ফটাঢোল

প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেন ভট্টাচাৰ্য — চাহিন জাফ্ৰি

সাম্প্ৰতিক অসমীয়া কাব্য জগতত “হীৰুদা” নামেৰে জনপ্ৰিয়তা অৰ্জন কৰা কবি হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায়। শব্দৰ যাদুকৰ হিচাবেও খ্যাত এইজনা কবিৰ কেইবাখনো কাব্য সংকলন প্ৰকাশ পাইছে। তাৰ ভিতৰত- ‘ৰৌদ্ৰ কামনা’ (১৯৬৪), ‘মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা’ (১৯৬৯), ‘বিভিন্ন দিনৰ কবিতা’ ‘কবিতাৰ ৰ’দ’, ‘শইচৰ পথাৰ মানুহ’ (১৯৯১) আৰু তেখেতৰ স্ব-নিৰ্বাচিত কবিতাৰ সংগ্ৰহ’ সুগন্ধি পখিলা’। ১৯৩২ চনত যোৰহাট জিলাত জন্ম গ্রহণ কৰা কবি ভট্টাচাৰ্যই ১৯৯২ চনত’ সাহিত্য অকাডেমি বঁটা’ আৰু ২০০০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে।

দেখাত অতি সহজ-সৰল যেন লাগিলেও হীৰেন ভট্টাচাৰ্যৰ কবিতাসমূহ গভীৰ অৰ্থব্যঞ্জক, বুদ্ধিদীপ্ত আৰু একে সময়তে হৃদয় পৰশা। মূলতঃ প্ৰেম আৰু জীৱনৰ বিচিত্ৰ অভিব্যক্তিৰে আলোকিত হোৱা তেওঁৰ কবিতা সমূহত আছে প্ৰেম, স্বদেশ প্রেম, প্ৰাকৃতিক সৌন্দৰ্য, যৌৱন বিদ্ৰোহ, হতাশা, ঘাত-প্ৰতিঘাত, জীৱনৰ ৰূঢ়তা কিম্বা গভীৰ আশাবোধ। গীতিধৰ্মিতা আৰু সংবেদনশীল ইন্দ্ৰিয় চেতনা তেওঁৰ কবিতাৰ এটা অন্যতম বৈশিষ্ট্য। ঘ্ৰাণ, শ্ৰৱন, দৃষ্টি, স্বাদ আৰু স্পৰ্শৰ চেতনাৰে তেওঁৰ কবিতা সমূহ ব্যঞ্জনাময়। কবি ভট্টাচাৰ্যৰ কবিতা সমূহ ইমানেই গভীৰ ভাৱ ব্যঞ্জক আৰু অভিনৱ ৰূপেৰে সজ্জিত যে বাৰে বাৰে পঢ়িলেও ইয়াৰ নতুন নতুন ৰং ৰূপ চকুত পৰিয়েই থাকে। সাম্প্ৰতিক সময়ৰ পৰিবেশ, পৰিস্থিতি, ঘটনা, চিত্ৰকল্প, ৰূপক আদি চিনাকি উৎস সমূহৰ পৰাই তেওঁ কবিতাৰ বিষয়বস্তু সমূহ নিৰ্বাচিত কৰে। নক’লেও হ’ব যে, এইবোৰৰ লগতে তেওঁৰ কবিতা সমূহত জড়িত হৈ থাকে গভীৰ আবেগ। তেওঁৰ ভাব অনুভূতি সমূহক এলানি চিত্ৰকল্পৰ মাজেৰে এনেদৰে ফুটাই তোলে যেন কল্পনাত অনুভূতিক চিন্তাৰ আৱৰণ এখনেৰেহে মেৰিয়াই থৈছে।

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিভিন্ন দিশ ইতিমধ্যে আলোচিত হৈছে। আমাৰ এই ক্ষুদ্ৰ আলোচনাত মাথোঁ তেওঁৰ দুটামান কবিতাত প্ৰেমৰ ধাৰণা সম্পর্কেহে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে-

কবি ভট্টাচাৰ্যৰ কবিতাত মানুহৰ প্ৰতি গভীৰ মৰম, ভাল পোৱা আৰু ৰোমাণ্টিক প্ৰেমৰ প্ৰবলতা দেখা গৈছিল। ৰোমাণ্টিক প্ৰেমৰ আকুলতাই তেওঁৰ কবিতা সমূহক শ্বাশ্বত প্ৰেম ভাৱনাৰ পৰা আত্মিক সম্পৰ্কলৈ উদ্ভাষিত কৰি তুলিছিল। কবি যেন আজীৱন বন্দী হৈ থাকিব খোজে, এক নেদেখা প্ৰেমৰ পিঞ্জৰাত। সেই প্ৰেম আকৌ সাধাৰণ প্ৰেম নহয়, সেয়া যেন অবিনশ্বৰ, অবিনাশী প্ৰেম..। সেই প্ৰেমক তেওঁ প্ৰকৃতিৰ চিৰ শ্বাশ্বত অনুভৱলৈও বিয়পাই আনিছে। সেই প্ৰেমক তেওঁ আচৰিত প্ৰেম বুলি উল্লেখ কৰিছে, আৰু চিৰদিন সেই প্ৰেমত বন্দী হৈ থাকিব খুজিছে–

“মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰাত
বন্দী।”
মোৰ
অদূৰত
তুমি!
যেন সোণালী শস্যভূমি।
মই
প্ৰেমৰ পিঞ্জৰাত
বন্দী…। (প্ৰেমৰ পিঞ্জৰ, সুগন্ধি পখিলা, পৃ. ৫৪)

এক তীব্ৰ গীতিধৰ্মী আবেগৰ প্ৰকাশিকা শক্তিয়ে তেওঁৰ কবিতাক অনন্য সৌন্দর্য প্ৰদান কৰিছে। যৌৱনৰ জয়গান গোৱা এইগৰাকী কবিৰ বুকুৰ গভীৰতালৈ শিপাই আছে এক গভীৰ ভাল পোৱাৰ শিপা। বাহ্যিক আৱৰণক হেৰুৱাই হৃদয় জুৰোৱা এক সুকোমল অনুভূতিক লৈহে কবি জীয়াই থাকিব বিচাৰে। অৰ্থাৎ প্ৰেমৰ তাপৰ তাড়নাক বাহ্যিক সম্পদে নহয়, সকলো হেৰুৱাই পোৱা নিঃস্বতাৰ সুশীতল অনুভূতিয়েহে যেন তেওঁৰ হৃদয় জুৰাই তুলিব পাৰে। কবিৰ বাবে হৃদয় খনেই পৰম সম্পদ, যি কঢ়িয়াব পাৰে অনুভূতিবোৰক, আৱৰণৰূপী বাহ্যিক সম্পদবোৰ ইয়াত তুচ্ছ অথবা মূল্যহীন। আগতেই তেওঁ কৈ গৈছে যে তেওঁৰ আৰু একো নাই…, ছিগো ছিগো হৈ থকা একমাত্র কামিজটোৰ বাহিৰে..। কবিৰ বাহ্যিক দাৰিদ্ৰতা আছে যদিও আৱৰণহীন নিঃস্ব প্ৰেমেৰে তেওঁ সম্পদশীল হৈ থাকিব খোজে। এই অনুভৱ খিনি ‘ভোগালী’ নামৰ কবিতাটোত বৰ সুন্দৰভাৱে প্ৰকাশিত হৈছে-

“তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়। (ভোগালী, সুগন্ধি পখিলা, পৃ.৮০)

কবিৰ জীৱনৰ আন্ধাৰ দিশ উজলাই তুলি জোনাকী পৰুৱাৰ পোহৰ বিয়পাই দিয়া অনামী প্ৰেয়সী গৰাকীৰ ভাৱনাত কবি বিভোৰ হৈ থাকে…, মন তেওঁৰ থৌকি বাথৌ..। তেওঁৰ কথা মনত পৰিলে আকাশত তৰাফুল ফুলে, তৰাই-তৰাই যেন কথা পাতে। কবিৰ মন দহনত এজোপা গোলাপ ফুল অংকুৰিত হৈছে, যাৰ সুগন্ধিত তেওঁ মতলীয়া হৈ পৰিছে। সেয়ে তেওঁ প্ৰশ্ন কৰিছে, তেওঁৰ বুকুত এজোপা গোলাপ কোনে ৰুলে?

“এন্ধাৰে এন্ধাৰে
এটি জোনাকী
উৰি আহি
মোৰ বুকুত শুলে
……………
তোমাৰ কথা ভাবিলে
অকলে অকলে
তৰাই তৰাই কথা পাতে
গোলাপৰ পাহে পাহে।
মোৰ বুকুত
এজোপা গোলাপ কোনে ৰুলে? (এজোপা গোলাপ, সুগন্ধি পখিলা, পৃ.৪৫)

ভাল পোৱাত অফুৰন্ত শক্তি আছে বুলি কবিয়ে একান্তভাৱে বিশ্বাস কৰে। আনকি, মৃত্যুৰ মুখৰ পৰাও প্ৰেমিকক ঘূৰাই আনিব পাৰে ভাল পোৱাই। জীৱনী শক্তি প্ৰদান কৰিব পৰা ভাল পোৱাই কেতিয়াবা দুখ দিয়ে আৰু কেতিয়াবা আনন্দ..। ভাল পোৱাই নিদিয়ে কি? আনহাতে, প্ৰাপ্তিতকৈ অপ্ৰাপ্তিতহে সুখ আছে বুলি কবিয়ে ভাবে। প্ৰেম পূণ্য নহয়, প্ৰেম হৈছে আত্মাৰ হেঁপাহ। এই আত্মাৰ হেঁপাহক বিচাৰি ফুৰোতে ফুৰোতে বহু সময়ত তেওঁ লাভ কৰিছে বিষাদ। এই বিষাদ এই দুখ-যন্ত্ৰনাই প্ৰেমৰ যাত্ৰা পথৰ চিৰ লগৰী। এই দুখ-যন্ত্ৰনাই তেওঁৰ বুকুখন জ্বলাইছে যদিও তেওঁ এই দুখৰ বহ্নিত পুৰি ছাই হ’বলৈও যেন সদা প্ৰস্তুত। তেওঁ এইবুলি কৈছে-

“মোৰ বুকুত কি জ্বলে
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণ্ গুণ্ শব্দ
এনেকৈ ৰু-ৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে।
সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে..”(প্ৰেমৰ কবিতা, সুগন্ধি পখিলা, পৃ.৫০)

প্ৰেমৰ কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত হৃদয়ৰ নিভৃত বাসনাৰ লগতে এক আচ্ছাদিত যৌন চেতনাইও ক্ৰিয়া কৰা দেখা যায়। বিভিন্ন প্ৰতীক আৰু চিত্ৰকল্পৰ মাজেৰে সুনিপুণ ভাৱে এই যৌন চেতনাই আত্মপ্ৰকাশ কৰিছে যদিও ই অতিকে মাৰ্জিত আৰু কলাসন্মত। মাজে সময়ে তেওঁৰ বহু কেইটা কবিতাত প্ৰেমৰ লগে লগে কামনাও প্ৰকাশ পাইছে, কিন্ত ওপৰে ওপৰে চালে প্ৰথমে ইয়াক ধৰিবই পৰা নাযায়। মেঘ, বৰষুণ, শস্য, পথাৰ আদি প্রতীকেৰে তেওঁ অতি সূক্ষ্ম ভাৱে এই চেতনাক প্রকাশ কৰিছে। যেনে -শাওনৰ পথাৰত এদিন, তোৰ ঘাটত নাও চপাম, সিৰাই-সিৰাই, জোনাকী মন (৫৩) আদি।

প্ৰেমৰ কবি হিচাবে পৰিচিত হ’লেও প্রকৃততে কবি হীৰেন ভট্টাচাৰ্য আছিল মানুহৰ কবি, জীৱন আৰু সংগ্ৰামৰ কবি। মানৱ জীৱনৰ সতে সম্পৰ্কিত বিভিন্ন ভাৱ-অনুভূতি তেওঁ কবিতাৰ মাজেৰে ফুটাই তুলিবলৈ যত্ন কৰিছিল। মানুহৰ মাজত ‘ভাল পোৱা’ বিচাৰি ফুৰা কবিজনে কবিতাৰেই মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ ‘ভাল পোৱা’ সিঁচি দিব বিচাৰিছিল। প্ৰেম অথবা ভাল পোৱাৰ বাবেই উৎসৰ্গিত আছিল তেওঁৰ জীৱন। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰেমৰ অনুভূতিৰে হতাশাৰ গান এটিও শুনিবলৈ পোৱা যায় কিন্ত এই হতাশাও যেন নিটোল দেহৰ। নিজৰ ছাঁ গৰকি নিতান্তই ব্যক্তিগত অভিজ্ঞতাৰ বন্দীশালৰ দেৱাল ভাঙি কবিয়ে আমাক দিছে সক্ৰিয় সময় সমৃদ্ধ শব্দ, ফলত সেই অভিজ্ঞতা আমাৰ সকলোৰে এক বিশ্বজনীন অথচ প্ৰত্যেকৰে আছুতীয়া উপলব্ধি।

বৰ্তমান কালৰ আটাইতকৈ জনপ্ৰিয় কবি হিচাবে পৰিচিত কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা আন বহুতৰ বাবেই অনুপ্ৰেৰণামূলক আৰু নতুন প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক। শব্দ সংগীত আৰু সুৰৰ লয়েৰে জন জীৱনৰ হৃদয়লৈ কাষ চপা কবিজনাৰ মূল ভাষা হৈছে আৱেগৰ ভাষা..। তেওঁ কবিতাক বহু পৰিমাণে সংগীতৰ কাষ চপাই আনিছিল আৰু ইয়েই তেওঁৰ কবিতাৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ। মানুহ, মাটি, প্ৰকৃতি, দেশ আৰু মাতৃভাষাক ভাল পোৱাৰ কথা কবি ভট্টাচাৰ্যৰ কবিতাত বিভিন্ন ধৰণেৰে স্পষ্ট ৰূপত ফুটি উঠিছে। তেওঁ যেন মানুহক ভাল পাই মানুহৰ বাবেই আজীৱন কবিতা লিখিছে আৰু মানুহৰ প্ৰতি মানুহৰ বিশ্বাস গাঢ় কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰিছে।

তেওঁৰ কবিতাত বাংময় হৈ উঠা স্বভাৱগত প্ৰেম ভাৱনা ৰোমাণ্টিকতাৰে সিক্ত হ’লেও সেয়া বাস্তৱধৰ্মী আৰু অতি তীব্ৰ আবেদনময়ী। মুঠতে অনুভূতিৰ কলাত্মক প্ৰকাশ আৰু বিভিন্ন ভাৱধাৰাৰ সুৱদী সুৰীয়া প্ৰকাশ ভংগীয়ে তেওঁৰ কবিতাক চিৰদিন অসমীয়াৰ বুকুত জীয়াই ৰাখিব। হীৰেন ভট্টাচাৰ্যৰ কবিতা অসমীয়া সাহিত্যত সৰ্বকালৰ বাবে নিজস্ব মহিমাৰে মহিমামণ্ডিত হৈ থাকিব।

2 Comments

  • মৃদুল শইকীয়া

    হীৰুদাৰ বিষয়ে আকৰ্ষণীয়কৈ লিখিলে৷ ভাল লাগিল৷

    Reply
  • হিৰু দাৰ কবিতা বুলিলেই মাদকতা আহে৷ তাতে তেওঁৰ কবিতাত প্ৰেম৷ বৰ সুন্দৰ লিখনি৷

    Reply

Leave a Reply

Your email address will not be published.