ফটাঢোল

পাখৰী আৰু হাঁহিবোৰ – মাধুৰীমা ঘৰফলীয়া

সেইখন ঘৰ মোৰ দ্বিতীয় এখন ঘৰৰ দৰে আছিল। ঘৰত থাকিলে দিনৰ দিনটো তাতেই থাকোঁ। মই নগ’লে সেইখন ঘৰৰ ডাঙৰ ছোৱালীজনী আমাৰ ঘৰত থাকেহি। সেইদিনাও মই তাত আছিলোঁগৈ। ঘৰৰ মূৰব্বীজন সম্বন্ধত মোৰ দৌতি হয়। সেইদিনা আইতা আৰু দৌতি শিৱসাগৰৰ টাউনলৈ কিবা বজাৰ কৰিবলৈ গ’ল। গতিকে ঘৰৰ ৰখীয়া হিচাপে দৌতিহঁতৰ তিনি গৰাকী ছোৱালী ক্ৰমে মুন,ভণ্টি,মাইনা আৰু লগত মই। দৌতিহঁত ওলাই যাবলৈহে পালে হাতত বুটমাহ লৈ আমি বাৰাণ্ডাত বহি ঘৰৰ সমুখৰ চেপন চূণপোৰা আলিৰে যোৱা গাড়ী হিচাপ কৰিবলৈ ধৰিলোঁ। এই বুটমাহ আদি খোৱা বস্তুবোৰ মইহে সিহঁতৰ পাকঘৰত পনপনাই বিচাৰি আনো। যি কি নহওক আড্ডা পিটি এপৰ বেলি কৰিলোঁ। তেনেতে ঘৰৰ পদূলিৰে গৰু এজনী সোমাই অহাত সিহঁত তিনিওজনী থিয় হ’ল। মই বোলে কি হ’ল ? তেতিয়া মাইনা বোলা সৰু জনীয়ে ক’লে,

-এই পাখৰীয়ে কেৱল পাকঘৰত সোমায়গৈ। আৰু যি পাই তাকে খায়!

উৱা ! আমি হলোঁ ঘৰৰ ৰখীয়া,গতিকে চাৰিওজনী পাছফালে গলোঁ। বাহিৰত যি আছিল সকলো ভৰালোঁ। এখন চালনীত কণবিলাহী অলপ গুটিবোৰ উলিয়াই শুকুৱাই থোৱা আছিল। মুনে ক’লে

-সেইখিনিও ভৰাই থ।

-এই বিলাহীখিনিও পাখৰীয়ে খাব নে ?

 -খাব খাব। তাই যিহকে পাই তাকে খাব।

সকলো ভৰোৱা হ’ল। এই সময়খিনিতে কোনে কি কাম কৰিব তাকে লৈ সিহঁত তিনিজনীৰ মাজত এখুন্দা লাগিল। মই জুহালতে পীৰা এখনত বহি সিহঁতৰ কাজিয়া চালোঁ। আনকালেও তেনেকুৱাকৈয়ে চাওঁ। কাজিয়া শেষ। এজনীয়ে চাহ বনালেগৈ। মই আকৌ পাকঘৰত কি কি খোৱা বস্তু আছে বিচাৰিলোঁ। চাহ-তাহ লৈ চাৰিওজনী আকৌ বাৰাণ্ডাত বহিলোগৈ। আধা ঘণ্টামান গ’ল। তেনেতে ঘটংকৈ শব্দ এটা হ’ল। গোটেই কেইজনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চালোঁ। মুনে সুধিলে

-পাছফালৰ দুৱাৰখন কোনে মাৰিছিল ?

এজনীয়েও মৰাৰ নাম নল’লে। হওঁতে মই এবাৰ মাৰিবলৈ লৈছিলোঁ,পিছে খিলিটো বহুত ওখ বাবে মাৰিব নোৱাৰিলোঁ। চাৰিওজনী পাকঘৰলৈ দৌৰ দিলোঁ। পাখৰীয়ে তেতিয়া কেঁচা পাকঘৰটোত সোমাই গামলা এটাত কিবা খাই আছিল। মই চালনীখনলৈ চালোঁ, তাই খাব বুলি ভয়তে ভিতৰত সোমোৱাই থোৱা চালনীখনৰ এটাও বিলাহী নাই। শেষ ! মুনে পীৰা এখনৰেই টিকাত মাৰ দুটামান শোধাই পাখৰীক উলিয়াই আনিলে। মই পাকঘৰলৈ জুমি চালোঁ। গামলাত লাওপানীৰ গুটি অলপ আছিল। অলপহে বাকী আছেগৈ ! ভন্টিয়ে ভয়ে ভয়ে ক’লে-

-দেতাই আজি দিব, তেওঁৰ গোটেই লাওপানীখিনি এইজনীয়ে খালে।

মুনে লগালগ বুধি উলিয়াই কৈছে

-এইখিনিতে পানী অলপ দি থৈ দিওঁ ৰহ !

হে ভগৱান !! মোক মাৰি নিনিয়া কিয়,গৰুৱে আধা খাই থৈ যোৱা লাওপানীখিনি হেনো বাপেকলৈ থৈ দিয়ে ! ভয়ত যে বুধি হেৰায় এইটোৱেই প্ৰমাণ। মই বাগৰি বাগৰি হাঁহিবলৈ লাগিলো। চাৰিজনী ৰখীয়া থৈও বিলাহী আৰু লাওপানী ৰক্ষা কৰিব নোৱাৰা দোষত কি গালি খাম সেয়া পাহৰি গলোঁ।

ভয়ে ভয়ে আধা ঘণ্টা গ’ল। ভয় মানে সিহঁত কেইজনীয়ে খাইছে,মই তেতিয়াও হাঁহিয়েই আছোঁ। দৌতিয়ে এইটো ক’ব,আইতাই সেইটো গালি দিব বুলি সিহঁতক বেছিকৈ ভয় খুৱাই আছোঁ। সময়ত আইতা,দৌতি আহি পালেহি। তেওঁলোকে ঘৰৰ চোতালত ভৰি থৈছিলহে,ৰাস্তাৰ সিপাৰে পাখৰীক দেখি মই বাৰাণ্ডাতে হাঁহি হাঁহি বহি পৰিলোঁ। নাহাঁহিম নে আৰু,পাখৰীৰ চাৰিওটা ঠেং চাৰিফালে মেল খাই গৈছে। বেচেৰীয়ে ৰাস্তা পাৰ হৈ ঘৰলৈ আহিব খুজিছে পিছে নিচাৰ কোবত খোজেই দিব পৰা নাই। লাওপানীৰ গুটি খাই শুই থকা হাঁহ দেখিছোঁ,পিছে গৰু সেই প্ৰথম দেখিলোঁ। মই হাঁহি হাঁহিয়েই দৌতিক ঘটনাটো ক’লো। দৌতিৰ তামাম খং। এসোপা বকিলে। হয়তোন চাৰিজনীকে থাকি ঘৰটো চাব নোৱাৰিলোঁ। পিছে দৌতিৰ খঙে মোক চুবই নোৱাৰিলে,মই মাথো হাঁহিছো। দৌতিয়ে হালোৱা এছাৰি এডাল লৈ গৰুজনীক খেদাই আনিলেগৈ। বেচেৰী,সেই অকণ বাটত কেইবাবাৰো শুলে। খোজ দিলে ভৰি কেইটা আগফালে যোৱাতকৈ চাৰিওটা চাৰি ফালে মেল খাই যায়। দৌতিয়ে তাইকো বকিছে-

-মৰ, নমৰ কিয় !!

বেচেৰা দৌতিৰ লাওকণ ! পাখৰীয়ে একমিনিটৰ বাটকণ দহমিনিটত আহি গোহালি পালেহি। গোহালিত সোমায়েই খুঁটা এটাত গৈ মূৰটো মাৰি দিলে। পাছে পাছে ৰং চাই যোৱা মইজনী এইবাৰ চোতালতে হাঁহি হাঁহি বহি পৰিলোঁ। পাখৰীক দৌতিয়ে বান্ধিব খুজিছে পিছে তাইৰ সেইবোৰলৈ মন কাণ নাই,বহাৰ পৰা উঠে আৰু কাষত যিটো খুঁটা পাই তাতে মূৰটো মাৰি দিয়ে।

পিছদিনা পাখৰীৰ নিচা কমিল বুলি শুনিলোঁ। পিছে সেইদিনা যি দৃশ্য দেখিলো সেই  দৃশ্যৰ কথা মোৰ আজীৱন মনত ৰৈ যাব।

☆★☆★☆

7 Comments

  • হাঃ হাঃ, বেচেৰী পাখৰীৰ এনে বিলৈ। বৰ ৰস পালোঁ পঢ়ি।

    Reply
  • তৃষ্ণা সো.

    হা হা দৃশ্যটো কল্পনা কৰিয়েই হাঁহি উঠিছে।

    Reply
  • Birnali Gogoi

    বৰ ভাল লাগিল দেই। পাখৰীৰ ঠেংকেইটা চাৰিওফালে মেল খাই যোৱাৰ ছবিখন ভাবি হাঁহিতে থাকিব পৰা নাই।

    Reply
  • Rintumoni Dutta

    পাখৰীৰ বিলৈ, একদম ৰসাল উপস্থাপন

    Reply
  • ৰসগ্ৰাহী!

    Reply
  • মজা গৰুয়েও লাউপানী৷খাইনে

    Reply
  • Manashi Borah

    ভাল লাগিল..বৰ ৰস পালো…

    Reply

Leave a Reply

Your email address will not be published.