ফটাঢোল

পূৰ্ণিমাৰ গোলাপ – কাকলী ভৰদ্বাজ মিশ্ৰ

প্ৰেমত ফুলিছে শতদল,
প্ৰেমত ঘূৰিছে ভূমণ্ডল৷

পিছে মোৰহে হয় অদল বদল৷ বিধিয়ে কলিজাত প্ৰেমৰ চাকিগছি জ্বলালেও বিধাতাই আহি কোন পলকত ফুঁ মাৰি নুমাই থৈ যায় ধৰিবকে নোৱাৰো৷ আনে প্ৰেম কৰি জগতত ফাটি ফুটি বিখ্যাত হৈ প্ৰেম কাহিনী লিখি যায় আৰু মোৰ ফটা ফুটা প্ৰেম কাহিনী সোপাই কলিজাৰ ডাষ্টবিনত পায়৷

তেনেকুৱা এটা ফটা প্ৰেম হৈছিল প্ৰাইভেট চাকৰি এটা কৰি গুৱাহাটীত থকা সময়ত৷ গুৱাহাটীত গৈ থাকিবৰ বাবে হোষ্টেল বিচাৰি হাবাথুৰি খাই খাই কোনোমতে চান্দমাৰি কলনিত হোষ্টেল এটা যেনিবা পালোগৈ। আৰু তাতেই আৰম্ভ হ’ল মোৰ সৰু সুৰাকৈ এটা ফটা প্ৰেম কাহিনী৷ মোৰ লগতে ৰুমত আৰু দুগৰাকী ছোৱালী আছিল৷ হোষ্টেলৰ মালিকৰো আকৌ তিনিজন ল’ৰা৷ আন দুগৰাকীৰ লগত উপাধি নিমিলিলেও মোৰ আৰু হোষ্টেলৰ মালিকৰ ঘৰখনৰ মাজত সাংঘাটিক মিলটো আছিল যে আমি একে জাতীয়৷ মানে বামুণ৷ মালিকৰ ডাঙৰ আৰু সৰু পুতেকে বিয়া পাতিছিল যদিও মাজুটোৱে তেতিয়াও ডিঙিত পঘা অৰা নাছিল৷ মানে বিয়া পতা নাছিল৷ মালিকনী আছিল চৰকাৰী চাকৰিয়াল৷ দুই পুত্ৰই বিয়া পাতিছে যেতিয়া মালিকৰ বয়সটো নিশ্চয় অনুমান কৰিছেই৷ যি কি নহওঁক মালিক বুঢ়াই চৰকাৰী চাকৰি বাদ দি ছোৱালী হোষ্টেল খুলি বহি আছে (বুঢ়া বুলিয়ে গোটেই ছোৱালীবোৰে কয় দেখি, ময়ো কোৱা হলো)। এনেকৈয়ে হোষ্টেলৰ ভাত পানী ৰন্ধাকৈ থকা বাইদেউ দুগৰাকীৰ পৰা লাহে লাহে ইটো সিটো কথা গম পালো। হোষ্টেলৰ হট নিউজবোৰ সন্ধিয়া সাত বজাৰ বাতৰিৰ দৰেই সিহঁতেই আমাক দিয়ে।

বুঢ়া সাংঘাতিক কটিছেপা আছিল। হাতৰ পৰা একো এটা সৰি নাযায়। হোষ্টেলৰ কোনো এজনী ছোৱালীয়েই বুঢ়াক দেখিব নোৱাৰিছিল।

এদিন হঠাৎ অফিচৰ পৰা আহি হোষ্টেল সোমাওঁতেই বুঢ়াৰ মাজুটো পুতেকৰ লগত মুখা মুখি হ’লো। লগে লগেই যেন মনৰ গীটাৰখনৰ ষ্ট্ৰীঙ কেইডাল কঁপি উঠিল, বাজি উঠিল গান… লা লা লা লা লা লা… লা লা লা লা লা লাআআ.. কুছ কুছ হোতা হে… ভেবা লাগি চাই চাইয়ে তেওঁৰ কাষেৰে পাৰ হৈ গলো। আস্! পাৰ্ফিউমৰ সুগন্ধই মোৰ মন আৰু মতলীয়া কৰিলে। মাত এষাৰ যে দিওঁ দিওঁকৈও মুখৰ পৰা এটা শব্দ নোলাল। পাৰ হৈ যাওঁতে তেওঁ ফোনত কথা পাতি পাতিয়ে এবাৰ ঘূৰি চালে… আস্!! কি চাৱনি। সেইদিনা ৰাতি আৰু টোপনি নাহিল। কথাটো বাকী দুজনী ৰুমমেটক ক’লো। পাছদিনা পুৱা শোৱাৰ পৰা উঠি ব্রাছ লৈ ওলাই আহো মানে হোষ্টেলৰে চিনিয়ৰ এগৰাকী আহি কাষত থিয় হ’লহি। খঙৰ সুৰত কাণৰ ওচৰত ফুচফুচাই কৈ গ’ল, এদিন বাৰু চালি, দ্বিতীয় দিন যাতে তালৈ আৰু ঘূৰি নাচাৱ। কৈয়ে আঁতৰি গ’ল। মই থতমত খালো। কি আচৰিত!! ৰাতিটোৰ ভিতৰতে কথাটো বিয়পি পৰিল দেখোন, কিন্তু কেনেকৈ???

বাৰু যি কি নহওঁক সেই চাৱনিৰ পাছৰে পৰা বুঢ়াক বুঢ়া নকৈ আংকল কোৱা হ’লো। অফিচতো কিবা পাতিলে মিঠাই চিঠাই আনি লগৰ দুজনীক নিদি হ’লেও তেওঁলোকক দিয়া হ’লো। ৰান্ধনী বাইদেউ দুজনীকো মোৰ কিবা কিবি পুৰণা বস্তু দি বেছিকৈ কথা সৰকাব ল’লো। আংকলে পুতেকৰ কাৰণে বামুণ ছোৱালী চাই আছে। কথাটো শুনাৰ লগে লগে আকৌ বুকুৰ কোনোবা কোণত টিং কৈ শব্দ হ’ল। তেওঁ ইঞ্জিনীয়াৰ। নাম প্ৰবাল বৰঠাকুৰ। তেওঁৰ কথা ভাবিয়েই গা ৰিমঝিমাই যোৱা হ’ল। “হৰমনেল এফেক্ট”।

প্ৰেমৰ ফিলিঙচ আহিলেই যেতিয়া তেওঁক পাবৰ বাবে প্ৰথমে আংকল আন্টিক পতাবলৈ আপ্ৰাণ চেষ্টা কৰিলো। ঘৰৰ পৰা মায়ে খাবলৈ দি পঠোৱা জলপান, নাৰিকলৰ লাড়ু, ঘিলা পিঠা, আচাৰ নিজে নাখাই হ’লেও উপঢৌকন হিচাবে তেওঁলোকক দিবলৈ ললো। এদিন কথাই কথাই গম পালো যে পুতেকৰ বিয়াৰ কাৰণে ছোৱালী ঘৰৰ পৰা মানুহ আহিব। হঠাৎ আকৌ বুকুত বাজি উঠিল গান.. জগ চুনা চুনা লাগে.. চন চে জ’ তুতে ক’য়ি সপনা.. সেইদিনা ৰাতি আকৌ টোপনি নাহিল।

কেইদিনমান পাছতে নতুন বছৰ আৰম্ভ হ’ল। বহাগ মাহ। বিহুৰ পাছত হোষ্টেলত ছোৱালী বোৰে এদিন সন্ধ্যাৰ আড্ডাত কৈ থকা শুনিলো বৌদ্ধ পূৰ্ণিমাৰ দিনা হেনো ৰাতি গাৰুৰ তলত ৰঙা গোলাপ লৈ শুলে সেই ৰাতি সপোনত যাকেই দেখে, তেওঁৰ লগতে বিবাহ হয়। শুনিয়ে আকৌ গান বাজি উঠিল.. মতলীয়া বতাহে.. উৰি আহি ক’লে যে… (এইবাৰ জুবিনৰ গান বাজিল যেতিয়া কিবা এটা হেস্ত নেস্ত হবই)।

অধীৰ অপেক্ষাৰ মূৰত সেই দিনটো আহিল। ফেঞ্চি বজাৰৰ পৰা আনিলো ৰঙা গোলাপ এপাহ কিনি। সেইদিনা ভাত খাবলৈও মন নগ’ল। মুঠতে সোনকালে শুব লাগে। দৃঢ় বিশ্বাস, তেওঁৱেই আহিব সপোনত। এনেওতো দেখিয়ে থাকো তেওঁক সপোনত। ভাৱনাৰ বেকগ্ৰাউণ্ডত সেইদিনা ধেৰ কিবা কিবি গান বাজি থাকিল।

পুৱতি নিশা চাৰে তিনি মান বজাত হঠাৎ থত মত খাই সাৰ পাই বহিলো। কি আচৰিত, মুখেৰে নাৰায়ণ কবছৰ মন্ত্ৰ ওলাই আহিল। প্ৰভু এইয়া কি দেখুৱালা। বুকুত একেবাৰে ঢেঁকীত চিৰা খুন্দা দিলে। বটলটো বিচাৰি পানী এঢোক খালো। নাই শান্তি পোৱা নাই। হ’ল বুলিয়েনো পুতেকৰ আশা কৰি বাপেককহে সপোনত দেখিব লাগেনে। কি হ’ব এতিয়া, সঁচাকৈ সকলোৱে কোৱাৰ দৰে যদি, যাক সপোনত দেখো তাৰ লগতেই বিয়া হবলৈ হয় মই দেখোন শেষ। চিন্তাতে উজাগৰে থাকোতেই ৰাতিপুৱাল।

কাকো একো নক’লো। মনৰ ভয় মনতে ৰাখি, সেই ভয়ংকৰ সপোনটো পাহৰিবলৈ চেষ্টা কৰিলো। বুঢ়াৰ পুতেকৰো বিয়া ঠিক হ’ল। গুৱাহাটীৰে ডাক্টৰণী এজনী। সেইকেইদিন ৰাতি কান্দি কান্দি গাৰুৰ গিলিপ সলাবলগীয়া অৱস্থা হ’ল। বিয়াৰ দিনা সাজি-কাঁচি বিয়া খাবলৈও যাব লগা হ’ল। বিয়াৰ ৫ দিনৰ পাছতে দৰা-কইনা হানিমুনলৈও গ’ল। মোৰো চকু গৈ গাঁতত সোমালগৈ।

দিনবোৰ তেনেকৈয়ে পাৰ হৈ মোৰ ওপজা দিনটো পালেহি। হোষ্টেলত সকলোকে মিঠাই চিংৰা আনি খুৱালো। বুঢ়াই ক’লে, চাকৰি কৰা ছোৱালী, জন্মদিনৰ খানা খুৱাব লাগিব কিন্তু। মিঠাই দি নামি আহোতেই বুঢ়া পিছে পিছে আহি মই তলৰ ষ্টেপটো পাওঁতেই মাত লগালে। ৰৈ দিলো মই। হঠাৎ আহি হাতত সৰু বাকচ এটা দি বুঢ়াই জন্মদিনৰ শুভেচ্ছা জনালে। মোৰ অৱস্থা শিল পৰা কপৌটোৰ দৰে হ’ল। কিবাকৈ দৌৰি আহি ৰুমত সোমালো। বাকচটো খুলি মোৰ চকু কপালত। ভিতৰত কলিজাৰ আকৃতিৰ এটা সৰু কাঁচৰ গহনা থোৱা বাকচ। ভয়তে আকৌ বুকুত চিৰা খুন্দা দিলে। কটিছেপা বুঢ়াই মোক আনতকৈ এপিচ হ’লেও মাংস বেছিকৈ দিয়া, বেমাৰত টেবলেট আনি দিয়া, মই কলেই পানীৰ টেপ বেছি সময়লৈ খুলি ৰখা, কাৰেণ্ট নকটা আদি কথাবোৰৰ আচল ৰহস্য সেইদিনাহে ভেদিব পাৰিলো। নাই নাই প্ৰেমটো সফল নহ’লেই, এতিয়া আকৌ বুঢ়াৰ লগত বিয়া হৈ মৰিব নোৱাৰো। পাছ দিনাৰ পৰাই ভাড়া ঘৰ চোৱা আৰম্ভ কৰি মাহটোৰ শেষলৈ হোষ্টেল এৰিহে শান্তিৰে উশাহ ল’লো। আৰু জীৱনত কাহানিও বৌদ্ধ পূৰ্ণিমাৰ দিনা নিজেতো গাৰুৰ তলত গোলাপ লৈ নুশুৱেই, আনকো সেই উপদেশ নিদিও।

☆★☆★☆

8 Comments

  • হাঁ হাঁ৷আয়ৌ দুখেই লাগিল৷ভাল লিখিছা৷

    Reply
  • Anonymous

    বাপ্পাৱৈ, কি ভয়ংকৰ ফটা প্ৰেম দেখোন।
    ধুনীয়াকৈ লিখিছা , ভাল লাগিল পঢ়ি।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি কাকলী

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ। বুঢ়া কম বস্তু নাছিল দে

    Reply
  • তৃষ্ণা সো

    সাংঘাটিক দেখোন, বৰ ৰস পালো পঢ়ি।

    Reply
  • ৰাজীৱ শৰ্মা

    এনেকুৱা ফটাপ্ৰেম সফল হ’লে বিপদ আছে।
    যিয়েই নহওঁক বৰ ভাল পালো পঢ়ি।

    Reply
  • Hemanta kakati

    Ha ha tammam dei

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    ভাল লিখিলে। মজা লাগিল। বুঢ়াৰ লগতে আপোনাৰো প্ৰেম ফটা হ’ল বুজিলোঁ। কিন্তু একে সময়তে দুয়োজনৰে আশা পূৰণ হোৱাৰো ৰাস্তা নাছিল।

    Reply

Leave a Reply

Your email address will not be published.