ফটাঢোল

প্ৰেম প্ৰেম বুলি… –মন্দিৰা শৰ্মা

শুনিবলৈ পোৱা যায় যে প্ৰেম যেতিয়া হয় সকলোবোৰ সুন্দৰ হৈ পৰে। প্ৰেমৰ অনুভৱেই হেনো সুকীয়া, মাদকতা ভৰা। যেতিয়া কোনো প্ৰেমিকে প্ৰেমিকাক প্ৰথম বাৰ প্ৰেম নিবেদন কৰে অৰ্থাৎ প্ৰ’পজ কৰে, সেইয়া হেনো এক অনন্য অনুভূতি। কিন্তু মোৰ ক্ষেত্ৰত সকলো উল্টা হে হ’ল। প্ৰথমবাৰ প্ৰ’পজ কৰা ষ্টাইল আৰু দ্বিতীয়বাৰ সময়…এটাও সঠিক নাছিল। দুয়োবাৰেই মই ফ্ৰীতে, অকণো কষ্ট নকৰাকৈ ডাক্তৰনী হোৱাৰ পৰা বঞ্চিত হ’লো। এতিয়াও কেতিয়াবা মনত পৰিলে বুকু খন মোচৰ খাই উঠে। এইটো দ্বিতীয়বাৰৰ ঘটনা।

মই তেতিয়া হায়াৰ চেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰী।
চহৰখনৰ সেই ঠাইলৈ আমি নতুনকৈ আহিছো। কলেজলৈ অলপ ওচৰ হ’ব বুলি ভাবিয়েই দেউতাই সেই ঠাইত ঘৰ এটা ভাড়ালৈ ল’লে। তাত মা আৰু মই হে থাকিম। দেউতা চাকৰিৰ সূত্ৰে আন এঠাইত থাকে। মাহেকে, পষেকে আহি থাকে। নতুন ঠাই, নতুন পৰিবেশ,অকলশৰীয়া অনুভৱ হৈছিল।সৰুৰে পৰা একেলগে খেলা ধুলা কৰা আগৰ ঠাইৰ বন্ধুবোৰলৈ বৰকৈ মনত পৰিছিল। তথাপি নিজকে এডজাষ্ট কৰিবলৈ যত্ন কৰি লাহে লাহে কলেজৰ ব্যস্ততাত সোমাই পৰিলো।

সেইদিনা জানুৱাৰীৰ ১ তাৰিখ আছিল। ৰাতিপুৱা শুই উঠি আগফালে ওলাই গৈ গেটৰ সন্মুখত কিবা এখন পৰি থকা দেখিলো। ওচৰলৈ গৈ দেখোঁ যে সেইখন এখন গ্ৰীটিংছ কাৰ্ড। আগতে নতুন বছৰত কাৰ্ড দিয়াটো এটা সুন্দৰ প্ৰথা আছিল। আজিকালিৰ দৰে ফেচবুক, হুৱাৎচেপৰ সুবিধা তেতিয়া নাছিল। কাৰ্ডখন তুলি ল’লো। নিয়ৰত অলপ তিতিছিল । “এনেকৈ কোনে পেলাই থৈ গ’ল বাৰু?” খামটোৰ ওপৰত খুব ধুনীয়াকৈ লিখা আছিল মোৰ নামটো। “মোৰ নামটো কেনেকৈ জানিলে বাৰু, আৰু এনেকৈ কিয় পেলাই থৈ গ’ল? দিবলৈ মন আছিল যদি হাতে হাতেও দিব পাৰিলে হয়।” এইবোৰকে ভাবি মই কাৰ্ড খন খামটোৰ পৰা উলিয়ালো। খুব ধুনীয়া গোলাপ ফুলৰ থোপাৰ ছবি থকা এখন কাৰ্ড। ভিতৰত বৰ ধুনীয়া আখৰে লিখা আছিল
” Wishing you a very happy new year
From your admirer today and always”
হে হৰি, ক’তে মৰো। মোৰো এডমাইৰাৰ আছে নে? ল’ৰা নে ছোৱালী বাৰু? এনেকৈ দিছে যেতিয়া নিশ্চয় কোনোবা ল’ৰায়ে হ’ব চাগে। নাই, মোৰতো মনত পৰাত এই ঠাইৰ কোনো তেনে ল’ৰাৰ লগত কথা বতৰা হোৱা নাই। দুই এজনী বন্ধু হৈছে বাৰু ইয়াত, কিন্তু এডমাইৰ কৰিব পৰাকৈ কোনো নিশ্চয় নাই। ভিতৰলৈ গৈ মাক কাৰ্ডখন দেখুৱালো। মায়েও চাই আচৰিত হ’ল আৰু লগতে মোক আগলৈ অলপ সাৱধানে থাকিবলৈ ক’লে। দিনটোত মোক বহুতে কাৰ্ড দিলে, মইও দিলো। কিন্তু সেই বিশেষ কাৰ্ডখনৰ কথা মনলৈ আহি থাকিল। মনে মনে অলপ ভালো লাগিছিল, মোকো কোনোবাই এডমাইৰ কৰে।

দিনবোৰ পাৰ হ’বলৈ ল’লে। সেই নতুন ঠাইখন মোৰ বাবে নতুন হৈ নাথাকিল। নতুন বন্ধু হ’ল। কলেজৰ পৰা আহি আবেলি অলপ পদূলি মুখত ৰৈ কথা পাতোঁ বা কেতিয়াবা ৰাস্তাত একেলগে ফুৰো। তাৰ মাজতে পঢ়া শুনা চলি থাকিল। সেই কাৰ্ডখনৰ কথা মই সমূলি পাহৰি পেলালো। কিন্তু দুই এদিনৰ পৰা মই আন এটা কথা হে মন কৰিবলৈ ল’লো। আবেলি যেতিয়া আমি ৰাস্তাত ফুৰো, তেতিয়া ল’ৰা দুজনে খুব সেইফালেদি অহা যোৱা কৰে। আকৌ কেইদিনমানৰ পৰা মই বাছ ষ্টপেজ পোৱাৰ আগতেই সেইদুজন ল’ৰাৰ এজন ৰৈ থাকে আৰু মই উঠা বাছ খনতে উঠে। প্ৰথমতে মই কথাটো বৰ গুৰুত্ব দিয়া নাছিলো। ক’ইন্সিডেন্স বুলি ভাবিছিলো। কিন্তু যেতিয়া এইটো প্ৰায়ে হ’বলৈ ল’লে, মইও অলপ সচকিত হ’ল। কিন্তু ল’ৰাজনে কোনোদিন মোক মাত এটাও নিদিয়ে। কেৱল ষ্টপেজত ৰৈ থাকে আৰু মই যিখন বাছত উঠোঁ , সেইখনতহে উঠে। দুই এদিন মই নমা ষ্টপেজটোত নমাও দেখিছিলো। কিন্তু কোনো কথা বতৰা নাই। মাজতে বহুত দিন আকৌ তেওঁক নেদেখোঁ। এনেকৈ এটা বছৰ পাৰ হ’ল। আকৌ নতুন বছৰৰ শুভেচ্ছা আহিল। সেই একেই ধৰণে, একেই ধুনীয়া আখৰ কেইটাৰে। মোৰ অলপ সন্দেহ হ’ল, কাৰ্ড দিয়া ল’ৰাজন আৰু বাছ ষ্টপেজত ৰৈ থকা ল’ৰাজন একেজনেই নেকি? যদি সেইজনেই হয়, তেন্তে একো নকয় কিয়? আৰু মোৰো সুধিবলৈ উপায় নাছিল। মোৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা সমাগত। কলেজৰ ক্লাছবোৰ শেষ হোৱা বাবে কলেজ যোৱা নাছিলো আৰু বহুত দিন তেওঁক দেখাও পোৱা নাছিলো। কথাটো পাহৰাই মইও পৰীক্ষাৰ বাবে মনোযোগ দিলো।

পৰীক্ষালৈ দুদিনমান বাকী। তেনেতে আহিল আকৌ এখন কাৰ্ড। এইবাৰ কাৰ্ডখন গেটৰ সন্মুখত নপৰি গেটৰ কাষতে থকা আম জোপাৰ ফেৰেঙণিত লাগি আছিল। (কাৰ্ড নহয় যেনিবা ফ্লায়িং শ্বাটেল হে।) মোৰ হে এনে কপাল নে প্ৰভু, “জান না পেহচান”, কাৰ্ড দিয়েই থাকিব নে সন্মুখত প্ৰকটো হ’ব। কার্ডতেই সীমিত হ’ব নেকি এই কাহিনী? কিবা কাহিনী হ’ব নে নহ’ব তেতিয়াও চিঅ’ৰ নাছিলোঁ বাৰু। এইবাৰ কাৰ্ডখনত খুব ধুনীয়াকৈ মোলৈ শুভেচ্ছা বাণী লিখি দিছে…
“Wish you all the best for your exams”
লগৰ এজনীক গোটেই কথাখিনি ক’লো। তাইও বৰ উৎসাহেৰে ক’লে, “সি চাগে তোক ভাল পাই, সেইকাৰণে তোৰ প্ৰতিটো খবৰ ৰাখে।” মনতে ভাবো ,”আৰে মোক যদি ভাল পাৱ আহি কৈ দে হি না। এনেকৈ কাৰ্ড দি থাকিলেই প্ৰেম নিবেদন হয় নেকি? আৰু এনেকৈ থাকিলে মোৰ পৰীক্ষা ভাল কেনেকৈ হ’ব। কি যে বিপদ।” তথাপি সকলো পাহৰিবলৈ যত্ন কৰি পৰীক্ষা দিলোঁ। পৰীক্ষা বৰ এটা বেয়া হোৱা নাছিল বাৰু।

ৰিজাল্ট তেতিয়াও দিয়া নাছিল। এদিন সন্ধিয়া মা আৰু মই টিভি চাই আছিলোঁ। তেনেতে কলিং বেল বজা শুনি দুৱাৰ খন খুলি দিলো। দেখি অবাক। “এইজন দেখোন সেই ষ্টপেজত ৰৈ থকা ল’ৰাজন। উৱা, ইমান সাহস নে ঘৰ ওলালেহি।” লগত এজন বয়সস্থ ব্যক্তি। মানুহজনৰ অৱস্থা বৰ ভাল নহয়। ধলং পলং কে থিয় হৈ আছে কোনোমতে। মই ল’ৰাজনক সুধিলোঁ, “এখেত কোন, আৰু ইয়ালৈ কিয় লৈ আহিছে? হয় ডাক্তৰৰ ওচৰলৈ নিয়ক, নহ’লে তেখেতৰ ঘৰলৈ লৈ যাওক।” ল’ৰা জনে যিষাৰ কথা ক’লে শুনি মোৰ খঙটো উঠিয়ে আহিল নহয়। “এখেত তোমাৰ দেউতা বুলিহে ইয়ালৈ লৈ আহিছোঁ। তোমাৰ দেউতা নহয় নেকি?” খঙতে ল’ৰাজনক যি টি ক’লো। “মোৰ দেউতাক আপুনি কি বুলি ভাবিছে? কোনোবা দিনা দেখিছে নেকি এনেকৈ ধলং পলং কৈ ঘৰলৈ অহা।”- আৰু ঢেৰ কিবা কিবি ক’লো, এতিয়া মনত নাই। ল’ৰাজনেও বৰ লাজ পালে। তেওঁ নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰি ইজন ব্যক্তিক লৈ লৰালৰিকৈ ওলাই গ’ল। সিজন ব্যক্তিলৈও মোৰ খং উঠিছিল। কিয় নো কনট্ৰল কৰিব নোৱাৰাকৈ খায় ? আৰু সেইবোৰ খাবয়ে বা লাগে কিয়? খঙতে তেখেতক একো সহায়ো নকৰিলো। তেনেকৈয়ে সেই ল’ৰাজনৰ আমাৰ ঘৰলৈ প্ৰথম আগমন। মোৰ ভাগ্যত হে এনে অদ্ভুত ঘটনা হ’ব লাগে নে বাৰু? চিনেমাত হিৰো’ৰ কি এণ্ট্ৰী, আৰু ইয়াত এইজনৰ কি এণ্ট্ৰী। হাই ৰে মোৰ ফুটা কপাল।

কেইদিনমান পিছত সেই ল’ৰাজন আকৌ আহিল আমাৰ ঘৰলৈ। আগৰ দিনাৰ বাবে খুবেই লাজ পাইছে আৰু ক্ষমা বিচাৰিছে। তেওঁ হেনো মোৰ দেউতাক কেতিয়াবা কেতিয়াবা দেখে, সেয়ে সিজন ব্যক্তিৰ লগত খেলিমেলি হ’ল। সেইদিনা আকৌ দেউতাও ঘৰতে আছিল। দেউতাই তেওঁৰ কথাবোৰ শুনি ঘটনাটো একো ডাঙৰ কথা নহয় বুলি সান্তনা দিলে, আৰু তেনেকুৱা ভুল হ’ব পাৰে বুলিও ক’লে। ল’ৰাজন অলপ আস্বস্থ হ’ল। সেইদিনাৰ পৰা তেওঁৰ লগত এটা ভাল চিনাকি হ’ল। তেওঁ তেতিয়া মেডিকেল পঢ়ি আছিল। আমাৰ ঘৰৰ পৰা অলপ আঁতৰত থাকে। ল’ৰাজনৰ কথা বতৰা বেচ ভালেই আছিল, ভদ্ৰ, অমায়িক ধৰণৰ। তেনেদৰেই আমাৰ বন্ধুত্ব হ’ল। ৰাস্তাত দেখিলে মাতে, মাজে মাজে ঘৰলৈও আহে। কিন্তু সেইটো খুব কম। আহিলেও পঢ়া শুনা, খেলা ধুলা, কুইজ আদিৰ কথা পাতে। দিনবোৰ তেনেকৈয়ে বাগৰিল। তেওঁ মেডিকেল কৌৰ্চৰ শেষৰ ফালে হোষ্টেলত থাকিবলৈ ল’লে। একেবাৰেই লগ নাপাওঁ। তেতিয়ালৈকে কিন্তু কাৰ্ড দিয়া ল’ৰাজন আৰু এইজন এইকেইজনেই বুলি নাজানিছিলোঁ।তেওঁ ও কোনোদিন সেই কথা কোৱা নাছিল। মইও পঢ়া শুনাৰ ব্যস্ততাত সেইবোৰ পাহৰি পেলাইছিলোঁ। ইতিমধ্যে মই ডিগ্ৰী পাছ কৰি মাষ্টাৰছ কৌৰ্চত নাম লগালো।
সেই সময়তে মোৰ বহুতো বিয়াৰ প্ৰস্তাব আহিবলৈ ল’লে। কেইবাটাও নাকচ কৰাৰ পিছত এটা প্ৰস্তাব গুৰুত্ব সহকাৰে লৈ মোৰ বিয়া ঠিক হ’ল( বৰ্তমান মোৰ মানুহজনৰ লগত)। বিয়া হ’বলৈ আৰু ডেৰ দুবছৰ সময় আছিল কাৰণ তেতিয়াও মই পঢ়ি আছিলো।
সেইদিনা মোৰ জন্মদিন। মোৰ ‘উড বি হাজবেণ্ডে’ যোৰহাটৰ পৰা বাৰ্থডে’ কে’ক , এটা বুকে’ আৰু এখন কাৰ্ড কুৰিয়াৰ কৰি দি পঠিয়াইছিল। গধূলি আকৌ বহুত দিনৰ মূৰত সেই ল’ৰাজানো আহিছিল ,মোক জন্মদিনৰ শুভেচ্ছা জনাবলৈ। মায়ে তেওঁক চাহ দিবলৈ যা যোগাৰত লাগিল। আমি দুয়ো কথা পাতি আছিলোঁ। হঠাৎ তেওঁ মোক কথা এটা ক’বলৈ আছে বুলি ক’লে। মই বোলো কওক। তেওঁৰ কথাষাৰত মোৰ অৱস্থা কাহিল হৈ গ’ল। তেওঁ হেনো মোক বিয়া পাতিব বিচাৰে আৰু লগতে আৰম্ভণিৰ পৰা গোটেই কথাবোৰ ক’লে, মোক কাৰ্ড দিয়াজনো যে তেওঁৱেই সেইটো ও ক’লে। মই কি ক’ম কি নক’ম কে ক’লো যে মোৰ ইতিমধ্যে বিয়া ঠিক হৈ গ’ল। কিন্তু আচৰিত ধৰণে তেওঁ বিশ্বাস নকৰি, মই ধেমালি কৰা বুলিহে ভাবিলে। সজাই থোৱা বুকে’টো আৰু কাৰ্ড খন মোৰ হ’বলগীয়া মানুহজনে দিছে বুলি কওঁতেও তেওঁৰ বিশ্বাস নহ’ল। তেনেতে মায়ে চাহ খাবলৈ ভিতৰলৈ মাতিলে। চাহৰ লগত কে’ক খাওঁতে মই ক’লো যে সেইয়া যোৰহাটৰ পৰা পঠিওৱা কে’ক। তেওঁ বিশ্বাস নকৰি হাঁহি দিলে। এনেকুৱা হৈছিল ঘটনাটো যেনিবা তেওঁ মোক আগতে তেওঁৰ মনৰ কথা কৈহে থৈছিলে। এতিয়া মই এনেই ধেমালিহে কৰি আছো যেনিবা তেওঁক জোকাবলৈ। মায়ে ঘপকৈ ক’লে, “এইয়া আমাৰ হ’বলগীয়া জোঁৱাইয়ে পঠিওৱা দেই।” মাৰ কথাত হে যেন তেওঁ কল্পনাজগতৰ পৰা বাহিৰ ওলাল। মোলৈ এক অদ্ভুত কৰুণ দৃষ্টিৰে চালে। মা তাৰ পৰা ওলাই যোৱাৰ পিছত মোক বৰ দুখেৰে ক’লে… মোৰ বহুত দেৰি হৈ গ’ল ন??
“দেৰি মানে? বিজ্ঞ জনে ঠিকেই কৈ গৈছে, ‘শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে’ অত দিনে কাৰ্ড দলিয়াওঁতেই গ’ল। আগতেই যদি ক’লেহেঁতেন? মিছাতে মই মেডিকেল নপঢ়াকৈয়ে ডাক্তৰনী হোৱা ইমান ভাল সুবিধা এটা হেৰুৱালোঁ। কিমান যে জহাই ফুৰিব পাৰিলোহেঁতেন। মোৰেই কপাল বেয়া।”(ইয়াত তেওঁ শিয়াল নহয় আৰু মইও হাঁহ নহয় দেই। কথাৰ কথাটোহে কৈছোঁ।)। নাই নাই, সঁচাকৈ সেই সময়ত মই ইয়াৰ এটাও কথা ভবা নাছিলো। তেতিয়া অলপ দুখ মোৰো লাগিছিল কিন্তু। সময়ে সকলো ঠিক কৰিব বুলি ধৰি লৈছিলোঁ। হয়, সময়ত সকলো ঠিক হ’ল। আমি দুয়ো নিজৰ নিজৰ সংসাৰত সুখী। আৰু বৰ্তমান আমি দুয়ো ভাল বন্ধু।

☆★☆★☆

5 Comments

  • হেমন্ত কাকতি

    ভাল লাগিল মন্দিৰা৷ অলপ দুখো লাগিল পিচে৷

    Reply
    • মন্দিৰা

      মোৰ এতিয়াও কেতিয়াবা দুখ লাগে ভাবিলে 😔😔।
      পঢ়া বাবে ধন্যবাদ দাদা।

      Reply
  • কাবেৰী মহন্ত

    ডাক্তৰচাহাব কতনো এতিয়া ?
    ভাল লাগিল পঢ়ি

    Reply
    • মন্দিৰা

      ধন্যবাদ বা।
      তেওঁ বঙাইগাঁৱত থাকে এতিয়া 😄

      Reply
  • অভিজিত কলিতা

    বঢ়িয়া লাগিল দেই। ৰোমাণ্টিক গল্প পঢ়াৰ দৰে লাগিল। পিছে এই প্ৰেম তোমাৰ ফালৰ পৰাহে ফটা, সিফালৰ পৰা একেবাৰে নফটা আছিল 🙂

    Reply

Leave a Reply

Your email address will not be published.