ফটাঢোল

পুতলা নাচ : অসমৰ লোকসংস্কৃতিৰ অন্যতম বাহক – চাহিন জাফ্ৰি

অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান- ‘পুতলা নাচ’ হৈছে এক আকৰ্ষণীয় লোককলা। মঞ্চত কৰা অভিনয়ৰ ভিতৰত পুতলা অভিনয়েই হৈছে আটাইকৈ প্ৰাচীন আৰু জনপ্ৰিয় লোকনাট্যানুষ্ঠান। পুৰণি কালত লোকসমাজত মনোৰঞ্জনৰ এক উৎকৃষ্ট মাধ্যম হিচাপে পুতলা নাচৰ প্ৰচলন আছিল। সমাজলৈ বাৰ্তা প্ৰেৰণৰ এক উৎকৃষ্ট মাধ্যম স্বৰূপে এই লোককলা বিধক গণ্য কৰিব পৰা যায়। কিয়নো ইয়াৰ সহজ-সৰল প্ৰকাশ ভঙ্গীয়ে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো লোককে আকৰ্ষিত কৰে। পুতলা নাচৰ প্ৰচলনৰ সঠিক তথ্য দিব পৰা নাযায় যদিও সংস্কৃতিবিদসকলে ইয়াৰ পৰম্পৰালৈ আঙুলিয়াই বহুবোৰ তথ্য আগবঢ়াইছে। এই তথ্যবোৰৰ আঁত ধৰি আমাৰ আলোচনাত পুতলা নাচ সম্পৰ্কে থোৰতে আলোচনা কৰা হৈছে।

পুতলা নাচৰ প্ৰচলন ক’ত, কেতিয়াৰ পৰা হ’ল সেই কথা যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, সেই কলাই অসমৰ সংস্কৃতিক সৰ্বতোপ্ৰকাৰে উচ্চ আসনত অধিস্থিত কৰাই আছে।

পুতলা নাচৰ ইতিহাস আৰু পৰম্পৰা

ভাৰতবৰ্ষত পুতলা নাচৰ পৰম্পৰা অতি প্ৰাচীন। পুতলা নাচৰ উৎপত্তিস্থল ৰাজস্থান বুলি কোৱা হয় যদিও ইয়াৰ কোনো লিখিত তথ্য পোৱা নাযায়। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ পৰাই ভাৰতত পুতলা নাচ প্ৰচলিত হৈ আহিছে। ভাৰতত খ্ৰীষ্টপূৰ্ব ১০০০ বছৰ আগৰেপৰাই ৰামায়ণ আৰু মহাভাৰতৰ বা পৌৰাণিক আখ্যানসমূহৰ পৰা কাহিনী পুতলা অভিনয়ৰ মাধ্যমেৰে পৰিবেশন হোৱাৰ কথা জনা যায়। বহু কেইজন পণ্ডিতৰ মতে পুতলা নাচ আৰু অভিনয়ৰ পৰাই সংস্কৃত নাট আৰু অভিনয়ৰ সৃষ্টি হৈছিল। অসমত পুতলা নাচৰ আৰম্ভণিৰ প্ৰকৃত তথ্য পাবলৈ টান যদিও লিখিত তথ্য অনুসৰি পঞ্চদশ শতিকাত শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাই প্ৰথমে ইয়াৰ আয়োজন কৰিছিল। পুতলা নাচ সমূহৰ পৰা সমল সংগ্ৰহ কৰি মহাপুৰুষ শংকৰদেৱে অংকীয়া নাট ভাওনা আদিৰ সৃষ্টি কৰিছিল বুলি নিঃসন্দেহে ক’ব পাৰি। মহাপুৰুষ জনাই তীৰ্থ ভ্ৰমণৰ সময়ত উৰিষ্যাৰ পৰা পুতলাৰ আহিলা সংগ্ৰহ কৰি অসমত এইবিধ কলাক এক নতুন মাত্ৰা প্ৰদান কৰে।

দেশে স্বাধীনতা লাভ কৰাৰ সময়খিনিত অসমৰ নলবাৰী জিলাৰ কেইখনমান গাঁৱত পুতলা নাচৰ দলৰ যি অৱস্থিতি আছিল, সেইসমূহ বৰ্তমানেও সক্ৰিয় ৰূপত থকা বুলি জনা যায়। ১৯৮১ চনত অসমত প্ৰায় ৩৫ টা পুতলা নাচৰ দল আছিল। কামৰূপ জিলা, মঙ্গলদৈ (দৰং জিলা) আৰু অসমৰ অন্যান্য জিলাত পুতলা ভাৱৰীয়া, জাল পুতলী ভাৱৰীয়া আদি নামেৰে পুতলা নাচ সমূহ জনাজাত আছিল।

পুতলা নাচৰ প্ৰকাৰ

পুতলা নাচসমূহৰ শ্ৰেণী বিভাগ সম্পৰ্কে ভিন্ন মত পোৱা যায় যদিও সকলাকে সামৰি মুঠতে ছয় প্ৰকাৰৰ পুতলাৰ কথা উল্লেখ কৰিব পাৰি। যেনে—

(১) কাঠ পুতলা
(২) হাত পুতলা
(৩) আলি পুতলা
(৪) মাৰি বা লাঠি পুতলা
(৫) ছাঁ পুতলা বা ছায়া পুতলা
(৬) জল পুতলা

ইয়াৰ ভিতৰত কাঠ পুতলাৰ প্ৰচলনেই সৰ্বাধিক। হাত পুতলা আৰু মাৰি বা লাঠি পুতলা কেৱল ল’ৰা-ছোৱালীৰ খেল-ধেমালিৰ ক্ষেত্ৰতেই ব্যৱহাৰ কৰা হয়। ছাঁ পুতলাৰ পাছফালৰ পৰা শলিৰে ছাঁ পেলোৱা হয় বাবে দৰ্শকে কেৱল ছাঁটোহে দেখিবলৈ পায়। জল পুতলাৰ প্ৰচলন অসমৰ পৰাই হোৱা বুলি কথিত আছে। প্ৰাকশংকৰী যুগতেই অসমত ইয়াৰ প্ৰচলন আছিল।

মঞ্চ আৰু পুতলা নাচ

পুতলা নাচৰ মঞ্চসমূহ অতি সাধাৰণ ভাৱে নিৰ্মাণ কৰা হয়। এই মঞ্চখনৰ আহিলা হৈছে এখন বাঁহৰ চাং নাইবা এখন চালপীৰা। সেই চাং বা চালপীৰখনত ওপৰে আৰু তলত দুয়াটা অংশ এখন কলা কাপোৰেৰে ঢাকি ৰাখি তাৰ মাজভাগ খালী ৰখা হয় আৰু এই খালী ঠাই ডোখৰতে পুতলাবোৰক নচুৱা হয়। পুতলা অভিনয়ৰ কাৰণে তৈয়াৰ কৰা মঞ্চখনৰ পিছফালে এখন আঁৰকাপোৰ আঁৰি থোৱা থাকে, যাৰ আঁৰত সূত্ৰধাৰ আৰু পুতলাবোৰ থাকে। পুতলাবোৰক বাস্তৱ ৰূপত বস্ত্ৰ ভূষণ, অলংকাৰ আদিৰে সজাই তোলাৰ উপৰিও প্ৰসাধনৰ ব্যৱস্থাও কৰা হয়। সাধাৰণতে পুতলা নাচত পুতলাসমূহৰ হাত, মুখৰ অঙ্গীভঙ্গীৰ দ্বাৰাহে অভিনয় প্ৰদৰ্শন কৰা হয় বাবেই পুতলাসমূহৰ গাৰ তলৰ অংশ ‘জামা’ পিন্ধাই ঢাকি ৰখা হয়; কাৰণ তেনে কৰিলে তলৰ অংশৰ অংগ সঞ্চালনৰ প্ৰয়োজনীয়তা নাথাকে। পুতলা নাচত পাঁচজন সদস্য থাকে। পুতলা নাচৰ এজন বায়ন, এজন ডাইনাপালি, দুজন পালি আৰু এজন সুত্ৰধাৰ থাকে। সূত্ৰধাৰ জনেই পুতলা নাচৰ আৰম্ভণিৰ পৰা শেষলৈকে গুৰি ধৰে, ইয়াৰ লগে লগে বায়নজনে পুতলাৰ বচন আৰু অভিনয় ব্যাখ্যা কৰি গৈ থাকে। পুতলা নাচৰ পুতলাৰ সংলাপ নাইবা কথা-বতৰাবোৰ পেঁপা নাইবা অন্য বিৰিখৰ পাত দি তাৰ পৰা সৃষ্টি হোৱা ধ্বনিৰে বুজোৱা হয়। কাৰণ তেনে কৰিলেহে পুতলাই নিজস্বভাৱে মাত উলিওৱা বুলি সাধাৰণ লোকে ভাবিব পাৰিব। সংলাপ নাইবা মানুহৰ দৰে কথা ক’লে ই কৃত্ৰিম যেন নালাগিবৰ বাবেই এই ব্যৱস্থা কৰা হয়। পুতলা অভিনয়ত বহুকেইটা চৰিত্ৰৰ সমাবেশ ঘটিব পাৰে। পুতলা নাচত পুতলাবোৰে গান গায়, নাচে, কথা কয় আৰু এই সকলোবোৰকে সূত্ৰধাৰে এডাল মিহি ক’লা সুতাৰে নিয়ন্ত্ৰণ কৰে, যাৰ ফলত পুতলাৰ দ্বাৰা প্ৰদৰ্শিত অভিনয় জীৱন্ত হৈ উঠে। পুতলা অভিনয়ত শ্লোক, গীত-পদ, নাচ, বচন আদি অতি আকৰ্ষণীয়। ইয়াৰ ভাষা, সাধাৰণ লোকে ব্যৱহাৰ কৰা থলুৱা ভাষা। পুতলা নাচত ব্যৱহাৰ কৰা বাদ্যৰ ভিতৰত খুটি তাল, পাতি তাল, কৰ তাল, জুৰি, মঞ্জুৰী, ভোৰতাল, খোল; বিভিন্ন প্ৰকাৰৰ ঢোল আদি উল্লেখযোগ্য। সুষিৰ বাদ্যৰ ভিতৰত কালি, বেণু, মুখবাঁশী আৰু চেৰেণ্ডা, দুতাৰা বেনা আদি ততৃন্ত্ৰ বাদ্যৰ ব্যৱহাৰ হোৱা দেখা যায়। এটি পুতলা অভিনয়ৰ গীতৰ নিদৰ্শন হৈছে-

“বেউলা জাগা
উঠা মোৰ প্ৰিয়া
কিসে খাইলা কিনো ভৈলা
চকু মেলি চোৱা”।

(পুৰণি দৰং জিলাৰ লৌকিক কাহিনীৰ আধাৰত ৰচিত ‘বেউলা লখিন্দাৰ পুতলা নাটকত যেতিয়া লখিন্দাৰক কালী নাগে দংশন কৰি থৈ যায়, বিষত কান্দি উঠা লখিন্দাৰে বেউলাক জগাবলৈ এই গীত গোৱা হৈছিল)।

কিংবদন্তী, ৰজা ৰাণী, ৰাজনৈতিক ঘটনাৱলী, সাধু, ধৰ্মীয় ঘটনা আদিৰ পটভূমিতেই পুতলা নাচৰ প্ৰদৰ্শন কৰা হয়। সাধাৰণতে ৰামায়ণ, মহাভাৰতৰ কাহিনীয়ে প্ৰাধান্য পাইছিল যদিও বেউলা-লখিন্দাৰ, সাৱিত্ৰী-সত্যবান, তেজীমলা আদিৰ কাহিনীও দেখুৱাইছিল।

পুতলা নাচৰ বৰ্তমান আৰু ভৱিষ্যত

পুতলা নাচসমূহ অতীতৰ পৰা জনপ্ৰিয় আছিল। বৰ্তমান চলিত শতিকাৰ পঞ্চম দশকলৈকে পুতলাৰ সমাদৰ আছিল যদিও কালৰ গ্ৰাসত পৰি বৰ্তমান সেই জনপ্ৰিয়তা কিছু পৰিমাণে লাঘৱ হৈছে। দেশে স্বাধীনতা লাভ কৰাৰ সময়খিনিত অসমৰ নলবাৰী জিলাৰ কেইখনমান গাঁৱত পুতলা নাচৰ দলৰ অৱস্থিতি আছিল, যি সমূহ বৰ্তমানেও সক্ৰিয় ৰূপত থকা বুলি জনা যায়। গোলাঘাটৰ যদুৰাম কলিতা নামৰ এজন লোকে কেইবছৰমান আগতে পুতলা নাচ দেখুৱাইছিল। তেওঁ ঘৰতে ধানখেৰ, পাতল কাঠ, কলঠৰুৱা, খাগৰি, ফটাকানি আদিৰে পুতলাবোৰ তৈয়াৰ কৰিছিল আৰু মঞ্চত নিজে পৰিবেশন কৰিছিল। ঠিক সেইদৰে, দক্ষিণ বজালী অঞ্চলৰ ভালুকী গাঁৱৰ গোবিন্দ শৰ্মায়ো পুতলানাচ প্ৰদৰ্শন কৰিছিল। তেওঁ পুতলাৰ দ্বাৰা হাঁহিৰ ৰগৰ তুলি দৰ্শকক আমোদ দিছিল। বৰ্তমানেও নলবাৰী জিলাৰ মাখিবাহা অঞ্চলৰ শ্ৰীনাৰায়ণ ডেকাৰ ‘অসম পাপেট থিয়েটাৰ’ নামৰ এখনি পুতলা থিয়েটাৰ থকা বুলি জনা যায়।

সাম্প্ৰতিক সময়ত শিশুক আহ্লাদ প্ৰদান কৰা বা শিশুসকলক নিচুকাবৰ বাবে ব্যৱহাৰ কৰা হাত পুতলা প্ৰচলনে সমগ্ৰ জগতখনক আৱৰি পেলাইছে। এয়া হ’লেও অসমৰ দৰে অন্য দেশসমূহত কিন্তু কাঠ পুতলাৰ প্ৰচলনৰ প্ৰয়োভৰ দেখা যায়। নামনি অসমত পুতলাৰ নাচ বিশেষ ভাৱে জনপ্ৰিয়। ইয়াৰ উদাহৰণ স্বৰূপে নলবাৰী জিলাৰ জনপ্ৰিয় ৰাস অনুষ্ঠানৰ কথালৈ আঙুলিয়াব পাৰি। ইয়াত ৰাইজৰ আকৰ্ষণৰ মূল কাৰণ হৈছে-কৃষ্ণৰ বিভিন্ন অৱতাৰৰ ৰূপ সমুহ পুতলাৰ মাধ্যমত দেখুওৱা হয়। হয়তো সেই বাবেই নলবাৰী জিলাৰ ৰাস অনুষ্ঠানত বহু লোকৰ সমাবেশত ভিৰ হৈ পৰা পৰিলক্ষিত হয়। বৰ্তমান সময়ত শিশুক নিচুকাবৰ বাবে পুতলাত প্ৰচলন বেছিকৈ হয় যদিও এই পুতলা সমূহ ডেকা বুঢ়া সকলাৰে আকৰ্ষণৰ বিষয় এতিয়াও হৈয়েই আছে। বৰ্তমান টি.ভি. চেনেল সমূহত প্ৰচাৰিত “কাৰ্টুন’ সমূহেও এক প্ৰকাৰে পুতলাৰ কামেই কৰে। কাৰ্টুনৰ চৰিত্ৰসমূহ আৰু পুতলাৰ মাজত বিশেষ পাৰ্থক্য নাই, সেইবাবেই হয়তো শিশুসকলৰ মাজত ই বিশেষ ভাৱে জনপ্ৰিয় হৈ পৰিছে। কাৰ্টুন চেনেল সমূহৰ বৰ্দ্ধিত ৰূপে ইয়াৰ প্ৰমাণ দিয়ে। কাৰ্টুন চেনেলসমূহেও শিশুৰ বৌদ্ধিক বিকাশৰ হেতুকে বিভিন্ন জ্ঞানমূলক তথ্য সমূহৰ শিক্ষা কাৰ্টুন ফিল্ম চিৰিয়েলবোৰৰ জৰিয়তে প্ৰদান কৰে। মুঠতে অসমৰ লোকজীৱনৰ লগত পুতলা নাচ সংলগ্ন হৈ আছে আৰু ভৱিষ্যতেও থাকিব বুলি ভাবিব পাৰি।

পুতলা নাচৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা

পুতলা নাচৰ প্ৰয়োজনীয়তা ভাৰতত অতি প্ৰাচীন কালৰে পৰাই আছিল আৰু বৰ্তমানেও আছে। অতীতত পুতলা নাচসমূহে ৰাইজক মনোৰঞ্জন কৰাৰ উপৰিও ধৰ্মীয় উপদেশ; পুৰাণৰ চৰ্চা আৰু নীতি শিক্ষামূলক জ্ঞান প্ৰদান কৰিছিল। মানুহৰ নৈতিক বিকাশৰ বাবেও পুতলা নাচসমূহ ব্যৱহৃত হৈ পৰিছিল।

• বৰ্তমান সময়ত লোকপৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰ বাবে পুতলা নাচ সমূহৰ প্ৰয়োজনীয়তা আছে।

• ই সমাজ সংস্কাৰৰ অতিশয় শক্তিশালী আহিলা। সমাজলৈ বিভিন্ন গঠনমূলক তথা নীতিগত বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে ইয়াক ব্যৱহাৰযোগ্য কৰিব পৰা যায়।

• বিভিন্ন মুকলি মঞ্চত প্ৰদৰ্শিত পুতলা নাচ বা অভিনয়ৰ জৰিয়তে সমাজক বিভিন্ন দিশত সজাগ কৰিব পৰা যায়।যেনে— মদ নিবাৰণী, চিকিৎসা সেৱা, মাদক দ্ৰব্য সেৱনৰ পৰা মুক্তি কৰা আদি

• প্ৰচাৰ বিভাগৰ যাৱতীয় কামবোৰৰ বাবেও পুতলানাচ উৎকৃষ্ট অনুষ্ঠান হ’ব বুলি ভাবিব পৰা যায়।

• যিহেতু শিশুসকলৰ বাবে পুতলা অতিকে প্ৰিয় বস্তু, গতিকে পুতলা নাচৰ প্ৰদৰ্শনীৰ দ্বাৰা তেওঁলোকৰ মনত বিভিন্ন সৃষ্টিমূলক তথা গাঁথনি মূলক শিক্ষাৰ প্ৰচাৰ কৰিব পৰা যায়।

সামৰণি

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই সাফল্যৰ শীৰ্ষত উপনীত হোৱাৰ লগে লগে পুৰণি ৰীতি-নীতিসমূহৰ পালনৰ ক্ষেত্ৰত জটিলতা আহি পৰিছে। পুৰণি গীত-মাত নাটক আদিৰ প্ৰতি আমাৰ সমাদৰ কমি অহাৰ বাবেই পুতলা নাচৰ দল আজি নোহোৱা হ’ব ধৰিছে। আৰ্থিক দুৰৱস্থাই পুতলা-জীৱিসকলক সেই বৃত্তি পৰিত্যাগ কৰি জীৱিকাৰ অন্য উপায় অবলম্বন কৰাবলৈ বাধ্য কৰাইছে। কাৰণ কষ্ট অনুপাতে পুতলা-জীৱিসকলে তেওঁলোকৰ উচিত মূল্য অথবা পাৰিশ্ৰমিক নাপায়।

সাধাৰণ শ্ৰেণীৰ ৰাইজেও আৰ্থিক অভাৱৰ বাবে অভিলাষ থকা স্বত্বেও পুতলা নাচৰ দলক সমাদৰ জনাব নোৱাৰাত পৰিছে। উক্ত কাৰণসমূহৰ বাবেই বৰ্তমান যুগত পুতলা নাচৰ জনপ্ৰিয়তা কমিছে যদিও চলিত সময়ত পুতলা নাচক জনপ্ৰিয় কৰাৰ যথেষ্ট প্ৰয়োজন আছে বুলি ভাবিব পাৰি। প্ৰাচীন লোক কলা হিচাপে যাতে ইয়াৰ সমাদৰ অক্ষুন্ন থাকে, তালৈ লক্ষ্য ৰাখি এই লোক কলাবিধক প্ৰচাৰ কৰাৰ বাবে উন্নত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পৰম্পৰাগত পদ্ধতিসমূহৰ কিছু সাল-সলনি ঘটাই নতুন শৈলীৰে ন-ন চিন্তা-চৰ্চাৰে ইয়াৰ বিকাশ ঘটাব পৰা যায়। পুতলা নাচ বা অভিনয়ৰ বাবে সুকীয়া আৰু উন্নত মঞ্চৰো অতিকে প্ৰয়োজন। মঞ্চ সমূহৰ উন্নীতকৰণ আৰু উচিত সা-সুবিধাৰ জৰিয়তে ৰাইজক আকৰ্ষিত কৰি পুতলা নাচক ৰাইজৰ অধিক ওচৰ চপাব পৰা যাব। এইক্ষেত্ৰত আমাৰ চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সৰ্বশিক্ষা, মদ নিবাৰণী, নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰচেষ্টা, চিকিৎসা সেৱা, এইডছ আদি সম্পৰ্কে জনসাধাৰণক সজাগ কৰি তোলা আদি বিভিন্ন কামত পুতলা নাচৰ ব্যৱহাৰ গ্ৰহণযোগ্য কৰিব লাগে। এইক্ষেত্ৰত দৰ্শক ৰাইজেও উৎসাহ প্ৰদৰ্শন কৰিব লাগে। প্ৰাচীন হ’লেও ই আমাৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰে, সেয়েহে ইয়াক পুনৰ ঘঁহি-মাজি নতুন কৰি লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই লোককলা বিধক জনপ্ৰিয় কৰি ল’লেহে আমাৰ লোকপৰম্পৰাক উচিত সম্মান জনোৱা হ’ব। আমাৰ এই অমূল্য শিল্পবিধ যাতে পাহৰণিৰ গৰ্ভত হেৰাই নাযায় তাৰ বাবে আমি সকলোৱেই আপ্ৰাণ চেষ্টা কৰিব লাগিব।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.