ফটাঢোল

পিউৰ ভক্তিমূলক জ’ক – মনালিছা গগৈ

ভাদ মাহ৷

আমাৰ পুনু পেহী খুব ভক্তিপৰায়ণ৷ এটা দিনো নামঘৰত “এবচেণ্ট” নামাৰে৷
নামঘৰত সদায় নাম কীৰ্তন, ভাগৱতৰ ব্যাখ্যা চলি থাকে৷ পুনু পেহী নিজেতো যাবই, লগতে গাঁৱৰ বোৱাৰীমখাকো মাতি মাতি নিয়ে৷

পিছে বোৱাৰীমখাৰ ইমান ৰাপ নাই বাৰু৷

এবাৰ নামঘৰতে আলোচনা হ’ল বোলে, “আমিতো সদায় ভাগৱত পাঠ কৰি থাকোঁ৷ কিন্ত আমাৰ ব্যাখ্যাত ভুল থাকিও যাব পাৰে৷ গতিকে এইবাৰ জন্মাষ্টমীৰ দিনাই গুণী জ্ঞানী এজনক মতাই ব্যাখ্যা কৰোৱা যাওক৷”

কথামতেই কাম৷

সেইদিনা পুৱাই আমাৰ পুনু পেহীয়ে ওলাই মেলি সকলোকে চিঞৰ বাখৰ কৰি মাতি লৈ গৈছে৷ পেহী সদায় আগৰ শাৰীত বহে দেই৷

যথাসময়ত আহিল বিশিষ্ট বক্তা৷ আহিয়েই তেওঁ ভাগৱতৰ ব্যাখ্যা আৰম্ভ কৰিলে৷ আমাৰ পেহীয়ে তেওঁ ব্যাখ্যা আৰম্ভ কৰাৰপৰাই থৰ লাগিল যি লাগিলেই আৰু৷

পিছে বাকী বোৱাৰীহঁতৰহে অলপো মন কাণ নাই৷ গোটেইবোৰে ফুচফুচীয়া মেল মাৰিবলৈ ধৰিলে৷

দুজনীমানে আকৌ কিটিপকে মনে মনে চেল্ফি এখন লৈ ফেচবুকত দিলেই, “ইন নামঘৰ টুদে.. ফিলিং ভক্তি..”

ইফালে পেহীয়ে ভক্তি ব্যাখ্যা শুনি চকুৱেদি টোপাটোপে লোটক বােৱাইছে৷
নিৰ্দিষ্ট বক্তাই ব্যাখ্যা কৰিছে যদিও বোৱাৰীমখাই মন কাণ নিদিয়া দেখি বিৰক্ত হৈছে৷

অবশেষত বেছি হুলস্থূল হোৱাত তেওঁ আধাতে ভাগৱত ৰখাই ক’বলৈ বাধ্য হ’ল –
“চাওক আইসকল, আপোনালোকে যদি মন দি নুশুনে তেনে একো বুজি নাপাব৷ কিন্তু একান্ত মনেৰে শুনকচোন, মন পবিত্ৰ হ’ব৷ চাওকচোন এই আইতাগৰাকীলৈ৷ তেওঁ কিমান একান্তমনেৰে ব্যাখ্যা শুনিছে৷ মোৰ ব্যাখ্যা শুনি তেওঁ ভক্তিৰসত মজি গৈছে আৰু সেয়ে তেওঁ দুচকুৱেদি লোতক বাগৰি আহিছে৷”

তেওঁ এইবাৰ পেহীক উদেশ্যি ক’লে –
“হ’ব আইতা৷ আপুনি নাকান্দিব৷ আমি সকলোৱেই এই ধৰাৰ দুদিনৰ অতিথিহে৷”

আমাৰ পেহীয়ে ইফালে সিফালে চাই বুজিলে বক্তাই তেওঁক উদ্দেশ্য কৰিয়েই কথাষাৰ কৈছে। তেওঁৰ টিঙিচকৈ খংটো উঠিলেই৷ মৰাটোৱে আইতা বুলি কয়!

জকজকাই উঠি পেহী –

“এঃ নহয় হেৰৌ৷ মই সেইবোৰ একো বুজাই নাই তুমিনো কি গাই আছা৷ অহাৰেপৰা তোমাকে চাই আছোঁ৷ আজি এসপ্তাহ হ’ল আমাৰ ক’লী ছাগলীজনী অহা নাই৷ ইমান মৰমৰ আছিল তাই৷ আজি আহি তোমাক মুখৰ দাঢ়িখিনিৰে সৈতে দেখি মোৰ ক’লীলৈ মনত পৰিল অ’ বোপা৷ সাইলাখ তোমাৰ দৰেই আছিল অ’৷ আজি তোমাক দেখি তাইলৈ মনত পৰাতহে মোৰ চকুপানী সৰসৰকে ওলাইছে অ’ বোপা৷”

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.