ফটাঢোল

প্ৰীতি উপহাৰ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

বৰুৱাপুত্ৰ ৰক্তবীজৰ বিয়া হোৱা দুদিন হ’ল। বহুদিনৰ পৰা বিৰাজ কৰা উদুলি-মুদুলি পৰিৱেশটো কিছু শান্ত হ’ল। ওপৰ মহলাৰ ডাঙৰ কোঠা এটা বিয়াত পোৱা উপহাৰেৰে ভৰি পৰিছে। এটি এটিকৈ ৰং-বিৰঙী কাগজেৰে মেৰিওৱা উপহাৰ খুলিছে। বেছিভাগ প্লাষ্টিকৰ কাপ-প্লেট আৰু বাটিৰ ছেট।

: “এইবোৰ ছাৰ্ট একদম আউটডেটেড ডিজাইনৰ। তইনো ক’ত পিন্ধিবি!” মাকে দেখুওৱা ছাৰ্টবোৰ চালে ৰক্তবীজে, এটাও ভাল নালাগিল। সঁচাকৈয়ে পুৰণি ডিজাইনৰ ছাৰ্ট সেইবোৰ।

: “দুদিন পাছত আমাৰ চুবুৰীৰ শক্তি শৰ্মাৰ পুতেকৰ লগুণদিয়নী। ইয়াৰপৰাই ছাৰ্ট এটি দিলেই হ’ল…। আৰু মই এই কাপ-প্লেটৰ ছেটবোৰ ভালকৈ বান্ধি থওঁ, দুবছৰলৈ বিয়া-কাজ এইবোৰেৰে চলাই দিম” -মাকে হাঁহিলে৷

: “নয়নাৰ মামাৰ ল’ৰাৰ বিয়াতো এই ছাৰ্ট এটিয়েই উপহাৰ দিব পাৰিলোঁহেঁতেন, পিছে তেওঁলোক নিজৰ মানুহ এতিয়া, নোৱাৰিম হে: হে:”- ৰক্তবীজৰ কথাত নৱ-বিবাহিতা পত্নী নয়নাই ঘোপাকৈ চালে তালৈ।

নয়নাৰ মামা বিমল বৰা নতুনকৈ আহিছে চুবুৰীটোলৈ। শক্তি শৰ্মাহঁতৰ কাষৰ ঘৰটো তেওঁলোকৰ। চুবুৰীটোত দুখন বিয়া আৰু এখন উপনয়ন প্ৰায় অগাপিছাকৈ হ’ল। উখল-মাখল পৰিৱেশটো বিমল বৰাৰ পুতেকৰ বিয়াৰ পাছত কিছু নিজম পৰিল৷ এমাহমান পাছত এদিন দুপৰীয়া বিমল বৰাহঁতৰ ঘৰলৈ গ’ল ৰক্তবীজ আৰু নয়না। ভাত খোৱাৰ নিমন্ত্ৰণ। অহাৰ সময়ত নয়নাৰ মামীয়েক বৰাপত্নীয়ে বৰ মৰমেৰে উপহাৰৰ টোপোলা এটি তুলি দিলে ৰক্তবীজৰ হাতত।

: ”কিয়নো আকৌ দিব লাগে? বিয়াত দিছিলাহে” – নয়নাই মামীয়েকক ক’লে।

: ”হাৰে! আজি ভাগিন জোঁৱাই বিয়াৰ পাছত প্ৰথম আহিছে আমাৰ ঘৰলৈ। একো এটা নিদিম নে? মামাৰাই কালিয়েই কিনি আনি পেক্ কৰি থৈছে” – মামীয়েকে হাঁহিলে মিচিকিয়াই।

: ”এই ছাৰ্টটো চিনাকী লাগিছে বিৰাট। এনেকুৱা ছাৰ্ট এটি শক্তি শৰ্মাৰ পুতেকৰ লগুণদিয়নীত দিয়া নাছিলোঁ জানো? পাহৰিলোঁ।…যিয়েই নহওঁক এইটো যে মই নিপিন্ধোঁ, কাৰোবাক দি দিবা”- ঘৰত উপহাৰৰ টোপোলাটো খুলি ৰক্তবীজে নয়নাক ক’লে। নয়নাই অলপ দেৰি ছাৰ্টটো চাই থাকিল। তাইৰো সম্ভৱ কিবা মনত পৰিল। তাই মনে মনে ৰ’ল।

সেইদিনা সন্ধিয়া কমলা বাইৰ পুতেক ৰাজু আহিল বৰুৱাহঁতৰ ঘৰলৈ। কমলা বায়ে বৰুৱাৰ ঘৰত পুৱা-গধুলি কাম কৰে। ৰাজুৱে এইবাৰ মেট্ৰিক পাছ কৰিছে।

: ”ৰাজু, এইটো পেকেট ল, ৰক্তই কিনি আনিছে তোৰ কাৰণে৷ ছাৰ্ট, পিন্ধিবি দেই” – দুপৰীয়া নয়নাৰ মামীয়েকে দিয়া ছাৰ্টটো বৰুৱানীয়ে ৰাজুৰ হাতত দিলে।

ৰাতি কমলা বাইৰ ঘৰত-

: ”মই কৈছিলোঁ নহয়, দুশ টকাৰ ছাৰ্ট তেওঁলোকে নিপিন্ধিব বুলি। তইহে পাঁচলি বিক্ৰী কৰি পোৱা টকাৰে…”

: ”ৰাজু, একে ধৰণৰ ছাৰ্ট বহুত থাকে ও। কেনেকৈ ক’বি এইটো যে সেইটোৱেই চোলা?” – কমলা বাইৰ দুচকু চলচলীয়া।

”এয়া চোৱা, মই নিজেই লিখি এই টুকুৰাটো ছাৰ্টটোৰ পকেটৰ ভিতৰত সুমুৱাই দিছিলোঁ৷ এতিয়াও আছে তেনেকৈয়ে। উলিওৱাই নহ’ল কিজানি তেওঁলোকৰ”

কাগজৰ টুকুৰাটোত লিখা আছিল – ”ৰক্তবীজ বৰুৱাৰ শুভ বিবাহত প্ৰীতি উপহাৰ…ইতি- কমলা বৰ্মন আৰু ৰাজু বৰ্মন!”

☆★☆★☆

9 Comments

  • ৱাহ….সাংঘাটিক বুলিহে কলো আৰু ।💚

    Reply
  • শেষলৈ মন সেমেকিল। কিন্তু এয়াই যেন হৈ থাকে, — ভাল লাগিল।

    Reply
  • ৰিণ্টু

    ভাল লাগিল পঢ়ি দিগন্ত, তোমাৰ এটা নিজস্ব শৈলী আছে, অত্যন্তই আকৰ্ষক

    Reply
  • MITALI Saharia

    উফফ ….কৰবাত লাগি গল সচাকৈ।

    Reply
  • অভিজিত কলিতা

    দিগন্তই সদায়ে এই মধ্যবিত্তসুলভ অহেতুক স্বভাৱ বিলাক উদঙাই আহিছে। নিয়মো মানিব কিন্তু আন্তৰিকতা নাই। বহুত ভাল লাগিল

    Reply
  • অভিজিত কলিতা

    দিগন্তই সদায়ে এই মধ্যবিত্তসুলভ অহেতুক স্বভাৱ বিলাক উদঙাই আহিছে। নিয়মো মানিব কিন্তু আন্তৰিকতা নাই। বহুত ভাল লাগিল

    Reply
  • জাহ্নৱী

    ভাল লাগিল৷ উপহাৰ এনেকৈয়ে ঘূৰি থাকে৷

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.