ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১)

চকু থাকিও কণা সেয়ে দিনত নেদেখে ফেঁচাই
আন্ধাৰত নিপুণ চিকাৰী, উৰে ডেউকা কোবাই
বকৰ দৰে তপ-জপ
চিকাৰ ধৰে টপাটপ
দেখাত সৰল, আঁৰত আচল ৰূপ দেখুৱায়৷

 

(২)
কথাত জিকমিকাই জোন বেলি তৰা
কত চামচা আছে তেৰাৰ ধেমাধৰা
কৰ্মক্ষেত্ৰত চলে ফাঁকি
কাৰ্যসূচী তৰাৰ জাকি
কাৰ্যতঃ চেষ্টা মাত্ৰ গাদী দখল কৰা!

 

(৩)
য’তে ত’তে গজি উঠে অপতৃণ
জননেতা হৈ যায় উপায়হীন
বিষবৃক্ষৰ গজালি
মৰহে শস্য সোণালী
ভৱিষ্যত কি হ’ব ইয়াতে চিন!

 

(৪)
ডাঙৰীয়াৰ মনত নাই সুখ
গাদীৰ বাসনাই দিলে যে দুখ
প্ৰাণত পিপাসা
মনত জিঘাংসা
নিৰ্বাচনত থেকেচা খালে মুখ৷

 

(৫)
অজানিতে কাৰোবাৰ হওঁ হাতৰ পুতলা
বুজিকে নাপাওঁ প্ৰভুহঁতে পাতে কিনো মেলা
অনেক আশাৰ পাহাৰ
ৰঙীন স্বপ্নৰ পোহাৰ
প্ৰতিশ্ৰুতিৰ ধোঁৱা গিলি হৈ যাওঁ বমভোলা৷

 

(৬)
সকলোতে চলি থাকে একেখনেই নাটক
দৌতাহঁত অৱশ্যেই অতি পাকৈত বাদক
দূৰদৰ্শী নেতা
ঢোল কিন্ত ফটা
কোৰ্হালত কাণৰ পৰ্দা যাৰ ফাটে ফাটক৷

 

(৭)
শুনিছোঁ অশেষ সাংগীতিক আশ্বাস
শূন্যতাৰ গ্ৰাসত সুগভীৰ বিশ্বাস
শোষিতৰ কথা কয়
শেষত পাহৰি যায়
শুৱলা শব্দই মাথোঁ কৰে উপহাস!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.