ফটাঢোল

প্ৰাক্‌শংকৰী যুগৰ সাহিত্যৰ এটি চমু আভাস – চবিনা ইয়াচমিন

কোনো এটা যুগৰ সাহিত্যৰ বিষয়ে চৰ্চা কৰিবলৈ যাওঁতে প্ৰথমে আমি জানি ল’ব লাগিব সাহিত্যৰ সৃষ্টিনো কেনেকৈ হ’ল? কোনো এটা ভাষাই স্বকীয়তা লাভ কৰে ক্ৰমবিৱৰ্তনৰ ফলত৷ আৰু তাৰ পিছতেই সেই ভাষাত সাহিত্য সৃষ্টি হ’বলৈ ধৰে৷ আদি কালত সাহিত্যসমূহ কেৱল মৌখিক ৰূপতহে প্ৰচলিত হৈছিল৷ লিপি সৃষ্টিৰ পিছতহে স্বাক্ষৰলোকৰ হাতত লিখিত সাহিত্যৰ সৃষ্টি হয়৷ পোনপ্ৰথমে সৃষ্টি হৈছিল ভাষাৰ৷ তাৰ পিছত সাহিত্য আৰু তাৰ পিছতহে লিপিৰ সৃষ্টি হৈছিল৷ কিন্তু যদিও বৰ্তমান লিপিৰ সৃষ্টি হ’ল মৌখিক সাহিত্যৰ প্ৰচলন এতিয়াও অব্যাহত আছে৷ অসমীয়া মন্ত্ৰ সাহিত্য তাৰ অন্যতম নিদৰ্শন৷ মৌখিক সাহিত্যবোৰ যুগ সাপেক্ষে পৰিৱৰ্তন হয়৷ আনহাতে লিখিত সাহিত্যৰ জৰিয়তে একোটা যুগক প্ৰতিনিধিত্ব কৰা একোটা ভাষাৰ নিদৰ্শন পোৱা যায়৷

কালগত আৰু বিষয়গত বৈশিষ্ট্যৰ ফালৰ পৰা অসমীয়া সাহিত্যৰ বুৰঞ্জীক বিভিন্ন জনে বিভিন্ন ধৰণে ভাগ কৰিছে৷ এই বিভাজন সমূহৰ ওপৰত ভিত্তি কৰি আৰু বিজ্ঞানসন্মত আলোচনাৰে অগ্ৰসৰ হ’বলৈ মূলত তিনিটা ভাগত বিভক্ত কৰি অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায়৷ এইকেইটা হ’ল ক্ৰমে-১/ আদি যুগ, ২/ মধ্য যুগ আৰু ৩/ আধুনিক যুগ৷ চতুৰ্দশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে সময়ছোৱাক মধ্য যুগ বুলি ধৰা হয়৷ মধ্য যুগক আকৌ আলোচনাৰ সুবিধাৰ বাবে তিনিটা স্তৰত উপবিভাজন কৰা হৈছে৷ তাৰে প্ৰথম স্তৰটো হ’ল- প্ৰাকশংকৰী যুগ৷ দ্বিতীয় স্তৰটো হ’ল- শংকৰী যুগ৷ আৰু তৃতীয় স্তৰটো হ’ল- উত্তৰ শংকৰী যুগ৷ আমি এই প্ৰবন্ধত আলোচনা কৰিম মধ্য যুগৰ প্ৰথম স্তৰ প্ৰাক্‌শংকৰী যুগৰ সাহিত্যৰ কিছু কথা৷ মধ্য যুগৰ প্ৰথম স্তৰটোক প্ৰাক্‌শংকৰী যুগ বোলাৰ মূল কাৰণ হৈছে- খ্ৰীষ্টীয় পঞ্চদশ শতিকাত সমগ্ৰ ভাৰতবৰ্ষ জুৰি নৱবৈষ্ণৱ আন্দোলনে যি আলোড়ণৰ সৃষ্টি কৰিছিল তাৰ প্ৰভাৱ শংকৰদেৱৰ পূৰ্বৱৰ্তী যুগৰ বৈষ্ণৱকবিসকলৰ ওপৰতো পৰিছিল আৰু এই আন্দোলনলৈ তেওঁলোকে অৰিহণাও আগবঢ়াইছিল৷

প্ৰাক্‌শংকৰী যুগৰ অসমীয়া সাহিত্যৰ এক বৈচিত্ৰময় ৰূপ দেখিবলৈ পোৱা যায়৷ গীত-পদ, কাব্য-নাট, আখ্যান-উপাখ্যান আদিয়ে যুগটোৰ সাহিত্যক বৈচিত্ৰপূৰ্ণ কৰি তুলিছে৷ শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিৰ পূৰ্বৱৰ্তী স্তৰৰ সাহিত্যৰাজিকে প্ৰাক্‌শংকৰী যুগৰ সাহিত্য বোলে৷ এই যুগৰ সাহিত্যৰাজি মূলত কাব্যত ৰচিত আছিল৷ চৰ্যাপদৰ ৰচনাকালৰে পৰা প্ৰায় তিনিটা শতিকাৰ ভিতৰত ৰচনা হোৱা কোনো সাহিত্য উদ্ধাৰ কৰিব পৰা নগ’ল৷ কিন্তু সেই সময়ত কোনো অনামী কবিৰ দ্বাৰা বহুতো মৌখিক সাহিত্যৰ সৃষ্টি হৈছিল বুলি অনুমান কৰা হয়৷ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত মূলতঃ পাঁচজন কবিয়ে আসমীয়া সাহিত্যলৈ অভুতপূৰ্ব বৰঙণি আগ বঢ়াইছিল৷ সেইকেইজন কবিৰ সাহিত্য কৃতিয়েই হৈছে প্ৰাক্‌শংকৰী যুগৰ আসমীয়া সাহিত্যৰ সুন্দৰ নিদৰ্শন৷ তেওঁলোকক সাহিত্যৰাজি ৰচনা কৰাত বিশেষভাবে অৰিহণা যোগাইছিল তেওঁলোকৰ সমসাময়িক ৰজাসকলে৷ সংস্কৃত পুৰাণ শাস্ত্ৰ আদিত থকা নৈতিক, ধাৰ্মিক, আধ্যাত্মিক আৰু কাব্যিক কথাবোৰ জানিবলৈ অনুবাদ কাৰ্য্যৰ বাবেই ৰজাই কবিসকলক নিয়োগ কৰিছিল৷ প্ৰাক্‌শংকৰী যুগৰ কবিকেইজনে ৰচনাৰ বিষয়বস্তু গ্ৰহণ কৰছিল ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ পৰা৷ তেওঁলোকে ৰচনা কৰা সাহিত্যৰাজিত মৌলিকতাও বহুক্ষেত্ৰত বিৰাজমান৷ সেই যুগৰ কবিসকল হ’ল- হেমসৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী৷

কমতাপুৰৰ অধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু তেওঁৰ পৃষ্ঠপোষকতাতে কবি হেমসৰস্বতীয়ে তেওঁৰ সাহিত্য চৰ্চা আৰম্ভ কৰে৷ “প্ৰহ্লাদ চৰিত্ৰ” আৰু “হৰগৌৰী-সংবাদ” কবিজনাৰ দ্বৰা ৰচিত দুখন উল্লেখযোগ্য কাব্য৷ হেমসৰস্বতী আছিল পণ্ডিত বংশৰ ল’ৰা৷ দেউতাক ৰুদ্ৰসৰস্বতীও সংস্কৃতজ্ঞ আছিল৷ হেমসৰস্বতীয়ে “প্ৰহ্লাদ-চৰিত্ৰ”ৰ কাহিনীভাগ বামন-পুৰাণৰ পৰা লোৱা বুলি উল্লেখ কৰিছে যদিও বৰ্তমান প্ৰচলিত বামন-পুৰাণত নৰসিংহৰ অৱতাৰ গ্ৰহণ আৰু প্ৰহ্লাদৰ বিষ্ণুভক্তিৰ বিৱৰণ নাই৷ হয়তো প্ৰাক্‌শংকৰী যুগৰ বামন-পুৰাণত সেই কাহিনী আছিল৷ “প্ৰহ্লাদ চৰিত্ৰ” এখনি বৰ্ণনাত্মক কাব্য৷ দানৱৰাজ হিৰন্যকশিপুৰ পুতেক প্ৰহ্লাদে বিষ্ণুক ভক্তি কৰাৰ বাবে নিজ পুত্ৰৰ ওপৰত তেওঁ অত্যন্ত উৎপীড়ন চলাইছিল৷ শেষত বিষ্ণুৱে নৰসিংহৰ অৱতাৰ ধাৰণ কৰি হিৰন্যকশিপুক বধ কৰে৷ এই কাহিনীয়েই কবিয়ে সৰল আৰু ঘৰুৱা ভাষাত কাব্যখনিত বৰ্ণনা কৰিছে৷ যুক্তাক্ষৰৰ প্ৰয়োগ এই কাব্যত অতি সীমিত৷ এই কাব্যত সূক্ষ্ম কলাবোধ আৰু সুদূৰ-পসাৰীৰ কল্পনাৰ পৰিচয় পোৱা নাযায়৷ কিন্তু পৰিস্থিতি আৰু ঘটনাৰ সৰল আৰু সহজে বুজিব পৰা বিৱৰণ আছে৷ তেওঁ সহজ আৰু ঘৰুৱা পৰিৱেশৰ মাজেৰে বিষয়বস্তু প্ৰকাশ কৰিছে৷ তেওঁৰ আন এখন কাব্য গ্ৰন্থ হ’ল “হৰগৌৰী সংবাদ”৷ হেমসৰস্বতীৰ এইখন কাব্যৰ মূল বিষয় বস্তু হ’ল- তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম ইত্যাদি৷ এই গ্ৰন্থখনত বিশেষভাবে কালিদাসৰ “কুমাৰসম্ভৱ” আৰু “কালিকাপুৰাণ”ৰ প্ৰভাব পৰা দেখা যায়৷ “হৰগৌৰী সংবাদ” কবিৰ কবিত্ব গুণৰ পৰিচয় আৰু পৰিণত বয়সৰ ৰচনা৷

কমতাৰাজ দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা হেমসৰস্বতীৰ সমসাময়িক আন এজন কবি হ’ল- কবিৰত্ন সৰস্বতী৷ তেওঁ আছিল বৰপেটা অঞ্চলৰ ছোটশিলা নামে গাঁৱৰ চক্ৰপাণি শিকদাৰৰ পুত্ৰ৷ কবিৰ দেউতাক আছিল ৰজাৰ কৰ্মচাৰী৷ কবিৰত্ন সৰস্বতী চতুৰ্দশ শতিকাৰ মধ্য ভাগৰ কবি আছিল৷ তেওঁৰেই বংশধৰ হ’ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ৷ কবিৰত্ন সৰস্বতীয়ে ৰচনা কৰা কাব্য সমূহ হ’ল- “জয়দ্ৰথ বধৰ কাহিনী”, “শকুন্তলাৰ উপাখ্যান”, “যযাতিৰ চৰিত্ৰ” আৰু “কৈলাস বৰ্ণনা”৷ “জয়দ্ৰথ বধৰ কাহিনী”ত মহাভাৰতৰ দ্ৰোণপৰ্বৰ জয়দ্ৰথবধৰ কাহিনীটো কবিয়ে কাব্য আকাৰে বৰ্ণনা কৰিছে৷ কৈলাসৰ ফল-মূলৰ শোভা, শিৱৰ অনুচৰবোৰৰ বিস্ময়জনক বৰ্ণনা, নাগৰিকসকলৰ ৰূপ যৌৱন আৰু মদন-চঞ্চল হাৱ-ভাৱৰ সুন্দৰ বৰ্ণনা “কৈলাস বৰ্ণনা”ত কবিয়ে দিছে৷

প্ৰাক্‌শংকৰী যুগৰ আন এজন কবি হ’ল ৰুদ্ৰ কন্দলি৷ তেওঁ পৃষ্ঠপোষকতা লাভ কৰিছিল শ্ৰীমন্ত তাম্ৰধ্বজৰ পৰা৷ দুৰ্লভনাৰায়ণৰ প্ৰতিদ্বন্দ্বী আৰু সমসাময়িক ৰজা ধৰ্মনাৰায়ণ শ্ৰীমন্ত তাম্ৰধ্বজৰ দেউতাক আছিল৷ ৰুদ্ৰ কন্দলিয়ে ৰচনা কৰা কাব্যখন হ’ল- “সাত্যকি প্ৰবেশ”৷ মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত “জয়দ্ৰথ বধ” নামৰ উপপৰ্বত থকা শিনিপুত্ৰ সাত্যকীৰ যুদ্ধ যাত্ৰা আৰু বিৰত্বব্যঞ্জক কথাখিনি সুন্দৰ ভাবে কাব্যখনিত বৰ্ণনা কৰা হৈছে৷ কবিয়ে ঠায়ে ঠায়ে মূল মহাভাৰতৰ কাহিনী চমুৱাইছে, বহলাইছে আৰু কোনো কোনো ঠাইত সম্পূৰ্ণৰূপে অনুসৰণো কৰিছে৷ কাব্যখনি বিশেষকৈ যুদ্ধৰ বিৱৰণেৰে পৰিপূৰ্ণ৷ কাব্যখনিৰ ঠায়ে ঠায়ে ঘৰুৱা উপমা আৰু চিত্ৰ সংযোজন কৰি কবিয়ে কাব্যখনি পাঠকৰ মনোগ্ৰাহী কৰি তুলিছে৷

কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি হ’ল হৰিবৰ বিপ্ৰ৷ তেওঁ প্ৰাক্‌শংকৰী যুগৰ কবিসকলৰ ভিতৰত অন্যতম৷ হৰিবৰ বিপ্ৰই তিনিখন কাব্য ৰচনা কৰিছিল৷ “বব্ৰুবাহনৰ যুদ্ধ”, “লৱকুশৰ যুদ্ধ” আৰু “তাম্ৰধ্বজৰ যুদ্ধ” এই তিনিওখন কাব্যৰ বিষয়বস্তু জৈমিনীয় আশ্বমেধিক পৰ্বৰ পৰা লোৱা৷ মূল জৈমিনি মহাভাৰতৰ যুধিষ্ঠিৰৰ আশ্বমেধ যজ্ঞত ঘোঁৰাৰ অনুসৰণত যাওঁতে অৰ্জুন কেনেকৈ মণিপুৰ নগৰত তেওঁৰ পুত্ৰ বব্ৰুবাহনৰ লগত যুদ্ধ কৰি মৃত্যুৰ মুখত পৰিল৷ আৰু পুতেক বব্ৰুৱাহনে মাক চিত্ৰাঙ্গদা আৰু নাগকন্যা উলুপীৰ পৰামৰ্শ মতে পাতালৰ পৰা সঞ্জীৱনী মণি আনি বাপেকক পুনৰ্জীৱিত কৰিছে তাকেই বৰ্ণনা কৰা হৈছে৷ হৰিবৰ বিপ্ৰই একে লক্ষণযুক্ত দুয়োটা আখ্যান স্বতন্ত্ৰ কাব্যৰূপে ৰচনা কৰিছে “বব্ৰুবাহনৰ যুদ্ধ” আৰু “লৱকুশৰ যুদ্ধ” হিচাপে৷ “তাম্ৰধ্বজৰ যুদ্ধ” এতিয়া পুৰ্ণৰূপত উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ মূলৰ কাহিনী দুটাৰ বৰ্ণনা দিওঁতে কবিয়ে কোনো তাৰতম্য ঘটোৱা নাই৷ মৌলিক সৃষ্টিৰ দিশতো বিশেষ সাল সলনি কৰা দৃষ্টিগোচৰ নহয়৷ কিন্তু দেশ , কাল , পাত্ৰৰ উপযোগী কৰিবলৈ মূল কাহিনী বিকৃত নকৰাকৈ ঠায়ে ঠায়ে কিছু কথা পৰিহাৰ কৰিছে আৰু মূলত নথকা দুই এটা কথা সংযোগ কৰি কাহিনীভাগ আকৰ্ষণীয় ৰূপত বৰ্ণনা কৰিছে৷ কাব্যখনে পাঠকৰ অন্তৰঙ্গতা লাভ কৰাৰ প্ৰতি কবিয়ে বিশেষভাবে লক্ষ্য ৰাখিছিল৷ কাব্য দুখনে পাঠকৰ অন্তৰ স্পৰ্শ কৰি ৰসানুভুতি সৃষ্টি কৰাত সক্ষম হৈছিল৷ “বব্ৰুবাহনৰ যুদ্ধ”ত মণিপুৰৰ বিৱৰণত ঘৰ-দুৱাৰ, হাটি-বাটী, গছ-গছনি, ফল-ফুল, ঘৰৰ ভিতৰৰ দেৱালৰ চিত্ৰকৰ্ম সকলোতে অসমৰ ঘৰ-বাৰী, ফল-মূল, চৰাই-চিৰিকতিৰ প্ৰতিচ্ছবি পোৱা যায়৷ সেইদৰে “লৱ-কুশ”ৰ যুদ্ধত ৰামৰ পুংসৱন ক্ৰিয়াৰ বিৱৰণ আমাৰ অসমত এতিয়াও প্ৰচলিত পুংসৱন ক্ৰিয়াৰ প্ৰতিচ্ছবি মাত্ৰ৷ এনে ধৰণৰ বহু উদাহৰণে কাব্য দুখনিক অসমীয়াৰ বুকুৰ আপোন কৰি তুলিছে৷ তেওঁৰ তিনিওখন কাব্যতে তৰুণৰ বিজয়গাথা ঘোষিত হৈছে৷ সেইবাবে এই কাব্যকেইখনক তৰুণ প্ৰশস্তিমূলক কাব্য বুলিব পাৰি৷

প্ৰাক্‌শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল কবিৰাজ মাধৱ কন্দলি৷ তেওঁ আছিল অসমৰ পূবমধ্যাঞ্চলৰ অধিপতি বাৰাহ ৰজা মহামাণিক্যৰ ৰাজকবি৷ বাৰাহ ৰজাৰ ৰাজধানী সেই সময়ত সাহিত্য চৰ্চাৰ কেন্দ্ৰ স্বৰূপ আছিল৷ উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাত পোনপ্ৰথমে ৰামায়ণ ৰচনা কৰিছিল মাধৱ কন্দলিয়ে৷ তেওঁ সপ্তকাণ্ড ৰামায়ণ চমুকৈ অনুবাদ কৰিছিল যদিও আদিকাণ্ড আৰু উত্তৰাকাণ্ড শংকৰী যুগত নাছিল৷ আদিকাণ্ড মহাপুৰুষ মাধৱ দেৱ আৰু উত্তৰাকাণ্ড মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল৷ কাব্যখনিত কবিয়ে পৰিবেশ চিত্ৰণত, নৈসৰ্গিক, শোভা বৰ্ণনাত, বীৰ ৰস, হাস্য ৰস, কৰুণ ৰস আদি ৰস সৃষ্টিত আৰু শব্দ চয়নত যথেষ্ট দক্ষতা প্ৰকাশ কৰিছে৷ অযোধ্যা কাণ্ডৰ প্ৰথম অধ্যায়ত থকা উৎসৱমুখী অযোধ্যাৰ চিত্ৰ, ৰাম বনলৈ যাওঁতে দশৰথৰ মানসিক অৱস্থা, প্ৰজাবিলাকে ৰামক আনুগমন কৰাৰ বিৱৰণ, ৰামে সীতাৰ আগত দিয়া বনবাসৰ ভয়াবহ চিত্ৰ, চিত্ৰকূটবনৰ নৈসৰ্গিক শোভা, প্ৰস্ৰবণ গিৰিৰ বৰ্ষাকালীন সৌন্দৰ্য, লঙ্কাৰ বৰ্ণনা, বিকটাকাৰ ৰাক্ষসৰ বিস্ময়জনক চিত্ৰ, যুগৰ পুঙ্খানুপুঙ্খ বীৰত্বব্যঞ্জক বিৱৰণ আদি সকলোতে কন্দলিৰ কবি প্ৰতিভাৰ প্ৰকাশ হৈছে৷ চৰিত্ৰ সমূহৰ শৰীৰৰ সৌষ্ঠৱ বা বিকৃতি আৰু মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়া বৰ্ণনাতো কন্দলিয়ে কৃতিত্ব প্ৰদৰ্শন কৰিছে৷ তেওঁৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ দ্বিতীয়সৰ্গত প্ৰকাশ পোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল শৃংগত অৱতৰণ কৰা আৰু ত্ৰিকূট পৰ্বতৰ ওপৰত দেখা ৰজা ৰাৱণৰ লংকা নগৰীৰ যি বৰ্ণনা সেয়া অসমীয়া ৰাইজৰ অতি প্ৰিয়৷ লংকা নগৰীত প্ৰবেশ কৰি হনুমানে তাত দেখিবলৈ পোৱা ৰাক্ষসবিলাকৰ যি বৰ্ণনা দিছে তাত হাস্য ৰসৰ উদ্ৰেগ হৈছে৷ এই ৰাক্ষসবিলাক-

“কতো কুঁজা কতো খোৰা কতো গোট কলা৷
কতোহো নাৰঙ্গা সোভা কুণ্ডলীয়া শোলা৷৷”

“অন্ধলাৰ কান্ধত পেঙ্গুৱা যাই চড়ি
পেঙ্গুৱাৰ উদ্দেশ্যে অন্ধলা কাঢ়ে ভৰি৷৷”

এনেধৰণৰ বহুতো হাস্যৰস সৃষ্টি কৰিব পৰা উক্তি কবিয়ে কাব্যখনিত ব্যৱহাৰ কৰিছে৷ হনুমানৰ বিভিন্ন কাৰ্যতো হাস্যৰস দেখিবলৈ পোৱা যায়৷ কন্দলিৰ ৰামায়ণত শৃংগাৰ ৰস, ৰৌদ্ৰ ৰস আদি সকলোবোৰ ৰসেই দেখিবলৈ পোৱা যায়৷

উক্ত আলোচনাৰ পৰা আমি ক’ব পাৰোঁ যে প্ৰাকশংকৰী যুগৰ সাহিত্যৰাজি কেৱল কাব্য সাহিত্য৷ ৰাজকীয় পৃষ্ঠপোষকতাত কবিসকলে একান্তভাৱে সাহিত্য চৰ্চা কৰিছিল৷ এই যুগৰ সাহিত্যৰ বিষয়বস্তুৰ মূল উৎস আছিল ৰামায়ণ আৰু মহাভাৰত৷

★★★★

3 Comments

  • হেমন্ত কাকতি

    প্ৰৱন্ধটো সুন্দৰ লাগিল চবীনা ৷ বহু পুৰনি ইতিহাস জানিব পাৰিলো ৷ বহুত ধন্যবাদ আৰু লগতে অভিনন্দন থাকিল ৷

    Reply
  • Manash Saikia

    চবিনা , ভাল লাগিল৷হেম সৰস্বতী আৰু কবিৰত্ন সৰস্বতীৰ বিষয়ে বিষদ ভাৱে প্ৰথম জানিলো৷বাকীকেইজনৰ বিষয়েও ধুনীয়াকৈ লিখিছা৷

    Reply
  • Malin Majumdar

    প্ৰবন্ধটো ভাল লাগিল।
    চবিনালৈ শুভেচ্ছা জনালোঁ‌।

    Reply

Leave a Reply

Your email address will not be published.