ফটাঢোল

পা ফু চিৰিজ, দস্যু ভাস্কৰ ইত্যাদি – হিৰণ্যজ্যোতি দাস

অসমীয়া সাহিত্যৰ সবাতোকৈ উপেক্ষিত ধাৰাটো হ’ল ৰহস্য সাহিত্য বা ডিটেক্টিভ সাহিত্য ৷ ৰহস্য সাহিত্যই অসমীয়া পাঠকৰ মন পাই ঠিকেই, কিন্তু সমালোচকৰ দৃষ্টি নাপায় ৷ অসমীয়া ভাষাৰ প্ৰথম ৰহস্য চিৰিজ লিখিছিল স্বৰ্গীয় কুমুদেশ্বৰ বৰঠাকুৰে ‘গোলাই চিৰিজ’ নামেৰে ৷ গোলাই নামৰ চোৰ এটাৰ দুঃসাহসিক চুৰি কাৰ্যৰ বিৱৰণ আছিল এই চিৰিজটোত ৷

চল্লিশৰ দশকৰ মাজভাগত আন এজন ৰহস্য সাহিত্যিকে অসমীয়া সাহিত্যত ভূমুকি মাৰে ৷ তেওঁ হ’ল প্ৰেমনাৰায়ণ দত্ত ৷ প্ৰেমনাৰায়ণ নামেৰে তেওঁ ৰচনা কৰে ‘ পা ফু চিৰিজ’ৰ প্ৰথমখন গ্ৰন্থ ‘দিন ডকাইত’ ৷ গুৱাহাটীৰ পাণবজাৰৰ মণি-মাণিক প্ৰকাশে প্ৰকাশ কৰা এই গ্ৰন্থখনে তুমুল জনপ্ৰিয়তা অৰ্জন কৰে ৷ পাঁচজন বেলেগ বেলেগ কৰ্মত জড়িত যুৱকে পাঁচ ফুকন অৰ্থাৎ পাফু নামৰ গোপন দল এটা গঠন কৰি কলাবেপাৰী, দুৰ্নীতিগ্ৰস্ত মানুহৰ ধন লুন্ঠন কৰি সমাজৰ দুখীয়া আৰ্তজনক সহায় কৰাৰ লক্ষ্য লোৱা কাহিনীৰ আলমত এই চিৰিজৰ বাইশখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু প্ৰতিখন গ্ৰন্থই পাঠকৰ বিপুল সমাদৰ লাভ কৰিছিল ৷ প্ৰকাশকে প্ৰতিখন কিতাপৰে কেইবাটাও সংস্কৰণ প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল ৷ পাছৰ সংস্কৰণবোৰত আটাইবোৰ গ্ৰন্থৰ নাম সন্নিবিষ্ট কৰা এটা গীত অন্তৰ্ভূক্ত কৰা হৈছিল ৷ গীতটো এনেকুৱা –
ধৰ ধৰ ‘দিন-ডকাইত’
মাৰ মাৰ ‘ৰাম টাঙোন’
পলা পলা ‘নাৰী দস্যু’
‘প্ৰহেলিকা’,’বিভীষিকা’, ‘সোণৰ পাহাৰ’এৰি
কৰি ‘দৰ্পচূৰ্ণ’, ‘বিপ্লৱী বাহিনী’ৰ
দে ‘শক্তিশেল’, মাৰ ‘মাধমাৰ’
হৈ ‘ৰূপান্তৰ’, ‘অদৃশ্য সন্ধান’ত,
‘চিপজৰী’, ‘সমসৰী’, ‘অজান আততায়ী’
দে সকলোৰে ‘প্ৰতিঘাত’
‘ছায়াবাজী’ কৰি ‘বিপৰ্যয়’ এৰি
‘পাষণ্ড মৰ্দন’ত লাগ-
লাগিলে লাগক ‘জোঁঁটপোট’
‘বাজীকৰ’ হৈ ‘জাগৰণ’ আনি
গৈ থাক আগুৱাই ৷
উল্লেখযোগ্য যে ‘পা ফু চিৰিজ’ৰ প্ৰথমখন গ্ৰন্থ ‘ দিন-ডকাইত’ প্ৰকাশ পাইছিল ১৯৪৬ চনত ৷ কিন্তু অসমীয়া ৰহস্য সাহিত্যৰ আটাইতকৈ শক্তিশালী নায়কৰ আৱিৰ্ভাৱ হৈছিল ষাঠিৰ দশকত ৷ ডঃ ভূপেন হাজৰিকা সম্পাদিত কলিকতাৰ পৰা প্ৰকাশিত সেইসময়ৰ জনপ্ৰিয় আলোচনী ‘আমাৰ প্ৰতিনিধি’ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল ৰংমন ৰচিত ‘দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ’ ৷ জনপ্ৰিয়তাই শীৰ্ষত আৰোহণ কৰাত কলিকতাৰ শ্ৰীভূমি পাৱলিচিং কোম্পানীয়ে ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়াই ৷ প্ৰকাশ পোৱাৰ পাছতে ‘ দস্যু ভাস্কৰৰ আৱিৰ্ভাৱে’ অসমীয়া সাহিত্যৰ ইতিহাসত খলকনিৰ সৃষ্টি কৰি সাংঘাটিক ধৰণে জনপ্ৰিয়তা অৰ্জন কৰে আৰু ইয়াৰ মূল চৰিত্ৰ ভাস্কৰ অসমীয়া সাহিত্যৰ ইতিহাসৰ সফলতম নায়ক ৰূপে পৰিগণিত হয় ৷
দস্যু ভাস্কৰ চিৰিজৰ অধীনত ৬১ খন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু প্ৰতিখন গ্ৰন্থই পাঠকৰ অভূতপূৰ্ব সহাঁৰি পাবলৈ সক্ষম হৈছিল ৷ এই চিৰিজৰ কিতাপসমূহ হ’ল-
(১) দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ ,
(২) গুহা মানৱ ভাস্কৰ,
(৩) চক্ৰভেদী ভাস্কৰ ,
(৪) বিমান যুদ্ধত ভাস্কৰ ,
(৫) দস্যু ভাস্কৰৰ অন্তৰ্ধান ,
(৬) দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ,
(৭) অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ ,
(৮)ভাস্কৰৰ প্ৰতিজ্ঞা পূৰণ,
(৯)ক্ষমাহীন ভাস্কৰ ,
(১০) বন্ধু ভাস্কৰ,
(১১) জুলিবা পাৰত ভাস্কৰ ,
(১২) ভাস্কৰৰ ক্ৰোধবহ্নি ,
(১৩) নৰঘাতক ভাস্কৰ ,
(১৪) দস্যু ভাস্কৰ আৰু মন্ত্ৰীপতন,
(১৫) দস্যু ভাস্কৰ আৰু মৃত্যুদূত,
(১৬) কমান্ডো নেতা ভাস্কৰ ,
(১৭) দস্যু ভাস্কৰ আৰু ৰাণী হিণ্ডোল,
(১৮) ভাস্কৰৰ অগ্নিবাণ,
(১৯) যাদুকৰ ভাস্কৰ ,
(২০)  ভাস্কৰ আৰু লুইতকণ্যা ,
(২১) ভাস্কৰৰ সমুদ্ৰ বিজয়,
(২২) ভাস্কৰ আৰু মহাকাল,
(২৩) ভাস্কৰ আৰু কেবিন নং ২২,
(২৪) দস্যু ভাস্কৰ আৰু শিলাজতু,
(২৫) ভাস্কৰ আৰু সৰ্পসন্যাসী,
(২৬) দস্যু ভাস্কৰ আৰু মিছৰ কুমাৰী,
(২৭) দস্যু ভাস্কৰ আৰু ৰত্নমালা ,
(২৮) বহুৰূপী ভাস্কৰ,
(২৯) অগ্নিবৰ্ণ ভাস্কৰ,
(৩০) ভাস্কৰ আৰু বিমানদস্যু,
(৩১) ভাস্কৰ আৰু মহাৰাজ ,
(৩২) দস্যু ভাস্কৰ আৰু হিপ্পি,
(৩৩) বন্দী ভাস্কৰ ( প্ৰথম খণ্ড),
(৩৪) বন্দী ভাস্কৰ ( দ্বিতীয় খণ্ড),
(৩৫) ভাস্কৰ আৰু ৰাক্ষসী ছিনাই ,
(৩৬) দস্যু ভাস্কৰ আৰু পেড়াপট্টি,
(৩৭) দস্যু ভাস্কৰ আৰু প্ৰেতাত্মা,
(৩৮) দস্যু ভাস্কৰ আৰু আকাল,
(৩৯) ভাস্কৰ আৰু সাগৰৰজা ,
(৪০) দস্যু ভাস্কৰ আৰু মিনতি,
(৪১) ভাস্কৰ আৰু অভিনেত্ৰী ,
(৪২) অধিবক্তা ভাস্কৰ,
(৪৩) ভাস্কৰ আৰু চম্পা,
(৪৪) ভাস্কৰৰ ভেড়াকুটি ,
(৪৫) ভাস্কৰ আৰু কুন্তিলাল,
(৪৬) মৰমী ভাস্কৰ,
(৪৭) জীয়া জুইত ভাস্কৰ,
(৪৮) ভাস্কৰ বিহনে চম্পা ,
(৪৯) ভাস্কৰ আৰু ডবল এজেন্ট ,
(৫০) ভাস্কৰ আৰু ছদ্মবেশী স্মাগলাৰ,
(৫১) ভাস্কৰ আৰু স্নেপড্ৰেগন,
(৫২) যন্ত্ৰ যুদ্ধত ভাস্কৰ,
(৫৩) দুৰ্জয়বৈৰী ভাস্কৰ,
(৫৪) ভাস্কৰ আৰু যুৱৰাজ ,
(৫৫) ভাস্কৰ আৰু নিশাদ,
(৫৬) ভাস্কৰ আৰু গেৰিলা সূত্ৰ,
(৫৭) ভাস্কৰ আৰু মৰুশিয়াল,
(৫৮) ভাস্কৰ আৰু ৰূদ্ৰপতি,
(৫৯) ভাস্কৰ আৰু দুই বদমাছ,
(৬০) ভাস্কৰ আৰু ছদ্মবেশী,
(৬১) গিৰিৰাজ ভাস্কৰ ৷
দস্যু ভাস্কৰ চিৰিজৰ অধীনত ৰচিত ৬১ খন গ্ৰন্থত দস্যু ভাস্কৰৰ বিভিন্ন অভিযানৰ বৰ্ণনা আছে ৷ ভাস্কৰৰ প্ৰকৃত নাম কমল বড়া ৷প্ৰথম অৱস্থাত গুৱাহাটীত হোষ্টেলত থাকি পঢ়িবলৈ অহা কমলে ‘ মানৱ সংঘ’
নামৰ সংঘৰ জৰিয়তে দুখীয়া নিচলা মানুহক সহায় কৰিছিল ৷ কেইগৰাকী মান সংগীৰ সহযোগত দূৰ্ণীতিগ্ৰস্থ কলাবেপাৰীৰ পৰা ডকাইতিৰে ধন সংগ্ৰহ কৰি সেইবোৰ জনকল্যাণৰ কামত খৰচ কৰিছিল ৷ কিন্তু এটা সময়ত কমলে আত্মগোপন  কৰিবলৈ বাধ্য হয় আৰু দস্যু ভাস্কৰ ছদ্মনাম গ্ৰহণ কৰে আৰু নিজৰ কাম কাজ চলাই যায় ৷ প্ৰথম অৱস্থাত দস্যু ভাস্কৰৰ সহযোগী আছিল সোমন, ধীৰেন ,ফেহু, বোন্দা আৰু ফিঙা ৷ পিছলৈ তীৰ্থংকৰ , পাৰ্থ আৰু ৰিয়াজ দস্যু ভাস্কৰৰ লগ লাগে ৷ মূল কাহিনীলৈ অনিয়মীয়াকৈ অহা নাৰী চৰিত্ৰ আছিল মিনতি বৰুৱা বা দস্যুৰাণী চম্পা ৷ দস্যু ভাস্কৰৰ বিপৰীতে আছিল পুলিচৰ ডিটেকটিভ চিফ পিনাকী শৰ্মা ৷ পিছলৈ এই পদত অধিষ্ঠিত হয় ক্ৰমে প্ৰদীপ কাকতি আৰু কিৰীটি শইকীয়া ৷
দস্যু ভাস্কৰৰ চিৰিজ ৰচনা কৰিছিল ৰংমন ছদ্মনামত ৰবীন দেই ৷ নাজিৰাত ১৯২২ চনৰ ২২ মাৰ্চত জন্মগ্ৰহণ কৰা এই মহান লেখকজনে ভাষা আন্দোলনৰ সময়ত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ কলিকতালৈ গুছি যায় ৷ কলিকতাত অধুনালুপ্ত ছোভিয়েট দেশ আলোচনীৰ অসমীয়া বিভাগত প্ৰুফ ৰিডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেখেতে ১৯৪৩ চনত মেট্ৰিক পৰীক্ষা পাছ কৰি কলিকতাৰ স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল ৷ ১৯৬০ চনত ছোভিয়েট দেশ আলোচনীত যোগদান কৰিছিল ৷ ১৯৮০ চনৰ ২২ জুলাই তাৰিখে তেখেতে কলিকতাতে ইহলীলা সম্বৰণ কৰে ৷ ১৯৬০ চনৰ পাছত অসমলৈ তেখেত ঘূৰি অহা নাছিল কিন্তু অসমৰ ভৌগলিক পৰিসীমা আৰু বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ জ্ঞান আছিল প্ৰচুৰ আৰু দস্যু ভাস্কৰৰ প্ৰত্যেক খন গ্ৰন্থতে তাৰ প্ৰমাণ তেওঁ ৰাখি থৈ গৈছে ৷ নিভাঁজ অসমীয়া ভাষাৰ প্ৰয়োগ তেওৰ লেখনীৰ অন্যতম বৈশিষ্ট ৷ প্ৰচুৰ উৎকন্ঠাৰ মাজতো ফেহুৰ চৰিত্ৰৰ মাজেৰে হাস্যৰস সৃষ্টি কৰিব পৰাটো আছিল ৰংমনৰ লেখনীৰ বৈশিষ্ট ৷

☆★☆★☆

Leave a Reply

Your email address will not be published.