ফটাঢোল

প্যাৰ কিয়া টৌ মৰণা ক্যা? (মূল লেখক: কাকা হাথৰসী) – অনুবাদ : দিম্পল কলিতা

মোৰ বিশ বছৰ বয়সত কোনোবা জ্যোতিষীয়ে মোৰ হাত চাই মাক কৈছিল, “ল’ৰাই চল্লিশ পাৰ কৰিলেও বহুত বুলি ধৰি ল’ব।” এই ভৱিষ্যতবাণীয়ে পিচে মোৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাছিল কিয়নো মই আছিলোৱেই বেমাৰী। সকলো সময়তে কাঁহৰ, দাঁতৰ বিষ এইবোৰ লাগিয়েই থাকে। লাহে লাহে মই দাঁতবোৰ উঠোৱাই পেলোৱালোঁ। নিতৌ পুৱা-সন্ধিয়া আঁঠ-দহ কিলোমিটাৰ খোজ কঢ়া, দৌৰা, নিম পাত চোবোৱা, ছাগলীৰ গাখীৰ খোৱা আৰু সেউজীয়া শাক-পাচলি খোৱা আৰম্ভ কৰিলোঁ।

এই দিনপঞ্জীৰ ভাল প্ৰভাৱ মোৰ ওপৰত পৰিল আৰু মোৰ বয়সে চল্লিশৰ দেওনা পাৰ কৰি গ’ল। নিয়মীয়াকৈ লাইব্ৰেৰী গৈ কিতাপ-পত্ৰ পঢ়া, বিদ্বান, শিল্পী আৰু সাধুলোকসকলৰ সংগৰ প্ৰভাৱত সাহিত্য, সঙ্গীত আৰু কলাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গ’ল। মোলৈ বিভিন্ন কবি সন্মিলনৰ আমন্ত্ৰণ আহিবলৈ ল’লে। এইবোৰতে লাগি থাকোঁতে গমেই নাপালোঁ মইনো কেতিয়া ষাঠিৰ দেওনাও গৰকি গ’লোঁ। জ্যোতিষীৰ ভৱিষ্যতবাণী একেবাৰে পাহৰি পেলালোঁ। কিন্তু যেতিয়া দেখিলো মোৰ বয়সে সত্তৰো পাৰ কৰিলে আৰু ইতিমধ্যে মোৰ লগৰীয়া অনেকেই নিজৰ বয়সৰ কোটা সম্পূৰ্ণ কৰি ইহলীলা সামৰিলে, মই সুস্থ শৰীৰ মন লৈ আৰু বেছিকৈ হাস্য-ব্যঙ্গৰ মাজত ব্যস্ত হৈ পৰিলো। মৰাতো বাদেই অসুখত পৰিবলৈকো সময় নোহোৱা হৈ পৰিল। লাহে লাহে জীৱনৰ নাও আশীৰ ঘাটত লাগিল। এতিয়া মানুহেও জোকাবলৈ ধৰিলে বোলে – “আশীৰ মন চল্লিশ চল্লিশ।” বাস্তৱতেই মোৰ মন অলপ ৰসালেই হৈ পৰিছিল। ইমানখিনি বয়সতো নিজকে ইমান স্বাস্থ্যৱান দেখি মোৰেই আচৰিত লাগিবলৈ ধৰিলে। মানুহৰ নজৰ নালাগক বুলিয়েই লোকক শুনোৱাই নিজেই ক’বলৈ ধৰিলোঁ- “বাচ্ এতিয়া আৰু মৃত্যুৰ অপেক্ষাতহে আছোঁ।” মোৰ মুখৰ পৰা এই বাণী ওলাবলৈ পালেহে শুনা ৰাইজৰ মাজত আনন্দৰ লহৰ উঠি গ’ল।

যুৱ হাস্যকবিসকলে ভাবিলে কাকা মৰিলেহে আমাৰ কলমৰ কদৰ হ’ব। সাহিত্যিক সকলে ভাবিলে কাকাৰ কাৰণেই গীতবোৰ নচলা হৈ মঞ্চত অকল হাস্য ব্যঙ্গৰ প্ৰচলন হ’বলৈ লৈছিল। এতিয়া কাকা মৰিলে আকৌ গীতিকাৰসকলৰ কদৰ বাঢ়িব। পৰিয়ালৰ সদস্যই আকৌ ভাবিলে ভালেই হ’ল এই চাঞ্চতে বুঢ়া সিফলীয়া হ’লেই বীমাৰ পইচাকেইটাকে পাম। মোৰ লাগিবলৈ ধৰিলে দিন চমু চাপি আহিছে গতিকে এনেকুৱা ঠাইলৈ যোৱা যাওক যৰপৰা গঙ্গা ওচৰ হয়। গঙ্গাৰ লগত মোৰ সম্বন্ধ আৰম্ভণিৰে পৰা। গতিকে ৰাইজক জনাই দিয়া হ’ল, “এতিয়াৰ পৰা মই বিজনৌৰত থাকিম। তাৰপৰা গঙ্গা ওচৰ হয় আৰু মোৰ ভতিজী জোঁৱাই ডা° গিৰিৰাজ শৰণো তাতেই থাকে। তেওঁৱেই মোক ভালকৈ ৰাখিব।”

মই বিজনৌৰত উপস্থিত হোৱাৰ পিছত ডা° গিৰিৰাজে ক’লে -“কাকা ভালেই হ’ল আপুনি ইয়ালৈ আহিলে। মৰিবলৈ বিজনৌৰ উত্তম ঠাই। পিচে ইয়াত মোৰ দুজনমান ডাক্তৰ ছাত্ৰ আছে সিহঁতে আপোনাক সহজে মৰিবলৈ নিদিয়ে।” নিৰাশ হৈ তাত কেইদিনমান কটাই মই দিল্লীলৈ গুছি আহিলোঁ। দিল্লীত মোৰ দ্বিতীয় ভতিজী জোঁৱাই ডা° অশোক চক্ৰধৰৰ ঘৰতে থাকিবলৈ ল’লোঁ।

অশোক চক্ৰধৰে ক’লে- “কাকা আপুনি মৰিবলৈ ঠিক কৰিছেই যেতিয়া দিল্লীত মৰাই ভাল হ’ব। চাই থাকিব আপোনাৰ মৃত্যুৰ দিনা মই গোটেই দিল্লী বন্ধ কৰাই দিম। ৰাজঘাটৰ পৰা ধুবীঘাটলৈকে লম্বা প্ৰচেশ্যন দেখা যাব। চেণ্ট্ৰেলৰ মিনিষ্টাৰ সোপাকে আনি আপোনাক পুষ্পাঞ্জলি দিয়াম। মই আপোনাৰ স্বৰ্গৰথত উঠি কমেণ্ট্ৰি কৰিম। দূৰদৰ্শনতো দেখুৱাই থাকিব। আপোনাৰ কামৰ লগতে মোৰো নাম হ’ব। আপুনি সন্মতি দিলে এতিয়াই যোগাৰত লাগোঁ?”

এইবোৰ কথা পাতি থাকোঁতেই গঙ্গাৰ পাৰৰ কৰ্ণবাসী পুৰণি চিনাকি পাণ্ডা এজন তালৈ আহিল। পাণ্ডাই বোলে কাকা আপুনি হ’ল এজন কবি, গঙ্গাপ্ৰেমী আৰু মহান আত্মা। আপোনাৰ মৃত্যুৰ সিদ্ধান্ত অতি উত্তম। প্ৰাচীনকালৰে পৰা আমাৰ দেশৰ ঋষি-মুণিসকলে ইচ্ছামৃত্যু বৰণ কৰি আহিছে। আপুনি যেতিয়াই বিচাৰে আপোনাৰ কাৰণে আগতেই কৰ্মবাসত চিতা সাজু কৰি থ’ম। আপুনি যদি কয় জল সমাধিও কৰোৱাই দিম। কিন্তু যেতিয়ালৈকে জীয়াই আছে মোৰ কথা মানি এজনী ধেনুদান কৰি থওক।

পাণ্ডাৰ কথা মোৰ পচন্দ নহ’ল। দিল্লীত গৰম বেছি হ’বলৈ লোৱাত মই মুচৌৰীলৈ গুছি গ’লোঁ। তাত ডাঙৰ ডাঙৰ মানুহবোৰে “কেমেলচ্‌ বেক” ৰোডত খোজ কাঢ়িবলৈ যায়। তেওঁলোকৰ লগতো মই আলোচনা কৰি ৰায় বিচাৰিলোঁ। তেওঁলোকৰ মতে, “সমতল ঠাইততো সৱেই মৰে কিন্তু পাহাৰীয়া ঠাইত মৰাৰ সৌভাগ্য সকলোৰে নাথাকে। পাহাৰীয়া ঠাইত মৰাৰ মজাই বেলেগ। ইয়াত না খৰি কাঠ বিচাৰি থকাৰ ঝামেলা আছে না চিতা সজোৱাৰ কাজিয়া। আপোনাক মৰাত বাধা দিবলৈ ইয়াত সহজে ডাক্তৰো পোৱা নাযায়। চাৰি পাঁচজন মান লোক গোট খাই দেহাটো পাহাৰৰ টিঙৰ পৰা বগৰাই দিব। শুভ্ৰ বৰফেৰে ঢাক খাই থকা শৃঙ্গবোৰে চাৰিওফালৰ পৰা আপোনাক স্বাগতম জনাব। তীৰ্থযাত্ৰী লৈ অহা বাচবোৰ যেতিয়া ইয়াৰ দ খাৱৈত পৰে তেতিয়া সকলোৱে চিধাই স্বৰ্গ পায়। নহলেনো পঞ্চপাণ্ডৱেও ইয়াত মৰিবলৈ আহেনে। আপোনাৰ মোক্ষপ্ৰাপ্তি হৈ যাব। বাৰে বাৰে মনুষ্য যোনিত লেকাট ভুঞ্জিবৰ দৰকাৰ নপৰিব আৰু।”

ইয়াৰ মাজতে মোলৈ মথুৰা ৰেডিঅ চেণ্টাৰৰ কাৰ্যক্ৰম এটাৰ নিমন্ত্ৰণ আহিল। মই মথুৰালৈ আহিলোঁ। তাতেই ব্ৰজ কলাকেন্দ্ৰৰ লোক এজনৰ লগত চিনা পৰিচয় হ’ল। তেওঁৰ লগত বাৰ্তালাপত এই প্ৰসঙ্গ ওলোৱাত তেওঁ ক’লে, “কাকা মৃত্যুৰ কাৰণে আপুনি য’তে ত’তে হাবাথুৰি খাই কিয় ফুৰিব লাগে। গোটেই বঙ্গদেশ এই শুভকৰ্মৰ বাবে ইয়ালৈ আহে। ব্ৰজধামতে সকলো দেৱ-দেৱীৰ বসতি। আপুনি মথুৰাত দেহ চাৰিলে চিধাই মোক্ষপ্ৰাপ্তি হ’ব। লাগিলে সেইদিনা আমি ভাওনাও কৰোৱাই দিম। হোলীৰ দিনা পতাকাও লগোৱাই দিম। সেইফালে আপুনি গোলোকধামলৈ যাব এইফালে আমি ৰাবড়ী খুৰচন খাম। প্ৰতি বছৰে আপোনাৰ পূণ্যতিথিত নাগাৰানাম গোৱা হ’ব। চান্দা তোলাৰ নতুন ধাণ্ডা চলি যাব। আপুনি ৰেডি যদি কওক মই আপোনাৰ বাবে শেষবাৰৰ কাৰণে কেশৰ পিষ্টা বাদাম দি ঠাণ্ডাই এগিলাচ অনোৱাই দিওঁ?” মই ভাবি জনাম বুলি কৈ তেওঁৰ পৰা বিদায় লৈ নিজৰ পুৰণি ঠাইলৈ ঘূৰি আহিলোঁ।

পুৰণি ঠাইত মোৰ মৃত্যুৰ চৰ্চা পুৰাদমে চলিবলৈ ধৰিলে। মোৰ শুভাকাংক্ষীসকল গোট খালে। মোৰ পুত্ৰ লক্ষ্মীনাৰায়ণে ক’লে, “দেউতা, আপোনাক সৱেই জেক দি কুবাটে নিছে। আপোনাৰ কুণ্ডলীত লিখাই আছে আপোনাৰ মৃত্যু মাটিত নহয়েই। এতিয়াও আপুনি আৰু এটা আমেৰিকা যাত্ৰা কৰিবলৈ বাকী আছেই। মই প্ৰগ্ৰাম কৰি দিওঁ। যোৱাৰ আগতে পঞ্চাশ লাখমানৰ বীমা এটাও কৰাই দিম। সেইফালে প্লেন ক্ৰেছ হ’লে আপুনি বিনাকষ্টে সিপুৰী পাব, এইফালে মই বীমাৰ পইচা গিলিম। সুতৰ পইচাৰে বছৰেকীয়া শ্ৰাদ্ধভাগি চলাই দিম। এগালমান বিশিষ্ট ব্যক্তিৰ লগত একেলগে মৰাৰ মজাই বেলেগ।”

এই সৱবোৰৰ মাজতে কোনোবা দুজনমানে লগ হৈ কবিতা পাঠ আৰু সাংবাদিক সন্মিলনীয়েই পাতি দিলে। কবিতা পাঠত মোৰ অনুভৱ হ’ল মোৰ কণ্ঠত এতিয়াও দম আছে। তেতিয়াই সন্মুখৰ শাৰীত বহি থকা বুঢ়ী এজনীত মোৰ চকু পৰিল। বুঢ়ীৰ শুকুলা চুলিত পৰা লাইটৰ পোহৰে মোৰ চকু মন সৱ চমক লগাই দিলে। বুঢ়ীৰ প্ৰেমত মচগুল হৈ মঞ্চৰ পৰা লৰচৰ নকৰা হ’লোঁ। উপস্থিত ৰাইজে ভেবা লাগি চায়েই থাকিল আৰু অৱশেষত সৱেই মিলি ঘোষণা কৰি দিলে বোলে, “বুঢ়াৰ এতিয়া অষ্টাশী হৈছেহে। বুঢ়াই চেঞ্চুৰী পাৰ কৰিব আৰু ইয়াতেই মৰিব।

হুলস্থুল শুনি মোৰ পত্নী ওলাই অহাত সকলো পলাই পত্ৰং দিলে আৰু ময়ো ভিজা মেকুৰীটো হৈ তেওঁৰ পিছে পিছে ইয়াকে কৈ কৈ শোৱনিকোঠালৈ পোনালোঁ। বোলে,

“মাইক লৈয়া কবিতা গাওঁতে
মনত বহিল বুঢ়ীৰ বগী কেশ
ঘৰৰ চ’লি ঘৰলৈ ব’ল
বহুত ফুৰিলি বিদেশ।”

☆★☆★☆

8 Comments

  • Anjan Sadhanidar

    ভাল লাগিল ৷

    Reply
  • Anonymous

    হাঃ হাঃ তামাম..👌

    Reply
  • Dolly Talukdar

    সুন্দৰ

    Reply
  • খুউব ধুনীয়া অনবাদ। ভাল পালোঁ।

    Reply
  • Rintumoni Dutta

    বঢ়িয়া দিম্পল। এইবাৰৰ পৰা প্ৰত্যেকবাৰেই মোৰ কামোৰৰ বাবে সাজু থাক

    Reply
    • Maina rupam rumu bora

      মজা ।।বুঢ়াৰ পৰকিতি লৰিল মানে

      Reply
  • জয়ন্ত দাস

    সুন্দৰ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অনুবাদটি বৰ ৰসাল হৈছে।

    Reply

Leave a Reply

Your email address will not be published.