ফটাঢোল

প্ৰেমৰ দিৱসৰ বিশেষ – জিতা ফুকন

শাস্ত্ৰত পোৱা মতে ফেব্ৰুৱাৰী মাহটো বোলে প্ৰেমৰ মাহ৷ ১৪ ফেব্ৰুৱাৰীত প্ৰতিবছৰে প্ৰেমৰ দিৱস পালন কৰা হয়৷ কিবা বোলেনে ভেলেণ্টাইন ডে’৷ সেয়ে সমূহ প্ৰেমিক প্ৰেমিকাক এই লেখাৰ দ্বাৰা প্ৰেমৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁঁ৷

প্ৰেম হেনো স্বৰ্গীয়৷ পিচে এই মৰতত চকু দিলেও চাৰিওফালে প্ৰেমে চৌ চৌৱাই থকা দেখিবলৈ পোৱা যায়৷ কোনোবাই নিতৌ প্ৰেমাস্পদ সলাই কোনোবাই আকৌ বজ্ৰলেপৰ দৰে একেটাতে লাগি থাকে৷ মনগ’লেই কাৰোবাক কৈ দিব পাৰে I Love You বা চমুকৈ ILU ILU বুলি৷ লগতে সহায়ক হিচাপে FB, Whatsapp আছেই মনৰ বতৰা দিবলৈ৷ কিছুমানে আকৌ কথাই প্ৰতি ওফোন্দ পাতি যাহ তোক এৰিলোঁ বুলি আঁতৰি যাবও পাৰে৷ কিন্তু তাৰমাজতো সঁচা প্ৰেম জীয়াই আছে আজিৰ ভোগবাদী পৃথিৱীত৷ যি নিজৰ প্ৰেমক বিশ্বাস কৰাৰ লগতে সন্মান কৰিবও জানে৷
পিচে আজিৰ আধুনিক পৃথিৱীৰ প্ৰেমতকৈ আগৰদিনৰ প্ৰেম আছিল সন্মানৰ যোগ্য৷ বহু বেছি আগলৈ নাযাওঁ বাৰু, আমি স্কুলত পঢ়ি থকা সময়ৰ কথাই কওঁ দেই৷

সেই সময়ত যদি কোনোবা ল’ৰাৰ কোনোবা ছোৱালী এজনী ভাল লাগিছিল তেওঁ পটককৈ ক’বলৈ সাহস নকৰিছিল৷ লগৰ দুজন মানক তেল মাৰি ফিটিং কৰি লৈছিল তাৰপিছত ঠেলাঠেলি কৰি গতিয়াই মেলি প্ৰেমিকাৰ ওচৰত হাজিৰ কৰাই আৰু কৈ দে কৈ দে কৰি থাকে৷ শেষত বন্ধুৰ কৃপাত কামফেৰা হয়গৈ৷ কেতিয়াবা আকৌ কিতাপ বহীৰ মাজত অকণমানি কাগজ এটুকুৰা সোমোৱাই মনৰ ভাৱ প্ৰকাশ কৰিছিল৷ দূৰত থকা প্ৰেমিকা গৰাকীয়ে আকৌ প্ৰেমাস্পদৰ চিঠিখনৰ বাবে বৰ হেঁপাহেৰে বাট চায় থাকে৷ ডাকোৱালৰ চাইকেলৰ বে’ল বাজিলেই ঘৰৰ আন সদস্যই গম পোৱাৰ আগতেই থাপ মাৰি চিঠিখন ল’ব, লুকুৱাবলৈ ঠাই বিচাৰি ফুৰিব৷ মনে মনে পঢ়ি সেইখন কৰবাত বিসৰ্জন দিব৷ চিঠিৰো যে কি ভাষা, নকৈছোঁনে আৰু৷ যেনে,

I Love You বুলি ধৰিলোঁ কলম
Forget me not বুলি পঠালোঁ মৰম

Tea for Milk
Milk for Tea
I for You
You for Me

প্ৰেমত সফল নোহোৱাজনে আকৌ নাকৰপানী চকুৰপানী একাকাৰ কৰি লিখিব,

“কোন কাৰ মৰমৰ, কোন কাৰ চেনেহৰ, চকুৰ চিনাকি মাথো দুদিনৰ”

নতুবা গীত জুৰিব, পৰজনমৰ শুভলগনত, যদিহে আমাৰ হয় দেখা…

তথাপিও সেই প্ৰেম অমৰ আছিল৷ আজিকালিৰ দৰে পোছাক সলোৱাদি কোনেও সলাব নিবিচাৰিছিল৷ তথাপিও প্ৰেম মহান৷ প্ৰেম নকৰে, হৈ যায়৷ কেতিয়া কাক কেনেদৰে ভাল লাগি যায় ক’ব নোৱাৰি৷ চেহেৰাই নহয় মানুহৰ ব্যক্তিত্ব, চৰিত্ৰ তথা মৰমীয়াল আচৰণেহে কাৰোবাক প্ৰেমত পেলাব পাৰে৷ কাৰোবাৰ বুকুত আশ্ৰয় দিব পাৰে৷

মানুহ য’তেই নাথাকক প্ৰেম কিন্তু অন্তৰৰ কোণত নীৰলে সদায় থাকি যায়৷ কাৰোবাক প্ৰেমে সৃষ্টি কৰে কাৰোবাক ধ্বংস৷ কাৰোবাৰ বাবে প্ৰেম অচিন ৰোগ, কাৰোবাৰ বাবে শ্ল পয়জন৷ কোনোবাই কাৰোবাক মনে মনে ভাল পায় অথচ সেই কথা প্ৰকাশ কৰিব নোৱাৰে৷ ৰৈ যায় গুপুতে বুকুতে৷ এই প্ৰেমেই কেতিয়াবা কাঁইট হৈ বুকুত বিন্ধে কেতিয়াবা চিগাৰেটৰ ধোঁৱা হৈ উৰে৷ কাৰোবাৰ সঁচা ভালপোৱাই ন ন সৃষ্টিৰ অনুপ্ৰেৰণা যোগায়৷ যদিহে প্ৰেম নিস্বাৰ্থ হয় তেতিয়া ইয়াৰ মাদকতা অনুভৱ কৰিব পৰা যায়৷

যাৰ জীৱনত প্ৰেমৰ প্ৰভাৱ নাই তাৰ জীৱন আধৰুৱা বুলি ক’ব পাৰি৷ প্ৰেমৰ কোনো বয়স নাই, জাতি বৰ্ণ নাই৷ সঁচাই প্ৰেম এক মহান অনুভূতি৷ আহক প্ৰেমৰ দিৱসত সকলোৱে সংকল্প লওঁ নিজৰ প্ৰেমক সন্মান কৰিবলৈ৷

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.