ত তেওঁ পথ প্ৰদৰ্শক৷ আধুনিক ধৰণৰ চুটি গল্প ৰচনাৰ বাট মুকলি কৰাটো তেওঁৰ দ্বিতীয় ঘাই কীৰ্ত্তি৷এই বিষয়ত তেওঁ ছেগা-চোৰোকাকৈ সৃষ্টিশীল প্ৰতিভাৰো পৰিচয় দি গৈছে৷বেজবৰুৱাৰ সবাতোকৈ উজ্জ্বল পৰিচয় হ’ল (সৰ্ব্বসাধাৰণ পাঠকৰ কাৰণে)ব্যংগ লেখক হিচাপে৷ব্যংগ লেখক হিচাপে,এটা বহল পাঠক-সমাজ সৃষ্টি কৰাত আৰু লগতে সাহিত্যৰ এটা আৱশ্যকীয় বিভাগ পূৰ কৰাত তেওঁ উল্লেখযোগ্য দান দি গৈছে৷

বেজবৰুৱাই যুগৰ প্ৰয়োজন পূৰ কৰিছিল৷ কিন্তু তেওঁ যুগোত্তীৰ্ণ লিখক নহয়৷তেওঁৰ পৰা মাত্ৰ কুৰিটা বছৰহে আমি ভটিয়াই আহিছো৷স্বদেশ আৰু মাতৃ-ভাষাৰ প্ৰতি তেওঁৰ গভীৰ ভাল পোৱাৰ কথা স্মৰণ কৰি কৃতজ্ঞতা আৰু আৱেগত আমাৰ দৃষ্টি আচ্ছন্ন হৈ আহে৷ এনে অৱস্থাত তেওঁৰ সাহিত্যৰ মোহ-মুক্ত বিচাৰ কৰা আমাৰ বহুতৰ পক্ষে সম্ভৱ নহ’বও পাৰে কিন্তু আৰু কেইকুৰিমান বছৰ পাৰ হৈ গ’লে আৰু আবেগৰ প্ৰাথমিক উচ্ছ্বাসটো কমি আহিলে,ভৱিষ্যতৰ সমালোচকে হয়তো তেওঁৰ প্ৰতি সুবিচাৰ কৰিব৷ ব্যক্তি হিচাপে বেজবৰুৱা অসমীয়া সাহিত্যৰ বুৰঞ্জীত অমৰ৷ অসমীয়া সাহিত্যৰ এটা অতি সংকটপূৰ্ণ মুহুৰ্ত্তত তেওঁ এই সাহিত্যক সকলোফালে ফলৱান কৰি তুলিবলৈ যিখিনি কাম কৰিলে, সেই কথা অসমীয়াই কেতিয়াও নেপাহৰে৷কিন্তু সাহিত্যিক হিচাপে তেওঁৰ নাম জীয়াই থাকিব কেৱল মাত্ৰ পথ প্ৰদৰ্শক ৰূপেহে,যুগোত্তীৰ্ণ শিল্পী হিচাপে নহয়৷

সাম্প্ৰতিক অসমীয়া সাহিত্যত বেজবৰুৱা এটা Living Force নহয়৷ তাৰ ঘাই কাৰণ হ’ল যি আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈ বেজবৰুৱাই সাহিত্য-ৰচনাত হাত দিছিল,সেই আদৰ্শৰ ঐতিহাসিক প্ৰয়োজন শেষ হৈছে৷বেজবৰুৱাৰ ঠেক জাতিয়তাবাদ আজিৰ যুগত গ্ৰহণযোগ্য নহয়৷তেওঁৰ আদৰ্শ অসম বা আদৰ্শ-ভাৰতবৰ্ষৰ স্বপ্ন আছিল পুনৰুত্থানবাদীৰ স্বপ্ন৷ অতীত বুৰঞ্জীৰ দাৰ্শনিক আৰু সামাজিক তাৎপৰ্য্যক নতুন যুগৰ আদৰ্শ অৱস্থাৰ লগত খাপ খুৱাই লোৱা বা তাৰ কালোপযোগী ব্যাখ্যা কৰাৰ জোখাৰে তেওঁৰ মানসিক নমনীয়তা,প্ৰতিভা বা দূৰদৃষ্টি নাছিল৷ গতিকে তেওঁ যেতিয়া “জয় আই অসম” বুলি কিৰিলি পাৰি উঠে,তেতিয়া সেই উচ্ছ্বাসময় সংগীতৰ মাজত আমি কোনো কাৰ্যকৰী প্ৰেৰণা বিচাৰি নেপাওঁ, পাওঁ মাত্ৰ এটা অস্থিৰ আৱেগ৷ অৱশ্যে মহৎ তাৰ আবেদন৷ নাটকৰ চৰিত্ৰবোৰৰ ৰূপায়ণত অথবা নানা গীত-মাতৰ মাজেদি তেওঁৰ সামন্ত-যুগ-সুলভ মনোভাৱ প্ৰকট হৈ উঠে৷ বেজবৰুৱাৰ দৃষ্টি আছিল অতীতৰ ফালে,ভৱিষ্যতৰ ফালে নহয়,সেই কাৰণে,তেওঁ তেতিয়া আমাক আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনায়,সেই সেই আহ্বানৰ উদাত্ত ছন্দত আমি পুলকিত হৈ উঠো,কিন্তু পথৰ সন্ধান নেপাওঁ অথবা ভুল পথৰ সন্ধান পাওঁ৷

অসমীয়া সমাজৰ কানি খোৱা কু-অভ্যাসৰ পৰা আৰম্ভ কৰি উচ্চ-নীচ জাত-বিচাৰ, ধৰ্ম-গুৰুসকলৰ আধ্যাত্মিক পতন, অসমীয়া সমাজৰ সাহিত্য-চৰ্চ্চাৰ প্ৰতি অমনোযোগিতা আদি এশ এটা ক্ৰু‌টিৰ বিপক্ষে বেজবৰুৱাই তেওঁৰ শানিত ব্যংগ প্ৰয়োগ কৰিছিল৷ কিন্তু তেওঁ এইবিলাক সমস্যা বিচাৰ কৰিছিল আৰু সামাজিক আৰু ঐতিহাসিক পৰিপ্ৰেক্ষিতৰ পৰা বিচ্ছিন্ন কৰি৷মূল সমস্যাৰ গভীৰত প্ৰৱেশ কৰিবৰ জোখাৰে অৰ্ন্তদৃষ্টি তেওঁৰ নাছিল৷ অনেক সময়ত তেওঁ অজ্ঞ চিকিৎসকৰ দৰে কাম কৰিছিল৷ব্যাধিৰ মূল কাৰণ বিচাৰ নকৰাকৈ অথবা ৰোগীৰ পথ্যাপথ্যৰ নিৰ্দ্দেশ নিদি তেওঁ মাত্ৰ ঔষধ সেৱন কৰোৱাতেই ব্যস্ত আছিল৷মনত ৰাখিব লাগিব যে অসমৰ পৰা কানি বৰ-বিহ উচ্ছেদ হৈছিল বেজবৰুৱাৰ লিখনীৰ জোৰত নহয়,কংগ্ৰেছ আন্দোলনৰ জোৰতহে৷গান্ধীৰ এষাৰ কথাই বেজবৰুৱাৰ কানি-সম্পৰ্কীয় আটাইবোৰ ব্যংগ আক্ৰমণতকৈ হেজাৰ গুণে বেছি কাম কৰিছিল৷ সেইদৰে উচ্চ-নীচ জাত বিচাৰো আমাৰ সমাজৰ পৰা লাহে লাহে উঠি গৈছে শিক্ষিত মহলত চেকুলাৰ মনোভাবৰ প্ৰসাৰ আৰু এটা নতুন সমাজ ব্যৱস্থাৰ ফলত,–যি সমাজ-ব্যৱস্থা স্থাপনৰ কাৰণে বেজবৰুৱাই উৎসাহ দেখুৱা নাছিল৷ ভাৰতৰ জাতীয় আন্দোলনৰ প্ৰতি তেওঁৰ সহানুভূতিৰ অভাবো তেওঁৰ ইতিহাস-বোধৰ অভাৱৰ চিনাকি৷

এজন সমালোচকে ঠিকেই কৈছে যে বেজবৰুৱাৰ প্ৰতিভা আছিল সমালোচনাধৰ্ম্মী,সৃষ্টিধৰ্ম্মী নহয়৷কিন্তু তেওঁৰ সমালোচনাই আছিল বাহিৰত চালে-বেৰে কোবোৱাৰ নিচিনা৷মানৱ-মনৰ গভীৰত প্ৰৱেশ কৰিবলৈ বা সামাজিক সমস্যাবোৰৰ ঐতিহাসিক পটভূমিত বৈজ্ঞানিক অনিসন্ধিৎসাৰ পোহৰ পেলাবলৈ তেওঁৰ ধৈৰ্য্য আৰু ক্ষমতা দুয়োটাৰে অভাব আছিল৷

অনেক সময়ত contentৰ কথা বাদ দি অকল formৰ ফালৰ পৰা বেজবৰুৱাৰ লিখনিৰ অৰ্থাৎ তেওঁৰ ৰচনা-শৈলীৰ উচ্চ প্ৰশংসা কৰা হয়!এই প্ৰশংসা তেওঁৰ প্ৰাপ্য৷ আধুনিক যুগৰ অসমীয়া গদ্য-ৰচনাত কেৱল মাত্ৰ বেজবৰুৱাই এটা স্বকীয় ৰচনা-ৰীতিৰ উদ্ভাৱন কৰিছিল আৰু অক্লান্ত অনুশীলনৰ দ্বাৰা সেই ৰীতিক বহুতখিনি পূৰ্ণতা দিছিল৷সংস্কৃতৰ প্ৰভাৱ-মুক্ত কেৱল মাত্ৰ অসমীয়া ঘৰুৱা মাত-কথাৰ মাজত লুকাই থকা প্ৰকাশিকা শক্তিখিনি তেওঁ নিপুণ প্ৰয়োগৰ দ্বাৰাই বাহিৰলৈ উলিয়াই দেখুৱাইছিল৷ সামাজিক বাস্তৱবাদ অনুসৰণ কৰা ন-লিখকৰ পক্ষে বেজবৰুৱাৰ পৰা এই বিষয়ত শিকিবলগীয়া বহুত আছে৷ কিন্তু বেজবৰুৱাৰ ৰচনা-ৰীতি সম্পূৰ্ণ নিৰ্দোষ বা ক্ৰূটিশূন্য নহয়৷ তেওঁৰ কাপৰ আগেদি যেতিয়া শব্দৰ প্ৰস্ৰৱণ হয়,তেতিয়া তাক ভেটা দিয়া স্বয়ং লিখকৰ পক্ষেই অসাধ্য হৈ পৰে৷ অনেক সময়ত তেওঁৰ ৰচনা পঢ়ি হেমলেটৰ দৰে অনুভৱ হ’ব পাৰে যে ই কেৱল মাত্ৰ Words, words and words.তেওঁৰ হাস্যৰস সৃষ্টিৰ চেষ্টাই বহুত সময়ত শালীনতাৰ সীমা অতিক্ৰম কৰে৷ই লিখকৰ শিল্পনিষ্ঠা আৰু সংযমৰ অভাৱ৷ এই শিল্প-নিষ্ঠাৰ অভাবেই পৃথিৱীৰ বহুতো প্ৰতিভাশালী লোকৰ সাহিত্য সাধনা বিফল কৰি তুলিছে৷ শেষত আকৌ কওঁ, অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ দান অসামান্য;কিন্তু সেইদান এটা বিসেষ যুগৰ গণ্ডীত আৱদ্ধ৷সাহিত্যৰ বুৰঞ্জীত তেওঁ অমৰ;কিন্তু সাহিত্যত বা সৃষ্টিশীল শিল্পীৰ চেতনাত তেওঁ অমৰ নহয়৷ ষ্টিফেন স্পেন্দাৰে শ্যেলীৰ বিষয়ে লিখা প্ৰবন্ধ এটিত লিখকসকলক ঘাইকৈ দুটা ভাগত ভাগ কৰিছিল: Great writer আৰু Important writer.আমিও সেই জাত-বিভাগকে মানি বেজবৰুৱাৰ বিষয়ে ক’ব খোজো যে তেওঁ নি:সন্দেহে এজন Important লিখক, হয়তো আমি ভবাতকৈ বেছি Important;কিন্তু তেওঁ Great writer নহয়৷ ই অতি পৰিতাপৰ কথা যে সেই Greatnessৰ সাধনাৰ চিন আধুনিক অসমীয়া সাহিত্যত আজিলৈকে আমি দেখা নাই৷

(অসমীয়া সাহিত্যৰ মহীৰূহ শ্ৰদ্ধেয় হোমেন বৰগোহাঞি চাৰৰ অনুমতি সাপেক্ষে তেওঁৰ “ৰামধেনু ৯ম বছৰ ১২ শ সংখ্যাত” প্ৰকাশ হোৱা লেখাটি অসমীয়া হাস্য-ব্যংগ ই- আলোচনী “ফটাঢোল”ৰ বাবে অসমীয়া ইউনিক’ড কৰি  আগবঢ়োৱা হ’ল৷)

☆★☆★☆

2 Comments

  • Manash Saikia

    সুন্দৰ পৰ্যালোচনা৷

    Reply
  • Rintumoni Dutta

    আগতে পঢ়া নাছিলো। ভাল লাগিল পঢ়ি।

    ফটাঢোলৰ ই-আলোচনীত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে চাৰলৈ অশেষ ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.