ফটাঢোল

পলায়ন – সোণটো ৰঞ্জন বৰুৱা-

নলে-গলে লগা বন্ধু এটা মোৰ…
সিহঁতৰ ঘৰলৈ গৈ এনেও ভালেই লাগে, গতিকে খানা খাবলৈ মাতিলে নোযোৱাৰ তো কথাই নাই৷ সেইদিনা সময়তকৈ আগতেই টিকা দাঙি ভঙা চাইকেল চুটাই দিলো এক কিমিমান দূৰৈত থকা সিহঁতৰ ঘৰলৈ৷ ৰাতি খাই বৈ শেষ কৰি ইয়াৰ ৰুমতে আড্ডা দি থাকোঁতেই তাৰ ভনীয়েকে মোক বাহিৰৰ পৰা মতা শুনি ওলাই গ’লো৷

মোক দেখি চিধাই ক’লে- “ব’লা “

ম‌ই বোলে হেৰ’- “ক’লৈ যাৱ ৰাতিখন? ? ? “

“আৰে…! ! মোক নিম কোৱা নাছিলা জানো? ? এতিয়াই মাঁহত ভিতৰত বিজি হৈ থাকোঁতেই ভাল হব৷ ব’লা“

বেং কথাষাৰ শুনিয়েই সৰু পানী ওলায় ওলায় চিটুৱেশ্বন হৈ গলগৈ….কিহে পালে হয় নে! ! ! কি হৈছে অলপ-অলপকৈ বুজি পাই লগালগ মাথা খটাই এষাৰেই ক’লো – “ৰবি ভিতৰত চাই আহোগৈ “

তাৰ পাছত তৰিৎগতিত ভিতৰলৈ সোমাই পিছদুৱাৰেদি ওলাই চাইকেল তাইকেলৰ কথা বাদ দি বাৰীৰ পিছফালৰ জেওৰা ভাঙি চিধা ঘৰলৈ দৌৰ দিলো৷ বেঙ… ধেমালীতেহে কৈছিলো এদিন তাইক ঘৰত কাম ক’ৰা মানুহ লাগে ত‌ইয়েই যাবি নেকি বুলি, সঁচাকৈয়ে যে ভাবি লৈ মনে-প্ৰাণে ভাল পায় থাকিব মই কি জানো! ! !

কেচটোত ইমানেই ভয়খালো যে পিছত চাইকেল অনা বাদেই তাইৰ বিয়া নোহোৱালৈকে তাহাঁতৰ ঘৰৰ আগৰ ৰাস্তাও ভুলি গ’লো৷■■

 

Leave a Reply

Your email address will not be published.