ফটাঢোল

প্ৰেম উপৰান্ত–ৰামানুজ গোস্বামী

সেই ৰঙাফোনৰ দিনৰে কথা।গুৱাহাটী-শিৱসাগৰ ফোন কৰিবলৈ হ’লে STD ৰ বাবে আগত 0 ৰ সলনি ৯৫ লগোৱাৰ সংস্কৃতি আৰম্ভ হৈছে।কলেজৰ পৰা ওলাই মই তেতিয়া আছাম এচবেচটছত সহকাৰী অভিযন্তা।

কাজেই “ইজ্জত”ৰ নামতে মোলৈ অহা ফোনবোৰ অভ্যৰ্থনা কক্ষৰ যুৱতী গৰাকীয়ে প্ৰডাকশ্যন প্লাণ্টলৈ প্ৰেৰণ কৰি মোৰ লগত যোগাযোগ ঘটাই দিয়ে। মাজে মধ্যে দুই এটা চকলেট তেওঁক দি ৰখাটোৱেও সম্ভৱ সহায় কৰিছিল প্ৰায়বোৰ ফোন পাবলৈ।
শ্বিফটত ডিউটি কৰা মানুহ,সেয়ে ডিউটিৰ ইভিনিং /নাইট্ শ্বিফট্ থাকিলেও মোৰ ফোনৰ খৱৰ তেওঁ মোক দিছিল।

:আপোনাৰ ফোন এটা আহিছিল..একো নকলে..মই ২টা বজাৰ শ্বিফট ত আহিব বুলি জনোৱাত আকৌ কৰিম বুলি ক’লে।

কাৰ্ড পাঞ্চ কৰিব সোমাওতেই তেওঁ খবৰটো দিলে।মনটো উগুল-থুগুল লাগিল।মই আশা কৰা ফোনটো নহয়তো? ৪মান বজাত গেলভেনাইজিং প্লাণ্টৰ ফোনটো বাজিল,অপাৰেটৰে মোক চিগনেল দি মাতিলে।দৌৰি গৈ ধৰিলোঁ। আশা কৰা ফোনটোৱেই!কোনোবা PCO ৰ পৰা ভাঁহিছে দানৱীয় হাঁহি।

: কি কৱ বে? সঁচ্-ছা??

:আৰে ৰামানুজদা…একদম… আপুনি বিশ্বাস নকৰিব ! কৈছো নহয়..
উৎসাহী দানৱীয় কণ্ঠ!

:শুনক, পাৰ্টিটো কৰিয়ে দিওঁ। সিঙৰ ধাবাত আহি যাওক, মই মন(Mann)ৰ কেছেটটো নিমেই। আপুনি ডেক এটা এৰেঞ্জ কৰিব। সিঙৰ ডেকত নহ’ব., ঘেগেলা ডেক ছাল্লা তাৰ।

পাৰ্টিৰ স্থান আৰু কাল আমি দুয়ো পাত্রই সিদ্ধান্ত কৰি ফোন কাটিলোঁ ।

আচলতে আমাৰ সময়ৰ প্ৰেম কাহিনীবোৰৰ এটা প্ৰেমকাহিনীত ন্যুনতম চাৰিজন মানুহ থাকিছিল।

১.প্ৰেমিক – যি ইপ্সিত প্ৰেমিকাৰ পৰা প্ৰেমত “য়েছ” বিচাৰে।

২.প্ৰেমিকৰ বিশ্বস্ত বন্ধু -যি বন্ধুৰ প্ৰেম বুজে,সহায় কৰে,পৰামৰ্শ দিয়ে,প্ৰেমাঘাতত একেলগে মাল খাই(সুৰাপান) বুজাই, প্ৰবোধ দিয়ে মই কথা পাতিম বুলি / তই বহুত ভাল ছোৱালী পাবি ইত্যাদি বুলি।

৩.প্ৰেমিকা – যিয়ে “য়েছ” টো কোৱাৰ দোমোজাত থাকে ,ঘৰত গম পালে কি হব বুলি আৰু।

৪.ৰহস্যময়ী প্ৰেমিকা-সখী – যিয়ে প্ৰেমিকজনৰ ওপৰত থকা “বেছলেছ কনচেপ্ট” এটা লৈ প্ৰেমিকাৰ মূৰটো খায় বা কনফিউজন বঢ়ায়।

এই ১ম আৰু ২য় ব্যক্তিদুজনেই আছিলো আমি দুই বন্ধু।এতিয়া অনুগ্ৰহ কৰি নুসুধিব মোৰ ৰোল নং ১ নে ২!আচলতে আমি কলেজৰ একে হোষ্টেলতে আছিলো আৰু সি মোতকৈ এক বেটছৰ তলত। কিন্তু সুখে-দুখে লগ নেৰা। কৈ থকা সময়ছোৱাত সি ফাইনেল ইয়েৰত,তাৰ আগৰ বছৰ মই হোষ্টেল এৰিছো। আমাৰ চুৰ্চুৰীয়া পাৰ্টিবোৰ তেতেলীয়া আৰু বৰাগাঁৱৰ ধাবাবোৰত হয়। ধাবা মানে ধাবাই–ৰচীৰে বন্ধা খাটবোৰ আৰু কাষ্ট’মাৰো মূলতঃ ট্ৰাকৰ ড্ৰাইভাৰ-হেণ্ডিমেন।হোষ্টেলৰ পৰা ধাবালৈ ২ কিঃমিঃ মান হব।

যি কি নহওক,তিনি বছৰমান চেষ্টা দিয়াৰ পিছত পোৱা “য়েছ”টো উদযাপন কৰিবলৈ বিশেষ সন্ধিয়াটোত মই মোৰ লগৰ এটাক টুপী পিন্ধাই তাৰ ভেচপাখন সৰকাই তেতেলীয়াৰ সিঙৰ ধাবা পালোগৈ।ভেচপা নিয়াটোৰ তাতেই ৰাতি থকাৰ প্ৰতিশ্ৰুতি(!) দি ৰাতি পিছফালৰ দুৱাৰ খুলি ৰাখিব কলোঁ ।ৰবিমিস্ত্রীৰ চেলুনৰ পৰা সৰু ডেকটোও নিলো।যথা সময়ত হোষ্টেলৰে পিয়ন ৰূপচান্দৰ চাইকেলখন লৈ, Christan Brothers ৰ অৰ্ধ এটা সহ মোৰ লাভলি ব্ৰাদাৰ আহি হ’ল হাতত Mann ৰ কেছেট, তিনিবছৰীয়া প্ৰেম প্ৰচেষ্টাৰ সফল পৰিণতিৰ আনন্দৰ ঢৌ পেগে পেগে উথলি উঠিল।মাজে মাজে চকু সেমেকি যায়,মাজে মাজে হাঁহিৰ খলকনি। চিঠিখন কেনেকৈ দিয়া হ’ল,কি এক্সপ্ৰেছনেৰে ললে,কি ক’লে,অহাৰ সময়ত ৰবলৈ কৈ কেনেকৈ কলম কিনি দিলে, ৱাহ!

লাহে লাহে প্ৰেম অধ্যায় সামৰি,নিম্নোক্ত ধৰণৰ কথোপকথনে ঠাই ললে-

-আব্বে (অবাইচ) ৰামানুজদা..আই লভ য়ু..আই ৰেচপেক্ট য়ু…

-আব্বে তই মোৰ নিজা ভাই বুইছ..লাইফত এনি প্ৰব্লেম..(অবাইচ)..তই মোক কবি–পইছা লাগে..?মোক খুজিবি…চাকৰি কৰো…পইচা আধা তোৰ..আধা মোৰ…ছাল্লা প্লাণ্টৰ বিহাৰী এটাই..

-কোন বে সি?তাৰ নাম কওক…(
অবাইচ)জাকিৰক লৈ যায়..

ভাত পানী খাই এসময়ত “বাই-বাই” হবৰ হ’ল।লেঠাটো লাগিল তেতিয়াই।চাইকেলৰ ছাবিটো হেৰাল তাৰ!পেণ্টৰ পকেটতে থৈছিল।কাঁহীৰ তল,চকী-টেবুল,তল-ওপৰ চব চালো, নাই। সিং আৰু অনুচৰবৃন্দও নামিল অভিযানত।

নাই নাই যি নায়েই!এসময়ত সি কলে,

:আপুনি যাওকগৈ..ৰূপচন্দৰ ওচৰত আৰু এপাত ছাবি আছে,মই এইখন ডাঙি লৈ যাম।

মই জানো,সেই অৱস্থাত ইয়াক একো কৈ লাভ নাই।জালুকবাৰী থানাৰ চোতালৰ চকী এখনো এনেকুৱা মাতাল অৱস্থাতেই উঠাই লৈ গৈছিল সি।আসুৰিক চিঞৰ এটাৰে চাইকেলখন ডাঙি সি হোষ্টেললৈ গুছি গ’ল।ময়ো ভেচপা-মুৱা হলোঁ ।

এসপ্তাহ পাছত পাণবজাৰৰ আড্ডা এটাত বহুতকে লগ পালোঁ –

:আৰে দাদা সিদিনা আপুনি অমুকৰ লগত পাৰ্টি কৰিলে ন?..আমাক নামাতে ন..সি সিদিনা কি কৰিছে গম পাইছেনে নাই..চাইকেল এখন ডাঙি ডাঙি…গ্ৰুপটো হাঁহিত ফাটি পৰিল..

:পিছদিনা গোটেই দিনটো শুলে গাৰ বিষত.. অইন কোনোবা এটাই ক’লে।

:ছাবিটো হেৰুৱালে সি অ’..তলা ভাঙিবও নিদিয়ে..

:হেই..ই.. আপুনি গমেই পোৱা নাই!পাগলাই ছাবি মৰাই নাছিল..১১ মান বজাত আমি তাক যেতিয়া কেমিকেল বিল্ডিঙৰ সন্মুখত লগ পাওঁ, তাৰ পিছচকাটো ঘূৰিয়েই আছিল …. !

(এখুদমান গৌৰৱ: ভাতৃবন্ধুৱে কিছুদিন পিছতেই CDS ক্লীয়েৰ কৰিছিল,য’ত অসমীয়া লৰাই কাচিৎহে পাব পাৰিছিল তেতিয়া। বৰ্তমানে ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া)

☆★☆★☆

6 Comments

  • কাবেৰী মহন্ত

    আকৌ পঢ়িলোঁ ..আকৌ মজা ললোঁ

    Reply
  • Jyotirupam Dutta

    অহ মাই মাই!!! বঢ়িয়া বঢ়িয়া!!!

    এই লাইফটো আকৌ ঘুৰাই পাম নে?

    Reply
  • ৰিণ্টু

    তোমাৰ লিখাৰ সদায় ফেন বঢ়াৰ পো। মাত্ৰ তোমাৰ এলাহটোৰ ওপৰতহে খঙ উঠে।

    এইবাৰৰ পৰা প্ৰত্যেক সংখ্যাত লিখা লাগিবই

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আকৌ পঢ়িলোঁ, আকৌ হাঁহিলো দাদা।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    সাংঘাটিক ভাল লাগিল । প্ৰেমত পৰা দিন বোৰলৈ উভতি গ’লোঁ ।

    Reply
  • জয়ন্ত দাস

    সাংঘাতিক ধুনীয়া লিখনি৷ পুনৰ মজা ললো

    Reply

Leave a Reply

Your email address will not be published.