ফটাঢোল

পূৰ্বানুমানৰ লটিঘটি – ৰাজীব শৰ্মা

এইবাৰ কিমান? জুমৰ মাজৰ এজনে সুধিলে। গুমটিৰ মুখত কেৰম খেলি থকাৰ পৰা এজনে ৰিঙিয়ালে তিনিশ।

তিনিশ হ’বই নোৱাৰে। প্ৰশ্ন সোধাজনে বিজ্ঞৰ দৰে ক’লে। আনসকল জাঙুৰ খাই উঠিল। আচলতে জুমটোত বিভিন্ন দলৰ সদস্য আছে যদিও এটা বিশেষ দলৰ প্ৰতি ভাল ভাব থকা সদস্য সংখ্যা বেছি। সেয়ে তিনিশ হ’বই নোৱাৰে বুলি কোৱাৰ লগে লগে এখন খণ্ডযুদ্ধৰ দিশে সকলো আগবাঢ়িল।

মুহূৰ্ততে কেৰম খেলৰ সামৰণি পৰিল। জুমটোৰ লিডাৰ যেন লগা ডেকাজনে হাত জোকাৰি জোকাৰি সকলোকে কাজিয়া নকৰিবলৈ অনুৰোধ কৰিলে।পিছে কাৰ কথা কোনে শুনে? নিৰ্বাচনৰ এই ভৰপক বতৰত এনেও সকলো মতলীয়া হৈ আছে। দুমাহেই হ’ল তাহাঁতৰ বিনাপইছাত দিন কটোৱা। লাগ বুলিলেই বাইকত তেল,ভোজ-ভাতৰ খৰছ,ৰভা-পৰলা দিয়াৰ ঠিকা, সভালৈ মানুহ অনাৰ ঠিকা আদি অজস্ৰ কামৰ মাজত পোট গৈ আছিল সিহঁত।

এইবাৰ কিমান বুলি সোধাটোৰ ওপৰত সকলোৰে খং আছিলেই। সি নিজে কোনো এটা দলৰ হৈ নুঘূৰি এতিয়া বিজ্ঞৰ দৰে কৰা মন্তব্য কোনোৱে মানি ল’ব নুখুজিলে।

তহঁতে মান নেমান তহঁতৰ কথা। কিন্তু মোৰ চিধা কথা তিনিশ নহয়, হ’লে দুশই হ’ব, তিনিশ নাইয়েইচোন।তাৰ কথা শেষ হোৱাৰ পূৰ্বেই এজনৰ এটা পূৰ্ণহতীয়া ঘোচা তাৰ মুখত পৰিল।

তাৰ পাছত আৰু কোনো নৰ’লেই। উৰহৰ খং ভগাঢাৰিত জৰা দি সকলোৱে তাক গুৰুলা-গুৰুল কৰিলে। প্ৰথম অৱস্থাত সি হাঁহি হাঁহি কিবা ক’ব খুজিছিল, মানে সি কি ক’ব খুজিছিল দুশৰে, কিন্তু কোনে শুনে কাৰ কথা? সকলো ডেকা তেজৰ বলেৰে বলীয়ান।

মাৰপিট কৰিলে যদিও সি যিহেতু লগৰে আছিল, সেয়ে তাহাঁতেই তাক খং শাম কটাৰ পাছত চিকিৎসালয়লৈ লৈ গ’ল, দৰব যোগাৰ কৰিলে আৰু ঘৰত থ’বলৈ ওলাল।

সিহে বোলে যি হ’ল হ’ল মোক তহঁতে ঘৰত থ’বলৈ যাব নালাগে। কিন্তু এটা কথা কচোন, মোক কোনো কাৰণ নোহোৱাকৈ ইমান মাৰিলি কিয়?

এজনে ক’লে তই ৰাজনীতিৰ মানুহ নহৈ কোনে কিমান আসন পাব ক’বলৈ কোন? নাজান নেকি আমি কোন দলৰ মানুহ?

মইনো আসনৰ কথা ক’লো কেতিয়া?তাৰ কথাত আনকেইজনৰ মুখৰ মাত হৰিল।তেন্তে তই দুশৰে কি বুজাইছিলি? চেহ্! নভবা-নিচিন্তাকৈ তোক এনেয়েহে মাৰিলোঁ নেকি?

ৰাজনীতিৰ মানুহ মই নহয়েই। কোনো দলৰ ওপৰত মোৰ আস্থাও নাই।এইবোৰ মোৰ আজিৰ কথা নহয়, তহঁত সকলোৱে জানই। তাৰপাছতো তহঁতে—

কি তাৰপাছতো তাৰপাছতো কৰি আছ, কথাটো শেষ নকৰ কিয়? দুশৰে তই কি বুজাইছিলি?শাসনাধিষ্টিত দলে নিৰ্বাচনত জিকিব বুলি ভবা আসনৰ সংখ্যাৰ কথাইটো তই কৈছিলি।

এইটো কথা কোনে ক’লে তহঁতক! যি দলেই শাসনভাৰ নাপাওঁক তাত মোৰ কি আহে যায়?তহঁতে ইমানদিন মোৰ লগত থাকিও মোক নিচিনিলি।

যি হ’বৰ আছিল হ’ল-এইবাৰ অথনিৰ লিডাৰে মাত লগালে। এতিয়া সোনকালে ক-দুশৰে কি বুজাইছিলি? যাৰবাবে বন্ধুৰ মাৰ খালি তই।

আগতে ক’ব খোজোতেও নুশুনিলি। এতিয়া মাৰপিট কৰাৰ পাছত সুধিছ যেতিয়া শুন- মই আচলতে এইবাৰ শাসন ভাৰ লৈ মোডীয়ে কোনটো টকা বন্ধ কৰিব সুধিছিলো। মোৰ মতে দুশ টকা কাৰণ এইটো উলিওৱাত বৰ দিগদাৰ হৈছে। কোনোদিন নথকা টকা এটা প্ৰাথমিক বিদ্যালয়ৰ সৰু ল’ৰা এটাইও আনকি মানিব নোখোজে।

সাতে-পাঁচে ভাবি সেয়ে মই ঠিৰাং কৰিছো, যিয়ে এই দুশ টকাটো উলিয়াইছিল সিয়েই এইবাৰ চৰকাৰ গঠন কৰি পুনৰ বন্ধ কৰিব। নুবুজিলি তহঁতে।

লাজতে আটাইকেইজন বীৰ যোদ্ধা বন্ধুৰ ওচৰৰ পৰা সুৰসুৰকৈ আঁতৰি গ’ল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.