ফটাঢোল

প্ৰেমচান্দৰ ফটা জোতা (মূল:হৰিশংকৰ পৰছাই) – অনুবাদ : পূৰবী এম কটকী

প্ৰেমচান্দৰ এখন আলোকচিত্ৰ মোৰ সম্মুখত আছে, পত্নীৰ সৈতে উঠা ফটো। মূৰত এবিধ ডাঠ কাপোৰৰ টুপী, কুৰ্তা আৰু চুৰিয়া পিন্ধি আছে। গালদুখন সোমাই আৰু গালৰ হনু দুটা ওলাই আছে, ডাঠ মোছখিনিয়ে চেহেৰাটো পূৰ কৰি পেলাইছে। ভৰিত কেনভাছৰ জোতা, য’ত ফিটাকেইডাল বন্ধা হয় তাত মনোযোগ নিদিয়াৰ বাবে লোহাৰ চিৰিটো ওলায় গৈছে আৰু ফুটাকেইটাত ফিটা ভৰাৱলৈ অসুবিধা হৈ যায়। এতিয়া ফিটাকেইডাল যেনেতেনে টানি ৰখা হৈছে। সোঁ ভৰিৰ জোতা থিকেই আছে কিন্তু বাওঁভৰিৰ জোতাপাতত ডাঙৰ ফুটা হৈ গৈছে। সেইখিনিতেই আঙুলি বাহিৰলৈ ওলায় গৈছে। মোৰ দৃষ্টি সেই জোতাপাতত ৰৈ গ’ল। ভাবিছোঁ, ফটো উঠাৰ যদি এয়াই পোছাক হয়, তেনেহ’লে পিন্ধাৰ কি হ’ব!

নহয়, এই মানুহজনৰ বেলেগ বেলেগ পোছাক নাথাকিব। এইজনৰ পোছাক সলনি কৰাৰ গুণ নাই, তেওঁ যিধৰণৰ সেইধৰণেই ফটোত উঠে। মই চেহেৰাৰ ফালে চালোঁ, তুমি জ্ঞাত নে মোৰ সাহিত্যিক পুৰুষ যে তোমাৰ জোতা ফাটি গ’ল আৰু তোমাৰ আঙুলি বাহিৰত প্ৰকট হৈছে? তোমাৰ বাৰু অলপো অনুভৱ হোৱা নাই নে? তোমাৰ অলপো লাজ, সঙ্কোচ, বা আক্ষেপ নাই নে? তুমি ইমানো নাজানা নে যে চুৰিয়াখন অলপ তললৈ টানি হ’লেই আঙুলি ঢাক খায় গ’লহেঁতেন? কিন্তু তথাপি তোমাৰ চেহেৰাত নিৰুদ্বেগতা, বহুত বিশ্বাস আছে। ফটোগ্ৰাফাৰে যেতিয়া ‘ৰেদি প্লিজ’ বুলি কৈছিল, তেতিয়া পৰম্পৰা অনুসৰি তুমি হাঁহিবলৈ চেষ্টা কৰিছিলা চাগে, দুখৰ গভীৰ কুঁৱাৰ তলত পৰি থকা হাঁহিটো লাহে লাহে টানি তুলিছিলা চাগে, তাৰ মাজতেই ফটোগ্ৰাফাৰে ‘ক্লিক’ কৰি ‘থেংক ইউ’ কৈ দিলে চাগে। বিচিত্ৰ এই আধৰুৱা হাঁহি। এইটো হাঁহি নহয়, উপহাস …ব্যঙ্গহে। এইজন কেনধৰণৰ মানুহ, যিজনে নিজে ফটা জোতা পিন্ধি ফটোত উঠিছে, অথচ আন কাৰোবাক হাঁহিছে। ফটোৱেই যদি উঠিবলগীয়া আছিল, তেনেহ’লে ভাল জোতা পিন্ধি ল’ব লাগিছিল নাইবা উঠিৱই নালাগিছিল। ফটোত নুঠা হ’লে কিনো বেয়া হ’লহেঁতেন?

চাগে পত্নীৰ আগ্ৰহ আছিল আৰু তোমাৰ , “বাৰু হ’ব ভাই।” কৈ নিৰ্লিপ্তভাৱে বহি থাকিলা। কিন্তু এইটো কিমান ডাঙৰ ‘ট্ৰেজেদি’ যে মানুহৰ ওচৰত ফটোত উঠিবলৈও জোতা নাই। মই তোমাৰ এই ফটোখন চাই চাই তোমাৰ ক্লেশক নিজৰ ভিতৰত অনুভৱ কৰি যেনেকৈ কান্দি দিব খোজোঁ কিন্তু তোমাৰ চকুৰ এই তীক্ষ্ণ যান্ত্ৰণাৰে ভৰা ব্যঙ্গই মোক বাধা দিয়ে। তুমি ফটোৰ মহত্ত্ব নুবুজা। বুজি পোৱা হ’লে, ফটোত উঠিবলৈ কাৰোবাৰ পৰা জোতা বিচাৰি ল’লাহেঁতেন।

মানুহেতো কোট বিচাৰি পিন্ধাই দৰাও দেখোৱাই আৰু বিচাৰি গাড়ী লৈ দৰাঘৰীয়া হৈয়ো যায়। ফটোত উঠিবলৈ পত্নীলৈকে বিচাৰি লৈ যায়, তোমাৰ দ্বাৰা জোতা এযোৰো বিচৰা নহ’ল! তুমি ফটোৰ মহত্ত্ব নাজানা৷ মানুহেতো সুগন্ধি লেপি ফটোত উঠে, যাতে ফটোত সুগন্ধি বিয়পি পৰে। লেতেৰা পেতেৰা মানুহৰ ফটোৱেও সুগন্ধি দিয়ে। টুপীতো আঠ অনাটো পোৱা যায় আৰু জোতা এই সময়তো পাঁচটকাতকৈ কমত পোৱা নাযায়। জোতা সদায় টুপীতকৈ দামীহে পোৱা যায়। এতিয়াতো জোতাৰ দাম টুপীতকৈ আৰু বাঢ়িলে আৰু এযোৰ জোতাত পঁচিশটা টুপী অৰ্পণ কৰিব পাৰি। তুমিও জোতা আৰু টুপীৰ অনুপাতিক মূল্যত মৰি গ’লা। এই বিড়ম্বনাৰ তীব্ৰতাই আগতে কেতিয়াও এনেকৈ বিন্ধা নাছিল, যিমান এতিয়া বিন্ধিছে, যেতিয়াই মই তোমাৰ ফটা জোতাযোৰ দেখিছোঁ।

তুমি মহান কথাকাৰ, উপন্যাস-সম্ৰাট, যুগ-প্ৰৱৰ্ত্তক আৰু বহুত কিবাকিবি বুলি বিখ্যাত আৰু ফটোত তোমাৰ জোতাযোৰ ফটা। মোৰ জোতাযোৰো বৰ এটা ভাল নহয়, এনেই ওপৰৰ পৰা ভাল দেখি। আঙুলি বাহিৰলৈ নোলায়, কিন্তু বুঢ়া আঙুলিৰ তলুৱাটো ফটা। বুঢ়া আঙুলিটো মাটিত ঘঁহনা খায় আৰু টান মাটি কেতিয়াবা ঘঁহনি খায় তেজময় হৈ যায়। গোটেই তলুৱাটো সৰি পৰিব, সজাটো এৰাই যাব কিন্তু আঙুলিটো বাহিৰত নেদেখায়। তোমাৰ আঙুলিটো দেখা গৈছে, কিন্তু ভৰি সুৰক্ষিত থাকে। মোৰ আঙুলি ঢাক খায় আছে কিন্তু সজাটো তলেৰে ক্ষয় গৈছে। তুমি আঁৰ কৰাৰ মহত্ত্ব নাজানা, আৰু আমি আঁৰ কৰি কৰি শ্বহীদ হৈ গৈছোঁ। তুমি ফটা জোতা বৰ গপচত পিন্ধি আছা। মই এনেদৰে পিন্ধিব নোৱাৰোঁ। ফটোততো এনেকৈ কেতিয়াও নুঠোঁ, লাগিলে কোনোবাই জীৱনী ফটো নিদিয়াকৈয়ে ছপাই দিয়ক।

তোমাৰ এই ব্যঙ্গ হাঁহিয়ে মোৰ উৎসাহখিনি পিষ্ঠ কৰি পেলায়। কি অৰ্থ ইয়াৰ? কি হাঁহি এইটো? হীৰাৰ গুদাম হৈ গ’ল নেকি? পূৰ্ণিমা ৰাতি নীলগায়জনীয়ে হল্কুৰ খেতি পালেগৈ নেকি? চুজান ভগতৰ ল’ৰাটো মৰি থাকিল নেকি, কাৰণ ডাক্তৰে কল্বক এৰি থৈ আহিব নোৱাৰে? নাই, মোৰ এনে ভাব হয় মাধৰ মাইকীমানুহৰ মৃতদেহ ঢকা কাপোৰ আঁৰি চন্দ্ৰৰ মদ গিলিলে। তেনে হাঁহি যেনেই লাগে। মই তোমাৰ জোতাযোৰ পুনৰ চাওঁ।কেনেকৈ ফাটিলে এইযোৰ, মোৰ জনতাৰ লেখক? বহুত অহা-যোৱা হ’ল নেকি? ধৰুৱাৰ তাগিদাৰ পৰা বাচিবলৈ মাইল…দুই মাইল ঘৰলৈ উভটিছিলা? অহা-যোৱা কৰিলে জোতা নাফাটে, ক্ষয় যায়। কুম্ভনদাসৰ জোতাও চকীলৈ অহা-যোৱা কৰোঁতে ক্ষয় গৈছিল। তেওঁৰ বৰ পৰিতাপ হৈছিল। তেওঁ কৈছিল,

: অহা-যোৱাত পাদুকা ক্ষয় গ’ল, বিচাৰ হৰি নামত গ’ল৷

আৰু দিয়াসকলৰ বাবে এনেকৈ কৈছিল,

: যাক দেখি দুখ উপজে, তেওঁলোকক কৰিব লগা হৈছে চালাম।

খোজ কাঢ়িলে জোতা ক্ষয় যায়, নাফাটে…তোমাৰ কেনেকৈ ফাটিলে। মোৰ এনেকুৱা অনুভৱ হয়, তুমি কিবা টান বস্তুক গোৰ মাৰি আছিলা। কিবা বস্তু যি তৰপ তৰপকৈ যুগান্তৰৰ পৰা গোট মাৰি গৈছে। তাক চাগে তুমি গোৰিয়াই গোৰিয়াই নিজৰ জোতা ফালি দিলা। এনেকুৱা টিলা যি ৰাস্তাৰ মাজত ঠিয় হৈ দিলে, আৰু তাত তুমি জোতাযোৰ ব্যৱহাৰ কৰিলা। তুমি এইযোৰক ৰক্ষা কৰি তাৰ কাষেদিও আঁতৰি যাব পাৰিলাহেঁতেন। টিলাটোৰ লগত বুজাপৰাও হ’ব পাৰে সকলো নদীয়ে পাহাৰ নাভাঙিবও পাৰে। কিছুমানে সুঁতি সলায়, ঘূৰিও যাব পাৰে। তুমি বুজাপৰা কৰিব নোৱাৰিলা। তোমাৰো সেইটোৱেই দুৰ্বলতা আছিল নেকি যিটোৱে হৰিক লৈ ডুবিল, সেইটো ‘নাম-ধৰ্ম্ম’ দুৰ্বলতা? ‘নাম-ধৰ্ম্ম’ তাৰ বাবেও শিকলি আছিল কিন্তু তুমি যিধৰণে হাঁহি আছা, তাৰ পৰা অনুমান হৈছে ‘নাম-ধৰ্ম্ম’ তোমাৰ বন্ধন নাছিল, তোমাৰ মুক্তি আছিল। তোমাৰ সেই ভৰিৰ আঙুলিটোৱে মোক সঙ্কেট দিয়া যেন লাগিছে, যাক আমি ঘৃণনীয় বুলি ভাবোঁ তাক আমি হাতৰ নহয় ভৰিৰ আঙুলি দেখোৱাও। তুমি কি তেওঁৰ ফালে ইঙ্গিত দিছা যাক গোৰ মাৰোঁতে মাৰোঁতে তুমি নিজৰ জোতা ফালি দিলা? মই বুজি পাওঁ। তোমাৰ আঙুলিৰ ইঙ্গিতো বুজি পাওঁ আৰু এই ব্যঙ্গ হাঁহিও বুজি পাওঁ। তুমি মোক বা আমাৰ সকলোকে হাঁহিছা, যি আঙুলি লুকুৱাই আৰু ভৰিৰ তলুৱা চুচৰাই খোজ কাঢ়ি আছে। যি স্থিৰ টিলাটোৰ কাষেদিয়েই ফালৰি কাটি আঁতৰি গৈছে। তুমি কৈছা,

: মইতো গোৰিয়াই গোৰিয়াই জোতা ফালি দিলোঁ, আঙুলি বাহিৰলৈ ওলায় পৰিল। কিন্তু ভৰিকেইটা বাচি গ’ল আৰু আগবাঢ়ি গ’ল। কিন্তু তুমি আঙুলি ঢকাৰ চিন্তাত ভৰিৰ তলুৱা নাশ কৰি আছা, তুমি খোজ কাঢ়িবা কেনেকৈ?

মই বুজি পাওঁ, মই তোমাৰ ফটা জোতাৰ কথা বুজি পাওঁ, আঙুলিৰ ইঙ্গিত বুজি পাওঁ। তোমাৰ ব্যঙ্গ হাঁহি বুজি পাওঁ।

☆★☆★☆

6 Comments

  • এপাত ফটা জোতাক লৈ ইমান কথা, সুন্দৰ অনুবাদ পূৰৱী।

    Reply
  • Alakesh Bhagawati

    সুন্দৰ অনুবাদ ৷

    Reply
    • purabi

      অলকেশ দা ধন্যবাদ।🙏

      Reply
  • ৰাজশ্ৰী শৰ্মা

    কি সুন্দৰ গল্পটো। অনুবাদ বৰ ধুনীয়া হৈছে বা।

    Reply
    • জ্ঞানদীপ খনিকৰ

      ইমান ধুনীয়াকৈ অনুবাদ কৰিছে.. মূলটো ও অসমীয়া পটভূমি যেনেই লাগি গ’ল ١

      Reply

Leave a Reply

Your email address will not be published.