ফটাঢোল

প্ৰস্তুতি পৰাশৰৰ বিয়াত – বিকাশ শইকীয়া

কটনত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা ৷ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ভায়েক প্ৰবাহন পৰাশৰ আমাৰ লগত পঢ়ে ৷ বায়েকৰ বিয়া ৷ নিমন্ত্ৰণ পালো ৷

তাৰিখটো পাহৰিলোঁ। ঘৰৰ ওচৰৰ পাজৰৰ মানুহৰ আগত বুকু ফিন্দাই আছো ৷ প্ৰস্তুতি পৰাশৰৰ বিয়ালৈ যাম ৷ বিশ্বাস নকৰা কেইটাক বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাইছো ৷ মুঠৰ ওপৰত চেলিব্ৰেটি টাইপ ফিলিঙ আহি গৈছে ৷

নিমন্ত্ৰণী পত্ৰত উল্লেখ থকামতে অভ্যৰ্থনাৰ সময় বিয়লি দুই বজাৰ পৰা ৷ মই বহুত ‘পানচুৱেল’ মানুহ ৷ বেলতলাৰপৰা চিটিবাছত উঠি ১-৪৫ বজাত শিলপুখুৰী পালো ৷ শিলপুখুৰীত থকা কালী মন্দিৰৰ ফিল্ডখনত বিয়াৰ পেণ্ডেল ৷ ১-৫০ ত পেণ্ডেলত এণ্ট্ৰী মাৰিলো ৷

পেণ্ডেলত সোমাই টেনচন হৈ গ’ল ৷ ভিতৰত বৰ বেছি মানুহ-দুনুহ নাই ৷ এজনক সুধি গম পালো যে অলপ আগতে জোৰোণ হৈ গৈছে, মানুহবোৰ কাপোৰ সলাবলৈ ঘৰাঘৰি গৈছে ৷ প্ৰবাহন নাই ৷ কাকো চিনিও নাপাও ৷ ঘড়ীটোলৈ চালো, কাৰেক্ট আবেলি দুটা ৷

: ঐ ভাইটি এইফালে আহ, এইখন ধৰি দে ……. হটঙা মানুহ এজনে মাতিলে

টেবুল এখন ধৰি দিলো ৷ মই ইষ্ট্ৰি কৰা বগা চাৰ্ট, ক’লা পেণ্ট, ক’লা জোতা পিন্ধি গৈছিলো ৷ টেবুলৰ আনটো মূৰতো মোৰ দৰেই ড্ৰেছকোডত আন এটা ল’ৰা ৷

টেবুলখল যথাস্থানত থৈ মই হটঙা মানুহটোক কলো, “মই মানে প্ৰবাহনৰ লগৰ, কটনত পঢ়ো, বিয়া খাবলৈ আহিছিলো।”

: ইছ ৰাম…ছৰী দেই, মই আকৌ কেটাৰিঙৰ ল’ৰা বুলিহে …..হতঙাই ক’লে

: মানে প্ৰবাহন কেতিয়াকৈ আহিব? ……মই সুধিলো

: কব নোৱাৰো, অলপ আগতে গৈছেহে, চাৰিটা-পাঁচটা বাজিব

তেতিয়া মবাইল ফোন নাছিল ৷ পেণ্ডেলত এনেকৈ থকাটো মোৰ স্বাস্থ্যৰ বাবে সুবিধাজনক নহয় বুলি চিন্তা কৰি বাহিৰ ওলালো ৷ কিন্ত কথাটো হল যাম ক’ত ৷ পাহাৰত ওপৰত নৱগ্ৰহ মন্দিৰ ৷ পাহাৰৰ ৰাস্তাত খোজ পেলালো ৷ কিছুদেৰিৰ পাছত মন্দিৰ পালো ৷ ঘড়ীটোলৈ চালো, এতিয়াও বহুত সময় আছে ৷

খাৰঘুলিৰ ফালে নামি দিলো ৷ অলপ দূৰ যোৱাৰ পাছত মনত পৰিল যে লগৰ জ্যোতিৰ্ময় পাঠকৰ ঘৰ খাৰঘুলি পাহাৰত ৷ অকাই-পকাই জ্যোতিৰ্ময়ৰ ঘৰ ওলালো ৷ খুড়ীয়ে লুচি-কাবুলী বুট খুৱালে ৷ প্ৰস্তুতি পৰাশৰৰ বিয়ালৈ অহা বুলি কোৱাত বিশ্বাস নকৰাত জ্যোতিৰ্ময়কো নিমন্ত্ৰণী পত্ৰখন দেখুৱালো ৷ পাঁচটামান বজাত জ্যোতিৰ্ময়ৰ ঘৰৰপৰা ওলাইছো ৷

এইবাৰ পাহাৰে পাহেৰে ৰিটাৰ্ণ জাৰ্ণি ৷ এটা পইণ্টত ৰৈ গ’লো ৷ ৰাস্তা ভুল হ’ল ৷ এখন আঠফুট ওখ গাৰ্ড ৱাল ৷ ৱালৰ সিফালে নৱগ্ৰহ মন্দিৰৰ পাছছোৱা ৷ ইফালে সন্ধিয়াও হৈ আহিছে ৷ কি কৰো…?

তেতিয়া ক্ষীণ আছিলো ৷ এথেলেটিক ৷ জপিয়াই গাৰ্ড ৱালত উঠি তাৰ পাছত সিফালে জপিয়ালো ৷ মন্দিৰৰ পূজাৰী এটাই কোন অ’ সেইটো বুলি চিঞৰা কাণত পৰিল ৷ বেগাবেগিকৈ খোজ ললো ৷

জপিওৱা প্ৰ’চেচটোত কলা পেণ্টটোত অলপ মাটি লাগিল ৷ মন্দিৰৰ পানীৰ টেপত ৰুমালখন তিয়াই পেণ্টটো মচিলো ৷ এইবাৰ শিলপুখুৰীৰ ফালে নামিলো ৷ নামোতে অসুবিধা নহ’ল ৷

বাহিৰত পাৰ্ক কৰা গাড়ী এখনত চাই চুলি-তুলি ঠিক-ঠাক কৰি আকৌ পেণ্ডেলত এণ্ট্ৰী ৷ এইবাৰ প্ৰবাহনক পালো ৷ সি ৱেলকাম কৰিলে ৷ লগৰ অভিক বৰাকো বুকে এটাৰ সৈতে দেখা পালো ৷ উশাহ আহিল, অন্ততঃ চিনাকি লগৰ এটা আছে ৷

কিছুদেৰিৰ পাছত প্ৰবাহনে বায়েক প্ৰস্তুতি পৰাশৰক আমাৰ ওচৰলৈ লৈ আহিল ৷ বাইদেৱে চফৰ বটাটো আগবঢ়াই মিচিকিয়াই হাঁহি এটা মাৰিলে ৷ বাইদেউৰ হাঁহি দেখি নাৰ্ভাছ হৈ গ’লো ৷ কঁপা কঁপা হাতেৰে মই চফ ললোঁ।

: বাইদেউ আপুনি ইমান ধুনীয়া …….. অকস্মাত মুখেৰে ওলাই গ’ল।

: হা, ‘ঠেংক ইউ’ দেই……প্ৰস্তুতি বাইদেৱে ভালকৈয়ে হাঁহি এটা মাৰিলে ৷

তাৰ পাছৰপৰা দুটা কথা মনত ৰৈ গ’ল……

প্ৰথমতে, বিয়াত ফৰমেল ক’লা-নীলা পেণ্ট, প্লেইন বগা চাৰ্ট পিন্ধি যাব নালাগে।

দ্বিতীয়তে, আবেলি ছয় বজাৰ আগতে গুৱাহাটীৰ বিয়াৰ ৰিচেপচনত এণ্ট্ৰী মাৰিব নালাগে ৷

■■

7 Comments

Leave a Reply

Your email address will not be published.