ফটাঢোল

প+য+স+প – ঈশানজ্যোতি বৰা

বেলেগ কি হৈছে-নহৈছে; সেইবোৰ পাছৰ কথা৷ পেট্ৰ’লৰ দামে এশৰ ঘৰ চোৱে, দুশৰ ঘৰ চোৱে, আলু-কচুৰ কেজি গৈ পঞ্চাছ-ষাঠি হয়গৈ-সেইবোৰ তথ্য পাছত৷ আগতে ফূৰ্তি, ৰং-তামাছা, হৈ-হাল্লা৷ আৰু ৰং-তামাছা মানেই উৎসৱ; যিটো বস্তু আমাৰ এইফালে উভৈনদী৷ অভাৱ-অনাটন, দুৰ্ভিক্ষ-দুৰ্যোগ এইবোৰ বস্তু ৰাজ্যত থাকেই, থাকিবই৷ কিন্তু সেইবুলিয়েই যে আমি ফূৰ্তি নকৰিম, হৈ-হাল্লা নকৰিম তেনে কথা হ’ব পাৰে জানো! একেবাৰে নীতি-বৰ্হিভূত কথা৷ সিপিনে ছেপ্টেম্বৰ মাহ সোমালেই৷ উৎসৱবোৰো চমু চাপি আহিছে৷ গতিকে ৰাইজ সাজু হ’বৰ হ’ল৷ উৎসৱৰ আনন্দত আত্মসমৰ্পণ কৰিবলৈ ৰাইজ সাজু হ’বৰ হ’ল৷ ‘বাই হুক অৰ বাই ক্ৰুক’ মানে যি-কোনো প্ৰকাৰে আমি বিশেষ চাৰিটা পৰ্যায় অতিক্ৰম কৰিবই লাগি৷ এতিয়া প্ৰশ্নটো হ’ল- সেই চাৰিটা পৰ্যায়নো কি! যিকেইটা পৰ্যায়ৰ মাজেৰে যাত্ৰা কৰি আমাৰ মুলুকত উদ্‌যাপিত হোৱা অধিকাংশ উৎসৱৰেই ‘মহাসমাপ্তি’ ঘটে৷ সেইকেইটা হ’ল- ক) প মানে ‘পৰিকল্পনা’, খ) য মানে ‘যোগদান’, গ) স মানে ‘সংৰক্ষণ’ আৰু ঘ) প মানে ‘পৰ্যালোচনা’৷ তলত পৰ্যায়কেইটাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ’ল-

ক) পৰিকল্পনা- মংগল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰিবলৈ ওলোৱা এদল বিজ্ঞানীয়ে অভিযানটোক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যৰে যিদৰে কেইবামাহ পূৰ্বৰেপৰা কঠোৰ কছৰৎ আৰম্ভ কৰে; তদ্ৰুপ আমাৰ এদল কৰ্ম-উৎসাহী আৰু সময়ানুৱৰ্তী যুৱকেও উৎসৱভাগৰ সঠিক পৰিচালনা আৰু সম্পাদনাৰ হেতু পাঁচ-ছমাহৰ আগৰে পৰাই সতৰ্কতা আৰু তৎপৰতা অৱলম্বন কৰে৷ পুৱাই উদৰত নামমাত্ৰ খাদ্যকণা এটা পেলাই লোৱাৰ পিছত অসমীয়াৰ পৰম আৱেগিক সম্পদ গামোচাখন ডিঙিত ওলোমাই লয়৷ গামোচা লোৱাৰ আঁৰত লুকাই থাকে-ৰাইজৰ অন্তৰত আৱেগিক ধুমুহা সৃষ্টি কৰাৰ এক গভীৰ প্ৰত্যাশা৷ পাকঘৰত কৰ্তব্যৰত অৱস্থাত থকা মাতৃক ‘মা আহিলোঁ’ শীৰ্ষক বাক্য একোটাৰে বিদায় জনাই তেখেতসকলে অনাগত দিনটোৰ প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ উচ্চাকাংক্ষাৰে ঘৰৰ বাজ হয়৷ হাতত লয় সুৰুযৰ জ্যোতিৰে জ্যোতিৰ্ময় হৈ উঠা একোখন ৰঙীন ৰছিদ বহী, চোলাৰ পকেটত থাকে ক্ষীণ-মীন, লেৰেলি যোৱা বল পে’ন একোটা৷ ভৰিত পিন্ধে হাজাৰ টকীয়া উচ্চক্ষমতাসম্পন্ন ‘উডলেণ্ড’ৰ জোতা, পথৰ কেউকাষৰ পৰা উৰি অহা সহস্ৰাধিক ধূলিকণাৰ পৰা দুইনেত্ৰক ৰক্ষণাবেক্ষণ কৰাৰ নিমিত্তে পৰিধান কৰে একো একোযোৰ মানসম্পন্ন চশমা৷ সময়ানুৱৰ্তিতাক বিশেষ গুৰুত্ব প্ৰদান কৰা ডেকাসৱে পদসঞ্চালনৰ পৰিৱৰ্তে মটৰ চাইকেলত বিৰাজমান হয় আৰু বলিউদৰ ‘হুৰ হুৰ দাবাং’ক বেকগ্ৰাউণ্ডত বজাই তিনি কোটি এঘাৰ লাখ মানুহৰে ভৰি থকা মুলুকৰ অভ্যন্তৰলৈ গতি কৰে ৷ অৱশ্যে একাংশ মিতব্যয়ীয়ে মটৰ চাইকেলৰ সাহাৰ্য অবিহনে ৰাজপথতে একোখন ‘বেঞ্চ’ পাৰি মহান কৰ্মফেৰাত নিয়োজিত হয়৷ উৎসৱ আয়োজনৰ মহাআনন্দৰে উদ্বুদ্ধ আমাৰ ডেকাশক্তিৰ সূক্ষ্ম পৰ্যবেক্ষণৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ্থ জনগণৰ “কি কৰোঁ গোপাল, ক’লৈ যাওঁ কৃপাল” যোজনাফাঁকি সোঁৱৰাৰ বাহিৰে এইমুহূৰ্তত অইন কোনো বিকল্প নাথাকে৷ ৰাজপথ-পদপথ, ঘৰ-হোটেল, দোকান-পোহাৰ, কাৰ্যালয়-গ্ৰন্থালয় সকলোতে সদলবলে প্ৰৱেশ কৰি ডেকাশক্তিয়ে যোগাৰ কৰি লয় একো একোটা সন্তোষজনক অৰিহণা, যাক জনপ্ৰিয় ভাষাত বোলা হয় ‘চান্দা’৷ এটা সুস্থ-শকত অৰিহণাই হৈছে ‘পৰিকল্পনা’ নামৰ এই পৰ্যায়টোৰ মূল আধাৰ৷

খ) যোগদান- এইটো পৰ্যায়ৰ সফল সম্পাদনত উৎসৱপ্ৰেমী ৰাইজৰ তুলনাত বৈদ্যুতিন মাধ্যমৰ যোগদানহে মন কৰিবলগীয়া৷ কোনোৱে আকৌ মাধ্যমটোৰ চাৰিত্ৰিক বৈশিষ্ট্যক “সাপ হৈ খুঁটে আৰু বেজ হৈ জাৰে” জাতীয় ফকৰা এটাৰে তুলাধূনা দিয়ে৷ এওঁলোকৰ অন্তহীন উৎসাহ আৰু নিৰ্ভেজাল প্ৰচাৰে ৰাইজৰ মানসিক জগতখনক এটা উৎসৱমুখৰ পৰিৱেশৰ মাজত বুৰাই ৰাখে৷ উৎসৱলৈ তেতিয়াও মাজত তিনি-চাৰি সপ্তাহ৷ দৰমহাৰ টকাকেইটা একাউণ্টত সোমোৱাৰ পাছমুহূৰ্ততেই সপৰিয়ালে বীৰদৰ্পে গৈ বজাৰত পদাৰ্পণ কৰে৷ এসোপামান কাপোৰ-গহনা কিনি ভাগৰত জুৰুলা হোৱা ৰাইজে সন্ধ্যা বাসগৃহত সোমাইহি৷ সাংবাদিকে সুধিবলগীয়া “আপোনাৰ কেনে লাগিছে?” শীৰ্ষক ঐতিহাসিক প্ৰশ্নটোৰ সঠিকভাৱে মোকাবিলা কৰিবলৈও ৰাইজে মানসিক, আৰ্থিক আৰু আধ্যাত্মিকভাৱে প্ৰস্তুতি চলায়৷ মটৰ চাইকেলত উঠি ল’ৰা-ছোৱালী দুয়োজনাই গৈ বিউটি পাৰ্লাৰত প্ৰৱেশ কৰে আৰু নখ-চুলি চিকুণাই ওলাই আহে৷ আজিকালি পুৰুষ সমাজৰ বাবেও বিউটি পাৰ্লাৰ সহজলভ্য৷ গতিকে সৌন্দৰ্যচৰ্চাত যতি পৰাৰ আশংকা নাই৷ উৎসৱত অনুষ্ঠিত হ’বলগীয়া সুন্দৰ-সুন্দৰী প্ৰতিযোগিতাৰ‘ৰিহাৰ্চেল’ৰ বাবে যুৱক-যুৱতীসকলে অসমৰ ঘাঁইপথৰ ওপৰতে লয়লাস ভংগীমাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰে৷ অৱশ্যে বেছি দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে৷ অলপ দূৰ গৈয়েই ৰাস্তাৰ মাজৰ পানীহীন পুখুৰীটোত লুটি খাই পৰে৷ তাৰপিছতে “অ’ মাই গ’ড! ইমান গেলা ৰাস্তা!!” বুলি আৰ্তনাদ কৰি নিজকে চম্ভালে আৰু সেই বিশেষ আশ্বৰ্যসূচক উক্তিফাঁকি ফে’চবুকত লিপিবদ্ধ কৰি তেওঁলোকে সচেতনতাবোধৰ পৰিচয় দিয়ে৷ হেনসময়তে একাংশ সুযোগসন্ধানী ডেকাই মাক-বাপেকৰ পকেট খুচৰি উৎসৱৰ দিনকেইটা ক’ত, কেনেকৈ আৰু কিমান ধন বিনিয়োগ কৰিব পাৰি তাৰেই এখন খছৰা প্ৰস্তুত কৰাত ব্যস্ত থাকে৷ সমান্তৰালকৈ উৎসৱৰ দিনকেইটাত সুস্থ মানুহৰ দৰে খোজ-কাটল দিবলৈ শক্তি-সামৰ্থ্য আহৰণ কৰে৷

গ) সংৰক্ষণ- পুৰণি অসমীয়া ছবি বিচাৰিলে পাবলৈ নাই৷ সেইষাৰ কথাৰ উদ্ধৃতি দিয়েই যদি কোনোবাই মন্তব্য কৰে-‘অসমীয়া মানুহ সংৰক্ষণত কেঁচা’; তেন্তে সেইয়া হ’ব অতিৰঞ্জিত অত্যুক্তি৷ কাজিৰঙাৰ গড়ৰ খড়্গ সংৰক্ষণ কৰিব নোৱাৰিব পাৰে; বনাঞ্চল সংৰক্ষিত নহ’ব পাৰে; থলুৱা গীত-বাদ্য-নৃত্যও সংৰক্ষিত নহ’ব পাৰে; কিন্তু তৎসত্বেও তেনেআষাৰ হৃদয়বিদাৰক বাক্য উচ্চাৰণ কৰাটো বিসংগতিপূৰ্ণ আৰু আহুকলীয়া হ’ব৷ তলে তলে অসমৰ মানুহে সংৰক্ষণৰ ক্ষেত্ৰত কিমান কাম কৰি আছে; তাৰ কিছু আভাষ পাব পাৰি উৎসৱৰ দিনকেইটাতে৷ পানী-কেঁচুৱাৰ পৰা আৰম্ভ কৰি দাঁত নাইকিয়া বৃদ্ধজন-সকলোৰে হাতে হাতে বিৰাজমান কৰা ‘স্মাৰ্ট ফোন’ নামৰ অত্যাধুনিক যন্ত্ৰবিধত আজিকালি ‘ছেল্‌ফি’ সেৱা উপলব্ধ৷ এইবিধ সেৱাৰ দ্বাৰা প্ৰজাগণে অভিব্যক্তি, সাজ-পাৰৰ জিক্‌মিকনি, উৎসৱস্থলীৰ উছাহ, ভোজনালয়ত ভক্ষণ কৰি থকা মুৰ্গীৰ ঠেং-সকলোবোৰেই সংৰক্ষণ কৰি থ’ব পাৰে৷ অনাগত ভৱিষ্যতত সময়-সুযোগ উলিয়াই সংৰক্ষিত সম্পদসমূহ পুনৰীক্ষণ কৰিব পাৰে৷ অৱশ্যে কোৱাটো নিষ্প্ৰয়োজন যে এইবিধ সেৱাৰ মুখ্য পৃষ্ঠপোষকৰ ভূমিকাত আছে পৰম আদৰণীয় বৈদ্যুতিন মাধ্যম৷ ‘ছেল্‌ফি’ তোলোঁতে নাক আৰু কেমেৰাৰ লেন্সৰ মাজত কিমানখিনি ব্যৱধান থাকিব লাগে, তৰ্জনী আৰু মধ্যমা আঙুলিৰে চালে চকুৰোৱাকৈ কিদৰে “ইয়’ ইয়’ চাল” দিব লাগে, মুখখন কিদৰে পানীত চৰি ফুৰা ঘৰিয়ালটোৰ দৰে জোঙা কৰি ল’ব লাগে-ইত্যাদি তথ্যবোৰ তেওঁলোকে টক-শ্ব’ৰ জৰিয়তে ৰাইজক বিতঙকৈ বুজাই দিয়ে৷ আমাৰ ৰাইজেও বুজি লোৱাত ক্ৰূটি নকৰে৷ এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া৷ গতিকে উৎসৱৰ দিনা আটায়ে আজিকালি ‘ছেল্‌ফি’ তোলাত ব্যস্ত হৈ পৰে৷ ধলপুৱা দাঁত চাফা কৰাৰ পৰা আৰম্ভ কৰি সন্ধ্যা ৰাজপথত পায়চাৰি কৰি পুলিচৰ লাঠিৰ কোব খোৱালৈকে সমস্ত কাহিনী ছেল্‌ফিৰ জৰিয়তে সংৰক্ষণ কৰে আৰু বিভিন্ন মাধ্যমযোগে প্ৰচাৰ আৰু প্ৰসাৰ কৰি নিজৰ বল-পৰাক্ৰমৰ নমুনা পৃথিৱীবাসীৰ আগত দাঙি ধৰে৷ যোৱাবছৰ দুৰ্গা পূজাত কোনোবা এটা সংবেদনশীল টেলিভিশ্যন চেনেলত ওলমি থকা ‘প্ৰতিটো মুহূৰ্তৰ ছেল্‌ফি আমালৈ পঠিয়াওক’ আৱেদনখন দেখি মোৰ বন্ধু এজনে নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী সাহায্যপ্ৰাপ্ত ‘মাইক্ৰ’ শৌচালয়’টোৰ সমুখতে ‘ছেল্‌ফি’ তুলি তুৰন্তে চেনেললৈ পঠিয়াই দিলে৷ চেনেলৰ কতৃপক্ষৰ মহা আনন্দ মিলিল৷ সেইখন ‘ছেল্‌ফি’ দেখুৱাই তেওঁলোকে বুজনসংখ্যক টি-আৰ-পি নিজৰ জোলোঙাত ভৰাই ল’লে৷ লগতে ‘এমেজিং, ওৱাণ্ডাৰফুল৷ থেংকছ্ ফ’ৰ ইউৰ ক’পাৰেশ্যন’ গোটাচেৰেক শুভেচ্ছাসূচক বাৰ্তাও বন্ধুলৈ প্ৰেৰণ কৰিলে৷

ঘ) পৰ্যালোচনা- এইটো পৰ্যায়ত ৰাইজে বিগত সময়ছোৱাৰ পৰ্যালোচনা কৰাত মন-প্ৰাণ সপি দিয়ে৷ একাংশ ৰাইজ নিজ কৰ্মত অনুতপ্ত হয়৷‘অতবোৰ ধন-বিত খৰছ হ’ল’,‘এই পূজা-টুজা সব খৰছৰ বাঁহ’ইত্যাদি স্পৰ্শকাতৰ সংলাপৰে বাসগৃহৰ আভ্যন্তৰীণ পৰিৱেশ উত্তপ্ত হৈ উঠে৷ বেপৰোৱাকৈ আৰু অনিয়ন্ত্ৰিতভাৱে উৎসৱ পালন কৰা পুতেক-জীয়েকক দেউতাকে অৰ্থনৈতিক, প্ৰাকৃতিক আৰু সামাজিক শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰে৷ ‘অসমীয়া মানুহৰ উৎসৱমুখী স্বভাৱ আৰু ইয়াৰ প্ৰতিকাৰ’ জাতীয় বিচিত্ৰ-বিভিন্ন বিষয়ত নিউজ চেনেলৰ বাহিৰে-ভিতৰে আলোচনাচক্ৰৰ আয়োজন হয়৷ কাগজে-পত্ৰই প্ৰতিবাদী লেখা-মেলাবোৰ পঢ়িবলৈ পোৱা যায়৷ দুখৰ পীড়া সহিব নোৱাৰি বহুতো চাকৰিয়ালে এক সপ্তাহ পৰ্যন্ত কাৰ্যালয়ৰ দুৱাৰদলিতে ভৰি নথয়গৈ৷ টেলিভিশ্যনৰ পৰ্দাত ‘উৎসৱৰ গান’বোৰৰ লেথাৰি নিছিগা সম্প্ৰচাৰেও জ্বলা জুইত ঘিউ ঢালে৷ কিন্তু বৰ সন্তোষৰ কথা এইয়াই যে দুখ-বেদনা,হা-হুমুনিয়াহবোৰ বৰ বেছি দিনলৈ নিটিকে ৷ ৰাইজ বেদনাৰ ভাৱসাগৰত ডুবি থাকোঁতেই পাহোৱাল ডেকাৰ দল এটাই দুৱাৰত আহি টোকৰ দিয়েহিয়েই নহয় ! “অ’ ঘৰত কোন আছে ?”- আই ঔ দেহি-এনে আৱেগিক, এনে সুললিত কণ্ঠ ! ‘পৰিকল্পনা’ৰ মহামন্ত্ৰ লৈ তেৰাসৱ উপস্থিত৷ পিছে পিছে আহি ওলালহি সপ্ৰতীভ,সদাজাগ্ৰত বৈদ্যুতিন মাধ্যম৷ আৰু কোনে পায় ! মনৰ খং-ক্ৰোধ মনতে সামৰি ৰাইজো ওলাল নতুন উৎসৱটিত ‘যোগদান’ কৰিবলৈ৷ তাৰপিছত ‘সংৰক্ষণ’..তাৰপিছত ‘পৰ্যালোচনা’৷ এনেকৈয়ে অক্ষুণ্ণ আছে উৎসৱৰ এই ধাৰা ৷ প+য+স+প=আ(পৰিকল্পনা+যোগদান+সংৰক্ষণ+পৰ্যালোচনা=আনন্দ)ৰ অবিৰত-অন্তহীন ধাৰা৷

কি ক’লে ! নাই-নাই,ইয়াত বিধি-পথালি নিদিব৷ চলি থাকক দিয়ক, তেতিয়াহে অসমত থকা নিচিনা লাগে৷ নহয় জানো !

☆★☆★☆

6 Comments

  • জয়ন্ত দাস

    মজ্জৎ

    Reply
  • parishmita

    আপোনাৰ লিখন শৈলীয়ে সুকীয়া। ভাল লাগিল পঢ়ি।

    Reply
  • Rintumoni Dutta

    ক্ষুৰধাৰ, এটাই শব্দ

    Reply
  • মিতু

    বহুত ধুনীয়া। আজিৰ সমাজৰ পৰিচিত এখন চিত্ৰ।

    Reply
  • অভিজিৎ কলিতা

    ঈশানৰ ব্যংগ সদায় তীৰ্যক আৰু সাংঘাটিক ভাৱে সমাজ সচেতন। খুব ভাল লাগিল

    Reply
  • সাংঘাটিক।

    Reply

Leave a Reply

Your email address will not be published.