ফটাঢোল

পঞ্চপদী পদ্য – হেমেন ডেকা

(১)

গিৰিয়েকৰ গালি খাই খাই দুচকু লাল
কুম্ভকৰ্ণৰ দৰে তেওঁ শোৱাত বৰ ভাল

কামত অথন্তৰে নুগুচে
টোপনিয়ে খেদে পিছে পিছে
গাঁও ফুৰিবলৈ যোৱাত অৱশ্যে মহাকাল৷

(২)
কোনে বাৰু নাম থলে মিচ লচপচী
বেয়া পালে মুখখন হয় এটি পাচি
এনেই স্ফূৰ্তিবাজ
খোৱাত বৰ লাজ
মনেমনেহে খায় এক চৰীয়া লুচি৷

(৩)
চুবুৰীয়াই মাতে তেওঁক চেকচেকী বাই
খঙ উঠিলে চলিহঁতক তামাম কোবায়
ঘৰ হেনো তেওঁৰ মতেই চলে
চুপতিত কোনেও নোৱাৰে বলে
শ্ৰীমানক গালি-শপনি পাৰি মন জুৰায়!

(৪)
নিমাখিত প্ৰাণী হাজৰিকা হবিবৰ
কাম-কাজত তেওঁ বিৰাট খৰধৰ
পানী নসৰকা কথা
মনত বহুত বেথা
ৰাতি হ’লে হেনো উঠে মাজে মাজে জ্বৰ৷

(৫)
নলবাৰীৰ তৰুণ হিতেশ্বৰ
ফটাঢোল বজোৱাতো পটু বৰ
বিহু সমিতিৰ সদস্য
পিলিঙাহঁতৰ নমস্য
হাত বিষাই গৈছে দি নমস্কাৰ৷

(৬)
আগতে নেদেখিলে যদিও আজি-কালি দেখে ভূত
আজি এটা কাইলৈ এটা- ই কথা অৱশ্যে অদ্ভুৎ
অথচ তেৱোঁ আছিল ভূতৰ ৰজা
অনেক বাক দত যখ আছিল প্ৰজা
এতিয়া ভূতনৃত্য দেখি বোলে- ইহঁত অনাহুত৷

(৭)
দাউ দাউকৈ চৌকাত জ্বলি আছে অগনি
সঁজাত বন্দী পখীৰ যুযুধান চাৱনি
ভোজৰ চলিছে আয়োজন
ক’ত বন্দীত্বৰ অৱসান?
অৱশেষত হেতাই জনাব আদৰণি৷

(৮)
কিহৰ আাশাত কাৰ তন-মন উচৰ্গিত
কায়মনোবাক্যে নিজকে কৰে সমৰ্পিত
কাৰোবাৰ শ্ৰীমুখনিসৃত গাথা
কোনোবাই ভাবে সেয়া শাস্ত্ৰকথা
কূটনীতিৰ ভেল্কীত কোন হয় সন্মোহিত?

(৯)
অনুপ্ৰৱেশকাৰীৰ কালান্তক ৰেহ-ৰূপ
স্বাৰ্থান্বেষী নেতাৰ নোৱাৰি বুজিব স্বৰূপ
খলনায়কৰ ভেল্কীবাজী
সুবিধাবাদীৰ কাৰচাজি
সৰ্পিল ভৱিষ্যতৰ প্ৰতিচ্ছবি অপৰূপ!

(১০)
এয়েই নহয়- আৰু চাগে ভুগিবলৈ আছে
এবুকু আশংকাই খেদেচোন পিছে পিছে
প্ৰতিনিয়ত দেখিছো প্ৰত্যাহ্বান
পৰিশ্ৰান্ত হেজাৰ যুঁজাৰু প্ৰাণ
পুতলাৰ দৰে কাৰ আঙুলি ঠাৰত নাচে?

☆★☆★☆

Leave a Reply

Your email address will not be published.