ফটাঢোল

প্ৰাক্তন প্ৰেমিকলৈ বুলি – কাকলি ভৰদ্বাজ মিশ্ৰ

শুনিছোঁ আজিকালি হেনো

নিশা উজাগৰে কটোৱা,

ফেচবুক, whatsappত বোলে

তামাম চেনী দিয়া।

কথাৰ শুং-সূত্ৰ বিচাৰি

চালোঁ তোমাৰ Fb ৱাল খুচৰি,

ফটো, ষ্টেটাছ, কমেণ্টটবোৰ দেখি

খালোঁ হাবাথুৰি।

লোকৰ Enfild ত ফটো উঠি

Fb ত Dp বনোৱা,

হ’ল বুলিয়ে কিমাননো আৰু

Frp ৰ পাছত দৌৰা!!

Whatsapp তো বোলে

মজা মজা message বিলোৱা,

Last seen টোও হ’বলা আজিকালি

Off কৰিহে থোৱা!

আম্বানিৰ Jio ই তোমাৰ

কৰি দিলে বৰ সুবিধা,

ৰাতি দুপৰলৈকে মানে

লীলিমাইবোৰতে সময় নষ্ট কৰা।

হিংসাতে জ্বলি পুৰি মৰা তোমাৰ প্ৰাক্তন প্ৰেমিকা৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.