ফটাঢোল

প্ৰৱঞ্চনাকাৰী পত্নী (মূল – টম পিচক’) – অনুবাদ: নিৰ্মালী বৰমূদৈ

মাৰ্কাচ ওচবৰ্নে মেজখনৰ ওপৰত ভৰি পাক খুৱাই এক বিশেষ ভংগীমাত বহি আছিল। তেওঁ ভাবিছিল “এই সময়ত যদি কােনোবা মোৰ অফিচত আহে, তেওঁ ভাবিব যে মই সঁচা অৰ্থত সুখী আৰু এজন সক্ষম প্ৰাইভেট ডিটেক্টিভ।”

বয়স ত্ৰিছৰ ওচৰে পাজৰে ওচবৰ্ন ৬ ফুটতকৈ সামান্য ওখ, ক’লা চুলিৰে এক সুঠাম চেহেৰাৰ অধিকাৰী। তেওঁ নিজেও এই কথা মানিছিল। তিনি বছৰ ব্যৱসায় কৰাৰ পিছত তেওঁৰ প্ৰাইভেট ডিটেক্টিভ এজেঞ্চিটোৱে চহৰখনত এটা সুকীয়া নাম কৰিছিল। তেওঁ এজন অবিবাহিত  প্ৰেমিক আছিল। মাথো সমস্যাটো হ’ল তেওঁ বিবাহত মহিলা এগৰাকীৰ প্ৰেমত পৰিছে।

দুৱাৰত মৰা তিনিটা টোকৰে তেওঁক বাস্তবলৈ ঘূৰাই আনিলে। “সোমাই আহক”- ভৰিকেইটা মেজখনৰ পৰা নমাই তেওঁ ক’লে।

খীনকায় চেহেৰাৰ পাতল চুলিৰ মধ্যমীয়া বয়সৰ, পিন্ধনত এযোৰ দামী চ্যুট আৰু ৰিমলেচ চচমাৰে দেখাত এজন অাঢ্যবন্ত যেন লোক দুৱাৰখন ঠেলি সোমাই আহিল। ডিটেক্টিভজন বহাৰ পৰা উঠিল আৰু নৱাগতাজনৰ লগত কৰমৰ্দন কৰিলে।

“অনুগ্ৰহ কৰি বহক”। মই মাৰ্কছ ওচবৰ্ন, এই এজেঞ্চিটোৰ মূখ্য সঞ্চালক। আপোনাৰ কাৰণে কি সহায় কৰিব পাৰো? অৰ্ধ উৎকণ্ঠা মিশ্ৰিত সুৰ এটা লৈ তেওঁ কথাখিনি ক’লে, যিখিনি বহুতবাৰ আয়নাৰ সন্মুখত অভ্যাস কৰিছিল।

“মোৰ নাম হাৰল্ড জনচ” সৰু মাতেৰে তেওঁ ক’লে। আপোনাৰ কথা বহুতৰে পৰা শুনা পাইছোঁ। মই এটা

স্পৰ্শকাতৰ বিষয় আলোচনা কৰিব বিছাৰিছোঁ আৰু আপোনাৰ এজেঞ্চিটাৱে গোপনীয়তা অৱলম্বন কৰে বুলি গম পাইছোঁ।

ওচবৰ্নে মূৰ দূপিয়াই আত্মসন্তুষ্টিৰে কথাকেইটা গ্ৰহন কৰিলে।

ওচবৰ্নৰ নতুন গ্ৰাহকজনে আৰম্ভ কৰিলে ”মোৰ পত্নীয়ে মোৰ লগত প্ৰৱঞ্চনা কৰা যেন সন্দেহ হৈছে, কিন্তু মই খাটাং হ’ব বিছাৰোঁ। তেওঁ ক’ত যায়, কাৰ লগত যায় এই বিষয়ে অনুসন্ধান কৰক।তেওঁ এপাৰ্টমেণ্টৰ পৰা ওলোৱাৰ পিছত তেওঁক পিছা কৰক।”

“আমি আপোনাক সম্পূৰ্ণ আৰু বিতং তথ্য দিম। আপুনি কেতিয়াকৈ বিছাৰে?”

“ মই ভাবো দুসপ্তাহ ঠিক হ’ব।নহ’লে ইয়াতকৈ বেছি দীঘলীয়া হ’লে তেওঁক পিছা কৰাৰ কথা গম পাই যাব।”

“ আমি চাওঁচোন বাৰু! দুসপ্তাহত হ’ব লাগে।”

“ভাল বাৰু। এইখন মোৰ ভিজিটিং কাৰ্ড, তাতে ঠিকনাটো আছে। আৰু এই এনভেলপটোত তেওঁৰ ফটো আৰু আপোনাৰ এডভান্স পে’ৰ এখন চেক আছে। মই ইতিমধ্যে আপোনাৰ দৰদামৰ বিষয়ে জ্ঞাত।”

“ আপোনাৰ পত্নীৰ নাম?”

“ক্ৰিষ্টিনি এনন”

ওচবৰ্নে  উশাহটো দীঘলকৈ টানি ধৰিছিল। ক্ৰিষ্টিনি এনন তেওঁৰ প্ৰেমিকাৰ নাম। এইজনেই তেওঁৰ গিৰিয়েক মানে। তেওঁ এনভেলপটো খুলি ফটোখন চালে যাতে তেওঁ নিজকে মিঃ জনচৰ ওচৰত চম্ভালিবলৈ অলপ সময় পায়।

মিঃ জনচে তেওঁৰ উৎকণ্ঠাটো সেয়া কামত মনোনিবেশ কৰাৰ উৎকণ্ঠা বুলি ভাবিলে।

”মই দেখিছোঁ আপুনি কম কথাৰ মানুহ। অহাবাৰলৈ এটা পুংখানুপুংখ ৰিপৰ্ট দিব বুলি খাটাং হ’লোঁ। এতিয়া মই বিদায় লওঁ।”

মাকাৰ্ছে অৱশেষত ক’লে “দিনটো শুভ হওঁক আপোনাৰ মিঃ জনচ।” কথাষাৰ কৈ তেওঁক দুৱাৰমুখলৈকে আগবঢ়াই দিলে।

জনচ যোৱাৰ পিছত মাৰ্কাচ পুনৰ মেজখনত বহি পৰিল অৰ্ধচেতন মানুহৰ নিচিনাকৈ। স্বয়ংক্ৰিয়ভাৱে মেজখনৰ সোঁফালৰ দ্ৰয়াৰটোৰ পৰা স্কটচৰ বটলটো উলিয়াই গিলাচটোত প্ৰয়োজনতকৈ অলপ বেছিয়েই বাকি ল’লে। পেগটো লৈ তেওঁ কেনেকৈ এই পৰিস্থিতিটো চম্ভালিব পাৰিব চিন্তা কৰিলে।

“তেন্তে ক্ৰিষ্টিনি এননৰ গিৰিয়েক মোৰ নতুন ক্লায়েণ্ট।” বৰ বিশেষ চাবলগীয়া নহ’ব চাগে বুলি তেওঁ ভাবিলে। তাই মিঃ জনচৰ পৰা ডিভোৰ্চ লৈ মোক যে বিয়া পাতিব তাত কােনো ভাবিলগীয়া নাই, তাতে তাই মোক ভালো পায়।

তেওঁ মিঃ জনচক কেতিয়াও শুদ্ধ ৰিপৰ্টটো দিব নোৱাৰিব। তথাপিও তেওঁ এটা ৰিপৰ্ট দিব লাগিব। ওচবৰ্নে অনুসন্ধানৰ দায়িত্ব  তেওঁৰ সহযোগী স্কট পালমাৰক দিব বুলি ঠিৰাং কৰিলে আৰু এই দুসপ্তাহ ক্ৰিষ্টিনি এননৰ পৰা দূৰত থাকিব। অনুসন্ধানৰ ৰিপৰ্টটো দিয়াৰ পিছত তেওঁক গিৰিয়েকৰ সন্দেহৰ বিষয়ে জনাব। তেওঁলোক দুয়োৰে কাৰণে পিছত এইটো এটা হাস্যকৰ বিষয় হ’ব।

দুই সপ্তাহৰ পিছত ২১ বছৰীয়া নিজ কৰ্মক ভাল পোৱা স্কট পালমাৰ ওচবৰ্নৰ অফিচত আহিল আৰু ক’লে, ”মিঃ জনচৰ অনুসন্ধান সমাপ্ত হৈছে। কালিলৈ ৰাতিপুৱা প্ৰথমেই আপোনাৰ টেবুলত ৰিপৰ্ট পাব।”

“ সুন্দৰ “। মোক আৰু এটা সহায় কৰি দিয়া- মিঃ জনচক ফোনকল এটা কৰি ৰাতিপুৱা ১০ বজাত অফিচ পোৱাকৈ মাতি দিয়া।

“নিশ্চয়, তেন্তে অহাকালি দেখা হ’ম।”

কিন্তু পিছৰ দিনা যেতিয়া মিঃ জনচ অফিচ পাইছিলহি স্কটে তেতিয়ালৈকে ৰিপৰ্টটো সম্পূৰ্ণ কৰিব পৰা নাছিল।

“সুপ্ৰভাত মিঃ জনচ। বহক। একাপ কফিকে খাওক। এইবুলি ওচবৰ্নে ৰিপৰ্টটো সম্পূৰ্ণ নোহোৱালৈকে মিঃ জনচক ব্যস্ত কৰি ৰাখিব বিছাৰিছিল।

“এইটো ভাল হ’ব। ধন্যবাদ।” ওচবৰ্নে গৰম কফি ষ্টাইৰোফৰ্মৰ কাপ এটাত বাকিলে আৰু চেনি, ক্ৰীম দি সজাই পৰিবেশন কৰিব দিলে।

তেওঁলোকে কফি খাই থাকোতেই স্কটে ৰিপৰ্ট লৈ সোমাই আহিল আৰু ওচবৰ্নক ৰিপৰ্টটো আগবঢ়াই দিলে। লগে লগে ওচবৰ্নে অৰিজিনেল খিনি উলিয়াই থৈ বাকী ৰিপৰ্টটো মিঃ জনচৰ ফালে আগবঢ়াই দিলে। ৰিপৰ্টটো দিয়াৰ সময়ত ওচবৰ্নে নিজৰ নকল মুখখন লুকুৱাব ধৰিলে।

মিঃ জনচে ভাবৰ কোনো পৰিবৰ্তন নোহোৱাকৈ ৰিপৰ্টটো পঢ়ি শেষ কৰিলে। তেওঁ পোনে পোনে ওচবৰ্নৰ ফালে চাই ক’লে –   ” থ্ৰি”

“ক্ষমা কৰিব!”

“মই এনেকুৱা কিবা এটা হ’ব বুলিয়েই ভয় খাই আছিলোঁ। দুই সপ্তাহত তিনিজন।”

“আপুনি কি কৈছে?”

“আপোনাৰ ৰিপৰ্ট। সচাঁকৈয়ে সম্পূৰ্ণ হৈছে। ইয়াত দেখুৱাইছে যে এই দুই সপ্তাহত তেওঁৰ তিনিজনৰ লগত প্ৰেম হৈছে”

ওচবৰ্নে  চৰ্চৰণি খাই মুখৰ পৰা কফি আহি ৰিপৰ্টৰ প্ৰথম পৃষ্ঠাত পৰিলেহি। তেওঁ চিঞৰি উঠিল,”কি?”

ক্ষমা কৰিব মিঃ জনচ !

কফি খিনি পৰাৰ ভুলটোৰ অনুশোচনা দেখুৱাবলৈ গৈ তেওঁ ধামধুম ৰিপৰ্টটো পঢ়াৰ চেষ্টা কৰিলে। ৰিপৰ্টটো পঢ়ি ওচবৰ্নে নিজকে দুৰ্বল আৰু ভাগৰুৱা যেন অনুভব কৰিলে।চকু কেইটা যিমান পাৰি ডাঙৰকৈ মেলি কোনোমেত মিঃ জনচৰ ফালে চাই লাহে লাহে আৰু সৰুকৈ ক’ব ধৰিলে,

“ আপুনি বিশ্বাস কৰিবনে এনে কিছুমান তিৰোতা আছে যাক আপুনি কেতিয়াও বিশ্বাস কৰিব নোৱাৰে!”

☆★☆★☆

16 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *