ফটাঢোল

প্ৰেম আৰু প্ৰেম — বাব্লী বুঢ়াগোহাঁই

‘প্ৰেম’ এটা মিঠা মিঠা ৰাগি লগা শব্দ যি হৃদয়ত শিহৰণ জগাই তুলে। বাস্তৱৰ জগত খনতকৈ কল্পনাৰ সাগৰত সাতুৰি ভাল লগা হয়। প্ৰেম এনে এক অনুভূতি যাৰ স্পৰ্শত সকলোবোৰ বেয়া লগা ভাল লগা হৈ পৰে।
মই প্ৰথম যেতিয়া প্ৰেম শব্দটোৰ লগত চিনাকি হৈছিলো তেনেই সৰু আছিলো। মোকো কোনোবাই যে ভাল পাব পাৰে তেনে অনুভব হৃদয়খনে বুজিব পৰা হোৱাই নাছিল। তথাপি এই মিঠা ৰাগিত এবাৰলৈ হ’লেও হাবুডাবু খালো। ২০০১ চনৰ কথা মই সপ্তম শ্ৰেণীৰ বৃত্তি পৰীক্ষা বাবে স্কুলৰ পৰা নিৰ্বাচিত হৈছিলো। বছৰেকীয়া পৰীক্ষাবোৰ শেষ হৈছিল যদিও মোৰ পঢ়া বন্ধ হোৱা নাছিল। ৰাতিপুৱা ৫টাতে পঢ়া টেবুলত বহিব লাগিছিল। টেবুলৰ সন্মুখতে এখন খিৰিকী। সদায়ে পুৱা চেঁচা চেঁচা অনুভৱবোৰ বুকুত সামৰি পঢ়িব বহিছিলো।যিহেতু সেই সময়ত ডিচেম্বৰতে মাহ আছিল মেট্ৰিক দিয়া ল’ৰা ছোৱালীবোৰো পঢ়াত ব্যস্ত হৈ পৰিছিল।
আমাৰ ঘৰৰ সন্মুখতে হাইস্কুলখন মাজতে বৰআলিটো। স্কুলৰ দিশত তথা আমাৰ ঘৰৰ বিপৰীতে এখন দুইমহলীয়া হোটেল আছিল। তলত খোৱা বোৱা আৰু ওপৰত মানুহক ভাৰা দিছিল।তাৰে এটা ৰুমৰ খৰিৰিকীয়ে দি মোৰ ৰুমৰ খিৰিকীখন ভালদৰে দেখা পোৱা গৈছিল। (এইবোৰ পিছে পিছত মন কৰা কথা হে আগতে একো দেখাই নাছিলো।) হোটেল খনৰ ওপৰৰ ৰুমটোত দুটা ল’ৰা থাকিব আহিল মেট্ৰিক দিব।আমাৰ স্কুলৰ ল’ৰা নাছিল। সেইসময়ত প্ৰাইভেট কৈয়ো মেট্ৰিক দিব পাৰিছিল ।( আজি কালি পাৰে নে নোৱাৰে নাজানো) মই যি সময়ত পঢ়িব লও সিহতেও পঢ়িবলৈ উঠিছিল। লাহে লাহে মন কৰিব ধৰিলো সিহতে মোক মনে মনে চাই থাকে। এদিন হাত খন জোকাৰিও দেখালে। মই ভয়তে খিৰিকী বন্ধ কৰি পঢ়াত মন দিলো। কেতিয়াবা মনে মনে জুমি চাও ল’ৰা কেইটা ৰৈ আছে নি!!
তেনেদৰেই কেইদিন মান পাৰ হ’ল। মইও কথাটো পাহৰি পঢ়াত মন দিব ধৰিলো।
এদিন ঘপকে আমাৰ দোকানত সহায় কৰা ল’ৰাটোৱে মোৰ টেবুলত কাগজ এখন দি গ’ল। মই মেলি চাই কঁপিব ধৰিলো………ৰাম ৰাম জীৱনৰ প্ৰথম চিঠি।
মৰমৰ……
তোমাৰ হাঁহিত মোৰ হৃদয়ত জোনাক নামিছে।এনেধৰনৰ কিবা এটা লাইন আছিল । এতিয়া মনত নাই বিশেষ।
বুকুত কিমান ধুমুহা আহিছিল বুজাব নোৱাৰিম শব্দৰে। খিৰিকী খন বন্ধ কৰি থোৱা লৈ আপত্তি কৰিছিল তেওঁ! লাহেকৈ খুলি দিছিলো খিৰিকী খন। কি বুজিছিলো নাজানো কিবা এটা অবুজ ভাবনাই লুকাভাকো কৰিছিল মনত। চিঠি খন বাৰে বাৰে চুই চাও ।পঢ়াৰ মাজে মাজে এটা দুটা লাইন মনতে ভাবি মিচিকিয়াই হাঁহো কিন্তু উত্তৰ দিবলৈ সাহস হোৱা নাছিল।
সকলোবোৰ ভালেই গৈ থাকিল হেতেন চাগে যদি চিঠি খন দদাইদেউৱে নাপালে হেতেন। সেইদিনা মোৰ কি কপাল বেয়া আছিল নাজানো। ইমান ভালদৰে থোৱাৰ পিছতো চিঠিখন দাইৰ হাতত লাগিল।তাৰ পিছত মোৰ পিঠিত তিনিদাল কাঠৰ স্কেলৰ শ্ৰাদ্ধ হ’ল। চিঠি জুইত পৰিল আৰু প্ৰেম নামৰ ৰাগি ধোঁৱা হৈ উৰি গ’ল মনৰ পৰা। সেই যে প্ৰেম উৰিল ওচৰলৈ নাহিলেই আৰু ! বুকুত কিন্তু দোষ এটা থাকি গ’ল প্ৰেম প্ৰেম খেলিব নাপালো!!
ইমানতে মোৰ প্ৰেম কাহিনী শেষ সেয়েহে আজিও দুখতে বিষাদৰ কবিতাহে ওলাই।

☆★☆★☆

Leave a Reply

Your email address will not be published.