ফটাঢোল

প্ৰিয়া মোৰ তুমি অবুজন – মানবেন্দ্ৰ কুমাৰ শৰ্মা

‘আহানা!’

তেওঁৰ আহ্বানত মোৰ উখল-মাখল লাগিল৷ তথাপি মই যেন একো শুনাই নাই, এনে ভাৱত কৰি থকা কামটোতেই মন দি থাকিলোঁ৷

‘এতিয়াই আহা৷’

মোৰ খেলি-মেলি লাগিল। কি কৰা যায়!

‘এতিয়া, এই মুহূৰ্ততেই আহা৷’

মই অস্থিৰ হৈ উঠিলোঁ৷ তেওঁৰ মাজত কিবা এটা যে মায়াময় যাদু আছে সেইটো সঁচা৷ সেই ৰহস্যময় মণি-মুকুতাৰ মাজত নিজকে বিলীন কৰি মোৰো অমিয়া পান কৰাৰ মন৷ মোৰ মনটোৱে মনা নাই, নিজকে সংযত কৰিব পৰা নাই, এতিয়া গৈয়েই যেন সেই ৰহস্যময়ীতাত ডুব দিম, তেনে লাগিল৷ পিছে মই হ’লো সাংসাৰিক মানুহ, কামবোৰ চাই-চিতি কৰিবই লাগিব৷ নহ’লে সময়ত যে সাংসাৰিক খেলিমেলি লাগিব সেইটো নিৰ্ঘাত৷

কিবাকৈ কৰি থকা কামটো খৰ-ধৰকৈ শেষ কৰি মই বাইকৰ চাবিপাত হাতত ল’লোঁ। তেওঁৰ আহ্বান উলাই কৰা বৰ মস্কিল!

শ্ৰীমতীয়ে পিছৰপৰা ক’লে –

 ”ক’লৈ যোৱা?  আৰু এইবোৰ কি কৰিলা?  এই সাধাৰণ অংকটোও ঠিকমতে নকৰিলা; ল’ৰাক এয়াহে শিকালা?  আজিকালি তুমি বৰ অন্যমনস্ক হৈ থাকা৷ অলপ চাই-চিতি ফুৰিবা দেই৷’’

হে হৰি! বুকুখনত যেন কিহবাই চেৰেঙকৈ মাৰিলে৷ এওঁ কিবা উমান পালে নেকি? এতিয়া, এই বুঢ়া কালত মোৰ পৰকতি লৰা বুলি নাভাবিলেই ৰক্ষা! কি কৰা যায় এতিয়া!

চুচুক-চামাককৈ ঘৰৰ ল’ৰা ঘৰলৈয়ে উভতি আহিলোঁ৷ সংসাৰ আগত, মাণিকৰ সন্ধান পিছত৷

তেওঁ পিচে তেনেদৰে মোক মাতিয়েই থাকিল; আৰু ময়ো যেন সংযমৰ প্ৰতিজ্ঞাহে ল’লোঁ৷

দুদিনমানৰ বাবে মই গাঁৱলৈও গ’লোঁ৷ গাঁৱত তেনেকৈ নেটৱৰ্ক পোৱা নাযায় বাবে তেওঁ তেনেকৈ প্ৰৰোচিত কৰাৰো বিশেষ সুযোগ নাই!

মোৰ নিষ্ঠুৰতা দেখি তেওঁৰো চাগে অভিমান হৈছিল৷ পিছে প্ৰিয়াৰ হে অভিমান, কিমান দিনলৈ মুখ ফুলাই থাকিব?  মই গুৱাহাটী গৈ পোৱাৰ লগে লগেই তেওঁৰ অভিমান পলাল! তেওঁৰ আহ্বানত পুনৰ মোৰ মন হ’ল চঞ্চল,  মই সুযোগৰ অপেক্ষাত ৰ’লোঁ৷

ভোগালী বুলি ল’ৰাৰ স্কুল বন্ধ৷ পৰিয়াল গাঁৱলৈ গ’ল৷ দুদিনমানৰ বাবে মই এতিয়া একেবাৰেই অকলশৰীয়া৷

তেনেতেই তেওঁৰ কাতৰ আহ্বান! সেই কাতৰতাই মোৰ সংযমৰ বান্ধ লৰক-ফৰক কৰিলে৷ মনৰ লক্‌লকনিয়ে ৰণুৱা ঘোঁৰাৰ লয় ল’লে৷ নাই নাই, মইতো জগতত নোহোৱা-নোপোজা একো এটা কৰিব খোজা নাই৷ কেৱল তেওঁৰ বুকুত অৱগাহনৰ চলেৰে কিছু মণি-মুকুতাৰহে সন্ধান কৰিম৷ একো মহাভাৰতখন অশুদ্ধ হৈ নাযায় নহয়! আৰু এনেও নহয় যে মই মোৰ সাংসাৰিক দায়িত্ব পালনত আওকাণ কৰিছোঁ৷ সকলো আগৰদৰে সুকলমেই চলি থাকিব৷

মুহূৰ্ততে মই সাজি-কাঁচি ওলালোঁ৷ আজিকালি দিনকাল ভাল নহয়, চাই-চিতি খোজ দিয়া ভাল;  নহ’লে কোন তলকত কি হয় একো ক’ব নোৱাৰি৷ সিদিনা ঘৰৰপৰা ওলাই যোৱা চটফটীয়া ল’ৰাজন নিথৰ হৈহে ঘৰৰ চোতাল পাইছিল৷ মই সাৱধানে খোজ দিলো।

মই গন্তব্য স্থান পালো। ভিতৰি ভিতৰি মই অলপ ৰোমাঞ্চিত হৈও উঠিলো, অতদিনৰ হেঁপাহ আজি সমূলে উচল কৰিব লাগিবতো! কথাটো ভাবি মই চাগে অলপ অন্যমনস্ক হৈ পৰিছিলো।

মোক তেনেকৈ ষ্টেচুৰ দৰে থিয় হৈ থকা দেখি তেওঁ কিজানি অলপ বিৰক্ত হ’ল৷ সেয়ে অলপ ৰুক্ষতাৰে সুধিলে, –

 ”কি হ’ল?’’

সেই ৰুক্ষ স্বৰে যে মোক অলপ আহত কৰিলে সেইটো সঁচা, তথাপি মই খং কৰিলে নহ’ব৷ মোৰ উদ্দেশ্য সাধনৰ বাবে এই সময়ত বেলেগ ৰাস্তা লোৱাৰ আৰু মন নায়৷ এওঁক সন্তুষ্ট কৰিব লগা গ্ৰাহক মোৰ দৰে আৰু কেইবাজনো আছে৷ সকলোকে তৃপ্ত কৰিবই লাগিব৷ মই জানো,  তেনেকৈয়ে তেওঁ পেট পালি আছে, ঘৰ এখন পোহপাল দি আছে৷ মই বাট ভেঁটি আনৰ হেঙাৰ হৈ থকাত তেওঁৰ সেই ৰুক্ষতা স্বাভাৱিক যেন লাগিল৷

মুহূৰ্ততে মোৰ সম্বিত ঘূৰি আহিল, তেনেকৈ অতপৰ নিৰৱে থকাৰ কথা ভাবি মোৰ অলপ লাজো লাগিল৷

কেইমাহমান এই দুনীয়াৰ মই গ্ৰাহক নাছিলো বাবে নতুন আদৱ-কায়দা সম্পৰ্কেও সিমান ওৱাকিৱহাল নাছিলো। আজিকালি পুৱাৰ দৰ গধূলিলৈ নৰজে৷ প্ৰতিযোগিতাৰ এই বজাৰত গ্ৰাহকক মোহিত কৰাৰ মুহূৰ্তে-মুহূৰ্তে নতুন কৌশল৷ কিন্তু চল পালেই আনৰ মূৰত নাৰিকল ভাঙিব খোজা মানুহৰো অভাৱ নাই, সেয়ে মোৰ সেই অজ্ঞতা যাতে জাহিৰ নহয় আৰু ময়ো উৎকৃষ্ট সুবিধাটোৱে লাভ কৰোঁ, তেনে ঢঙত ইফালে-সিফালে চাই লাহেকৈ গপচত মাত দিলো,

”অ’ টু জিবি মানৰ নেটপেক এটা ৰিচাৰ্জ কৰি দিয়াহে।’’

মই পইচা উলিয়াই তেওঁক দিলো।

এতিয়াহে মনটো শাঁত পৰিছে৷ তেওঁৰ বুকুত মূৰ গুজাৰ বাটটো কাটি উলিয়ালো যেতিয়া দুদিনমান এই দুনীয়াৰ মাজতেই অহৰহ ডুবি থাকিম!

☆★☆★☆

 

One comment

  • প্ৰিয়ম চুতীয়া

    বৰ উতকন্ঠাৰে পঢ়িলো

    Reply

Leave a Reply

Your email address will not be published.