ফটাঢোল

পুনৰ নিৰ্মাণ হওক যুক্তি আৰু বিনয়ৰ বাট – ড০ অমৰজ্যোতি চৌধুৰী

মানুহ এজাকৰ বাট হেৰাইছে৷ পৰুৱাই পোৱা মানুহৰ দশা হৈছে তেওঁলোকৰ৷ তেওঁলোকৰ আচাৰ ব্যৱহাৰত পৰিস্ফুট হৈ উঠিছে আত্মম্ভৰিতাৰ ছবি৷ক্ৰমান্বয়ে  বিৰল হৈ আহিছে বিনয়ৰ দৃষ্টান্ত৷ এনে অনুভৱ হৈছে যেন সোঁচৰা বেমাৰৰ দৰে বিয়পিছে এই অহংকাৰৰ বীজাণু৷ এইচাম  মানুহৰ ৰাজহুৱা জীৱন এইদৰেই আজি এক অৱক্ষয়ৰ গ্ৰাসত৷ সেয়ে স্বাভাবিকভাবেই  মৰ্মাহত হৈছে সহৃদয় মানুহ৷ বিভ্ৰান্ত হৈছে সাধাৰণ মানুহ৷

মাজে মাজে এক প্ৰহসন বা উদ্ভট নাটকৰ নিচিনা লাগি গৈছে এই ছবিখন৷ এৰা, ৰাজনীতিৰ সৈতে জড়িত সকলৰ একাংশই এনে ব্যৱহাৰ কৰিবলৈ লৈছে যেন তেওঁলোক সৰ্বজ্ঞ৷ তাৰেই প্ৰতিফলন হ’ব লৈ লৈছে আনকি ৰাজহুৱা জীৱনৰ প্ৰতি উচৰ্গিত কাৰ্যালয়তো৷ আৰু আনকি সংবাদ মাধ্যমৰ ৰাজহুৱা আলোচনাতো৷ পৰিস্থিতি আহি এনে পৰ্যায়  পাইছে যে সংস্কৃতিৰ প্ৰতিনিধি একাংশ শিল্পীৰ মাজতো সেই আত্ম্প্ৰেম, সেই অহংকাৰৰ উত্থানহে চকুত পৰিছেহি৷ ব্যক্তিৰ ভেমে সমূহ আৰু অনুষ্ঠানৰ স্বাৰ্থকো ভৰিৰে মোহাৰিছে৷

এইসকলে বাট হেৰুৱাইছে বুলি এইকাৰণেই কৈছো যে আমাৰ সংস্কৃতিৰ অন্যতম উজ্জ্বল দিশ হ’ল বিনয়৷ বিনয়ৰ পৰম্পৰা সমাজৰ গভীৰলৈ শিপোৱাৰ সকলো আয়োজন কৰি গৈছে আমাৰ কৃষ্টিৰ নায়কসকলে৷ গুৰুজনাই শিকোৱা বিনয়ৰ পাঠেই আমাৰ সমাজখনৰ সমূহীয়া জীৱনৰ গতিপথ মিহি কৰি থৈছে৷ বিনয়ৰ জৰিয়তেই নিজৰ দৃষ্টিভংগী আনক জনোৱাৰ এক পৰিবেশ ৰচনাৰ বাট কাটি দি গৈছে৷ সমাজক  একগোট কৰি ৰখাৰ বাট মোকোলাই গৈছে৷ জ্ঞানচকু মুকলি হোৱা ঋক্ষৰাজৰ মুখত বচন দিছে-“অজ্ঞানীক মোক, প্ৰভু ক্ষমিয়োক”৷ সেইদৰে আনজনা মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ “আত্ম –উপদেশ”খণ্ডত লিখি থৈ গৈছে-“শুন হেৰ অহংকাৰ, নিচিন্ত আপোন-মাৰ, মিছা অহম্মমক তেজিয়ো”৷ অসমীয়া ভাষাৰ আঁউসীৰ দিনত কলমেৰে পোহৰ বিলোৱা লক্ষ্মীনাথে সোঁৱৰাই দি গৈছে গঙাটোপৰ শেষ পৰিণতিি কিন্তু ৰাজনীতি, সমাজনীতি, সংস্কৃতিৰ একাংশৰ বাবে মানুহৰ তুচ্চতাচ্ছিল্যই এতিয়া সহজ জনপ্ৰিয়তাৰ সঁচাৰ কাঠি৷ এনে দৃষ্টিভংগীৰ বিৰুদ্ধে প্ৰসংগক্ৰমে আমি সুঁৱৰিব পাৰো- এনে গঙাটোপসকলৰ উদ্দেশ্যেই কেঁহোকলিৰ গল্প এটাত বেজবৰুৱাদেৱৰ কলমৰ পৰা ওলোৱা এষাৰি অমৃত-বাণী -“মানুহ ৰঙালাও বা চালকোমোৰা নহয় যে তাক টোমত ভৰাই চ’তিত আঁৰি থ’বৰ ক্ষমতা কোনোৱে পাব পাৰে৷”

এইখিনিতে প্ৰশ্ন হ’ব পাৰে- বিনয়নো দৰাচলতে কি? ৰাজহুৱা জীৱনত বিনয় হৈছে সকলোৰে মতামত শ্ৰদ্ধাসহকাৰে সত্য প্ৰতিষ্ঠা কৰাৰ বাট৷ সকলো পক্ষৰ কথাশুনি সমাজত সহমৰ্মিতাৰ প্ৰতিষ্ঠাৰ বাট৷ নিজৰ ভেমত ওফন্দি নাথাকি মানুহক সহায় কৰাৰ বাট৷ আমাৰ বোধেৰে বিনয় দৰাচলতে বাস্তৱৰ এক গভীৰ সত্যৰ উপলব্ধি-সেয়া হৈছে পৰিপূৰ্ণৰূপে জ্ঞান আমাৰ কাৰোৱেই নাই৷ সেই উপলব্ধিয়েই  হৈছে বিনয়- অনুভৱৰ  সাৰ অংশ৷যি বিজ্ঞানমনস্কতাৰো এক উজ্জ্বল ৰূপ৷

মহাকৰ্ষণৰ সূত্ৰ, গতি সূত্ৰ আৰু পোহৰৰ অনেক গূঢ় সত্যৰ আবিষ্কাৰেৰে বিজ্ঞানজগতৰ বাট কাটি যোৱা নিউটনে কৈছিল-“সাগৰৰ পাৰত মই কেইটামান শিল বুটলিছো মাত্ৰ৷” সেই বাবেই প্ৰয়োজন আনৰ সৈতে আলোচনাৰ৷ এইদৰে বিনয়েই সৃষ্টি কৰে কথোপকথন অথবা সংলাপৰ এক প্ৰেৰণাৰ পৰিবেশ৷ এনে প্ৰয়োজনৰ অনুভৱৰ সমষ্টিয়েই হৈছে বিনয়ে৷ এই বিনয়েই এইদৰে সহজ সুগম কৰে আলোচনাৰ বাট৷ শক্তিশালী কৰে গণতন্ত্ৰ৷ এই বিনয়েই খুলি দিয়ে নতুন জ্ঞান সৃষ্টিৰ সম্ভাৱনাৰ দুৱাৰ৷ সৃষ্টি কৰে নতুন সামৰ্থ্য৷

ভাৰতৰেই সৌভাগ্য আছিল যে জাতিৰ পিতা মহাত্মা গান্ধীয়েই সেই বিনয়ৰ পাঠ জাতিটোক পৰ্যাপ্তৰূপত দি থৈ গৈছে৷ আমাৰ মাজতেই মাদাৰ টেৰেছায়ো সেই বিনয়ৰ ৰূপেৰেই উজলি উঠিছে৷ সেই বাটেৰে বাট বুলিবলৈ প্ৰেৰণা দি গৈছে৷ অথচ আজি আমাৰ চকুৰ সমুখতে কি হৈছে সেয়া জানো বহলাই ক’ব লাগিব? অহংকাৰকেই আত্ম্প্ৰত্যয় বুলি প্ৰদৰ্শন কৰাৰ প্ৰবণতা আদিতে এমুঠি ৰাজনীতিক অথবা পথভ্ৰষ্ট চিন্তাৰ মানুহৰ মাজতেই সীমাৱদ্ধ আছিল৷ কিন্তু দৰ্শকক আকৰ্ষণৰ চেষ্টাত দিল্লীৰ দূৰদৰ্শনত কোনো কোনো আলোচকে আত্মম্ভৰিতাৰ নাটক কৰিবলৈ ধৰিলে৷ দৰ্শকক আজুৰি অনাৰ চেষ্টাত সেই নাটকৰ অভিনেতা-অভিনেত্ৰীৰ মাজত অহংকাৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতাও চলিল৷ আৰু দুৰ্ভাগ্য ক্ৰমে বিভিন্ন ৰাজ্যকে ধৰি অসমৰো একাংশই ব্যস্ত হৈ পৰিল তাৰ অনুকৰণত৷ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ দূৰদৰ্শন সম্প্ৰচাৰত এইচাম মানুহৰ ৰাজহুৱা বিষয়ৰ আলোচনা বা ৰাজহুৱা বক্তৃতা শুনিও এনে অনুভৱ হয় যেন কোনেও কাৰো কথা শুনিব নোখোজে৷ যুক্তিৰ সলনি ঠাই পায় তুচ্ছ-তাচ্ছিল্যই৷ সত্যপ্ৰতিষ্ঠাৰ চেষ্টা চলে তাত মাতৰ জোৰেৰে৷ স্বাভাবিক ভাবেই এনে আৰ্হিৰ আলোচনাবোৰত একো চিন্তাৰ খোৰাক নাপায় কোনেও৷ স্বাভাবিকভাবেই এনে আলোচনাৰ প্ৰতি বিৰাগ আহে নতুন প্ৰজন্মৰ অধিকাংশৰে৷ ৰাজহুৱা আলোচনাৰ প্ৰতি  এটা বিৰাগৰ ভাবহে এইদৰে সৃষ্টি কৰিছো আমি৷

ৰাজ্য্ আৰু কেন্দ্ৰৰ নিৰ্বাচনৰ সময়তো দেখিছিলো – অসংযত বক্তব্য আৰু অমাৰ্জিত ভাষাই চাৰিওফালে বোকা ছটিয়াইছে৷ নিৰ্বাচনী প্ৰচাৰৰ ভাষাই এনে পৰ্যায় পালেগৈ যে শালীনতা আৰু সামান্য সৌজন্যবোধো ক’ৰবালৈ উৰা মাৰিলে৷ যি বিনয় অসমীয়া চৰিত্ৰৰ বিশেষ বৈশিষ্ট্য তাৰ লেশমানো পোহৰ নাথাকিলগৈ কাৰো কাৰো বক্তব্যত৷ অথচ ভাষাই হৈছে আমাৰ মনৰ দাপোণ৷ আমাৰ চিন্তাৰ দাপোণ৷ দৈনন্দিনতা অব্যাহত ৰখাৰ যি বাট সেই কৃষ্টিৰো দাপোণ৷ সেয়ে ভাষাৰ এই স্খলন কিন্তু সমাজ আৰু সংস্কৃতিৰো স্খলন৷ তাৰেই দীঘল ছাঁ এতিয়া আমি দেখিবলৈ পাইছো ৰাজহুৱা জীৱনৰ অন্যান্য অংশতো৷ ৰাজহুৱা জীৱনত এনে অসহনশীলতাই আনিছে জাতিৰো বিপৰ্যয় আৰু স্খলন৷ কাৰণ গণতন্ত্ৰ সজীৱ-সক্ৰিয় হৈ থাকিব পাৰে পৰস্পৰৰ প্ৰতি সম্ভ্ৰম আৰু সহমৰ্মিতাৰেহে৷

অথচ গণতন্ত্ৰৰ সফলতাৰ বাবে আমাক যে আজি সংযত আৰু মুকলি আলোচনাৰ প্ৰয়োজন তাক জানো কোৱাৰ প্ৰয়োজন আছে? অথচ প্ৰাচীন ভাৰতে অতীজৰে পৰা আদৰি থৈছে আলোচনাৰ পৰিবেশক৷ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাত এনে বিতৰ্ক ব্যৱস্থাৰ দৰ্শনৰ বিস্তৃত আলোচনা আছে৷ জনকৰজাই ৰাজহুৱা বিতৰ্কৰ আয়োজন কৰাৰ কথা বৃহদাৰণ্যক উপনিষদত উল্লেখ আছে৷ মহীয়সী গাৰ্গীয়েও এনে বিতৰ্কত ভাগ লোৱাৰ কথাও বৰ্ণিত আছে ইয়াত৷ বুদ্ধ আৰু মহাবীৰেও এনে ৰাজহুৱা আলোচনাৰ বিশদ ব্যৱস্থা কৰাৰ উল্লেখ আছে৷ মহামতি অশোকেও তাহানিতেই ৰাজসভাত আয়োজন কৰিছিল ৰাজহুৱা আলোচনাৰ৷ তাৰ বাবে  নিয়মৰ তালিকা এখনো বান্ধি দিছিল তেখেতে৷ তাৰে শীৰ্ষতেই আছিল প্ৰতিপক্ষৰ যুক্তি ধৈৰ্য সহকাৰে শুনিবলৈ দিহা৷ সেইদৰে আকবৰেও তেনে ৰাজহুৱা আলোচনাৰ বাবে নিৰ্দিষ্ট নিয়মাৱলীৰে আলোচনাৰ বিহিত ব্যৱস্থা কৰিছিল৷ ৰাজহুৱা বিতৰ্কৰ এনে চহকী ঐতিহ্যৰ দেশতে যুক্তিভিত্তিক বিতৰ্কৰ এই অৱক্ষয় দেখিও হাত সাৱটি বহি থাকিব পাৰিনে? দেশ আৰু সমাজৰ এই বিপৰ্যয় দেখিও চকু মুদি থাকিব পাৰি নে?

সেয়ে আৰম্ভ হওক বিনয় আৰু সত্য নিষ্ঠাৰ পুনৰ প্ৰতিষ্ঠা৷ তাৰে উভটি আহক-  আনৰ মতামত শ্ৰ্দ্ধা সহকাৰে শুনাৰ পৰিবেশ৷ উভটি আহক মুকলি আলোচনাৰ পৰিবেশ৷ স্কুলে-কলেজে-জন প্ৰতিনিধিৰ সভাই তাৰ আখৰা হওক৷ এইদৰেই পুনৰ প্ৰতিষ্ঠা হওক সুস্থ তৰ্ক আৰু আলোচনাৰ বিনয়ী পৰম্পৰা৷ প্ৰতিষ্ঠা হওক বাট বিচৰাৰ সুস্থ পৰম্পৰা৷ তাৰেই মনবোৰ পোহৰ হওক বাট হেৰুওৱা মানুহখিনিৰ৷ সেই সংস্কৃতিতেই বাট বিচাৰি পাওক অবাটে যোৱা মানুহখিনি্যে৷ শান দিয়া হওক যুক্তি আৰু তৰ্কেৰে বাট বিচৰাৰ ঐতিহ্য৷ তাৰে শক্তিশালী হওক গণতন্ত্ৰ৷ সবল হওক সমাজৰ সুষম বিকাশ৷

এই পৰম্পৰাৰ প্ৰতিষ্ঠাৰ বাবে কিন্তু এয়াই সময়৷ জোৰ পুৰি পুৰি হাত পাইহি এতিয়া৷

☆★☆★☆

 

 

11 Comments

  • হেমন্ত কাকতি

    বৰ ভাল লাগিল চাৰ! পিচে এই ধুৰন্ধৰ সকলৰ পৰা বিনয় আশা কৰাটো পৰ্বতত কাছৰ কণী বিছৰাৰ লেখীয়াহে হৈছেগৈ!

    Reply
  • Silpasree

    খুব ভাল লাগিল পঢ়ি। সঁচাকৈয়ে বিনয় আৰু সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ আজি খুবেই প্ৰয়োজন।

    Reply
  • “পৰিপূৰ্ণভাৱে জ্ঞান আমাৰ কাৰোৱেই নাই”—- কথাষাৰ সকলোৱে অনুধাৱন কৰা উচিত।
    আপোনাৰ লেখাই ফটাঢোলৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। আগলৈও আপোনাৰ পৰা এনে লেখা কামনা কৰিলোঁ। অশেষ ধন্যবাদ আপোনাক।

    Reply
  • ৰিণ্টু

    আমিও আশাবাদী চাৰ – আৰম্ভ হ’ব বিনয় আৰু সত্য নিষ্ঠাৰ পুনৰ প্ৰতিষ্ঠা। উভটি আহিব আনৰ মতামতক শ্ৰদ্ধা সহকাৰে শুনাৰ পৰিবেশ।

    আপোনাৰ লেখাটোৱে ফটাঢোলৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে চাৰ। ভবিষ্যতেও এই ই-আলোচনীখনত আপোনাৰ লেখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • অসমী গগৈ

    হয় ছাৰ , এটা সুন্দৰ আৰু সুস্হ পৰম্পৰা গঢ়িবৰ বাৰে আমি আটায়ে হাতে হাত ধৰি আগুৱাব লাগিব।

    Reply
  • Manash saikia

    পঢ়ি ভাল লাগিল৷ এইক্ষেত্ৰত আমি আশাবাদী৷ মহান মহান মণীষী সকলৰ দেখুৱাই থৈ যোৱা মাৰ্গৰে আমি ধাৱমান হোৱাৰ প্ৰয়াস কৰিলে,সম্ভৱতঃ অচিৰেই অসূয়া পৰিৱেশ আঁতৰিব৷

    Reply
  • Manisha Kakati

    আমি আশাবাদী..

    Reply
  • Abinash Sarma

    আপোনাৰ লিখনি আলোচনীত পঢ়িব পাই ধন্য হ,লো ।ধুনীয়া বুলিলে কম হ’ব চাগে ।

    Reply
  • Rajdeep Borah

    বহুত ভাল লাগিল পঢ়ি ।

    Reply
  • অভিজিত কলিতা

    এইখিনি ক্ষোভ চাগে প্ৰতিজন সচেতন অসমীয়াৰে! ভাল লাগিল চাৰ।

    Reply
  • Papari Barman

    চাৰ , আপোনাৰ ইমান জ্ঞানমূলক লিখনিয়ে আলোচনীখনৰ মানডণ্ড বঢ়ালে ।

    Reply

Leave a Reply

Your email address will not be published.