ফটাঢোল

প্ৰথম স্মাগলাৰ (মূল-হৰিশংকৰ পৰচ্ছাই) – অনুবাদ:পৰিস্মীতা গগৈ

মেঘনাথৰ আক্ৰমণত লক্ষ্মণ আহত হৈ পৰি আছিল। তেওঁক বচাবৰ নিমিত্তে হনুমানে হিমাচল প্ৰদেশৰ পৰা সঞ্জীৱনী ঔষধ লৈ ঘূৰি আহোঁতেই অযোধ্যাৰ চোৰাংচোৱাই আটক কৰিলে। কিন্তু আটক কৰা সেনাবোৰক তেওঁ‌ বগৰাই বগৰাই পিটিলে। লগে লগে ৰাজধানীত হাহাকাৰ লাগিল। বৰ শক্তিশালী স্মাগলাৰ এটাৰ সন্মুখত অযোধ্যাৰ সৈন্যই টিকিব নোৱাৰা খবৰে মানুহবোৰক উতপ্ত কৰি পেলালে।
অলপ পিছতে তালৈ ভৰত আৰু শত্ৰুঘ্ন দৌৰি আহিল। হনুমানে আৰাধ্য পুৰুষ ৰামচন্দ্ৰৰ ভায়েকহঁ‌তক দেখিহে শান্ত হ’ল।
শত্ৰুঘ্নই ক’লে, “এই স্মগলাৰবোৰে অশান্তি কৰি ৰাখিছে। দাদা, আপুনিতো সন্যাসলৈ আৰামত আছে। মইহে এইবোৰ ভূগিব লগা হৈছে।”
ভৰতে হনুমানক সুধিলে, “ক’ৰ পৰা আহিছ?”
হনুমান-“হিমাচল প্ৰদেশৰ পৰা।”
ভৰত-“কি আছে তোৰ লগত। সোণৰ বিস্কুট, গাঞ্জা নে আফং?”
হনুমান-“ঔষধ আছে।”
শত্ৰুঘ্নই ক’লে, “আচ্ছা! ঔষধৰ স্মাগলিং চলিছে। উলিয়া ক’ত আছে।”
হনুমানে সঞ্জীৱনীখিনি উলিয়াই দিলে আৰু ক’লে, “মোক আপোনাৰ ককায়েৰা ৰামচন্দ্ৰইহে এই ঔষধ নিবলৈ কৈছিল।”
শত্ৰুঘ্নই ভৰতৰ ফালে চালে। ক’লে, “দাদাই এইবোৰ কিহত ধৰিলে। স্মগলিং কৰিবলৈ ল’লে! পইচাৰ প্ৰয়োজন হৈছিল যদি আমাক কোৱা হ’লেও হয়। স্মগলিঙৰ নিচিনা কি যে ধাণ্ডাত ধৰিলে। ইয়াৰ পৰাতো বৰ বদনাম হ’ব।”
ভৰতে হনুমানক সুধিলে, “এই ঔষধ ক’লৈ নি ক’ত বেচিবিগৈ?”
হনুমান-“লঙ্কালৈ লৈ গৈ আছিলোঁ‌।”
ভৰতে ক’লে, “আচ্ছা! তাত উত্তৰ ভাৰতৰ পৰা স্মাগল কৰা মাল বিক্ৰী হয়। কোনে কিনে? ৰাৱণৰ মানুহে?”
হনুমানে ক’লে, “এই ঔষধতো মই ৰামৰ কাৰণেহে নিবলৈ আহিছিলোঁ। কথাটো হ’ল, আপোনাৰ ভায়েৰা লক্ষ্মণ আহত হৈ মৃত্যুৰ সৈতে যুঁ‌জি আছে। এই ঔষধ নহ’লে তেওঁক বচাব পৰা নাযাব।”
ভৰত আৰু শত্ৰুঘ্নই এজেনে আনজনৰ মূখলৈ চালে। তেতিয়ালৈ স্মাগলিঙৰ কথাটো ৰেজিষ্টাৰত লিপিবদ্ধ হৈ গৈছিল।
শত্ৰুঘ্নই ক’লে, “দাদা, আপুনি জ্ঞানী। এই বিষয়ে নিয়মে কি কয়। শাসকৰ কি কৰ্তব্য হোৱা উচিত।”
ভৰতে ক’লে, “স্মাগলিঙতো অনৈতিক। যদি স্মাগলিং কৰা বস্তুৱে আপোনজনৰ বা ভাই-ভনীৰ উপকাৰ হয়, তেন্তে এই কাম নৈতিক বুলি ধৰি ল’ব পাৰি। যোৱা, হনুমান লৈ যোৱা।”
তাৰপিছত মুঞ্চীক ক’লে, “ৰেজিষ্টাৰ বুকৰ পৰা সেইটো পে’জ ফালি পেলোৱা।”
☆★☆★☆

14 Comments

Leave a Reply

Your email address will not be published.