ফটাঢোল

প্ৰথম মৰমে যদি — তবিবৰ ৰহমান

মোৰ লগৰ ল’ৰা কিছুমানে অষ্টম-নৱম মানৰ পৰাই আঠ মান বজাৰ পৰাই গা পা ধুই স্কুল যাবলৈ সাজু হৈ থাকে। মোৰ আৰু ন মান বজালৈকে মাৰ্বল, পইচা বা কিবাকিবি খেল খেলি থাকোঁতে যায়। কিন্তু দশম শ্ৰেণী পোৱাৰ লগে লগে মোৰো সোনকালেই স্কুললৈ যাবলৈ মন যোৱা হ’ল। কেইদিনমান আগলৈকে মা’ৰ কোবৰ ভয়তহে স্কুল যোৱা মইজনৰো সদায় স্কুল যাবলৈ মন যোৱা হ’ল। ইয়াৰ কাৰণ হ’ল মই পঢ়া হাইস্কুল খনতে ক্লাছ ছিক্সত পঢ়া আমাৰ গাঁৱৰে মূৰৰ ছোৱালী এজনী।
ছোৱালীজনীক দেখিলে কিবা ভাল লগা হ’ল আৰু স্কুলত যোৱাৰ পিছতো চকুযোৰে কিবা ছোৱালীজনীকহে বিচাৰি থকা হ’ল। মই নলে গলে লগা বন্ধু দুজনক কলোঁ যদিও সিহঁতে একেবাৰে বহুত কিবা কিবি কৈ মোক পাগল বুলি ক’লে। সিহঁতৰ কথা মতে এইজনী কটা বাঁহৰ জেকেনি, গাত মঙহ বুলিবলৈ একো নাই। ধোদাঙৰ দৰে ওখ, বগলীৰ দৰে বগা, কাকো মাতিবলৈ ইচ্ছা নকৰে, অহংকাৰী আৰু বহুত কিবাকিবি। মুঠতে সিহঁত দুয়োৰে আগত মই তাইৰ কথা উলিয়ালেই এনেকৈ জাৰণ দিয়ে যেন মই সিহঁতৰ লগত সতিনীহে খাটিবলৈ ওলাইছোঁ। আৰু সিহঁত দুয়োৰে বাদে মই এই কথা কাকো কবও নোৱাৰোঁ।
সিহঁতে যিমান যি নকলেও মই তলে তলে তাইক চাই থাকিলোঁ। খেল খেলিলে কিলোমিটাৰ দূৰৰ পৰা আনে মাত শুনা মইজনৰো তাইক লগ পালে কথা কবলৈ মাত এষাৰ নোলোৱা হ’ল। খেতিৰ খ টোও নজনা মই একমাত্ৰ সিহঁতৰ বাটেৰে অহা যোৱা কৰিবলৈ লগৰ ল’ৰাৰ কঠীয়া তোলা, আলু কবিৰ খেতিত কাম কৰি দিয়াৰ চলেৰে পথাৰলৈ যোৱা হলোঁ। আৰু এনেদৰেই সম্পূৰ্ণ তিনিবছৰ সিহঁতৰ বাদে কাকো একো নোকোৱাকৈ সময় সুবিধা মিলাই তলে তলে তাইক চাই পাৰ কৰিলোঁ।
কিন্তু নৱম শ্ৰেণী পোৱাৰ লগে লগে তাইৰ চেহেৰা পাতি ভাল হৈ আহিল। লগৰ দুজনৰ মূখতো তাইৰ ৰূপৰ বৰ্ণনা শুনিবলৈ পালোঁ। তহঁতে পাৰতহে সোণ চিনি পালি মই বোকাত থাকোঁতেই চিনি পোৱা বুলি কৈ সিহঁতৰ আগত গৰ্ব কৰিলোঁ। সিহঁতে বহুত ল’ৰাৰ মূখত তাইৰ কথা শুনা বুলি কৈ মোক আগবাঢ়িবলৈ ক’লে। মই বোলো “হাঁপাই আনিলে খেদি শিয়ালে হ’ল ওপৰতে গিৰি”ৰ নিচিনা হ’ব এতিয়া। এইফালে মোৰো বুকুৰ বান্ধ একেবাৰে ভূটানৰ নদী বান্ধৰ দৰে হৈ পৰিল। মই সিহঁতক তাইৰ লগৰ কেইজনীৰ হতুৱাই হওঁক বা নিজেই হওঁক প্ৰস্তাৱটো দিবলৈ কলোঁ।
কোনোদিনেই গা মূৰে মিঠাতেলৰ বাহিৰে একো এটা ঘঁহি নোপোৱা মই ভণ্টীৰ পৰা মনে মনে মূখত ঘঁহা, ওঁঠত ঘঁহা, ভৰিত ঘঁহা ঘঁহি ৰাজা হিন্দুস্থানীত আমীৰ খানে চাহাব হৈ কৰিস্মা কাপুৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ দৰে গো-পূজাৰ ফাংচন, বিহুৰ ফাংচন, বিয়া আদিত তাইক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাই থাকিলোঁ। সিহঁত দুয়ো আৰু তাইৰ লগৰ কেইজনীয়ে দুই তিনিমাহ চেষ্টা কৰাৰ পিছতো তাই কোনোধৰণৰ সুযোগ নিদিয়াত কবলৈ অস্বীকাৰ কৰিলে। আৰু কোৱাৰ পিছত কি পৰিস্থিতি হ’ব পাৰে সেয়াও ক’লে। এক প্ৰকাৰ সিহঁতে হাত ডাঙি দিলে।
এইফালে মোৰ বান্ধ ভাঙো ভাঙো অৱস্থা। মই বোলো নিজৰ জুই লাগিছে যেতিয়া নিজে নুমাব লাগিব। এইফালে মায়ে সদায় কৈয়ে থাকে নিজৰ কামত আনৰ মূখলৈ চাই ৰৈ থাকিব নালাগে, নিজে আগবাঢ়ি যাব লাগে। দহ বাৰ দিন ধৰি লিখি লিখি দিস্তা কাগজৰ এখিলা পাতত দুই পিঠি দখল কৰি এখন চিঠি লিখি উলিয়ালোঁ। নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ শেষৰ দিনা বিছমিল্লা বুলি চাইকেলত উঠি গাঁও আৰু স্কুলৰ অলপ নিজান ঠাইত মৰসাহ কৰি তাইক মাতি চিঠিখন উলিয়াই দিবলৈ খুজিলোঁ।
আঐ! চিঠিখন দেখি নেজত খোজ পৰা কুকুৰৰ দৰে কিবাকিবি কৈ পথাৰৰ ৰাস্তাৰে ঘৰলৈ চিধা কৰিলে। মই বোলো আজি খেলা খটম, আজিহে আজি, মান সন্মান সকলো শেষ আজি। মোৰ অনুমান সচাঁ বুলি প্ৰমাণিত কৰি তাই সকলো কথা ঘৰত কৈ দিলে। দেউতাকে সিহঁতৰ ওচৰত থকা মোৰ ভাগিৰ খুড়া জনক আৰু মোৰ মা’ক ঘৰত কৈ গ’ল। মায়ে কেৱল যি হ’ল হ’ল, হৈ যোৱা ঘটনা ভাবি থাকি লাভ নাই। এতিয়াৰ পৰা এইবোৰ বাদ দি, আগতে নিজৰ ভৰিত নিজে থিয় দি ল’বলৈ ক’লে। কেইদিনমান মোৰ মূখ উলিয়াব নোৱাৰা অৱস্থা হৈ গ’ল।
তথাপিও তাইক মই মনৰ পৰা এৰিব পৰা নাছিলোঁ। মই জানোঁ যি ছোৱালীয়ে প্ৰথমে নাকচ কৰে সেই ছোৱালীয়েহে পিছত এৰিব নোৱাৰা হয়। বহু চিনেমাত দেখিছোঁ নায়িকাই নায়কক এক চৰ মাৰাৰ পিছতো কি দুৰ্দান্ত প্ৰেম। ” জাল দ্যা ট্ৰ্যপ” চিনেমাতো ৰীমা সেনে ছানি দেউলক এক চৰ মাৰাৰ পিছত ছানি দেউলক ভাল পাইছে। ছানি দেউলে ভাল নাপাওঁ বুলি কোৱা কাৰণে ৰীমাই দলঙৰ পৰা মৰিবলৈও জাপ দিয়া দেখিছোঁ।
কেতিয়াবা যদি তাইৰ লগত মোৰ মুখামুখি হয়। আৰু তাই যদি পশ্চিমৰ পৰা পূবলৈ আহি আছে তেতিয়া তাই পশ্চিমৰ পৰা পূবলৈ আহি থাকে ঠিকেই মই পাৰ নোহোৱালৈকে কেৱল মূেখখন হে দক্ষিণ ফালে থাকে। মই মুঠেও ভুল নাভাবোঁ কাৰণ মায়ে সৰুৰ পৰা আমাক শিকাইছে যে সকলো কথাৰে যোগাত্মক দিশটোহে ভাবিব লাগে। ময়ো মা’ৰ কথা মানি সেইফালে তাইৰ ভাল লগা বস্তু চাই গৈ থকা বুলি ভাবোঁ। কেতিয়াবা যদি সিহঁতৰ ওচৰত থকা খুড়াৰ ঘৰলৈ যাব লগাত পৰে। মই গৈ উপস্থিত হোৱাৰ লগে লগে তাই যদি জাপ মাৰি উঠিও যায়। মই অকণো বেয়া নাপাওঁ। কাৰণ মাৰ কথা ভাবি তাইৰ জোৰকৈ হাগা লগা কাৰণে যোৱা বুলি ভাবোঁ।
তাই যে মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিব সেইটো মই ভালদৰে জানোঁ। কাৰণ মায়ে সৰুৰে পৰা শিকাই আহিছে যে ঘঁহি থাকিলে শিলো ক্ষয় যায়। মা অশিক্ষিত হ’ব পাৰে মা’ৰ কথাত যুক্তি আছে। বিয়া সবাহে, থিয়েটাৰে ফাংচনে সুবিধা মিলাই যোৱা হলোঁ। তাই থকা ঠাইত উপস্থিত হৈ সৰু ল’ৰা বা ছোৱালী এজনীক এটকা দুটকা দি পিয়ন বনাই মোৰ নাম কৈ তাইক মাতিবলৈ পঠিয়াই দিওঁ। প্ৰথমবাৰত ওলাই নাহোঁ বুলি খঙত কলেও দ্বিতীয়বাৰ আকৌ টকা এটা দি মাতিবলৈ পঠিয়াও। দ্বিতীয়বাৰ তাই পিয়নজনৰ আগত বহুত কিবাকিবি কৈ পঠিয়ালেও মই অকণো বেয়া নাপাওঁ। কাৰণ ফুৰ্টি কৰি থকা সময়ত এনেকৈ আমনি কৰিলে তাইৰে নহয় মোৰো খং উঠাটো স্বাভাৱিক।
লগৰ বন্ধু দুজনে তাইক বাদ দিবলৈ দি বেলগ ছোৱালৰ কথা ক’লে। মোৰ কিন্তু তাইৰ বাহিৰে পৃথিৱীৰ কোনো ছোৱালীয়ে ভাল নালাগে। আৰু বেলেগ ছোৱালীও মই নিবিছাৰোঁ কাৰণ মায়ে কোৱা মনত আছে যে দৌৰি ফুৰা কেকোঁৰাৰ তেল নাথাকে। সেইকাৰণে ময়ো দৌৰি নুফুৰি এঠাইতে থাকিম। এই ফৰ্মুলা বোৰে যদি কামত নিদিয়ে শেষত চিনেমাৰ ফৰ্মুলা প্ৰয়োগ কৰিম। চিনেমা চাই ধেৰ ফৰ্মুলা শিকি থৈছোঁ। কি কৰিবলৈ টোপনি ক্ষতি কৰি ৰাতি ৰাতি ভিডিঅ চালোঁ যদিহে একো কামতে নাহে।
“দিলৱালে” ফিল্মত ৰবীনা টেণ্ডনে অজয় দেৱগনক ভাল নাপাওঁ বুলি কোৱাত অজয় দেৱগণে বাইক লৈ পাহাৰৰ পৰা তলত পৰি মৰিবলৈ যায়। ৰবীনাই লগে লগে আই লাভ ইউ বুলি কৈ সাত জনমক লৈকে দুয়ো ভাল পাম বুলি গান গোৱা দেখিছোঁ। ময়ো আমাৰ ওচৰতে থকা নদীখনলৈকে তাইক মাতি নি ভাল পায় নে নাপায় সুধিম। যদি নাপায় বুলি কয় ময়ো চাইকেল মাৰি অজয় দেৱগণৰ দৰে নদীত পৰি মৰিবলৈ যাম। তেতিয়া তাইও মোক পিছৰ পৰা আই লাভ ইউ বুলি ক’ব। তাৰ পিছত নদীৰ পাৰৰ পানী কলমৰ মাজে মাজে আমি দুয়ো চৈধ্য জনমলৈকে ভাল পাম বুলি গান গাম।
“শ্বোলে” ফিল্মতো ধৰ্মেন্দ্ৰই পানী টেংকৰ ওপৰত উঠি মৰিম বুলি কোৱাত ৰাইজৰ বাধ্যত পৰি হেমা মালিনীয়ে বিয়া হম বুলি কোৱা দেখিছোঁ । ময়ো আমাৰ গাঁৱৰ মাজ মজিয়াত থকা আটাইতকৈ ওখ নাৰিকল জোপাত উঠি তাইক নাপালে মৰি যাম বুলি ক’ম। তেতিয়া গাঁৱৰ মানুহৰ বাধ্যত পৰি তাইও মোক ভাল পাম বুলি ক’ব।
এনেকৈ থাকোঁতেই তাইৰ মেট্ৰিকৰ সময় আহিল। মেট্ৰিকত কি বিভাগ পাব, কলেজতে পঢ়িব নে হায়াৰ ছেকেণ্ডাৰীত পঢ়িব, কলেজলৈ চাইকেলতে যাব নে ৰিক্সাতে যাব বিভিন্ন চিন্তা মনলৈ আহিল। ছয় সাত মাহ মান তাইক একো আমনি নকৰি ৰৈ থাকিলোঁ। মেট্ৰিকৰ ৰিজাল্টৰ দিনা তাইৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি থাকিলোঁ। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মোৰ আশাত চেচাঁ পানী ঢালি তাই মাৰি দিলে গেৰা। মই দিনতে আন্ধাৰ মুন্ধাৰ দেখিলোঁ কাৰণ ঘুনুচাৰ পুতেকৰ দৰে মোৰো শেষ ভৰষা কলেজখনে আছিল। এইফালে পিছৰ বছৰ তাই কলেজ পালেও মোৰ ওলাবলৈ হ’ব।
পিছৰ বছৰ তাই কলেজ পালে। এদিন কলেজলৈ গৈ মোতকৈ দুই বছৰ জুনিয়ৰ চিনাকি ল’ৰা এজনক তাইক দেখুৱাই দি আকাৰ ইংগিতেৰে কিছু বুজাই নজৰ দিবলৈ কৈ আহিলোঁ। সিওঁ মোৰ কথা শুনি ইমানে ভালকৈ নজৰ দিলে যে কেইমাহমান পিছতে দুয়োৰে হিয়া দিয়া নিয়া চলা বুলি মোৰ তাত আহি খবৰ পৰিল। তথাপিও মই বেয়া পোৱা নাই। মই জানোঁ যে কলেজৰ ল’ৰা ছোৱালীৰ এই হিয়া দিয়া নিয়া ধানখেৰৰ জুইৰ দৰে। তৎক্ষণাৎ ওপৰলৈ ভৌ ভৌ কৈ জ্বলিব তৎক্ষণাৎ নুমুৱাই যাব।
এনেকৈ মই দিনৰ পিছত মাহ, মাহৰ পিছত বছৰ ধৰি তাইলৈ অপেক্ষা কৰি থাকিলোঁ। এইফালে মোৰ হাতলৈও মোবাইল আহিল। মাহেকে পষেকে তাইলৈ ফোন পৰ্ব চলি থাকিল যদিও তাই বেছি ভাগ ৰিচিভ নকৰে বা ৰিচিভ কৰিলেও “ডামিনী” ফিল্মৰ আদালতৰ জ’জ জনে তাৰিখ পে তাৰিখ দিয়াৰ দৰে তাইও মোক না’ৰ পা নায়ে দি থাকিল। আনফালে মই ভবাৰ দৰে দুবছৰ মান পিছত সিহঁতৰ হিয়া দিয়া নিয়াৰ অন্ত পৰিল।
সেই সময়তে সিহঁতৰ ওচৰত থকা মোৰ লগত একেলগে পঢ়া ছোৱালীজনীৰ বায়েকৰ বিয়া হ’ল। ময়ো আহি বিয়াত উপস্থিত হলোঁ। বিয়াত মোৰ লগত কলেজত একেলগে পঢ়া ভাল বান্ধৱী জনীও তাইৰ বিয়াত আহিল। বিয়াত আহি তাই মোৰ ঘৰতো ফুৰিবলৈ আহিলে। ঘৰত আহি তাই মোক আচৰিত কৰি মোৰ লগত বিয়া হোৱাৰ প্ৰস্তাৱ খোলা খুলিকৈ দিলে।
তাই মোক কলেজত প্ৰথম চিনাকি হোৱাৰ দিনৰ পৰাই ভাল পায় আহি থকা বুলি ক’লে। মোৰ কথাবোৰ জানিহে ইমান দিনে কোৱা নাছিল বুলি ক’লে। কেইবাদিনো আকাৰে ইংগিতে বিভিন্ন কথা কোৱা বুলি কৈ মোক ভোদা বুলি ক’লে। তাই মা’ৰ আগতো কথাখিনি ক’ম বুলি ক’লে। মোৰ হাঁহো নে কান্দো যেন অৱস্থা হ’ল। মই হাতে ভৰি ধৰাৰ নিচিনা কৰি তাইক সৈমান কৰি যাবলৈ দিলোঁ।
ৰাতি বিচনাত পৰি বিভিন্ন চিন্তাত পৰিলোঁ। এইফালে মেকুৰীয়ে মৰি আছে মূৰৰ বিষত নিগনিয়ে বোলে মেকে খা। খা বাপ্পেকে এতিয়া ভীমকলটো। ওৰে ৰাতি ভাবি ভাবি মোৰ মূৰত এটা কথা খেলালে। বান্ধৱী জনীৰ প্ৰতি যেনেকৈ মোৰ অকণো আগ্ৰহ নাই সেইদৰে মই ভাল পাবলৈ বিচৰা ছোৱালী জনীৰো মোৰ প্ৰতি অকণো আগ্ৰহ নাথাকিব পাৰে।
যেনেকৈ বান্ধৱী জনীয়ে মোক খোলাকৈ কোৱাৰ পিছতো মোৰ একো অনুভৱ হোৱা নাই ঠিক সেইদৰে তাইৰো মোৰ প্ৰতি একো অনুভৱ নহ’ব পাৰে। যিমান দিন তাইৰ পিছত লাগি থাকিলোঁ অকণো যদি কিবা থাকিলহেঁতেন তাই মোৰ ফালে নিশ্চয় আকৰ্ষিত হ’লহেঁতেন।
সিদিনাৰ পৰা তাইৰ কথা সম্পূৰ্ণৰূপে মনৰ পৰা উলিয়াই দি “মুন্না ভাই এম বি বি এছ” ৰ সঞ্জয় দত্তৰ দৰে দুগুণ উৎসাহেৰে নতুনৰ সন্ধানত নামি গলোঁ।

☆★☆★☆

5 Comments

  • কাবেৰী মহন্ত

    আশা নেৰিবা ৷ পঢ়ি মজা লাগিল ৷

    Reply
  • parishmita

    এনেই কোন আছিল বাৰু জানিব পাৰিম নেকি নামটো। ভাল লাগিল পঢ়ি লাগি থাকক।

    Reply
  • অনুৰূপ মহন্ত

    চিনেমা আৰু আপোনাৰ মাৰ পৰা বহুত পজিটিভ শিক্ষা ললে কিন্তু আপুনি। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.