ফটাঢোল

পঞ্চখাদক– ঈশান জ্যোতি বৰা

(১)
প্ৰথম খাদক
নাম: আলোড়ন বৰুৱা
বয়স: সোতৰ
বৃত্তি: ছাত্ৰ
খাদ্য: তেজ

যেতিয়ালৈকে সূৰুযৰ ফট্‌ফটীয়া পোহৰে নিত্যানন্দ বৰুৱাৰ ঘৰৰ আগচোতাল নুছুৱেহি, যেতিয়ালৈকে ঘৰগৃহিণী অৰ্থাৎ নিত্যানন্দ বৰুৱাৰ একমাত্ৰ পত্নী প্ৰতিভা বৰুৱাৰ অন্তহীন পুত্ৰবিৰোধী আস্ফালনে ওচৰ-চুবুৰীয়াৰ কাণ-মূৰ ঘেলঘেলীয়া কৰি নিদিয়েহি,আৰু যেতিয়ালৈকে তাৰ মৰমৰ প্ৰেমিক চৰাই প্ৰিয়াৰ পৰা অহা ফোনকলৰ সংখ্যাই ত্ৰিশৰ পৱিত্ৰ ঘৰত পদধূলা নেপেলায়হি,তেতিয়ালৈকে আলোড়ন বৰুৱাৰ চকুহালে বাহিৰৰ পোহৰ আৱিষ্কাৰ নকৰে৷

আহ্! টোপনিৰ কি যে মধুৰ,অমৃতময় আৱেশ! সুখনিদ্ৰাৰ যে কি এক পৰম,আকুল অনুভূতি! আৰু কিবা লাগেনে মানুহক? উহহু..নেলাগে৷ একোৱেই নেলাগে৷ সেয়েহে টোপনিৰ নৈসৰ্গিক আমেজত বিচনাতে ইকাতি-সিকাতি কৰি আছে আলোড়নে৷ পিছে…হঠাতে তাৰ ভোকটোৱে খুন্দা মাৰি ধৰিলে৷
“অ’হ মোৰ দেখোন ভোক লাগিছে৷ আই এম ছ’ হাংগ্ৰি!”

সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিনায়েই আলোড়নে গাখীৰ এগিলাচ খাইছিল; তিনিটা বিষয়ত লেটাৰ পোৱা কাৰণে পুত্ৰধনক মাকে বৰ আদৰ-সাদৰকৈ এগিলাচ বিশুদ্ধ গাখীৰ খোৱাইছিল৷ সেয়াই আছিল গাখীৰৰ লগত তাৰ শেষ দেখা৷ তাৰপিছত কত দিবা, কত নৈশ পাৰ হৈ গ’ল-গাখীৰ, চেনি, চাহপাতৰ লগত তাৰ পুনৰ সংযোগ স্থাপন নহ’ল! পঢ়ি থকা কালত পকেটত বিস্কুট-পিঠা ভৰাই ক্ষুধা নিবাৰণ কৰা আলোড়ন বৰুৱাজন এতিয়া ইতিহাসৰ পাতত৷ বজাৰত আজিকালি গাখীৰ-বাটাৰতকৈও অধিক খাদ্যপ্ৰাণযুক্ত বলশালী খাদ্য উপলব্ধ৷ বৰুৱাৰ উদাৰ চকু সেইবোৰতহে এতিয়া নিবদ্ধ৷

“বৰ ভোক লাগিছে৷ অ গ’ড!!”-ভোকত আলোড়ন বৰুৱা ব্যাকুল-উত্ৰাৱল হৈ উঠিছে৷ কি কৰে এতিয়া! ত্ৰিশটা খোজ কাঢ়ি পাকঘৰলৈ উঠি যোৱাটোও বৰ প্ৰত্যাহ্বানজনক হৈ উঠিছে৷ আগনিশা পান কৰা মদিৰাৰ সুপ্ৰভাৱত ভৰি-হাত এতিয়াও বাক্‌স্তব্ধ, গতিশূন্য হৈ পৰি আছে৷ লৰচৰ কৰে কেনেকৈ!
তেনেতে পেণ্টৰ পিছ পকেটত আলোড়নৰ আঙুলিৰ পৰশ পৰিল৷ বৰ আলোড়নকাৰী কথা দেখোন! তীক্ষ্ণ সংবেদনশীল ল’ৰাজনে অনুমান কৰি বুজিলে-হয়৷ সিয়েই হয়৷ পকেটত সেয়া কমলা পছন্দৰ(সংক্ষিপ্ত প্ৰকাশঃকে.পি.) অৱশেষ৷ গাঁতত সোমাই যোৱা সাপৰ দৰে আলোড়ন বৰুৱাই ততালিকে হাতখন পিছ পকেটত সুমুৱাই নিলে আৰু পাঁচ-ছয় মিলিগ্ৰামমান কেপি উদ্ধাৰ কৰি ওঁঠৰ সমুখলৈ ওভতি আহিল৷
“লাভ ইউ ছ’ মাচ্ছ”

কেপি দুটুকুৰালৈ চাই বৰ আৱেগিক হৈ পৰিল আলোড়ন৷ অলপপৰ তেনেকৈয়ে সি লিৰিকি-বিদাৰি থাকিল-যেন সেয়া দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰেছিডেণ্টে পঠিওৱা খাঁটি সোণৰ টুকুৰাহে! তাৰপিছত এক তৰ্কাতীত বিচক্ষণতাৰে আলোড়নে পৰম সুস্বাদু খাদ্যকণাকেইটি মুখত সুমুৱাই ল’লে৷ ৱাহ্ ! কি অপূৰ্ব তৃপ্তি! কি মেম’ৰেবল টেষ্ট! আছেনে? আছেনে ক’ৰবাত এনে মধুময় সোৱাদ! নাই, নাই৷ ক’তোৱেই নাই৷
“ওৱাক থু! ধুই কটা!!”

হঠাতে জানো কি হ’ল, বাক্‌স্তব্ধতাক পৰাভূত কৰি আলোড়ন বৰুৱাৰ ভৰিহালে অভূতপূৰ্ব স্বাচ্ছন্দ্যৰে ডাইনিং হললৈ লৰ মাৰিলে৷ গৈ একেবাৰে সি বেচিনটোৰ সমুখতহে ৰ’লগৈ৷ তাৰপিছত মুখত গোটাই ৰখা সুস্বাদু খাদ্যকণাবোৰ আলোড়ন বৰুৱাই “ওৱাক থু-ওৱাক থু” শীৰ্ষক আৰ্তনাদেৰে এটা-এটাকৈ নিক্ষেপ কৰিবলৈ ধৰিলে৷ কথাটোনো কি! অন্যতম প্ৰিয় খাদ্যটোও আজি তাৰ শত্ৰু হৈ পৰিল নেকি?

: হেৰৌ কি হ’ল? ৰাতিপুৱাই খেক্‌খেকাই আছ কিয়?

মাকে উধাতু খাই, বিস্ময়ত হতবাক হৈ ল’ৰি আহিল৷

: পকেটতে পোক কেইটামান মৰি আছিল৷ ভুলতে তাকেই খাই দিলোঁ৷

: মৰিবি, তই মৰিবি৷ বেছিদিন নাই আৰু৷

: ৰাতিপুৱাতেই আৰম্ভ কৰিলি নে! তহঁতৰ পৰা শান্তি নাই আৰু!

আলোড়নৰ প্ৰতিবাদী কণ্ঠ গৰজি উঠিল৷ হয়েতো, এনেহেন সংকটৰ কালতো মাকজনীয়ে অভিশাপ দিবলৈ এৰা নাই! এনে নিৰ্দয়ী মাক!

: শান্তি! জীয়াই থাকোঁতেই মাৰ-বাপেৰৰ মূৰ খালি, তেজ খালি৷ তাৰপিছত আৰু শান্তি লাগে?

মাকে আলোড়নৰ বুৰঞ্জীখন মোকলাই ক’লে৷

: সেইবোৰ কথা মোৰ ওচৰত পেক্‌পেকাই নাথাকিবি৷ অহা মাহত মই ৰয়েল এনফিল্ড কিনিম৷ বুঢ়াক ক’বি-মোক টকা এক লাখ লাগে৷

: হয়নে? আছে নহয় বাপেৰৰ টকাৰ গছজোপা৷ লৰাই দিলেই সৰি পৰিব! বাইক লাগে তাক!

: কি ক’লি !! বাইক নিদিৱ !!

মাক প্ৰতিভা বৰুৱাৰ মুখৰ এই মৰ্মন্তুদ বাক্যবাণে বোধহয় আলোড়ন বৰুৱাৰ কলিজা কঁপাই তুলিলে৷ ফেঁটিসাপডালৰ দৰে মানুহটোৱে অলপপৰ ফণা মেলি থাকিল৷ তাৰপিছত টিঙিৰি-তুলা আলোড়নে টেবুলত থকা চিচাৰ গিলাচটো পৰ্বতসম জোৰেৰে বেৰলৈ দলিয়াই দিলে৷ মুহূৰ্ততে গিলাচ ভাঙি চূৰ্ণ-বিচূৰ্ণ! কাঁচৰ সুতীক্ষ্ণ টুকুৰা এটা উৰি গৈ দুৱাৰডলিতে থিয় হৈ থকা মাকৰ কপালতো দাগ এটা বঢ়ালেগৈ৷ দেখা গ’ল, বগা কপালখনৰ সোঁমাজত তেজৰ সৰু নিজৰা এটি৷

: হেৰি, চাওকহিচোন! এই তেজখোৱাই মোক আজি মাৰিহে এৰিব৷ হেৰি, শুনিছেনে! ক’ত আছে হেৰি?

ঘটনাৰ আকস্মিকতাত পাভলুটি খাই ঠাইতে বহি পৰিল প্ৰতিভা বৰুৱা৷ চিঞৰ শুনি আগফালে কাকত পঢ়ি থকা নিত্যানন্দ বৰুৱা বিম্বাশৱদে লৱৰি আহিল৷ আহি দেখে-ঘটনা বিস্ময়কৰ! মানুহজনীয়ে মূৰে-কপালে হাতখন দি ঠিক বজ্ৰাহত হোৱা মানুহৰ দৰে বহি আছে৷ ততাতৈয়াকৈ অৰ্ধচেতন মানুহজনীৰ মূৰটো তেওঁ কোলাত তুলি ল’লে৷ তাৰপিছত অপৰাধীৰ সন্ধানত ইফালে-সিফালে চাৰিওচুক চালে, নাই -কোনো নাই৷ এই ল’ৰাটো ক’লৈ গ’ল? এই তেজখোৱাটো?
‘তেজখোৱা’ আলোড়ন বৰুৱা তেতিয়া স্নানাগাৰত৷

(২)
দ্বিতীয় খাদক
নাম: উচ্চাকাংক্ষা চহৰীয়া
বয়স: সাতত্ৰিশ
বৃত্তি: অভিভাৱক
খাদ্য: জীৱন

পোন্ধৰ বছৰীয়া বিজুলী বৰুৱা ঘৰত নাই৷ নাই, যি নায়েই৷ কালি হৈ যোৱা মেট্ৰিকৰ শেষৰটো বিষয়ৰ পৰীক্ষা দিয়েই ছোৱালীজনী নাই৷ ক’লৈবা গ’ল!

: ননচেন্স! মূৰ্খ! আহক তাই উভতি৷ পিঠি বখলিয়াই সমান কৰিম৷ ছ’ছাইটিত মোৰ মান-সন্মান সব শেষ কৰিলে এইজনীয়ে৷

মাক উচ্চাকাংক্ষা চহৰীয়াৰ চকুত যেন সেয়া একুৰা জুইহে! যিমানবাৰেই স্বামী চন্দ্ৰমোহন চহৰীয়াই তেওঁৰ চকুলৈ চাইছে, সিমানবাৰেই যেন তেওঁৰ অনুভৱ-চেতনা-উপলব্ধিৰ জুমুঠিটো পলকতে ভস্মীভূত হৈ গৈছে ৷

: হেৰা৷ ৰ’বাচোন৷ কিজানি তাই গাঁৱৰ আইতাকৰ ঘৰলৈকে গ’ল!

চকুহাল তললৈ কৰি শ্ৰীযুত চহৰীয়াই পত্নীৰ ওচৰত সম্ভাৱনা বেকত কৰিলে৷

: আপুনি মনে-মনে থাকক৷

পত্নী গৰজি উঠিল৷ মুখেৰে জুই এচমকা উলিয়াই ক’লে-

: কিমানবাৰ ক’লোঁ –বোলো ছোৱালীজনীক স্মাৰ্টফোন এটা কিনি দিয়ক৷ তাত জি-পি-এছ, টি-এপ-এছ আছে৷ লোকেশ্যন গম পোৱা যায়৷ আজিকালি এইসব ছোৱালী, ক’লৈ যায়, ক’ত কি কৰে-সকলো তলা-নলা পাই থাকিম৷ পিছে নাই৷ এতিয়া দেখিলে৷ কেনেকৈ গোটেই ছ’ছাইটিত আমাৰ নাক-কাণ কাটিলে৷ উফ্,উফ্! ছ’ছিয়েল মিডিয়ালৈ মই বাৰু এতিয়া কোনখন মুখ লৈ যাওঁ?

: মুখখন তোমাৰ ধুনীয়াই দিয়া৷ পাৰিবা যাব৷

স্বামীদেৱতাই প্ৰশংসাৰ প্ৰলেপ সানি ক’লে৷

: চুপ থাকক৷ চুপ থাকক৷ একদম চাইলেণ্ট! ফটুৱামি কৰিবলৈ আহিছে! ফটুৱামি কৰিবলৈ আহিছে!

: আৰু কি! তাই বৰ গুণী-জ্ঞানী ছোৱালী৷ মোৰ বিশ্বাস আছে, তাই একো নকৰিবলগীয়া কাম নকৰে৷

: বাৰু দেখিম নহয়৷ জীয়েকে মুখ ক’লা কৰিয়েই আহে নে আপোনাৰ বিশ্বাসডাল জয় কৰিয়েই আহে! দেখিম৷

এনেদৰে তিৰ্যক কটাক্ষৰে বিজুলীৰ দেউতাকক ক্ষত-বিক্ষত কৰি মাক উচ্চাকাংক্ষা চহৰীযা ড্ৰয়িং ৰূমত বহিলগৈ৷ চুচুক-চামাক হাতেৰে স্মাৰ্টফোনটো ‘আনলক’ কৰিলে৷ ইমান মন গৈছে ‘হোৱাটছ্ আপ’ অকণ চাবলৈ! ষ্টেটাছত কালিৰে পৰা একোৱেই প্ৰদৰ্শন কৰিব পৰা নাই৷ মনটো সেয়ে বেজেৰুৱা৷ সঁচাকৈয়ে, ভাল আপদ এইজনী! কি যে হৈ গ’ল হঠাতে! ক’তবা গৈ তাই টিঘিল-ঘিলাই ফুৰিছে! মেট্ৰিকটো পাছ কৰক ৰ’হ৷ বাংগালোৰ নাইবা পুনেলৈ পঠিয়াই দিব লাগিব৷ তাতে থাকি পঢ়ক৷ অসমত থাকি দূৰ্নাম আৰ্জিব নালাগে৷ বাংগালোৰত থাকি বিজুলীয়ে পঢ়া-শুনা কৰিব আৰু এইফালে অসমত থাকি উচ্চাকাংক্ষা চহৰীয়াই “মোৰ ছোৱালীজনী বাংগালোৰত পঢ়ে” শীৰ্ষক বেনাৰখনৰ আঁৰত দৈনিক চাৰি-পাঁচটাকৈ ষ্টেটাছ লিপিবদ্ধ কৰিব৷ তেতিয়াহে ফুকননী, বৰুৱানীহঁতে বুজি পাব যে চহৰীয়ানীও এলা-পেচা মানুহ নহয়৷ পৃথিৱী নামৰ এই প্লেনেটটোত উচ্চাকাংক্ষা চহৰীয়াৰো এটা ইম্পৰটেন্স আছে৷ দস্তুৰমত আছে৷

: মা!

ভাৱসাগৰত উচ্চাকাংক্ষা চহৰীয়া আকণ্ঠ ডুবি থাকোঁতেই হঠাতে তেওঁৰ মনাকাশত বিজুলীৰ আৰ্ৱিভাৱ হ’ল৷ অ’ এইজনী দেখোন অকস্মাৎ আহি ওলালহি! শ্ৰী-চেহেৰা একেবাৰেই অক্ষত! যিযোৰ সাজ পিন্ধি ওলাই গৈছিল, সেই একেইযোৰ সাজতেই সেইয়া বিজুলী, তেওঁৰ সমুখত৷ মুখত এমোকোৰা উজ্জ্বল হাঁহি৷ পিচে মাকৰ জুইহেন মুখ দেখি তাইৰ হাঁহি নিমিষতে ছাঁই হ’ল৷

: ক’লৈ গৈছিলি? সঁচা কথা ক৷

: শান্তি বিচাৰি গৈছিলোঁ৷

: শান্তি? কোন শান্তি? ল’ৰা নে ছোৱালী? কোন স্কুলত পঢ়ে?

মাকৰ চকুত পাৰাপাৰহীন কৌতূহল৷

: মনৰ শান্তি৷

: মনৰ শান্তি? সঁচা কথা ক’, ক’ত মৰিবলৈ গৈছিলি?

: আমাৰ স্কুলৰ পৰা দহ কিলোমিটাৰমান দূৰৈত আশ্ৰম এখন আছে৷ তাতে গৈ কালি ৰাতিটো থাকি আহিলোঁগৈ৷

: কাৰ মূৰটো কৰিবলৈ গৈছিলি হেৰৌ?

: ঘৰত সোমাই-সোমাই তোমালোকৰ ‘ষ্টেটাছ বচোৱা অভিযান’ চাই চাই মূৰ-চূৰ গৰম হৈ গৈছিল৷ সেয়ে অশান্তি আঁতৰাবলৈ আশ্ৰমত গৈ থাকি আহিলোঁ৷ সবে মিলি মোৰ জীৱনটো খাইছা৷ যেনেতেনে জীয়াইতো থাকিব লাগিব৷ সেয়ে আশ্ৰমলৈ গৈছিলোঁ৷ আকৌ যাম৷

কথাকেইটা ঘচ্‌ঘচ্‌কৈ কৈ বিজুলী মাকৰ চকুৰ আগেদিয়েই বিজুলীবেগেৰে ভিতৰলৈ গুচি গ’ল৷ মাক শিল পৰা কপৌৰ দৰে ঠাইতে ৰৈ থাকিল৷ কি বকি গ’ল এইজনীয়ে! এই বাৰু পাগল হ’ল নেকি? হে হৰি, অ’ গ’ড! নেইবাৰবোৰে গম পালে কেনে লাজৰ কথা হ’ব!
মুহূৰ্ততে ফুকননী, বৰুৱানীহঁতৰ সেলসেলকৈ হাঁহি থকা মুখকেইখন আহি চহৰীয়ানীৰ সমুখত ভিৰ কৰিলেহি৷ অনাগত ভৱিষ্যতৰ এখন সম্ভাৱ্য ৰেখাচিত্ৰ কল্পনা কৰি চহৰীয়ানীৰ সৰ্বশৰীৰ কঁপি গ’ল৷ নুমাব ধৰা জুইকুৰা চকুৰ মাজত পুনৰ সুমুৱাই লৈ তেওঁ ভিতৰলৈ বুলি খোজ পোনালে৷ যাওঁতে গিৰিয়েকক উদ্দেশ্যি চিঞৰি চিঞৰি গ’ল-

: হেৰা শুনিছা! ছোৱালীয়ে আমাৰ মূৰ খালে৷ এইজনীক চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ নিব লাগিব৷ অ’ গ’ড! ছ’ছাইটিত মই এতিয়া কেনেকৈ মুখ দেখুৱাম!

(৩)
তৃতীয় খাদক
নাম: ঠগিৰাম কলিতা
বয়স: আঠচল্লিছ
বৃত্তি: ধেৰ কিবা কিবি
খাদ্য: টকা

হোজাগুৰিৰ পৰা মোটামুটি ত্ৰিশ মাইল আঁতৰৰ ঘুকুট গাঁও বেলবুঙত আজিৰপৰা প্ৰায় পাঁচটা দশক পূৰ্বে এজন বৰ সুন্দৰ, সুঠাম, সদালাপী আৰু সদাচাৰী পুৰুষৰ আৰ্ৱিভাৱ ঘটিছিল৷ কৈ থোৱাটো দৰকাৰ যে, তাৰ জন্ম হৈছিল ৰক্তবীজ নামৰ অসুৰটো জন্ম হোৱা বাৰতেই৷ গতিকে স্বাভাৱিকতেই এক মাহেন্দ্ৰ ক্ষণ৷ পিচে ল’ৰাটিৰ ক্ৰমবৰ্ধমান শৌৰ্য, বীৰ্য কিম্বা বুদ্ধিমত্তা এনে উচ্চ আৰু অস্বাভাৱিক শ্ৰেণীৰ আছিল যে মাক-দেউতাকে ল’ৰাৰ নাম কি থ’ব, তাৰ উৱাদিহ চাৰিবছৰলৈকে নেপালে৷ কথাটো বৰ দুখৰ৷ পিচে এদিন ল’ৰা পোণাটিয়েই সেই সুযোগ আৰু সুবিধাকণ আনি দিলে৷ ঘৰৰ পৰা পাঁচ ফাৰ্লং দূৰৈত অৱস্থিত বিপীনৰ দোকানলৈ সেইদিনা সি গৈছিল লজেন্স এটা আনিবলৈ৷ হাতত ফুটাকড়ি এটাও নাই৷ দোকানীয়ে লজেন্স এটা দি যেতিয়া তাৰ বিনিময়ত পইচা খুজিলে, তেতিয়া সি পইচা দিয়াৰ সলনি গহীনাই প্ৰশ্ন এটাহে কৰিলে-

: পইচা আকৌ কেলৈ?

পোৱালিৰ কথা শুনি বিপীনতো আচৰিত৷

: হেৰৌ মৰকূচীয়া, কি কথা ক’বলৈ আহিছ? পইছা নিদিয়াকৈ লজেন্স খাবলৈ আহ৷ দে, বুলিছোঁ নহয়৷ এতিয়াই পইছা দে৷ নহ’লে পেট ফালি লজেন্স বাহিৰ কৰিম৷

খঙৰ কোবত বিপীন দোকানৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল৷ কিন্তু বিপীনৰ এই দুবাৰ্সাসদৃশ ভাৱমূৰ্তি দেখিও ল’ৰাৰ বুকু নকঁপিল৷ সি একে ঠাইতে থিয়দঙা দি থাকিল৷ আৰু বিপীনৰ চকুত চকু থৈ সি কৈ উঠিল-

: কালি দেখোন আপুনি আমাৰ ঘৰত কৈ আহিছিল যে মানুহৰ মৰমৰ বাহিৰে আপোনাক আৰু একোৱেই নেলাগে৷ দোকান-চোকান আজি আছে, কাইলৈ নাই৷ এইবোৰ তেনেই খন্তেকীয়া! কিন্তু মানুহৰ মৰম বৰ দৰকাৰী বস্তু৷ এনেকৈ সুৰ লগাই কৈছিল নে নাই কওক?

ল’ৰাই প্ৰশ্ন সুধিলে৷ প্ৰশ্ন শুনি বিপীনে বিচূৰ্তি খালে৷ অৱস্থা একেবাৰে ‘কি কৰোঁ কৃপাল, ক’লৈ যাওঁ গোপাল’ৰ লেখীয়া৷

: গতিকে মই আপোনাক টকা নিদিওঁ খুৰা, মৰম দিছোঁ৷ বুজিলে? এতিয়া আহোঁ৷

বিপীনৰ মেল খাই থকা মুখখনলৈ চাই কথাকেইটা কৈয়েই ল’ৰাটি দুপ্‌দুপ্‌কৈ দৌৰ মাৰি ঘৰ সোমালহি৷ দীঘলকৈ উশাহ এটা লৈ মাক-দেউতাকৰ সমুখত সমস্ত কথা বিৱৰি ক’লে৷ কোৱাটো নিষ্প্ৰয়োজন, বুদ্ধিশালী পুত্ৰৰ অবিস্মৰণীয় চমক দেখি মাক-বাপেক হালেই হাঁহিত ফাটি পৰিল৷ আৰু তাৰ ঠিক পিছদিনাই হৰিকৃষ্ণ বামুণৰ ওচৰলৈ দেউতাকে তাক নাম চোৱাবলৈ লৈ গ’ল৷ বামুণে কপালৰ ৰেখা কোঁচাই, চেলাউৰি ওপৰলৈ দাঙি, মাটিত বাৰেবিংকৰা দণ্ডচিত্ৰ কিছুমান আঁক-বাঁক কৰি গুৰুগম্ভীৰ কণ্ঠেৰে শেষত ঘোষণা কৰিলে-

: থানেশ্বৰ৷ ল’ৰাই দেখিছোঁ মানুহক ঠগি-ঠগি এসময়ত ভাল নাম কৰিব৷ ধেৰ টকা গোটাব৷ বুজিছ ইয়াৰ নাম ঠগিৰাম ৰখায়েই ভাল৷

: অতি উত্তম৷ অতি উত্তম৷

দক্ষিণাটোৰ সৈতে গুৱাপাণভাগ আগবঢ়াই হাঁহিমুখে থানেশ্বৰ ঘৰমুৱা হ’ল৷ মনত কিমান যে উছাহ! চাৰিবছৰৰ মূৰকত ল’ৰাটিৰ নামকৰণ হৈছে৷ ইয়াতকৈ সুখৰ কথা আৰু কি হ’ব পাৰে! ৰত্নেশ্বৰীয়ে কম ভাল পাবনে! ভাল পালে৷ ৰত্নেশ্বৰীয়ে বৰ ভাল পালে৷ কঁকালত বিষটো কঁঠালৰ আঠাৰ দৰে লাগি আছিল যদিও বিষ-কোপ পাহৰি ৰত্নেশ্বৰীয়ে সীমাহীন আনন্দতে দুপাকমান নাচিলে৷ হাত দুখন কঁকালত থৈ পখিলাৰ দৰে কঁকালো ঘূৰালে৷ পিচে ৰত্নেশ্বৰীৰ সেই ভূবনভুলোৱা নাচোনৰ প্ৰভাৱ আৰু প্ৰকাশ বিস্মৃতিৰ দ পুখুৰীত পৰিল তেতিয়া, যেতিয়া তাৰ ঠিক ঊনৈশ বছৰৰ পিছত ঠগিৰাম কলিতাই মাকৰ বিয়াৰ অলংকাৰ সোপাকে হৰণ কৰি ঘৰৰ পৰা মাজনিশা উধাও হ’ল আৰু মুহূৰ্তৰ ভিতৰতে পৃথিৱীৰ অসংখ্য মানুহৰ মাজত নাপাত্তা হৈ গ’ল৷ সেই স্বৰ্ণিল দিনটোৰ পাছত তাক আৰু গাঁৱত কোনো নৰ-মনিষে দেখা নাপালে৷

সেইজন ঠগিৰাম কলিতা এতিয়া গেলাপানী টাউনৰ এজন নামজ্বলা ঠিকাদাৰ, প্ৰথিতযশা সব্জি বেপাৰী, লব্ধপ্ৰতিষ্ঠ মাটিৰ দালাল আৰু এজন কালজয়ী চান্দা-সংগ্ৰাহক৷ বহুগুণী প্ৰতিভাসম্পন্ন পুৰুষজন এইমাত্ৰ আহি ঘৰ সোমাইছেহি৷ একেবাৰে কোবাকুবিকৈ৷ গিৰিয়েকৰ অকস্মাৎ দৰ্শন দেখি কিটচেনৰ পৰা ঘৈণীয়েক কাঞ্চন ধপলিয়াই আহিল৷ ইউ টিউবৰ সমুখত বহি যোগাসনৰ লগত যোগ-বিয়োগ কৰি থকা জীয়েকজনীও সেমেনা-সেমেনিকৈ কাষ চাপি আহিল৷

: হেৰা, একুৰিয়ামটোৰ ভিতৰৰ বগা শিলটোৰ তলত সৰু চাবি এটা আছে৷ লৈ আহাচোন সোনকালে৷ আৰু ঐ মাজনী, তই পটকৰে ডাইনিঙ ৰূমত থকা শিৱৰ ফটোখন আঁতৰাচোন৷ মই সাউৎকৈ লেট্ৰিনৰ পৰা আহোঁ৷

বায়ুবেগেৰে নিৰ্দেশকেইটা দি ঠগিৰাম কলিতাই পাতল ৰঙা কাপোৰ এখন পিন্ধি শৌচাগাৰৰ দিশে ধাৱমান হ’ল৷ কাণ্ড দেখি মাক-জীয়েক হতভম্ব৷ কথাৰ আঁতি-গুৰি মূৰেৰে ঢুকি পোৱা নাই৷ ঠগিৰাম কলিতাৰ কিয় আজি এই আচৰণ!

বাৰু, ৰহস্যৰ ওৰ পাছত পেলাব, আগেয়ে নিৰ্দেশকেইটা কাৰ্যকৰী কৰা যাওক৷ অন্যথা লেট্ৰিন-ফেৰৎ কলিতা বিপদজনকভাৱে ভয়াবহ হৈ উঠিব ৷

: পালানে?

সৌৱা, কলিতানীয়ে চাবিটো উলিয়াই উশাহটো সলালে কি নাই, গাটো মচি মচি কলিতা উদং গাৰে সমুখত হাজিৰ৷

: পালোঁ,পালোঁ৷ পিছে কৰেনো কি?

: দেখিবা নহয়৷ মাজনী আহ৷

‘কৌতূহল’ক কান্ধত উঠাই আগে-আগে কলিতা৷ পিছে পিছে মাক-জীয়েক৷ গৈ তেওঁলোক ডাইনিঙৰ বেৰখনৰ সমুখত থিয় হ’লহি৷ মাজনীয়ে ফটোখন আঁতৰাই থৈছিল, গতিকে বেৰখন উকা৷ হালধীয়া ৰঙটোহে জিলিকি আছে৷

পিচে, এয়া কি! দেউতাকে দেখোন কিহবা এটাৰ সন্ধানত নখটোৰে বেৰখন খান্দিব ধৰিছে৷ দুইমিনিটৰ বিৰতিবিহীন খণ্ডণৰ পিছত দেখা গ‘ল, বেৰখনৰ যিখিনি ঠাইত তেওঁ খণ্ডণ আৰম্ভ কৰিছিল, তাৰ পৰা পাঁচ আঙুলমান দূৰৈত এখন পাতল হালধীয়া কাপোৰৰ টুকুৰা৷ ক্ৰমাৎ দৃশ্যমান হ’বলৈ ধৰিছে৷ কলিতাৰ মুখত হাঁহি এটা ফুটি উঠিল৷ ততালিকে তেওঁ কাপোৰডোখৰ বেৰৰ পৰা পৃথক কৰিলে৷ এয়া দেখোন চাবি এটা সুমুৱাব পৰাকৈ বেৰখনত এটা সৰু ফুটা! কথাটোনো কি! মাজনীৰ চকু বিস্ময়ত মেল খাই গ’ল৷

: খবৰ এটা পাইছোঁ বুইছা!

কলিতাই মাজনীৰ হাতৰ পৰা চাবিটো লৈ ফুটাটোত ভৰাবলৈ ধৰিলে৷ লাহে লাহে চাবিটো পকালে৷

: কি খবৰ?

ঘৈণীয়েকৰ ধৈৰ্য ক্ৰমাৎ টুটি আহিছে৷

: আজি সন্ধ্যা পাঁচশ আৰু হাজাৰটকীয়া নোটৰ ছাপ্লাই বন্ধ হৈ যাব৷ মানে একেবাৰেই বন্ধ৷ কিবা বোলে বিমুদ্ৰাকৰণ কৰিব৷ আঠটা বজাত পি. এম-এ ঘোষণা কৰিব৷

কলিতাই ৰহস্যৰ ওৰ পেলাই ক’লে৷

: কি হ’ব এতিয়া?

পত্নী আৰু জীয়ে সমস্বৰে চিঞৰি উঠিল৷

: একো নহ’বলৈকে এইটো খুলিছোঁ৷

কথাষাৰ কৈয়েই কলিতাই চাবিটো টানি বেৰখনৰ লগত সংলগ্ন হৈ থকা সৰু খিৰিকী এখন খুলি দিলে৷ খিৰিকীৰ মুখতে থকা পাঁচশ-হাজাৰটকীয়া নোটৰ বান্দিল দুটামান সৰি পৰিলেই৷

: মাজনী, যা ট্ৰলী বেগ দুটা লৈ আহ৷

চকুত এআকাশ বিস্ময় লৈ মাজনী খৰধৰকৈ ভিতৰলৈ গ’ল৷

: বুজিছা, সৰুৰেপৰা ইচ্ছা এটা আছিল-সমাজসেৱক হোৱাৰ৷ সমাজৰ কাৰণে কিবা এটা কৰাৰ৷ আজি বোধহয় সময় আহিছে৷

গোপন কোঠাৰ পৰা টকাৰ বান্দিলবোৰ উলিয়াই উলিয়াই কলিতাই কৈ গ’ল৷

: মানে?

ঘৈণীয়েকে জানিব বিচাৰিলে৷

: সৰু ল’ৰা-ছোৱালীৰ কাৰণে পাৰ্ক এখন বনাম৷ আমাৰ চাৰিআলিৰ কাষৰ গাৰ্ডেনতে৷ তাতে সৰু ল’ৰা-ছোৱালীবোৰ আহি উমলিব, খেলিব, হাঁহিব, মাক-দেউতাকৰ লগত ফুৰিব৷ কিমান যে মজা লাগিব!

: মানে এইখিনি টকাৰেই সেই পাৰ্কখন খুলিব নেকি?

: তুমি বৰ বুধিয়ক হ’লাহে৷ একেবাৰেই সত্য ডাৰ্লিং৷ আজিয়েই গৈ এই টকাৰে চিমেণ্ট, বালি আটাইবোৰ কিনি থ’মগৈ৷ কোনেও যাতে সন্দেহ নকৰে, সেইকাৰণে বেলেগ বেলেগ দোকানৰ পৰা কিনিম৷ মুঠৰ ওপৰত আঠটা বজাৰ আগেয়েই চিলড্ৰেন পাৰ্কৰ আধাখিনি সপোন মোৰ জেপৰ পকেটত৷ বাকী সৰু-সুৰা খৰচ পাছত দেখা যাব৷

‘ডাৰ্লিং’ শব্দটো শুনি প্ৰিয়তমা পত্নীৰ মানসিক পৰিমণ্ডলত দুৰু-দুৰুকৈ প্ৰেমৰ বতাহ এছাটি বলিছিল৷ খুব মন গৈছিল, এতিয়াই গৈ স্মাৰ্ট গিৰিয়েকটোৰ গালতে টপহ্-টপহকৈ দুটামান মৰমৰ চিন অংকন কৰাৰ৷ পিচে ভিতৰৰ পৰা ট্ৰলী বেগ চোচৰাই মাজনী তেনেতে উপস্থিত হৈছিলহি৷ গতিকে মনৰ আশা মনতেই মাৰ গ’ল৷

: দে, মাজনী টকাবোৰ ভৰা৷ সোনকাল কৰ৷ পাঁচখনমান হাৰ্ডৱেৰ দোকানলৈ যাব লাগিব৷

বেগকেইটা সমুখত লৈ ঠগিৰাম কলিতাই সকলোকে ধন ভৰাবলৈ আমন্ত্ৰণ জনালে৷ ৰাইজেও হাত উজান দিলে৷ নিদিলে হ’বনে! ইমান এটা মহৎ কৰ্ম কৰিবলৈ ওলাইছে আমাৰ ঠগিৰাম কলিতাই! অৱশ্যে মাজনীৰ কৌতূহল, উৎকণ্ঠা কিম্বা উত্তেজনা বহুপৰলৈকে মাৰ নগ’ল৷ সেয়েহে টকাখিনি বেগত সুমুৱাই থাকোঁতেই কোনোবা এক ক্ষণত বিস্ময়াভিভূত মাজনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এইদৰে-

: বাপ্‌ৰে ! আমাৰ দেতাই কিন্তু কম টকা খোৱা নাই দেই!

টকা ভৰোৱাত মগন হৈ থকা দেউতাকৰ এই মধুৰ সংলাপটো কৰ্ণগোচৰ নহ’ল৷ মাকেহে এটাও শব্দ আগ-পিছ নোহোৱাকৈ সেই সংলাপ শুনিলে৷ তেওঁ লগে লগে জীয়েকৰ পিঠিতে খোঁচ এটা মাৰি দবিয়াই উঠিল-

: চুপ এইজনী!

(৪)
চতুৰ্থ খাদক
নাম: সুদৰ্শন শইকীয়া
বয়স: ঊনচল্লিছ
বৃত্তি: নিবনুৱা
খাদ্য: বটল

: জিৰণি বোলা ‘এছেনছিয়েল’ বস্তুবিধ দিনকদিনে দেখোন দুষ্প্ৰাপ্যহে হৈছে অ’৷ সৌসিদিনাখনৰ অসম বন্ধটোত টায়াৰ একডজন যোগান ধৰি মনটো মুকলি কৰি লৈছিলোঁহে৷ বোলে-আৰু এমাহলৈ চিন্তা নাই৷ কমপ্লিট ৰেষ্ট ল’ম৷ যিহেতু পকেট এতিয়া পুৰা গৰম৷ উউউ…পিচে কিতো হ’ব বুইছ! কথাতে কয় নহয়-দাতাই দিলেও বিধাতাই নিদিয়ে৷ সেই তাকেই হ’ল৷ প্ৰতিবাদী টায়াৰৰ অগ্নিশিখা নিৰ্বাপিত হ’লকি নাই, বিশুদ্ধ খেৰেৰে নিৰ্মিত এশটা পুত্তলিকা বিচাৰি নতুন ফৰমাইচ এটা আহিলেই! হে পৰভু! এনেকৈনো কেনেকৈ হয় বাৰু!

: পেক্‌পেকনিসোপা আৰম্ভ হ’লনে তোৰ? আজি হ’বলা ভৰ দুপৰীয়াতেই খাই আহিলি?

: খাই আহিলি! হেৰৌ, কি খোৱা দেখিলিনো?

: কথা চেলাবলৈ আহিছ! হেৰৌ সাতপুৰুষ গ’ল বুইছ বুঢ়ীমাৰে মদৰ সেই ভেকেটাভেকেটা গোন্ধসোপা নাকত লৈ থকা৷ এতিয়া আকৌ সি মোক সোধে-কি খাই আহিছ? চাল্লা, লাজ নাপাৱ! মাৰজনীৰ সমুখত এনেকৈ মদ খাই মাতলামি কৰিবলৈ..লাজ নাপাৱ! নাকটো কাটি থৈ আহগৈ অ’ তই! থুই কটা!

সেইয়া আছিল ফুলমতী শইকীয়াৰ ঘৰৰ, আজিৰ পৰা এমাহৰ আগৰ দৃশ্য৷ যৌৱনসাগৰৰ উত্তাল-কোবাল জলধাৰাত ছুনামিসদৃশ ঢৌ দেখি আপ্লুত-হৰ্ষিত আৰু পাছলৈ মোহাচ্ছন্ন হৈ পৰিছিল ফুলমতী শইকীয়াৰ বংশৰ গৌৰৱ সুদৰ্শন শইকীয়া৷ মাককে ধৰি ওচৰ-চুবুৰীয়াই ভৱিষ্যৎবাণী কৰিছিল যে-‘ল’ৰা ছেছ’৷ ‘ছেছ মানে একেবাৰে ধ্বংছ’৷ ইয়াৰ আৰু নিস্তাৰ নাই৷’ হয়েইতো৷ গ্ৰেজুৱেছনৰ গুৰুত্বপূৰ্ণ ডিগ্ৰীটো ডিঙিতে ‘চেইন’ৰ দৰে ওলমাই থাকিলেতো নহ’ব৷ আৰে ভাই, বিহু পাতা৷ পূজা পাতা৷ সভাপতি হোৱা, সম্পাদক হোৱা৷ এমহীয়া ৰাসৰ আয়োজক হোৱা৷ এইখন অসমত কৰিবলৈ জানো কামৰ অভাৱ! সেইবোৰ ভাল চিন্তা, সু-চিন্তন নাই, কেৱল তিনিআলিত তিৰ, চাৰিআলিত তাছ-এইবোৰেই৷ আৰু গধূলি হ’লে কি কৰিব! টেঁটুৰ গুৰিলৈকে মদ এসোপা খাই মাকৰ সমুখত ব্ৰাজিলিয়ানশৈলীত জংগলী নৃত্য প্ৰদৰ্শন৷ অসভ্য মনুষ্য! অতবোৰ আতিশয্য মাকে সহি থাকিলেও নিমাখিত পেটটোৱেতো সহ্য কৰি নাথাকে! সেয়ে মাজনিশা তাৰ পেটটোৱে সেইবোৰ হল্‌হল্‌কৈ বাহিৰলৈ উলিয়াই দিয়ে৷ মাকৰ কাম বাঢ়ে৷ পিছদিনা বোৱাৰীপুৱাতেই উঠি মাকজনীয়ে সেইবোৰ অঁতাই-মেলি পৰিষ্কাৰ কৰে, আৰু হেঁপাহ পূৰাই সুদৰ্শনক কৰ্কথনা কৰে৷ তাৰ পিচে নোম এডালকে নলৰে৷ সি টোপনি-দিৱস পালনত ব্যস্ত৷ হাজাৰ মাইল দূৰৈৰ কোনোবা ইউৰোপীয়ান দেশত সি মোনা ভৰাই বজাৰ কৰি থাকে৷ বজাৰ কৰা মোনাটোৰ পৰা ডালশলীয়াকেইটা ওলাই যেতিয়া তাৰ মূৰে-গায়ে বগাবলৈ আৰম্ভ কৰে, তেতিয়াহে তাৰ নিদ্ৰাভংগ হয়৷
বাৰু, সেইয়া আছিল সুদৰ্শন শইকীয়াৰ অন্তঃসাৰশূন্য জীৱনৰ কাহিনী, আজিৰ পৰা এমাহ আগলৈকে৷
তাৰপিছত হঠাতে এদিন পট পৰিৱৰ্তন হ’ল৷ নাটকৰ দৃশ্যত এক অকল্পনীয় ‘টাৰ্ণ’!

: আজিৰ পৰা মই ভাল হ’ম৷ আজিৰ পৰা এইবোৰ নেখাওঁ৷

হাতত থকা বটলটো চুৱাপাতনিলৈ দলিয়াই সুদৰ্শনে সেইদিনা ঐতিহাসিক ঘোষণাটি কৰি দিলে৷

: তই সঁচায়ে কৈছনে সোণ?

মাকৰ দুটোপাল আনন্দাশ্ৰু ওলাই মাটিত পৰিলেই৷

: দেখিবি নহয়৷

: হওক দে৷ দেৰিকৈ হ’লেও তোৰ সুমতি যে আহিল!

সন্ধিয়ালৈ মাকে গোঁসাইঘৰতে চাকি এগছি জ্বলাই ভগৱানক দুহাজাৰমান ধন্যবাদ দিলে৷ মাকে ঈশ্বৰ-সেৱা কৰাৰ ঠিক এসপ্তাহৰ পিছত সুদৰ্শনে আৰু তিনিটা উল্লেখযোগ্য কাম কৰিলে৷ (১) মাকৰ পুৰণি পেৰা এটা খুলি দহহাজাৰ টকা উলিয়ালে৷ মাকে সোধা ‘কিয়’ৰ উত্তৰত সুদৰ্শনে জনালে –“গম পাবি নহয়!” (২) তাৰপিছত বীৰেণ দোকানীৰ ঘৰৰ পৰা কেলঢোপ-কেলঢোপকৈ জীয়াই থকা তৰ্জাৰ বেৰ চাৰিখনৰ স’তে ফ্ৰিতে পোৱা চাৰিটা খুঁটা আনিলে৷ তাৰে ঘৰৰ আগফালে চালি দি একোঠলীয়া ঘৰ এটা সাজিলে৷ নিৰ্মাণকাৰ্যত মোটামুটি হাজাৰ টকা খৰচ হ’ল৷ (৩) আৰু সদৌশেষত সুদৰ্শনে আনিলে বিশটা সৰু-বৰ কাৰ্টন৷ ইমান ৰঙচঙীয়া! মন হৰি নিয়া কাৰ্টুনকেইটা দেখি মাকে আগুৱাই গৈ সুধিলে-“কিনো আনিলি হেৰৌ?” উত্তৰ আহিল-“দেখিবি নহয়!”
দেখিলে, সেইদিনাই সন্ধ্যালৈ ফুলমতী শইকীয়াই খালী চকুৰে গোটেইখন পৰিষ্কাৰকৈ দেখিলে৷ ৰঙা-নীলা কাৰ্টুনত সেইবোৰ হৰেক কিছিমৰ মদৰ বটল৷

: এইবাৰ হ’বলা মদ খাবলৈ ঘৰ সজাই ল’লি! হে হৰি!

: কোনে ক’লে খাম বুলি! দোকান দিম৷ মদৰ দোকান৷

: অ’ গোঁসাই!

: তই জাননে, এইখন গাঁৱত.. নহয়, নহয়.. আচলতে.. এই গোটেই অঞ্চলতে এইখনেই হ’ব প্ৰথম মদৰ দোকান৷ তই মোক লৈ গৌৰৱ কৰিবহে লাগে!

: হে হৰি, ক’তে মৰোঁগৈ মই! তই নিজেতো ধ্বংস হ’লিয়েই৷ এতিয়া মদ খুৱাই গাঁৱৰ চেঙেলীয়াকেইটাৰো মূৰ খাবি!

: হৈছে যা! চাবিচোন দুদিন পিছতেই পুতেৰৰ হাতলৈ চৌ-চৌৱাই ধন আহিব৷

আহিল৷ সেই যে সুদৰ্শন শইকীয়াই যুগান্তকাৰী ঘোষণাটি কৰিলে, তাৰ ঠিক পিছদিনাৰ পৰাই তাৰ দুয়োখন হাতলৈ ধন আহিল৷ একদম চৌ-চৌৱাই আহিল৷ এতিয়া সি গাঁৱৰ পূজিপতি ব্যৱসায়ী৷ কুমুডত শৌচ-প্ৰস্ৰাৱ কৰিবলৈ পাই মাকৰো খং-ৰাগবোৰ আগতকৈ কমিছে৷

সঁচাকৈয়ে-মানুহৰো যে জীৱন আৰু দেই! সেইজন দুৰ্ঘোৰ নিদ্ৰাসমৰ্থক, বিধ্বংসী সুৰাপায়ী আৰু বিখ্যাত নিষ্কৰ্মাই যে অতবোৰ ঘাত-প্ৰতিঘাত, সংগ্ৰাম প্ৰতিহত কৰি আজিৰ এই অৱস্থাত উপনীত হ’বহি; কোনোবাই ভাবিছিলনে! নাই৷ ভবা নাছিল কোনেও৷
এনেহেন উপন্যাসোপম জীৱন-পৰিক্ৰমাৰ অধিকাৰী সুদৰ্শন শইকীয়াৰ আজি দোকানৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস৷ মাকৰ কথামতেই সন্ধ্যালৈ নাম-প্ৰসংগ এভাগ কৰাৰ দিহা কৰিছে৷ মানুহ বেছি নহয়, এই গাঁৱৰে ভকত-বৈষ্ণৱ, ওচৰ-চুবুৰীয়া দুই-এক সদস্য৷ সমস্ত জা-যোগাৰ সুদৰ্শনে অকলেই কৰিলে৷ মাহ-প্ৰসাদৰ পিছত মৎস্যস্পৰ্শৰ ব্যৱস্থা কৰিলে৷ মাছ ওচৰৰে ভৰলী বিলৰ৷ তিনি কিলো ওজনৰ পাঁচটা ভকুৱা মাছ৷ ধেমালি কথা নহয়৷ আকৌ মৎস্য-স্পৰ্শৰ পিছৰ অৱসাদগ্ৰস্ততা দূৰ কৰিবলৈ দৈ আৰু গোলা এটাও দিয়া হ’ব৷ তাৰপিছতহে বিদায়-পৰ্ব৷ নটা বজাত নাম-প্ৰসংগ শেষ হ’ল৷ তাৰপিছত ভকত-বৈষ্ণৱৰ মাজত প্ৰসাদ বিতৰণ হ’ল আৰু খন্তেক পিছত যৱনিকাও পৰিল৷ তাৰপিছত ‘চাউল-সিজোৱা গ্ৰহণ’ কাৰ্যসূচীভাগ আৰম্ভ হ’ল৷ পিচে ৰঘুৰাম খুৰাই আথে-বেথে কলপাতবোৰ পাৰি গৈছিলহে, তেনেতে একেবাৰে শেষৰখন কঠত বহি থকা মনেশ্বৰ বৰদেউতাৰ গা ধুব লাগিল৷

: বোলোঁ অ’ সোণ, মোৰ গা ধুব লাগিছে৷ বৰ জোৰকৈ লাগিছে৷ আৰু ৰৈ থাকিব নোৱাৰোঁ৷ আহচোন, আহ৷

সুদৰ্শন মনেশ্বৰ বৰদেউতাৰ পিছে পিছে লৰি যোৱাদি গ’ল৷ পিছফালৰ লেট্ৰিনটোলৈ আঙুলিয়াই মনেশ্বৰ বৰদেউতাক ক’লে-

: গামোচা এখন বাথৰুমত আছেই৷ পানী-দুনি আছেই৷ টেপ খুলি দিলেই হ’ল৷

: হেৰৌ মুৰ্খ!

বৰদেউতাৰ অপ্ৰত্যাশিত ধমক শুনি সুদৰ্শনে থত-মত খালে ৷

: মোকেই ক’লেনে বৰ্তা?

: অ’ তোকেই কৈছোঁ৷

: কিয় এই সংযমহীন আচৰণ বৰ্তা! জানিব পাৰোঁনে?

: তয়ো ভাল বুৰ্বক৷ হেৰৌ চোতালতে মদৰ দোকান খুলি থৈছ আৰু ‘গা ধোৱা’ মানে কি বুজি নাপাৱ?

: মানে?

সুদৰ্শনে গা ধোৱাৰ লগত মদৰ কোনো সমীকৰণ উদ্ধাৰ কৰিব নোৱাৰিলে৷ সি চকু মেলিয়েই থাকিল৷

: গাধ, তোৰ দোকানৰ ‘পানী’ অকণেৰে গাটো তিয়াওঁ বুলি ভাবিছোঁ৷

মনেশ্বৰ বৰদেউতাই কুটিল হাঁহি এটা মাৰিলে৷

: আপুনি মদেৰে গা ধুব?

সুদৰ্শন হতভম্ব৷

: মূৰ্খ! গা নুধুওঁ৷ খাম৷ আৰ্মীত চাকৰি কৰোঁতেই অভ্যাস এটা হৈছিল যে! তাৰপৰা বহুদিন নাই৷ আজি তোৰ ঘৰলৈ আহি জিভাখনে আকৌ লক্‌লকাইছে অ’! যাচোন বোপা৷ কোৱাটাৰ এটাকে আন৷ জিভাখন তিয়াই লওঁ!

: ৰাইজে বা কি কয়? ভগৱন্ত পৰভুৱে বেয়া পাই যদি?

: একো নকয়৷ পৰভুক মই মেনেজ কৰিম৷ তই সাউতকৈ গৈ দোকান খুলি বটল এটা লৈ আহ৷ যা৷

বৰদেউতাৰ আন্তৰিক নিৰ্দেশ৷ বেচেৰা সুদৰ্শন! কি কৰে এতিয়া! অলপ পৰ হুহোকা-পিছলা কৰি থাকি সি দোকানৰ দিশে ধাৱমান হ’ল৷ দুইমিনিটমানৰ পিছত বটল এটা লৈ উভতি আহিল৷ আহি দেখে, মনেশ্বৰ বৰদেউতাৰ কাষত সেয়া ধনেশ্বৰ খুৰা৷

: বুইছ সোণ, গা ধুৱা মানুহ আৰু এজন ওলাল৷ সেইটো মোক দে আৰু তই গৈ আৰু এটা লৈ আহ৷ যা ৰাইজে আৰ্শীবাদ দিব৷

মনেশ্বৰ বৰদেউতাই বটলটো আঁকোৱালি লৈ সুদৰ্শনলৈ চাই ক’লে৷ আৰ্শীবাদৰ স্বাৰ্থত সুদৰ্শন পুনৰ দোকানলৈ ৰাওনা হ’ল৷

উল্লেখনীয় যে, তাৰপিছত দোকানলৈ বুলি সুদৰ্শনে বিশবাৰ অহা-যোৱা কৰিবলগীয়া হ’ল৷ অৱশ্যে ভকতো বিশজনতকৈ বেছি নাছিল৷ সেয়ে, ভগৱন্ত পৰভুৱে বিচাৰিলেও-নিবিচাৰিলেও সুদৰ্শন শইকীয়াৰ দোকানৰ পানীয়ে সৃষ্টি কৰা ৰাগিত সেইনিশা ভকত-বান্ধৱ হৃদয়-মন বাৰুকৈয়ে মতলীয়া হ’ল৷ সৰ্বত্ৰে ৰসেই ৰস!
পিচে ভগৱন্ত পৰভুক সমুখত ৰাখি ৰাইজে প্ৰদৰ্শন কৰা এই অৱমাননা আৰু ভেঙুচালি সুদৰ্শনৰ মাতৃ ফুলমতী শইকীয়াই কোনোপধ্যেই হজম কৰিব নোৱাৰিলে৷ সেয়েহে কোনেও কাণ-মন নিদিলেও তাৰ পিছদিনা ফুলমতী শইকীয়াই দিনৰ দিনটো চিঞৰি থাকিল-

: বুইছে ৰাইজ! কালি আমাৰ ঘৰত গাঁৱৰ আটাইবোৰ বুঢ়াই বটল খালে….সিপিনে মাছ মাছতেই থাকিল.. জোলত দিয়া মাছৰ লগত হেনো বটল খাই ভাল নেলাগে৷ এই…এই কুলাংগাৰে নিজৰ জীৱনটোতো বটল খাই-খাই ধ্বংস কৰিলেই, এতিয়া গাঁৱৰ বুঢ়াকেইটাকো বটল খুৱাই খুৱাই মাৰিব খুজিছে! ৰৌ-ৰৌ নৰকত পচি মৰিবি হেৰৌ দুৰাচাৰী!

(৫)
পঞ্চম খাদক
নাম: নৰেন্দ্ৰ মোহন মজুমদাৰ
বয়স: সাতাৱন্ন
বৃত্তি: জনপ্ৰতিনিধি
খাদ্য: দেশ, মাটি আৰু মানুহ

গাঁৱৰ ৰাইজেতো আশা এৰিয়েই দিছিল৷ বোলে-ইলেকছনটো জিকাৰ আগত গীতাৰ শ্লোক মতাদি যিমানসোপাহে সি প্ৰতিশ্ৰুতি দি থৈ গৈছিল, যোৱা চাৰি বছৰত তাৰ বেজীটোৰ সমানো কাম নকৰিলে৷ বাকীবোৰতো বাৰু বাদেই দিলোঁ, সি যে গাঁৱৰ পৰা সন্দেহযুক্ত অবৈধ চোৰৰ দলটোক দুদিনৰ ভিতৰতে খেদিম বুলি দম্ভালি মাৰি থৈ গৈছিল, সেইটো সমস্যাৰো সি কাষ নাচাপিল৷ চোৰৰ কথা উলিয়ালেই ছালে-বেৰে কোবাই কথা এসোপা কয় আৰু চোৰৰ প্ৰসংগ তাতেই সামৰে৷ অৱশেষত ৰাইজৰ কাকূতি-মিনতিৰ পৰা পৰিত্ৰাণ পাবলৈ সি ৰাইজকে লগ নকৰা হ’ল৷ বিগত চাৰিটা বছৰ তাৰ ছাঁটোকে দেখিবলৈ নাই৷ সেয়ে ৰাইজেও সপোনৰাজ্যত ডেউকা কোবাবলৈ এৰি দিছিল৷

: এহ্ যি হ’ল হ’ল আৰু৷ এই জাতটোক বিশ্বাস কৰায়েই ভুল৷ বাপেকটোক আমিয়েই চাম৷

পিচে কালি হঠাতে খবৰ এটা আহিল-মানুহজন বোলে গাঁৱলৈ আহিব৷ অত্যন্ত আচৰিত কথা! চৰকাৰে দুখনমান নতুন আঁচনি ঘোষণা কৰিছে৷ তেওঁ সেই আঁচনি দুখনৰে ৰাজহুৱা পাঠ আৰু ব্যাখ্যা কৰিবলৈ মানুহজন আহিব৷ মানুহজন মানে আমাৰ এই নৰেন দা, এই যে আমাৰ জকাইচুকীয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী নৰেন্দ্ৰ মোহন মজুমদাৰদা!- হয়, সেইজনেই, তেওঁৰ কথাকেই কৈছোঁ৷ ৰোমাঞ্চকৰ খবৰটো শুনিয়েই দুটামান তৈলমৰ্দনকাৰীয়ে গোটাচেৰেক পুৰণি ফটকা উলিয়াই জুইত সেক দিলে৷ বোলে-দাদাৰ গাড়ী আহি নামঘৰৰ পদূলিত ৰ’লেই ফুটাম৷

: বাৰু ফুটাবি৷

পুৰণি দুখ-বেজাৰ পাহৰি নোমল বুঢ়ায়েও ৰংমনেৰে অনুপ্ৰেৰণাৰ বাণী অকণ যোগান ধৰিলে৷ বুঢ়াই পুৱাতেই আজি গা-পা ধুই সৰ্বশৰীৰ তমস্কাৰ কৰি ৰাখিছে৷ মনতে ভাবি থৈছে, পুতেকে আহি চৰণস্পৰ্শ কৰিলেই টপহ্-টপহকৈ চাৰি-পাঁচটামান চুমা খাব৷ আই ঐ দেহি, সেই যোৱাটো ব’হাগতেই তাক ৰামেশ্বৰহঁতৰ ঘৰত টিভিত দেখা৷ সেইবাৰ চাওঁতে মুখখন আগতকৈ ক’লা হোৱা দেখিছিল৷ বোধহয়, ৰ’দত ঘূৰি ফুৰাৰ কাৰণেই৷ ৰংটোবা এতিয়া পাতলিছেনে নাই!
পাতলিছে, ৰং ভালকৈয়ে পাতলিছে৷ বিশাল বপুৰ ‘মাৰাজ্জো’ গাড়ীখনৰ পৰা যেতিয়া পুতেক নৰেন্দ্ৰই আগে-পিছে চোকা চকুৰ নিৰাপত্তাৰক্ষী লৈ ওলাই আহিল, তেতিয়া পুতেকৰ ছালৰ শুকুলা শোভা দেখি বাপেক নোমল হতভম্ব নহৈ নোৱাৰিলে৷ অজানিতে বুঢ়াৰ মুখেৰে ওলাই আহিল-

: কি খাইছে অ’ ই? ইমান বগা হৈছে!

তেনেতে ফুচ-ফুচকৈ ফটকা দুই-চাৰিটা ফুটিল৷ কেইটামান উচ্চাভিলাসী ফটকা আকাশলৈও উৰি গ’ল৷ ওপৰতে গৈ ধুম-ধুমকৈ আৱাজ হ’ল৷ ল’ৰা-ছোৱালীবোৰে স্ফূৰ্তিতে কিৰিলি পাৰিলে৷ নোমল বুঢ়ায়ো ৰ লাগি আকাশলৈ চালে৷ পুতেক যেতিয়া আহি ভৰিত পৰিলহি,তেতিয়াহে সম্বিৎ ঘূৰাই পালে৷

: দেউতা, ভালে আছ?

চকুৰ পৰা কাউৰীহেন ক’লা বিতচকুযোৰ সোলোকাই নৰেনদাই আকুল চকুৰে বাপেকলৈ চালে৷ ইপিনে ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহা দেখি (সাময়িকভাৱে হ’লেও) বুঢ়াৰ হৃদয় আৰু চকু ক্ৰমে আনন্দ আৰু চেনেহৰে পূৰ্ণ হৈ পৰিল৷ ইয়াৰ উজ্জ্বল প্ৰমাণস্বৰূপে বুঢ়াৰ দুয়োটা চকুৰ পৰা সৰসৰকৈ চাৰি-পাঁচ চামোচমান পানী ওলাই আহিল৷

: মনত পৰিল এতিয়া বুঢ়া বাপেৰলৈ! অত দিন ক’ত আছিলি? মুখখন আগতকৈ বগা হৈছে৷

কৃত্ৰিম অভিমানৰ সুৰত বুঢ়াই থোকাথুকি কণ্ঠেৰে স্বমত প্ৰকাশ কৰিলে৷ লগতে ৰূপৰ গোটাচেৰেক প্ৰশংসা৷

: ব’ল, নামঘৰলৈ ব’ল৷ সকলো কথা তাতেই ক’ম৷ এতিয়া চকুপানী মচ৷

দেউতাকৰ কান্ধত বাঁওহাতখন ৰাখি বিধায়কজন নামঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ পিছে পিছে তৈলমৰ্দনকাৰী সন্থাৰ বিষয়ববীয়াসকল৷ অৱশ্যে নিৰাপত্তাৰক্ষীৰ দলটো বাহিৰতে ৰ’ল৷ গাঁৱৰ ৰাইজে মজলীয়া স্কুলখনৰ পৰা তিনিখনমান বেঞ্চ আনি, তাৰ ওপৰতে নীলা কাপোৰ এখন পাৰি বিধায়কৰ অনুষ্ঠানটোৰ কাৰণে সাজু কৰি থৈছিল৷ বেঞ্চখনৰ ইপাৰে চাৰিখন চকী৷ এখনত জিলা পৰিষদৰ সভাপতি, আনখনত পঞ্চায়তৰ সভাপতি বহিব৷ এখনত বিধায়ক আৰু আনখনত গাঁওবুঢ়া৷ এতিয়া বিধায়কৰ লগত বাপেকো অহা দেখি ডেকা এটাই ততাতৈয়াকৈ ক’ৰবাৰ পৰা চকী এখন কাঢ়ি আনিলে৷
শৰাইঅংকিত গামোচা এখন গাঁওবুঢ়াই বিধায়কৰ ডিঙিৰ ওলোমাই দিয়াৰ পাছতেই বিধায়কে ভাষণ আৰম্ভ কৰিলে৷ অৱশ্যে তাৰপূৰ্বে তেওঁ গামোচাখন দেউতাকৰ ডিঙিত পিন্ধাই দিলে৷ আহ্! কি যে শ্ৰদ্ধা! ৰাইজৰ ফালৰপৰা মুহূৰ্ততে জিন্দাবাদ ধ্বনি৷ নক’লেও হ’ব যে এই দিশতো মূখ্য অনুঘটকৰ ভূমিকাত অৱতীৰ্ণ হ’ল তৈলমৰ্দনকাৰী সন্থা৷

: ৰাইজ!

গলখেকাৰি এটা মাৰি বিধায়কে আৰম্ভ কৰিলে

: আশা কৰোঁ আপোনালোকৰ ভাল৷ মোৰো ভাল৷ সময় বৰ কম৷ গতিকে পোনপটীয়াকৈ কথাবোৰ কৈ পেলাওঁ৷ বাৰু, আপোনালোকে জানেনে যে যে আমি এখন নতুন আঁচনিৰ কাম আৰম্ভ কৰিম৷ অতি সোনকালে৷ জানেনে?ৰাইজ?

: নেজানো৷

ৰাইজৰ ফালৰ পৰা উত্তৰ আহিল৷

: চিন্তাৰ কোনো প্ৰয়োজন নাই৷ মই কৈ আছোঁ৷

: কওক,কওক৷

: শুনক ৰাইজ৷ এই বিশেষ আঁচনিখন প্ৰকৃততেই এখন সুন্দৰ আঁচনি৷ বোধহয় এনে আঁচনি আজিলৈকে পৃথিৱীৰ ক’তোৱেই আৱিষ্কাৰ হোৱা নাই৷ এই আঁচনিখনৰ জৰিয়তে আপোনালোকে এটকাত চাউল,পাঁচটকাত আলু আৰু বিশটকাত মিঠাতেল পাব৷ লগতে প্ৰতিটো পৰিয়ালক একোখনকৈ চাইকেলৰ যোগান ধৰা হ’ব৷

: সঁচায়েনে?

: কি কৱ?

: এইখন দেখোন ৰামৰাজ্য হোৱাৰ দৰে হ’ল৷

কথা শুনি মুহূৰ্ততে ৰাইজৰ মাজত আনন্দসূচক ভুন্‌ভুননি আৰম্ভ হ’ল৷ জোৰদাৰ হাত-চাপৰি আৰু হৰ্ষোল্লাসে যোগান ধৰা বিৰল সুখানুভূতিয়ে মানুহৰ মনবোৰ পলকতে ভৰাই তুলিলে৷

: একদম ঠিকেই শুনিছে৷ এইবোৰ সকলো হ’ব৷ পিছে…

: পিছে কি?

কাষতে বহি থকা গাঁওবুঢ়াই সুধিলে৷

: গাঁওবুঢ়া খুৰা৷ আপোনালোকে এইখিনি সুবিধাৰ বাবে তেনেই সৰু এটা কাম কৰিব লাগিব৷

: নিশ্চয় কৰিম৷ ক’চোন৷

: আমাৰ গাঁৱতেই লাগি থকা সীমামূৰীয়া দেশখনত কেইখনমান গাঁও আছে৷ সেই গাঁওবোৰত খাবলৈ নোপোৱা, ভালদৰে শুবলৈ নোপোৱা, পিন্ধিবলৈ নোপোৱা মানুহ কিছুমান আছে৷ তেওঁলোকক তেওঁলোকৰ চৰকাৰে চোৱা-চিতা কৰিব পৰা নাই৷ এতিয়া তেওঁলোকক আশ্ৰয় দিয়াটোও আমাৰেই পৰম কৰ্তব্য নহয়নে, যিহেতু তেওঁলোকৰ আমাৰেই চুবুৰীয়া৷ হয় নে নহয়?

: হয়৷

ৰাইজে চুচুক-চামাককৈ সহমত প্ৰকাশ কৰিলে৷ দুটামানে মনে মনে ভ্ৰু কোঁচালে৷ ইংগিত যেন ভাল নহয়!

: সেইকাৰণেই আমি সিদ্ধান্ত লৈছোঁ…

বিধায়কে তাৰপিছত ক’লে-

: সেইসকল মানুহক আমি এইখন গাঁৱতে আশ্ৰয় দিম৷ আৰু সকলোৰে ঘৰত যেয়ে যেনেকৈ পাৰে, তেনেকৈ সেইসকল মানুহক ৰাখিম৷

: কিমানদিনলৈ?

ৰাইজৰ মাজৰ পৰা দুজনমানৰ তাৎক্ষণিক প্ৰশ্ন৷

: যেতিয়ালৈকে জীয়াই থাকে৷

: কি ক’লি?

গাওঁবুঢ়া এইবাৰ আচৰিত হোৱাৰ পাল৷

: হয়৷ চিন্তাৰ কোনো কাৰণ নাই৷ সকলো ব্যৱস্থা চৰকাৰৰ ফালৰ পৰাই লোৱা হ’ব৷ মাথো আপোনালোকে তেওঁলোকক খুৱাই-বোৱাই ৰাখিলেই হ’ল৷ তেওঁলোকে ইয়াতে থাকি পঢ়িব, শুনিব, লিখিব আৰু ইলেকছনত ভোট দিব৷

: এইবোৰ কি কথা আকৌ?

বিধায়কৰ মন্তব্যই ৰাইজৰ মাজত কোলাহলৰ সৃষ্টি কৰিলে৷ পিচে বিধায়কৰ সেইবোৰলৈ কেৰেপ নাই৷ মুখত হাঁহি এটা ৰাখি তেওঁ কৈ থাকিল-

: এইবোৰ ভাল কথা৷ আৰু মই ঠিক কৰিছোঁ-ঘৰত ৰখা কামটোৰ শুভাৰম্ভণি কৰিব মোৰ দেউতা শ্ৰী নোমল চন্দ্ৰ মজুমদাৰেই৷ দেউতা, তইয়েই এই শুভ কামটো আৰম্ভ কৰ৷ গাঁৱৰ মানুহে তোৰ মুখলৈ চাই আছে৷

সমুখত থকা স্পীকাৰটো দেউতাকৰ সমুখলৈ আগুৱাই দি বিধায়কে ৰাইজক হাত-চাপৰি বজাবলৈ ইংগিত দিলে৷ নাই, কোনেও হাত-চাপৰি নবজালে৷ কেৱল তৈলমৰ্দনকাৰী সন্থাৰহে অত্যুৎসাহী সংগীত৷

: মই সাজু আছোঁ বুলি ক৷

থৰ লাগি ৰৈ থকা নোমল বুঢ়াৰ কাণত বিধায়কে ফুচফুচাই উপদেশ দিলে৷

: নকৱ কিয়! ক’!

মুখেৰে একো নমতা দেখি পুতেকে এইবাৰ জোৰেৰেই ক’লে৷

: নকওঁ

বাপ্‌ৰে! এইটো বুঢ়াৰ ইমান ডাঙৰ মাত! গাঁৱৰ মানুহে বুঢ়াৰ এনে গৰ্জন আজিলৈকে শুনা নাই৷ কান্ধৰ পৰা পুতেকৰ হাতখন ক্ষোভেৰে আঁতৰাই অগ্নিবৰ্ষা চকুৰে সেয়া নোমল বুঢ়ায়েই নে!

: তোৰ কথাই কথা নেকি!

গাঁৱৰ ৰাইজক হতচকিত কৰি, ডিঙিৰ সিৰ ফুলাই বুঢ়াই এইবাৰ মনৰ কথা ক’বলৈ সাজু হ’ল৷ সিপিনে পুতেকৰ বৌদ্ধিক শক্তি বিলুপ্ত হোৱাৰ উপক্ৰম৷ চৰণস্পৰ্শকে ধৰি অন্যান্য আৱেগিক আচৰণবোৰে বুঢ়াৰ মন জয় কৰিব নোৱাৰিলে নেকি!

: তোৰ কথাই কথা নেকি?

বুঢ়াই ক’বলৈ ধৰিলে,

: থকাকেইটাৰে অৱস্থা নাই৷ এতিয়া আকৌ সি বাহিৰৰ মানুহ আনে! অতদিনে যে গাঁৱত সেই চুৰবোৰে দপ্‌দপাই আছে, সেইবোৰৰ নোম এডাল ছিঙিব পাৰিলি! নোৱাৰিলি! এইবোৰ সব তহঁতৰ ভোটবেঙৰ কথা৷

টিভিৰ ভোটবেংক শব্দটোৱে বুঢ়াৰ মুখত আহি সৰলীকৃত ৰূপ এটা পালে-ভোটবেঙ৷

: অ’ সব ভোটবেঙ৷ আৰু তঁহতক একোকে নালাগে৷ না এখন দলং, না এখন হাস্পতাল, না এটা ডাক্তৰ! কি আছে ইয়াত! মানুহবোৰ দেখিছনে! কেনেকৈ ছালে-হাড়ে লাগি আছে! থাকিবলৈ, খাবলৈ একোকে নেপাই সৌটো মদনে নিজৰ পুতেকক বেচিবলৈ ওলাইছিল, সেইবোৰ কথা খিয়াল ৰাখিছ! ৰাস্তাৰ অৱস্থা নাই৷ চুই দিলেই আলকতৰা ওলাই আহে৷ এইবোৰ কথা দেখিছ! এতিয়া তাৰ অইন মানুহলৈ দৰদ! চালা বদমাছ! নিলাজ! দেশখন খালি, মাটিসোপা খালি, এতিয়া মানুহসোপা খাবলৈ আহিছ! মানুহৰ মূৰবোৰ খাবলৈ আহিছ! এটকীয়া চাউল দি মানুহৰ মন ভুলাবলৈ আহিছ! কিন্তু বাপু, এটা কথা জানি থ’বি-যি মানুহে আনক বুৰ্বক বুলি ভাবে সিয়েই পৃথিৱীৰ আটাইতকৈ ডাঙৰ বুৰ্বক৷ সেই হিচাপত তয়ো এটা ডাঙৰ বুৰ্বক৷ গুচি যা এতিয়াই৷ গুচি যা…মোৰ চকুৰ পৰা এই মুহূৰ্ততে আঁতৰ হ…

কেনেকৈ থাকে…বাপেকৰ এই জ্বালামুখীৰ সমুখত পুতেক তিষ্ঠি থাকে কেনেকৈ! সেয়ে নিৰাপত্তাৰক্ষীৰ সহযোগত বিধায়ক নৰেন্দ্ৰ মোহন মজুমদাৰে ৰাস্তাত ৰৈ থকা গাড়ীখনলৈ ভিৰাই লৰ মাৰিলে৷ অ’…যাওঁতেই বাটত তৈলমৰ্দনকাৰী সন্থাৰ মুৰব্বীজনৰ লগত ভেটাভেটি হ’ল৷ কাণৰ কাষতে মজুমদাৰে কৈ থৈ গ’ল-

: বুঢ়াক মৰিবলৈ দে৷ আকৌ আহিম৷

☆★☆★☆

8 Comments

  • Jyotirupam Dutta

    দুৰ্দম ! যেন গাণ্ডীৱৰ পৰা ওলোৱা একোপাট তীক্ষ্ণ শৰ৷

    Reply
    • ঈশান

      ধন্যবাদ জ্যোতি দা 🙂

      Reply
  • হেমন্ত কাকতি

    অতি উত্তম ঈশান৷ যথেষ্ঠ দীঘলীয়া যদিও পাচোটাই পঢ়িলোঁ৷

    প্ৰত্যেকটোৱেই একোটা ভোট জলকীয়া ব’ম্ব৷
    “তোৰ দোকানৰ পানী অকনেৰে গাটো তিৱাওঁ”টো সৰ্বশ্ৰেষ্ঠ লাগিল৷

    এক কথাত ব্ৰিলিয়েণ্ট!

    Reply
    • ঈশান

      বহুত ধন্যবাদ দাদা ।

      Reply
  • কাবেৰী মহন্ত

    ৱাউ ! এনে লেখাত কমেণ্ট কৰিবলৈ শব্দই নাপাঁও ৷

    Reply
  • জয়ন্ত দাস

    সাংঘাতিক লিখিলে৷

    Reply

Leave a Reply

Your email address will not be published.