ফটাঢোল

পুলিচ থানাত এঘণ্টা দহ মিনিট – মঞ্জুলী ৰাহাঙ

জীৱনত আমি কত কি বিপাক-দুৰ্বিপাকৰ সমুখীন হ’বলগীয়া হয় ৷ নহয়নে বাৰু? সেই বিপাক-দুৰ্বিপাকে কেতিয়াবা হয় কন্দুৱাইছে,নহয় কেতিয়াবা হহুঁৱাইছে নাইবা কেতিয়াবা দিছে কিছুমান পাহৰিব নোৱাৰা অভিজ্ঞতা৷ এদিন এনেকুৱা এক পাহৰিব নোৱাৰা দুৰ্বিপাকৰে সমুখীন হ’লোঁ আমি আৰু আমাৰ একমাত্ৰ পুত্ৰ । যদিও ঘটনাটোক ‘দুৰ্বিপাক’ আখ্যা দিছোঁ তথাপি ঘটনাটোত কিছু আমোদ আৰু চিন্তনৰ মিশ্ৰিত উপাদান বিদ্যমান ৷

গুৱাহাটী মহানগৰীৰ বহুতো কথাৰ কাৰণে গোটেই বিশ্বতে ৰৈ বৈ যোৱা খিয়াতি আছে। প্ৰথমেই ক’ব খুজিম শক্তিপীঠ মা কামাখ্যা দেৱীৰ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, দেৱাদিদেৱ ভোলানাথৰ দ্বাদশ জ্যোতিৰ্লিঙ্গৰ পঁচধৰা ধাম অথবা ভীমাশংকৰ মন্দিৰ,পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ, ব্ৰহ্মপুত্ৰ নদ ইত্যাদি৷ আমি জানো যে দুটা বিপৰীতমুখী সত্ত্বাত আমাৰ পৃথিৱীৰ প্ৰতিটো কথা আৰু কাম আবদ্ধ হৈ থাকে; ভাল-বেয়া,সৎ-অসৎ, পোহৰ-আন্ধাৰ, সদনাম-বদনাম ইত্যাদি। ঠিক আমাৰ গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতো এই সূত্ৰৰ প্ৰয়োগ কৰিব পৰা যায়৷
অলপ আগেয়ে আমি আমাৰ মহানগৰীৰ প্ৰশংসাত দুআষাৰ ক’লোঁ; কিন্তু ক’বলৈ বেয়া লাগিলেও এইবাৰ আহিছোঁ মহানগৰীৰ দুৰৱস্থাৰ প্ৰসঙ্গলৈ৷ সম্পূৰ্ণৰূপে ‘মহানগৰী’ অভিধা পাবলৈ গুৱাহাটীয়ে আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব তাৰ উত্তৰ আমাৰ হাতত নাই। সামাজিক,পাৰিপাৰ্শ্বিক আৰু প্ৰশাসনিক – এই তিনিওটা দিশৰ পৰা মহানগৰী এতিয়াও অনুন্নত বুলি ক’লেও ভুল কোৱা নহ’ব। বাকীবোৰ সমস্যাৰ কথা নকৈ আমি ক’ব খুজিম-প্ৰতিবছৰে কৃত্ৰিম বানত আক্ৰান্ত মহানগৰীৰ বুকুৰ গীতানগৰ নামৰ সৰু অঞ্চলত আমি মুখামুখি হোৱা সৰু ‘দুৰ্বিপাক’ৰ কথাটো ৷
সেইদিনা পুৱা প্ৰায় ন বজাৰ পৰা গীতানগৰ, চানমাৰি, গণেশগুৰি আদি অঞ্চলত নেৰানেপেৰা বৰষুণ ৷ অফিচলৈ অলপ পলমকৈ যাম বুলি জিণ্টি বাক (জিণ্টিমণি মহিলাৰী, জ্যেষ্ঠ সহায়ক আৰু আমাৰ জ্যেষ্ঠ সহকৰ্মী) মোবাইলযোগে জনালোঁ৷ কাৰণটোও ক’লোঁ-“বাবলুৰ (আমাৰ পুত্ৰৰ ঘৰত মতা নাম)পাৰপত্ৰ আবেদনৰ (passport application) আৰক্ষী সত্যাপন প্ৰতিবেদনখন (police verification report) অসম্পূৰ্ণ হৈ থকা হেতুকে স্থানীয় আৰক্ষী চকীলৈ যাবলগীয়া আছে।”

আঁচনি অনুসৰি বাবলুৰ স্কুল যোৱাটো সেইদিনা বাতিল কৰা হ’ল ৷ অটো দাদা (নীৰেণ শীল, যাৰ অটোৰ আমি যোৱা সুদীৰ্ঘ পাঁচ বছৰৰ পৰা নিয়মীয়া আৰোহী,যিয়ে মোৰ জীৱনত জ্যেষ্ঠ ভ্ৰাতৃৰ ভূমিকা এই পৰ্যন্ত পালন কৰি আছে।) বিশেষ ঘৰুৱা কাম থকাৰ বাবে আহিব নোৱাৰাত আমি পুত্ৰৰ পৰামৰ্শ অনুসৰি ‘উবেৰ’ ভাড়া কৰিলোঁ। (UBER নামৰ ভাড়াত পোৱা চাৰিচকীয়া সৰু বাহন৷ তাক অসমীয়াত যদিও আমি ‘উবেৰ’ বুলি লিখিছোঁ প্ৰকৃততে হেনো তাৰ উচ্চাৰণ হ’ব লাগে ‘উবৰ’৷ এয়া আমাৰ দশম শ্ৰেণীত পঢ়ি থকা জীয়ৰীয়ে উচ্চাৰণ সম্পৰ্কে দিয়া শিকনিৰ এটা উদাহৰণ।) ‘উবেৰ’ বুক কৰি উঠি মনতে অলপ আক্ষেপো হ’ল ৷ কিয়নো আমাৰ ঘৰৰ পৰা গীতানগৰ আৰক্ষী চকী বা পুলিচ থানালৈ পদব্ৰজে গ’লে তামোল এখনো চোবাই শেষ নহ’ব।

বাৰু যা হওঁক, ‘উবেৰ’ আহি যথা সময়ত পদূলিত ৰ’ল আৰু আমি মাতৃ-পুত্ৰ ৰাজকীয় আদৱ পালন কৰাৰ দৰে গৈ ‘চুইফ্ট দিজায়াৰ’(Swift Desire) নামৰ বগলীৰ পাখি হেন বগা চিক্চিকাই থকা বাহনখনত বহি গা এৰি দিলোঁ৷ মিছা নকওঁ;এখন্তেকৰ কাৰণেই হওঁক বৰ সুখ পাইছিল দেহাটোৱে৷ কিন্তু হ’লে কি হ’ব ! মনতে আওৰালোঁ-দুখৰ ৰাতিহে নুপুৱায় সুখৰ ৰাতি(?) মুঠিতে ঢুকায়৷ পদব্ৰজে যিকণ বাট তামোল এখন চোবাই শেষ কৰিব নোৱাৰা, ‘চুইফ্ট দিজায়াৰ’ত সেইকণ বাট দেখোন হাতৰ পৰা তামোলখন মুখত দিয়া সময়কণৰহে হ’ব৷ সেইটো দুখ মনতে সামৰিব যো-জা কৰিছোঁহে এথোন,বাবলুৰ মাতত বুজিলোঁ ভাড়া দিবৰ হ’ল৷ তাকে সুধিলোঁ বোলোঁ-“বাবলু, ভাড়া কিমান দিওঁ?” বাবলুৱে ক’লে বোলে-“মা,সত্তৰ টকা দি দিয়া।” “কি?????”-চকু দুটা কপালতহে যেন উঠি গ’ল আমাৰ বুজিছেনে!! পিছে দিবতো লাগিবই!

ভাড়া দি উঠি গাড়ীৰ পৰা নমাৰ পিছত বাবলুৱে ক’লে –“তুমি চবতে ‘বাৰ্গেনিং’ কৰিবলৈ ৰেডী হৈ থাকা দেই মা৷ প্লিজ মই কিন্তু লাজ পাওঁ৷ চেভেণ্টি ৰুপিজ ভাড়া দিবলৈ তুমি যে বেয়া পাইছা মই তোমাৰ ফেইচ দেখিয়ে বুজিছোঁ নহয়৷ ব’লা,এতিয়া বৰষুণ বৰ জোৰে দিছে!” অ’ আই ! কথা শুনকচোন তাৰ! যিয়ে যেনেকৈ পাৰিছে শোষণেই কৰি আছে দেখোন আমাক৷ ৰজাঘৰৰ(চৰকাৰ আকৌ) নেতা,পালি-পহৰীয়াৰ পৰা উবেৰৰ ড্ৰাইভাৰলৈকে৷ আৰু আমাৰ পুত্ৰৰ বৰ বৰ কথা শুনক! খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ যদিও কোনোমতে সামৰি-সুতৰি থ’লোঁ৷

ইতিমধ্যে বৰষুণৰ তাণ্ডৱ আৰম্ভ হৈ গৈছিল৷ ছাতিটোৱেও আমাক ৰক্ষা কৰিব পৰা নাছিল৷ প্ৰায় দৌৰি যোৱাদি গৈ তিনি কোঠলীয়া ঘৰৰ আৰক্ষী চকীৰ ভিতৰত সোমালোঁগৈ। প্ৰথম কোঠালিত তিনিযোৰ চকী-মেজ,আলমাৰি এটা আৰু ট্ৰাঙ্ক (টিনৰ নে এলুমিনিয়ামৰ ঠিক ধৰিব নোৱাৰিলোঁ) দুটামান আছে৷ পৰিপাটিকৈ ৰাখিছে বুলি ক’ব নোৱাৰিলেও অপৰিপাটি বুলিও ক’ব নোৱাৰি। সোমায়েই সোঁফালৰ পকী বেৰখনত ‘গাড়ী চোৰ’সকলৰ ফটো এঠা লগাই থোৱা দেখিলোঁ৷ বিভিন্ন মুখৰ বিভিন্ন মনৰ এই মানুহবোৰৰ(যদিও মানুহ বুলিছোঁ তথাপি প্ৰায়ভাগেই যুৱক আৰু কিশোৰৰ ফটোহে তাত দেখা পাইছিলোঁ) অভিপ্ৰায় আৰু কৰ্ম এটাই – গাড়ী চুৰি কৰি উপাৰ্জনৰ পথ মোকলোৱা। আমি আজিলৈকে বুজি নাপালোঁ মানুহ অপৰাধমুখী কিয় হৈ পৰে! ইয়াৰ উত্তৰত মানুহৰ মুখত এষাৰ কথা প্ৰায়ে শুনিবলৈ পাই আহিছোঁ-‘ইজি মানি’ৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই হেনো সৰহসংখ্যক অপৰাধীৰ জন্ম হয়। হওঁতে কথাটো সঁচা। কিন্তু এশ শতাংশই সঁচা বুলি আমাৰ মানি ল’বলৈ মন নাযায় দেখোন। কাৰণ নিজৰ জীৱনটোৰ লগত নিজৰ আত্মসন্মানৰ ডিঙি চেপি হেতালি খেলাটো ‘ইজি’ হ’ব পাৰে বুলি আমি মানি ল’ব নোৱাৰোঁ৷ আমাৰ বয়স আৰু অভিজ্ঞতাই আমাক এটা কথাই শিকাইছে – নিজৰ মনটোতকৈ শক্তিশালী কোনো নাই আৰু দুৰ্বলো কোনো নাই৷ গতিকে ক’ব খুজিম মানসিকভাবে দুৰ্বল মানুহেহে অপৰাধৰ জগতলৈ বাট বুলে। অৱশ্যে এয়া নিতান্তই আমাৰ নিজস্ব ধাৰণা দেই। বাৰু;সেইবোৰ চিৰিয়াছ কথা কৈ আমি আপোনাসকলক আমনি দিব বিচৰা নাই৷ পুনৰ আমাৰ আৰক্ষী চকীৰ অধ্যায়লৈ আহিছোঁ৷
সাধাৰণতে আমাৰ দৰে ‘মেঙ্গো পিপ’ল’-এ (এই যে আমাক হিন্দীত ‘আম আদমী’ নে কি বুলি কয়; দিল্লীৰ সপ্তম সংখ্যক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেখোন ‘আম আদমী’ নামেৰে ৰাজনৈতিক দল এটাও খুলি ল’লে আৰু দিল্লীৰ শাসনৰ বাঘজৰী এতিয়া ‘আম আদমী’ৰ হাততেই৷) আৰক্ষীৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ বেয়া পাওঁ যদিহে বংশ পৰিয়ালৰ কোনোবা মিতিৰ-কুটুম্ব আৰক্ষী বিভাগত কৰ্মৰত নহয়৷ সেয়ে হ’লেও আমি তেওঁলোকক বাদ দিতো চলিব নোৱাৰোঁ৷ নে কি কয়! এতিয়া আমাকেই নেদেখিলেনে; বতাহ-বৰষুণ নেওচি কেনেকৈ আৰক্ষী চকী মানে পুলিচ থানালৈ ঢপলিয়াই আহিব লগা হৈছে!

তথাপিতো আৰক্ষী সম্পৰ্কে আমাৰ মন-মগজুত সৰুৰে পৰা কিছু আতংক বা ভীতি সোমাই আছিল৷ আচলতে শিশুসকলক প্ৰায়ে কথা মনাবলৈ বয়সত ডাঙৰসকলে ভূত-প্ৰেত,সোপাধৰা নাইবা পুলিচৰ কথা কৈ ভয় দেখুৱায়৷ সৰুতে আমাৰ বেলিকাও তেনে হৈছিল বুলি আমাৰ মনত আছে৷ এতিয়া ভাবি হাঁহিও উঠে আৰু সেই ডাঙৰবোৰলৈ উঠে খং, কাৰণ কোনো যথোপযুক্ত কাৰণ নোহোৱাকৈ তেওঁবিলাকে সৰুবোৰৰ মনটোক দুৰ্বল কৰি তোলাত অৰিহণা যোগাইছিল,যিটোৰ কুপ্ৰভাৱ সূদূৰপ্ৰসাৰী আৰু হানিকাৰক ৷

কিন্তু শৈশৱতেই মনত প্ৰৱেশ কৰা সেই ভীতি আৰক্ষী চকীত উপস্থিত হৈ তাৰ আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলৰ সহৃদয়পূৰ্বক আচৰণ প্ৰত্যক্ষ কৰাৰ পিছত নিমিষতে নোহোৱা হৈ পৰিল৷ আমি আমাৰ উদ্দেশ্য বেকত কৰাৰ লগে লগে এজন আৰক্ষীয়ে আমাক যথোপযুক্ত সহায় আগবঢ়ালে আৰু দুদিন বা তিনিদিনৰ ভিতৰত কামটো সমাধা হ’ব বুলি আশ্বাস দিয়ে৷ কেৱল আমাক কাছাৰীস্থিত ‘পুলিচ কমিছনাৰ’(Police Commissioner)ৰ কাৰ্যালয়লৈ গৈ পাৰপত্ৰ আবেদনৰ ‘ফাইল নম্বৰ’টো দি অহাৰ কথা কয়৷

ইতিমধ্যে আকাশে কলহৰ কাণেৰে বৰষুণ ঢালিছে৷ নথি-পত্ৰৰ ফাইলটো এহাতে আৰু আনখন হাতেৰে অফিচলৈ লৈ যোৱা লেডীজ বেগটো (এই শব্দটো বৰ হাঁহি উঠে ৷ সকলোতে আমি ‘পুৰুষ-নাৰী সমান’ বুলি চিঞৰ-বাখৰ কৰোঁ; কিন্তু চাওঁকচোন৷ চিটি বাছৰ বহা আসনটোৰ পৰা কান্ধত লোৱা বেগটোলৈ; সকলোতে আমি লিঙ্গ নিৰ্ণয় কৰি থৈছোঁ-লেডীজ আৰু জেণ্টছ৷ বৰ আহুকলীয়া ধাৰণা দেই৷ ) লৈ ওলাব লওঁতেই লাগিল নহয় পয়মালখন ! থানাৰ চৌপাশে দেখোন কৃত্ৰিম বানৰ ভয়ংকৰ তাণ্ডৱ! আমি খালোঁ বিচূৰ্ত্তি আৰু বাবলুৰ লাগিল ফূৰ্ত্তি! থানাৰ আটাইখিনি মানুহ আমাক লৈ ব্যস্ত হৈ পৰিল-কাৰণ থানাৰ ভিতৰখনো পানীৰে পানীৰণ্য হৈ পৰিল৷ যিহেতু লোকে লোকাৰণ্য হয়,গতিকে পানীৰে পানীৰণ্য নিশ্চয় হ’ব পাৰে বুলি আমাৰ মনে ভাবিলে আৰু শব্দটো প্ৰয়োগো কৰিলোঁ দেই ৷ প্ৰায় দহ-বাৰজন পুলিচ বিষয়া-কৰ্মচাৰীৰ মাজত আমি মাক-পুতেকহাল বন্দী হৈ ৰ’লোঁ সম্পূৰ্ণ এঘণ্টা দহ মিনিট সময়! এই এঘণ্টা দহ মিনিট সময় আমি পানীখিনি শুকাই আমাৰ গৃহাভিমুখী বাটটো সুচল হোৱা কথাটোৰ সলনি আলেখলেখ চাই থাকিলোঁ আৰক্ষী চকীৰ মানুহখিনিলৈ৷ মূল দুৱাৰখনৰ চিৰিকেইটাত আমি থিয় হ’লোঁ আৰু ঘৰলৈ যোৱা কিবা সাধনৰ সন্ধানত মাজে-মাজে সমুখৰ পানীত ডুবি থকা পকা ৰাস্তাটোলৈও চালোঁ৷ ইয়াৰ মাজতে মন কৰিলোঁ-এই অনাহুত পৰিস্থিতিত থানাত সেই মূহূৰ্তত উপস্থিত থকা আৰক্ষী বিষয়া-কৰ্মচাৰীৰ সত্তৰ শতাংশই আমাক সুকলমে ঘৰলৈ পঠিওৱাৰ দায়িত্ব ল’বলৈ আগ্ৰহ দেখুৱাইছিল৷ বিষয়া-কৰ্মচাৰীখিনিৰ অভিভাৱকত্বসুলভ আচৰণে আমাক তেওঁবিলাকৰ প্ৰতি কৃতজ্ঞ কৰি তুলিছিল৷ বাকী ত্ৰিশ শতাংশৰ বিশ শতাংশই আমাৰ প্ৰতি বেপৰোৱা আচৰণ প্ৰকাশ কৰিলে৷ তেওঁবিলাকৰ মনোভাৱ ঠিক এনেকুৱা-‘আমিতো কিমান বছৰৰ পৰা এনেকুৱা বানপানী পাৰ কৰিছোঁ, এওঁলোকক আকৌ ৱি.আই.পি. ট্ৰিটমেণ্ট লাগে৷ হুঃ!’ শেষত থাকিলগৈ দহ শতাংশ। এওঁবিলাকক আমি ক’ব খুজিম ‘চকু মুদা কুলিৰ ভাও ধৰা’ কেটেগৰীৰ বুলি৷ দুখৰ কথা,সমাজত এতিয়া এই বিশ আৰু দহ শতাংশ শাৰীত থকা মানুহখিনিৰ দৰে মানসিকতাৰ লোক বহু পৰিমাণে বৃদ্ধি পাইছে- যি এখন সমাজ, ৰাজ্য বা দেশৰ বাবে অতি চিন্তাৰ কাৰণ হ’ব পাৰে৷

এনেবোৰ বাৰে-বিংকৰা চিন্তাত মনটো পাক-ঘূৰণি খাই থাকোঁতেই বাবলুৱে মাতিলে –“মা! মা! এইফালে চোৱানা!” তাৰ মাত শুনি তালৈ চাওঁতেই সি পটকৰে ‘চেলফি’ নে কি এখন তুলিলে৷ আমাৰ লগতে পুলিচকেইজনকো সি ‘স্মাইল’ দিবলৈ ক’লে। কোনোবাই হাঁহিলে নে নাই আমি গম নাপালোঁ আৰু বাবলুৰো গম ল’বলৈ সময় নহ’ল হয়তো! সি ‘চেলফি’ লৈ উঠিয়েই মোবাইলত কিবাকিবি টিপিলে আৰু আমালৈ চাই ক’লে-“মা! স্টেটাচত দিলোঁ ফটোখন আৰু কেপচন দিছোঁ কি জানা??” আমাৰ উত্তৰলৈ বাট নাচাই সিয়ে ক’লে – “Enjoying Artificial Flood at Gitanagar Police Station with Mom and Police Force!”
হায় হায়! কি দিন আহি পৰিল !! সংকটকালকো মানুহে ‘এনজয়’ কৰিব পৰা হ’ল! বাবলুৰ কথা-কাণ্ডই আমাক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে ভাবানুবাদ কৰা খুউব সুন্দৰ কবিতা এটাৰ দুটা শাৰী মনত পেলাই দিছিল-‘জীৱনটো দৌৰৰ প্ৰতিযোগিতা নহয়। ইয়াক মন্থৰ ৰূপত গ্ৰহণ কৰা। গীতটো শেষ হোৱাৰ আগতে সংগীতখিনি শুনা।‘(ধীৰ গতিৰ নাচ,শেষ পৃষ্ঠা,চতুৰ্থ খণ্ড, সোণৰ শিকলি) ৷

শাৰীকেইটা মনলৈ আনি আমাৰ বুকুৰ ভিতৰৰ পৰা হুমুনিয়াহ এটা ওলাই আহিল ৷ আৰু ঠিক সেই মূহূৰ্ততে আমাক বিপদৰ পৰা উদ্ধাৰ কৰাৰ বাবে ত্ৰাণকৰ্ত্তাৰ ৰূপত জু ৰোড তিনিআলিৰ পিনৰ পৰা এখন ৰিক্সাত উঠি এজন ট্ৰেফিক পুলিচ থানাৰ ভিতৰলৈ সোমাই আহিল।

☆★☆★☆

6 Comments

  • Nayan jyoti baruah

    Bhal lagile

    Reply
  • ঈশান

    একাধিক বিচিত্ৰ ৰসৰ সমাৱেশ ঘটা লেখাটোৱে পুলিচ থানাতে আৱদ্ধ নাথাকি সাম্প্ৰতিক সমাজ জীৱনৰ কেইবাটাও দিশ সাঙুৰি লৈছে । সাৱলীল উপস্থাপনশৈলীৰে সমৃদ্ধ লেখাটোত সংযোজিত হোৱা তথ্য আৰু মৌলিক চিন্তাই তাক এক সুকীয়া সোৱাদ দিছে । বৰ ভাল লাগিল লেখাটো বা ।

    Reply
    • manjulee rahang

      অশেষ ধন্যবাদ ঈশান ! তোমাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিলে!

      Reply
  • গৌৰীশংকৰ শৰ্মা

    “আৰক্ষী সত্যাপন প্ৰতিবেদন” আৰু “উবৰ”, দুটা নতুন কথা শিকিলোঁ। ধন্যবাদ আপোনাক। পঢ়ি ভাল পালোঁ।

    Reply
    • manjulee rahang

      লেখাটো পঢ়ি দিয়া আপোনাৰ সুন্দৰ মন্তব্যই আমাক উৎসাহিত কৰিলে! ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.