ফটাঢোল

পদুমীৰ বিয়া – অনুৰূপ মহন্ত

(কাহিনীৰ পটভূমি ১৯৭০চনৰ)

ঐ পদুমী, তোক আমাৰ মায়ে সোনকালে মাতি পঠাইছে। আহিবিচোন এপাক। বাৰীৰ ঢাপৰপৰা চিঞৰ ধৰা শেৱালিৰ মাতত পদুমী উচপ খাই উঠিল। সন্ধিয়াখননো ’বৰমাৰ বা’ কি কাম ওলাল! মনতে ভাবিলে পদুমীয়ে। ’গৈছো বুলি ক’বি যা বৰমাক।’

পদুমীয়ে এহাতে টিপ চাকিটো আৰু আনটো হাতেৰে সৰুজনী ভনীয়েক মালতীৰ হাতত ধৰি কাষৰ ঘৰৰ বৰমাৰ পাকঘৰ পালেগৈ। বৰমাকৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে চ’ৰা ঘৰৰ মাজেৰেই যাব লাগে। পদুমীয়ে মন কৰি গ’ল তাত কোনোবা দুজন আলহী বহি আছে।

বৰমা, কিয় মাতিছিলে? আৰু কোন আলহী আহিছেনো এই সন্ধিয়াখন?

এটা তইচোন চিনি পাৱই, মোৰ ভাই ৰতন আক’ আৰু ইটো আমাৰ মাৰ ঘৰৰ ওচৰৰে ল’ৰা। মই পিঠা ভাজিছোঁ, তই চাহকণ বাকি দেচোন। শেৱালিৰো আজি অসুবিধা, সেইবাবে তোক মাতিলোঁ।

হ’ব দিয়ক, মই আছোঁ নহয়।

মালতীক মূঢ়া এটাত বহাই পদুমী কামত লাগি গ’ল। চাহ দিবলৈ যাওঁতে ৰতন মামাই তাইৰ লগত কথা পাতিলে। ঘৰৰ সকলোৰে ভাল বেয়া খা-খবৰ ল’লে। ইজন আলহীয়ে মাত্ৰ নমস্কাৰ দি চিনাকিটোহে হ’ল, কথা একো নাপাতিলে।

অলপ পাছত ৰতন মামাই ক’লে- আমি কাইলৈ ৰাতিপুৱাই ঘূৰি যাম, গতিকে আজিয়েই তোমালোকৰ ঘৰতো থিয়ৈ থিয়ৈ এপাক সোমাই আহিমগৈ। ঘৰত কোৱাগৈ যোৱা।

পদুমী ঘৰলৈ আহি মাকক ক’লেহি, বৰমাহঁতৰ ঘৰত গহপুৰৰ আলহী আহিছে, আমাৰ ঘৰলৈও আহিম বুলি কৈছে।

তেনেকুৱাতে চোতালত ৰতন মামাৰ মাত শুনা গ’ল। তেওঁলোক দুয়োজনে নিজেই আহি আগফালে পাৰি থোৱা আৰামী বেঞ্চখনত বহিলেহিয়েই। মাক ওলাই আহি খবৰ বাতৰি ল’লে। ভিতৰৰপৰা তেওঁলোকৰ কথা বাৰ্তা শুনি পদুমীয়ে বুজি পালে ইতিমধ্যে টিপ চাকিৰ পোহৰতে তেওঁলোকে পদুমীক পছন্দ কৰিছে আৰু সেই ল’ৰাজনলৈ পদুমীক কইনা কৰি নিব বিচাৰিছে। ল’ৰাজনো দেখাই শুনাই ভালেই। ঘৰৰ ডাঙৰ, তেওঁৰ তলত ভায়েক দুজন। দেউতাক নাই, মাকহে আছে ঘৰত। খেতিয়ে বাতিয়ে ঘৰৰ অৱস্থা যথেষ্ট টনকিয়াল। বৰমাকৰ মুখেৰে ইতিমধ্যে তেওঁলোকে পদুমীৰ প্ৰশংসা শুনিছেই, পঢ়াশুনাৰ লগতে ঘৰুৱা কাম কাজ, বোৱা কটা একোতেই গাঁওখনৰ ভিতৰতেই পদুমীক কোনেও পাছ পেলাব নোৱাৰে। এনেহেন গুণৱতী ৰূপৱতী ছোৱালীক পছন্দ নকৰি পাৰেনে!

ছোৱালীজনী বিয়া দিবতো লাগেই, কিন্তু এতিয়া এইবিলাক কথা পাতিবলৈ দেউতাকো ঘৰত নাই নহয়। শিছ গাঁও ফুৰিবলৈ গৈছে। তিনিদিনমান পাছতহে আহিব। আপোনালোক দুদিনমান দেৰিকৈ আহক নহ’লে! -শেৱালিৰ মাকে কলে। সেই সময়ত শেৱালিৰ দেউতাক সত্ৰৰ ডেকা সত্ৰাধিকাৰ আছিল। ঘৰত তেখেতক নোসোধাকৈ কোনেও একো নকৰিছিল, বিয়া বাৰুৰ কথা তেওঁক নোসোধাকৈ ঠিক কৰাৰ কথা কোনেও ভাবিবই নোৱাৰে।

আই, তেন্তে আমি যাওঁ। বহাগৰ তিনি তাৰিখৰ দিনা মই আহিম কথা পাতিবলৈ, দেউতাক ক’ব। সেই বুলি ল’ৰাজনে শেৱালিৰ মাকৰ ভৰি চুই সেৱা এটা কৰি যাবলৈ ওলাল। শেৱালিৰ মাকৰো মনটো কিবা ভাল লাগি গল। হঠাতে ইমান আপোন আপোন লাগি গ’ল ল’ৰাটো! কৈ যোৱাৰ মতেই বহাগৰ তিনি তাৰিখৰ দিনা ল’ৰাজন আহি ওলালহি। অকলেই আহিছে। আহিয়েই শেৱালিৰ দেউতাকৰ লগত কথা বাৰ্তা পাতিলে। ল’ৰাজনৰ নাম ৰমেন গোস্বামী। শেৱালিৰ দেউতাকৰো ল’ৰা পছন্দ হ’ল আৰু বহাগৰ ত্ৰিশ তাৰিখলৈ বিয়াৰ দিন ঠিক কৰিলে।

দেউতা, ময়েই ঘৰৰ ডাঙৰ। মোৰ দেউতা নাই, মাৰো স্বাস্থ্য ইমান দূৰ আহিব পৰাকৈ ভাল নহয়। গতিকে মই আজিয়েই তামোল-পাণ পেলাই নিয়মটো কৰি থৈ যাওঁ বুলি ভাবি আহিছোঁ। ইয়াৰ পাছত যা-যোগাৰ কৰি একেবাৰে ছোৱালী নিবলৈহে আহিম।” ৰমেনৰ নিৰ্ভীক আৰু স্পষ্ট কথাই সকলোকে মোহিত কৰিলে। গাঁৱৰে দুই চাৰিজন বয়সীয়াল লোকক গোটাই তেওঁলোকে নিয়মটো কৰি পেলালে।

ঐ পদুমী, তই পিছে ভিনিহিৰ লগত কথা পাতিলি নে নাই?- শেৱালিয়ে খোঁচটো মাৰি সুধিলে। যাহ, এইজনী। মই আক’ কি বেলেগকৈ পাতিব লাগে, পিতাইহঁতেচোন পাতিছেই। মই শুনিছোঁ নহয়। পদুমীয়ে লাজকুৰীয়া হাঁহি মাৰি ভিতৰলৈ সোমাই গ’ল।

দেউতাসকল, এইখিনিতে আপোনালোকক কথা এটা জনাই থওঁ। আমাৰ ঘৰ হ’ল ব্ৰহ্মপুত্ৰৰ সিপাৰত। মাজুলী হৈ আহোঁতে দুখন মেচিন নাওঁত পাৰ হ’ব লাগে। মেচিন নাৱত অহাৰ বাদে বেলেগ উপায় নাই। সময়ত যদি কেনেবাকৈ মেচিন নাওঁ বেয়া হয় আৰু আমি কোৱামতে সময়ত আহি নাপাওঁহি, তেতিয়াও আমাক দোষ নধৰিব। মুঠতে বিয়াখন পাছদিনা হ’লেও হ’বই হ’ব। সমাজক উদ্দেশ্য কৰি কোৱা ৰমেনৰ স্পষ্ট কথা কেইশাৰী শুনি সকলোৱে হয়ভৰ নিদি নোৱাৰিলে।

লাহে লাহে বিয়াৰ দিন ওচৰ চাপি আহিছে, এসপ্তাহহে বাকী আছেগৈ। খৰ ধৰকৈ সকলো যা-যোগাৰ চলিছে। দৰাৰ ঘৰতো কি হৈছে নহৈছে জানিবলৈ সকলোৰে বৰ মন গৈছে। পিছে তেতিয়া খবৰ লবলৈও চিঠিৰ বাদে বেলেগ উপায় নাই। চিঠিনো লিখে কোনে, পদুমীৰ যিহে লাজ! বিয়ালৈ তিনিদিন থাকোতে যেনিবা শেৱালীলৈ চিঠি আহিল। তাতেই তেওঁলোকৰ খবৰ বাতৰি আহিছে আৰু সময়ত আহি পাব, একো চিন্তা নকৰিব আদি লিখি পঠাইছে ৰমেনে। শেৱালীয়ে চিঠিখন পদুমীহঁতৰ ঘৰত দেখুৱালেহি। সকলো নিচিন্ত হ’ল।

ঊনত্ৰিশ বহাগৰ দিনা সন্ধিয়ালৈ ৰমেনৰ ঘৰৰ বৰযাত্ৰী আৰু লগতে জোৰোণ পিন্ধাবলৈ দেৰগাঁওৰ পৰা অহা বায়েক আৰু তেওঁৰ লগৰ এগৰাকীও আহি শেৱালীহঁতৰ ঘৰত গোট খালেহি। বৰযাত্ৰী হৈ আহিছে স্বয়ং ৰমেনহঁতৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বৰদেউতাক আৰু তেখেতৰ লগত আৰু দুজন বয়সস্থ লোক। ৰমেনৰ এটা ভায়েক আহিছে লগৰ দুটা ডেকা বন্ধু লৈ। ৰমেন আৰু তাঁহাতৰ খুৰাকৰ ছোৱালী দুজনী। দেৰগাঁওৰ আগৰৱালা দোকানীৰ লগত ৰমেনৰ বৰ ভাল। তেখেতেই দেৰগাঁওৰ পৰা লৈ আহিছে সকলোকে নিজৰ মিনি বাছখনত। ৰাতিটো তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা বৰমাকে কৰিলে।

পাছদিনা ৰাতিপুৱা বৰমাকৰ ঘৰৰ পৰাই জোৰোণ আৰু ৰাতিলৈ বিয়াখন ভালে ভালেই হৈ গ’ল। ৰাতিপুৱালৈ সকলোৱে কইনা লৈ যাবলৈ ওলাল। যৌতুকৰ বস্তুখিনি বাছৰ ওপৰত উঠাই লৈ পদুমীৰ ভিনিহিয়েক আৰু গাঁৱৰে ল’ৰা এজনো কইনা থ’বলৈ ওলাল। বিদায় বেলাত সকলোৰে মনবিলাক ভাৰাক্ৰান্ত হৈ উঠিল।

ইমান দূৰলৈ বিয়া দিছ’, মোৰ কিন্তু মন বেয়া লাগিলেই ৰেলত উঠি গুচি আহিম ঘৰলৈ। -পদুমীয়ে মাকক গবা মাৰি ধৰি হুক হুকাই কান্দি উঠিল।ঘৰৰ ওচৰতে ৰেল ষ্টেচনটো সৰুৰে পৰা দেখি অহা পদুমীয়ে ভুলতো ভবা নাছিল, তাই যাবলৈ ওলোৱা ঠাইত যে তেতিয়াও ট্ৰেইনৰ সুবিধা হোৱাই নাছিল। কোনেও অৱশ্যে সেই সময়ত তাইক সেইবিলাক কথা নক’লে।সকলোৰে পৰা বিদায় লৈ তেওঁলোকে মিনি বাছখনেৰে দেৰগাঁওলৈ যাত্ৰা কৰিলে। দিনৰ দহমান বজাত তেওঁলোক আহি দেৰগাঁৱৰ মাৰোৱাৰী দোকানীজনৰ ঘৰত উপস্থিত হ’লহি। ইয়াৰে পৰা ৰমেনৰ বায়েকহঁতে বিদায় লৈ নিজ ঘৰ অভিমুখে ৰাওনা হ’ল।

এতিয়া থাকিলগৈ সত্ৰাধিকাৰ আৰু লগৰীয়া দুজন, পদুমী আৰু তাইৰ ভিনিহিয়েক আৰু গাঁৱৰ ল’ৰাটো, দৰা ৰমেন আৰু ৰমেনৰ ভায়েক তথা তাৰ লগৰ দুটা আৰু ভনীয়েক দুজনী। এই বাৰজন মানুহ ফেৰী ঘাটলৈ যাবলৈ ইতিমধ্যে গৰুগাড়ী দুখনৰ ব্যৱস্থা কৰি থোৱা হৈছিল। সেই গাড়ীৰেই তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ঘাটলৈ যাত্ৰা কৰিলে।তেওঁলোক সময়তেই ঘাটত উপস্থিত হ’লগৈ। পিছে ৰমেনৰ ভায়েকে খবৰ লৈ গম পালে ফেৰীখনৰ ইঞ্জিন বেয়া হৈছে আৰু ড্ৰাইভাৰে যোৰহাটৰ পৰা কিবা “স্পেয়াৰ পাৰ্টছ” আৰু “মেকানিক” আনিবলৈ গৈছে। মুঠৰ ওপৰত আজি দিনৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ কোনো আশা নাই, আৰু ৰাতিলৈও হ’বগৈ যে তাৰো কোনো নিশ্চয়তা নাই। এখনেই মাত্ৰ ফেৰী, আৰু বেলেগ উপায়ো নাই ঘাটত পৰ দিয়াৰ বাদে। কি কৰোঁ কি নকৰোঁ অৱস্থা সকলোৰে। ইফালে প্ৰচণ্ড ৰ’দে দহিছে সকলোকে। বেয়া হৈ থকা ফেৰীখনৰ চালিৰ তলতে তেওঁলোকে জিৰণি ললে।

দৰা ৰমেনো হাত সাৱটি বহি থকা ল’ৰা নহয়, কেনেবাকৈ কিবা বিকল্প ব্যৱস্থা কৰিব পাৰি নেকি তাকে চিন্তা কৰিবলৈ ধৰিলে আৰু খবৰ খাতি কৰিবলৈ ধৰিলে। অৱশেষত খবৰ পালে যে মাজুলীৰ পৰা অহা বঠা মৰা নাও এখন চাউলৰ বস্তা লৈ অলপ আগৰ ঘাট এটাত চাউলৰ বস্তা “আনলোড” কৰি আছে। ৰমেনে পিন্ধি অহা দৰাৰ সাঁজযোৰ তাতেই সলাই ল’লে। ভায়েকে ক’ৰবাৰ পৰা যোগাৰ কৰা চাইকেলখন লৈ সেই বিশেষ ঘাটটোৰ ফালে পোনালে। ঘাটত সঁচাকৈয়ে নাওঁখন পালে। নাৱৰীয়াৰ লগত কথা পাতি নাওঁ খনতে মাজুলীলৈ যোৱাৰ বন্দোবস্ত কৰিলে। ইফালে চাউলৰ বস্তা তেতিয়াও বহুত “আনলোড” কৰিবলৈ বাকী। সেয়ে ৰমেন নিজেই লাগি গ’ল হাতে কামে নাও খালী কৰা কামত।

ইটো ঘাটত সকলোৱে চিন্তা কৰি আছে কি হ’ব, কেনেকৈ ঘৰলৈ যাব বুলি! সকলোৰে ভোকো লাগিছে। খাবলৈও একো নাই ঘাটত। ৰমেনৰ ভায়েক আৰু লগৰ দুটাই কাৰোবাৰ ঘৰৰ পৰা ভীম কল এথোককে বিচাৰি আনিলেগৈ। লগতে কেইডালমান কুঁহিয়াৰ। তাৰেই সকলোৱে পেটৰ ভোক মাৰিবলৈ চেষ্টা কৰিলে।পদুমীয়েহে একো খাব পৰা নাই। দুখে-বেজাৰে ভাগৰে তাই ভাবি পাৰ পোৱা নাই, ক’লৈ বিয়া হৈ আহিলো বুলি। সকলোৱে জোৰ কৰিছে যদিও তাইৰ পেটলৈ একোৱেই যোৱা নাই। সন্ধিয়া লাগিছে, এনেকুৱাতে দেখা গ’ল ৰমেনে নাৱৰীয়াৰে সৈতে বঠা মৰা নাওখন লৈ আহি ঘাট পালেহি। নাৱৰ টিঙত ‘হাৰিকেন লেম্প’ এটা জ্বলাই আহিছে। নাৱৰীয়া কেইজনে ৰাতি ভৰা ব্ৰহ্মপুত্ৰত নাও লৈ যোৱাতকৈ পাছদিনাহে ঘূৰি যাব বুলি ভাবিছিল, পিছে ৰমেনে জোৰ কৰা বাবেহে যাবলৈ মান্তি হৈছে।

পদুমীৰ পিয়াহ লাগিছে ইফালে, দিনটো একো খোৱাও নাই। কওঁ নকওঁ কৈ তাই ৰমেনৰ পিয়াহ লগা বুলি ক’বলৈ হে পালে, সি বাতি এটাৰে ব্ৰহ্মপুত্ৰৰ পানী অলপকে উঠাই তাইক খাবলৈ দিলে। পদুমীহঁতৰ ঘৰৰ অৱস্থা বেয়া হব পাৰে, কিন্তু সেই বুলি এনেকুৱা বোকা মিহলি পানী তাই কাহানিও খাই পোৱা নাই। ঘৰৰ সন্মুখতে পানী যোগান আঁচনিৰ চাফা পানী আহে। খোৱা বোৱাৰ বাবে সেই পানীহে ব্যৱহাৰ কৰে সিঁহতে। আকৌ শোকটোৱে খুন্দা মাৰি ধৰিলে তাইক। যা হওক, নাও যাত্ৰা আৰম্ভ হ’ল। নাৱৰ টিঙত বহিছে সত্ৰাধিকাৰ, তেওঁৰ কাষত লগৰ দুজন। তাৰ কাষতে পদুমীৰ ভিনিহিয়েক আৰু গাঁৱৰ ল’ৰাজন। নাৱৰীয়া চাৰিজন, ৰমেন আৰু ভায়েক তথা লগৰ কেইজনে সলাই সলাই বঠা মাৰিবলৈ ধৰিছে। পদুমী আৰু তাইৰ ননদ দুজনী নাৱৰ চালিৰ তলত। সিঁহত দুজনী ইতিমধ্যেই ভাগৰত টোপনি গ’লেই! পদুমীয়েহে অকলে অকলে জুপুকা মাৰি বহি গৈছে।

অলপ দূৰ ঠিকে ঠিকেই নাও আগ বাঢ়িল। পাছে, তেনেকুৱাতে লাগিল হুলস্থূল। নদীৰ মাজত ডাঙৰ পকনীয়া এটাত পৰি নাওঁখন ঘূৰিবলৈ ধৰিলে। নাৱৰীয়া কেইজনে ভগৱানক খাটিছে উদ্ধাৰ কৰিবলৈ। চলপ চলপকৈ পানী সোমাইছে নাৱৰ ভিতৰত। ভৰা ব্ৰহ্মপুত্ৰখনৰ মাজত সকলোৰে কি কৰোঁ কি নকৰোঁ অৱস্থা। সত্ৰাধিকাৰে নাম জুৰিছে আৰু সকলোৱে চিঞৰি চিঞৰি নাম গাইছে, ভগৱানক উদ্ধাৰ কৰিবলৈ খাটিছে। নাৱৰীয়া কেইজনে সমস্ত বল প্ৰয়োগ কৰিছে নাওখন বচাবলৈ। তেওঁলোকে চিঞৰিছে, “হে ব্ৰহ্মপুত্ৰ বাবা, আমাক বচোৱা, তোমাক গাখীৰ দিম, পইচা দিম, পূজা দিম। আমাক পাৰ কৰোৱা যেনে তেনে।” এই বিলাক দেখি শুনি পদুমীৰ পেটতে হাত ভৰি লুকুৱা অৱস্থা! আগতে কেতিয়াও এনেকুৱা অভিজ্ঞতা নাই তাইৰ। তাইও ভগৱানক খাটিছে সকলোকে বচাবলৈ। ব্ৰহ্মপুত্ৰই যেন সকলোকে নিজৰ বুকুত সাৱটিবলৈহে আপ্ৰাণ চেষ্টা চলাইছে।

অশেষ চেষ্টা আৰু প্রার্থনাৰ অন্তত যেনিবা ভগৱানে তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু নাওখন পকনীয়াৰ পৰা বাহিৰলৈ ওলাল। সকলোৱে তেতিয়াহে স্বস্তিৰ উশাহ ল’লে। এইবাৰ গৈ গৈ নাও কংকুৰ ঘাটত লাগিলগৈ। তাতেই তেওঁলোকে নাও সলাই গহপুৰলৈ যোৱা বেলেগ এখন নাৱত উঠিব লাগে। পদুমী আৰু তাইৰ ননদ দুজনীক কোনোবাই দাঙি মেলি আনখন নাৱত উঠাই দিলে। সেই নাৱেৰেই একেবাৰে ঘৰৰ সন্মুখৰ বাৰিষাৰ পানীৰে ভৰা হোলাটোলৈকে নাওখনে তেওঁলোকক লৈ গ’ল আৰু প্ৰায় ৰাতি দুই বজাত তেওঁলোক গৈ ঘৰ পালেগৈ। ইতিমধ্যে ঘৰৰ সকলো ভাত পানী খাই শুই গৈছিল। কোনেও ভবাই নাছিল তেওঁলোক ৰাতিয়েই আহি ওলাবহি বুলি। ফেৰী ঘাটৰ পৰা দৰা কইনা আদৰি আনিবলৈ ঘাটলৈ দিনতে যোৱা গাঁৱৰ ডেকাসকলেও ফেৰী আহিব আহিব বুলি বহুত সময় ঘাটতে অপেক্ষা কৰি আছিল। ৰাতি বহুত হোৱা দেখি সকলো ঘূৰি আহি ৰমেনহঁতৰ ঘৰতে ভাত পানী খাই নিজৰ নিজৰ ঘৰত শুই গৈছিল। পিচে দৰা কইনা অহা বুলি খবৰ পাই সকলো ফালে হুৱা-দুৱা লাগিল। গোটেই চুবুৰিটোৱেই যেন ৰাতিয়েই উঠি আহিল কইনা চাবলৈ। পদুমীয়েও ভাগৰে জুগৰেই সকলোকে তামোল এখন এখন দি চিনাকি হ’ল। আধা ঘন্টা মান পাছত সকলো ঘৰা ঘৰি গ’ল। তেতিয়াহে পদুমীয়ে শাহু মাকক সেৱা জনাই প্ৰথম গৃহ প্ৰৱেশ কৰিলে। এনেদৰেই দিন জোৰা লটি ঘটিৰ অন্তত অৱশেষত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পদুমী উত্তৰ পাৰৰ শহুৰৰ ঘৰত বোৱাৰী হ’লগৈ।

☆★☆★☆

9 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি। পুৰণি কাহিনী বোৰ জানিবলৈ, পঢ়িবলৈ বৰ ভাল লাগে।

    Reply
  • তৃষ্ণা সো.

    পুৰণি দিনৰ কাহিনী এনেও বৰ সহজ সুন্দৰ, তাতে এনে ৰসাল বৰ্ণনাই মন ভৰাই দিলে।

    Reply
  • আগৰ দিনৰ বিয়া বোৰ তেনেকুৱাইআছিল।আমাৰ গাঁৱৰ ককা এজনেও গৰু গাড়ীত কইনা আনোতে পিছৰ দিন গধূলি হে বোলে আহি পাইছিল। ভাল লাগিল পঢ়ি।

    Reply
  • hkkakati

    ভাল লিখিছা অনুৰূপ৷ মজা লাগিল

    Reply
  • Anonymous

    পুৰনি ছবি এখনৃ নিতুল বর্ণনা ..ভাল লাগিল …

    Reply
  • Anonymous

    পুৰনি ছবি এখনৰ নিতুল বর্ণনা ..ভাল লাগিল …

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ আৰু সাৱলীল বৰ্ণনা । পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • মানসী

    বহুত ভাল লাগিল।সুন্দৰ বৰ্ণনা।

    Reply

Leave a Reply

Your email address will not be published.