ফটাঢোল

পৰচৰ্চা বনাম টাইম পাছ – পৰী পাৰবীন

দৃশ্যপট ১:

অনিমেষ চহৰীয়া। ব্যক্তিত্বভৰা মুখখনিৰে ত্ৰিশৰ দেওনা পাৰ নোহোৱা এজন সুদৰ্শন যুৱক। লগতে মোটা দৰমহাৰ এটা চাকৰি। কাজেই বিবাহযোগ্যা অলেখ ছোৱালীৰ চকুত পৰিছিল তেওঁ। তেওঁ বদলি হৈ আমাৰ কাৰ্যালয়ত যোগদান কৰাৰ পিছতে তেওঁক লগ পালো। ভদ্ৰ মাৰ্জিত ব্যৱহাৰ, কামৰ প্ৰতি যোগাত্মক ধাৰণাৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল। তেনে সময়তেই মোৰ মাতৃত্বকালীন ছুটি লোৱাৰো সময় আহি পৰিছিল। গতিকেই উপযুক্ত তথা বিশ্বস্ত সহকৰ্মী হিচাপে তেওঁৰ ওপৰত মোৰ আধৰুৱা কামবোৰ ন্যস্ত কৰি মই নতুনকৈ আহিবলগীয়া আলহীটোৰ বাবে ব্যস্ত হৈ পৰিলো। সন্তানটি জন্ম হোৱাৰ পাছৰ বেছ কিছুদিন কাৰ্যালয়ৰ লগত মোৰ যোগাযোগ একেবাৰেই বিচ্ছিন্ন হৈ পৰিল। কণমানিটোৰ লগতে উঠা-বহা, হঁহা-কন্দা এইবোৰ কৰি থাকোতেই সীমিত ছুটিটোও শেষ হ’বৰ হ’ল।
ঘৰত চাৰিমহীয়া কেঁচুৱা এৰি আকৌ অফিচত জইন কৰিলো। জইন কৰিয়ে দেখিলো, অফিচৰ টেবুলবোৰত ফুচফুচীয়া মেল। কিবা এটা নতুনকৈ অহা ‘হাৱা’ই জোকাৰিছে চৌদিশ। খুঁচৰিবলৈ সময় নাছিল, কিন্তু বতাহজাকে কাণত ফুচফুচাই গৈছিল,
“এই যে অনিমেষ বোলাজন, বচৰ পত্নীৰ সৈতে খুব ভাল। প্ৰায়ে বচৰ পত্নীয়ে তেওঁক ডিনাৰ কৰিবলৈ মাতে।”

“অনিমেষৰ লগত আমাৰ প্ৰতীক্ষাৰ খুব হলি-গলি নহয়, দেখিছে নাই?”

“ফিল্ডত কাম কৰা দেৱশ্ৰী যে, তাইক হেনো অনিমেষে বিয়া পাতিম বুলি কৈছে।”

এজন মানুহৰ বিষয়ে ইমানবোৰ মন্তব্য। কোনটো সঁচা, কোনটোৱেইনো মিছা? মোৰ পিছে সময় নাছিল। সময় নাছিল এই ফুচফুচীয়া মেলবোৰত অংশ ল’বলৈ। ঘৰত নৱজাত শিশুৰ প্ৰতিপালন, আৰু অফিচত নিতান্তই এৰিব নোৱৰা সমস্যাসমূহতহে মোৰ পৃথিৱীখনৰ কথাবোৰ সীমাবদ্ধ হৈ পৰিছিল।

দৃশ্যপট ২:

মাৰ্চ মাহৰ কোনোবা এদিনত জৰুৰীভাৱে আমাৰ জিলাৰ চাৰিজনীয়া দল এটা গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়ালে। খুব কম সময়ৰ ভিতৰতে ভাৰত চৰকাৰক দাখিল কৰিবলগা বাজেট প্ৰস্তুতিৰ বাবেই আমালৈ সেই আমন্ত্ৰণ। সেই কেইদিন আমি দিন ৰাতিৰ হিচাপ নোহোৱাকৈ কাম কৰিব লগা হ’ল। চাৰিজনীয়া দল মানে মই, অনিমেষ চহৰীয়া, দিলোৱাৰ হুছেইন আৰু গুণীন ফুকন। বাজেটখন তথ্যভিত্তিক হোৱাৰ বাবে মই নেৰানেপেৰাকৈ লাগি থাকিব লগা হ’ল। দিলোৱাৰ হুছেইন আৰু গুণীন ফুকনে অ’ৰ টেবুলত ত’ৰ টেবুলত আড্ডা মৰাৰেপৰা তামোল-চিগাৰেটলৈকে ব্যস্ত হৈ থকাৰ সময়ত অনিমেষে মোৰ কাষে কাষে থাকি কামবোৰ সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় কৰিছিল। পুনৰবাৰৰ বাবে তেখেতৰ ব্যক্তিত্বলৈ সন্মান জাগিছিল।
বাজেটৰ কাম শেষ কৰি ঘৰ সোমালোহি মাত্ৰ, জিৰণি নোহোৱা কামৰ প্ৰকোপতে হওক নতুবা অন্য কোনো কাৰণতে হওক, এসপ্তাহৰ কাৰণে হস্পিতেলৰ বেড শুৱনি কৰি পুনৰ নিজ কাৰ্যালয়ত কাম আৰম্ভ কৰিলো। এইবাৰ দেখিলো, অনিমেষ চহৰীয়া বেচ গহীন। কিবা সমস্যা? সুধিলো। সুদুত্তৰ নাপালো। আনৰ ব্যক্তিগত সমস্যাক লৈ বহুত উৎসুকতা এনেও মোৰ নাছিল, তাতে নৰিয়া পাটি এৰা দেহা, লগতে ঘৰত কণমানি কেঁচুৱা, গতিকে বেছি মূৰ নঘমাই দৈনন্দিন ৰুটিনত ব্যস্ত হৈ পৰিলো।

দৃশ্যপট ৩:

সেই অনিমেষৰে বদলিৰ নিৰ্দেশ আহিল। অনিমেষে আমাৰ কাৰ্যালয়ৰপৰা ৰিলিজ লোৱাৰ দিনাই শিক্ষক নিযুক্তিৰ কামত মোক পুনৰবাৰৰ বাবে হেড অফিচলৈ মাতি পঠিয়ালে। শিক্ষা বিভাগৰ কেবাটাও গুৰুত্বপূৰ্ণ কাম সমান্তৰালভাৱে চলি থকাৰ পৰিপ্ৰেক্ষিতত আমাৰ কামবোৰ সৈনিকৰ দৰে হৈ পৰিছিল। যেন, হীৰুদাৰ মতে, ‘দেশ বুলিলেই আদেশ নালাগে’। ওপৰৰপৰা চমন অহাৰ লগে লগেই য’ৰে বস্তু ত’তে এৰি ঢপলিয়াবলগীয়া হয়। যিয়েই নহওক, গুৱাহাটীলৈ বুলি যাবলৈ সিদিনা সোনকালে অফিচ এৰিছো, কণমানিটোক মাৰ ওচৰত থৈ যাবলৈ বেলেগকৈ টোপোলা বান্ধিছো, এনে ব্যস্ততাপূৰ্ণ সময়ত অফিচত চলি থকা অনিমেষৰ বিদায়ী সভাৰ কথা তিলমানো মনলৈ নাহিল, আনহে নালাগে, গুৱাহাটীৰপৰা ঘূৰি আহি পুনৰ অনিমেষক লগ নাপাম বুলিও যে তেখেতক মাত এষাৰ লগাই থৈ অহাৰ প্ৰয়োজন আছিল, সেই কথাও মনলৈ নাহিল। ট্ৰেইনৰ টিকেটটোও কনফাৰ্ম হোৱা নাছিল। টিকেটটো চেক কৰিবলৈ বহোঁতেই হঠাতে ফোনটো বাজি উঠিল। অচিনাকী নাম্বাৰৰ ফোন। সিপাৰৰপৰা নাৰীকণ্ঠ ভাহি আহিল,
“মেডাম, মই দেৱশ্ৰীয়ে কৈছো।”

মানে আমাৰ ফিল্ড ৱৰ্কাৰ দেৱশ্ৰী। তাইৰ লগত মই কোনোদিনেই কথা পতা নাছিলো, গতিকে কি সংক্ৰান্তত ফোন কৰিছে জানিবলৈ সুধিলো। তাই কিছু আড়স্ততা সানি মাত লগালে,
“মেডাম, আপোনাৰ ঘৰত অনিমেষ ছাৰ আছে নেকি?”

মই আচৰিত হোৱাৰ পাল। অনিমেষ আকৌ মোৰ ঘৰত কিয় থাকিব? তাই এইবাৰ কিছু জোৰ দি ক’লে,
“নহয় মানে হুছেইন ছাৰে কৈছিল, অনিমেষ ছাৰ আপোনাৰ সৈতে গুৱাহাটীলৈ যাব বুলি।”

“হোৱাট!”

“হয় মেডাম, দিলোৱাৰ হুছেইন ছাৰে কোৱাৰ বাবেহে মই ফোন কৰিলো আপোনাক। অনিমেষ ছাৰক লগ পাবলগীয়া আছিল। খুব জৰুৰী আছিল।”

টিঙিচকৈ খঙটো উঠি আহিল। অনিমেষ যে মোৰ ঘৰত নাই, সেই কথাটো তাইক ভালদৰে বুজাই ফোন থ’লো। কি যুক্তিত হুছেইনে তেনেদৰে ক’লে নুবুজিলো। কিন্তু এই সময়ত সেইবোৰ ভাবিবলৈ মুঠেই সময় নাই। চেৰেলেকৰ বাতিটোৰপৰা চামুচখন আনি কণমানিটোৰ মুখলৈ নিব লওঁতেই পুনৰবাৰৰ বাবে ফোনটো বাজি উঠিল, সিফালে দেৱশ্ৰীৰ কাতৰ কণ্ঠ,
“প্লিজ মেডাম, অনিমেষ ছাৰক এবাৰ লগ কৰিবলৈ দিয়কনা।”

উফ! অনিমেষ! অনিমেষ! অনিমেষ!
“ভাৰ মে যায়ে অফিচ, জহান্নামে যাওক অনিমেষ।” কি যুক্তিত, কি কাৰণত মই অনিমেষক বন্দী কৰি থ’ম, ল’ৰাক আহাৰ খুৱাই থকাৰ সময়ত মই কিয় তাৰ বাবে চিন্তা কৰিম এনেকুৱা এগাল প্ৰশ্নই জুমুৰি ধৰিলেও দেৱশ্ৰীৰ কাতৰ কণ্ঠত মই বিগলিত হৈ পৰিলো। সেয়ে সুধিলো তাইক,
“তোমাৰ কি হ’ল মোক বুজাই কোৱাচোন দেৱশ্ৰী ।”

“মেডাম, আজি অফিচত কি হ’ল গম পালে নহয়?”

“কি হ’ল অ’?”

“অনিমেষ ছাৰ আৰু প্ৰতীক্ষাক অসংযত অৱস্থাত দেখিলে কোনোবাই।”

“হাঁ?”

“হয় মেডাম। তাৰপাছৰেপৰা অনিমেষ ছাৰক কোনেও পোৱা নাই। হুছেইন ছাৰে ক’লে আপোনাৰ ঘৰত আছে তেওঁ।”

“চোৱা দেৱশ্ৰী, মই আজি গুৱাহাটীলৈ গৈ আছো। ৰাতি আঠবজাত মোৰ ট্ৰেইন আছে। তুমি আহি যোৱা মোৰ ঘৰলৈ। নিজ চকুৰে চাই যোৱা।”

“নাই মেডাম। আপুনি কৈছে যদি বিশ্বাস কৰিছো”, বুলি তাই ফোনটো থ’লে।

মোৰ এইবাৰ ফোনৰ নাম্বাৰ ডায়েল হ’ল দিলোৱাৰ হুছেইনলৈ। কুকুৰে কাঁইট নোখোৱা গালি কেইটামানেৰে থকা সৰকা কৰি মাৰ ঘৰত কণমানিটো থৈ গুৱাহাটীলৈ বুলি ট্ৰেইনত উঠিলো।

দৃশ্যপট ৪:

অফিচত আকৌ ফুচফুচনি মেল।

“অ’ বাইদেউ, আপুনি যোৱাৰ দিনাখন যে কি অঘটন ঘটি গ’ল জানে নে নাই? অনিমেষ ছাৰক খুব পিতিলে নহয়?”

“কোনে পিতিলে? কিয় পিতিলে?” – মই দুদিন অফিচত নাথাকোতেই ক’ত কি হৈ গ’ল গমেই নাপালোচোন।

“হয় বাইদেউ, লোকেল ল’ৰা কেইটামানে পিতিলে।” অফিচৰ চাফাইকৰ্মীগৰাকীয়ে মোৰ কম্পিউটাৰটোৰ ধূলিখিনি মচি মচি কৈ থাকিল।

বিজুলীবেগেৰে চকুৰ আগেৰে ভাঁহি গ’ল, সিদিনা অনিমেষক বিচাৰি বাৰে বাৰে দেৱশ্ৰীৰ কাতৰ কণ্ঠ, দিলোৱাৰ হুছেইনৰ লগত মোৰ তৰ্কাতৰ্কি, প্ৰতীক্ষাৰ সৈতে অনিমেষক সাঙুৰি অবিশ্বাস্য অপবাদ। বুজিলো, মানে, ষষ্ঠ ইন্দ্ৰিয়ই ক’লে, ল’ৰাজন ক’ৰবাত কাৰোবাৰ আক্ৰোশৰ বলি হ’ল। দুখ লাগিল কিছু। ভাল মানুহ এজনৰ লগত বেয়া হ’ল। সেই সময়ছোৱাত মই সহায় কৰিব নোৱাৰিলো।
ফোন লগালো অনিমেষলৈ,
“চুইচ অফ”।
আকৌ এদিন কৰিলো,
“নাম্বাৰ ডাজ’নট এক্সিষ্ট”।
প্ৰতীক্ষাৰ গহীন মুখখনে কষ্ট দিয়ে। তাইও বদনামৰ ভাগ পালে। হয়তো অনিমেষৰ বাবেই তাই সেই বদনামৰ ভাগ ল’ব লগা হ’ল। মানুহবোৰে কথাৰ নদী বোৱায়। মুখৰোচক কথাত নদীত বান আহে। এনে নদীৰ বলীয়া বানত উটি যায় প্ৰতীক্ষাহঁতৰ দৰে সৰলমনা ছোৱালীবোৰ।একোকে সোধা নহ’ল তাইক।মাথোঁ ফুচফুচনি মেলবোৰত সদম্ভে ঘোষণা কৰি আহিলো, “মনেসজা কাহিনীবোৰ পৰিপক্ক হাতেৰে সজোৱা হোৱা নাই। সেয়ে মনঃপুত হোৱা নাই মোৰ।”

“মনে সজা কাহিনী বুলি কিয় ভাবিলা?” – কোনোবা এজনৰ টিপ্পনী।
“তাৰ মানে তোমাৰ লগতো কিবা আছে তেওঁৰ।” – নিকৃষ্ট পৰ্যায়ত আন এজনৰ টিপ্পনী।
উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলো। কোনোবাই কৈছিল, সহকৰ্মী কেতিয়াও বন্ধু হ’ব নোৱাৰে। সঁচাকৈ এনে নিকৃষ্ট মনৰ সহকৰ্মীৰ লগত বন্ধুত্ব নকৰাই মংগল। আকৌ নিজৰ বেহুত সোমাই পৰিলো। ঘৰ, অফিচ, সন্তান, হেড অফিচ ইত্যাদিৰ মাজত লাগি থাকোতে অনিমেষ চহৰীয়াৰ নামটো লাহে লাহে তল পৰিল।

দৃশ্যপট ৫:

বন্ধু প্ৰশান্তৰ আমন্ত্ৰণমৰ্মে গুণোৎসৱৰ কাম কাজ চাবলৈ কাৰ্বি আংলং পালোগৈ। কাৰ্বি পাহাৰৰ মাজে মাজে আমাৰ স্কৰপিঅ’খন ঘূৰি ফুৰিছে। এফালে সেউজীয়া পাহাৰৰ সৌন্দৰ্য, আনফালে নীলা চাৰ্টৰ ইউনিফৰ্ম পিন্ধা এজাক শিশুৰ কলৰৱ। স্কুলখনৰ মনোমোহা দৃশ্যই টানি নিলে। পৰিপাটী চৌহদ, শাৰী শাৰী নাহৰৰ গছ, বিজ্ঞানসন্মত ৰান্ধনীঘৰৰপৰা আৰম্ভ কৰি পুথিভঁৰাললৈকে এক উচ্চমানৰ বিদ্যালয়। প্ৰধান শিক্ষকে আমাক আগবঢ়াই নি এজন এজনকৈ সকলোবোৰ শিক্ষকৰ লগত চিনাকী কৰাই দিলে। মোক আচৰিত কৰি সেই স্কুলখনৰে এজন শিক্ষক আছিল অনিমেষ চহৰীয়া।
কেনেকৈ সম্ভৱ? কেনেকৈ সম্ভৱ? এজন দক্ষ শিক্ষা বিষয়া আহি এখন অখ্যাত অঞ্চলত বাহৰ পাতিছেহি। আচৰিত! আচৰিত! মনৰ অযুত প্ৰশ্নক ৰোধিব নোৱাৰি বন্ধু প্ৰশান্তক অনিমেষৰ সবিশেষ সুধিলো, লগ পাবলৈ বিচাৰিলো। সেইমতে আহি অনিমেষৰ সন্মুখত বহি ল’লো।

“কওকচোন।”

“কি কওঁ?”

“কৈ যাওক, কি, ক’ত, কেনেকৈ ইত্যাদি ইত্যাদি।”

“মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছিল জানেনে? প্ৰতীক্ষাৰ কেচটো তেনে ষড়যন্ত্ৰৰে ফল।”

“আৰু দেৱশ্ৰী?”

“দেৱশ্ৰী, আপুনি, এইবোৰ এটা এটা কাৰক মাথো। কাৰণবোৰ বেলেগ। হয়তো ঈৰ্ষা। কাৰণ মোক ওপৰমহলে, বিশেষকৈ বচে খুব ভাল পাইছিল।”

“মোকো কাৰক বুলিলে যে?”

“আপুনি নাজানে। মই জানো। আপোনাৰ শুনিবলৈ সময় নাছিল নতুবা আপুনি বুজি পোৱা নাছিল, অফিচৰ ফুচফুচীয়া মেলৰ এটা অংশ আপোনাৰ নামতো আছিল। সেই বাজেটৰ সময়খিনি মনত আছেনে, ৰাতি দেৰিলৈকে অফিচত থাকিব লগা হোৱাৰ বাবে যে মই আপোনাক আগবঢ়াই থৈ আহিছিলো। হুছেইনহঁতে কথাবোৰ বেলেগকৈ কৈছিল।”

“কি কৈছিল হুছেইনহঁতে?”
– আকৌ মোৰ আচৰিত হোৱাৰ পাল।

“বাদ দিয়ক সেইবোৰ। যোৱা কথা গ’ল।”

“বাৰু বাদ দিলো । কিন্তু আপুনি চাকৰি এৰি ইয়ালৈ আহিল কিয়?”

“ইয়াত শান্তি আছে মেডাম। ডাঙৰ মানুহৰ ঠেক চিন্তাবোৰ নাই ইয়াত।”

উপসংহাৰ:

কাৰ্বি আলঙৰপৰা ঘূৰি আহিলো। অনিমেষলৈ বৰকৈ মনত পৰিল। গুণীন ফুকন আৰু দিলোৱাৰ হুছেইনহঁত তাৰ সফলতাৰ বাবেই শত্ৰু হৈ পৰিছিল। সেই গুণীন ফুকন এতিয়া ঘোচ লোৱাৰ অপৰাধত নিলম্বিত হৈ আছে। দিলোৱাৰ হুছেইনৰ শাৰিৰীক অসুস্থতা। ঋণাত্মক চিন্তাধাৰাৰ কোবত মানুহজনৰ বয়স যেন খুব সোনকালে বাঢ়ি গৈছে তেনে লাগে। প্ৰতীক্ষাৰ বিয়া হ’ল। এটি সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ। দেৱশ্ৰীৰো বিয়া হ’ল। অনিমেষ মানৱ গঢ়াৰ আশ্ৰমত বন্দী থৈ থাকিল। ফুচফুচনিবোৰৰ ঠিকনাই বাট সলালে। সেই ফুচফুচনিবোৰৰ কোনো স্থায়ী ঠিকনা নাই। এদিন এনেকৈয়ে সেই ফুচফুচনিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত ঠাই ল’লে। অসম উজলিল ‘চেক্স চাৰ্ভে’ৰ সমীক্ষাত।
তাৰ বাবে অসমীয়া মানুহক গালিনো কেলেই পাৰিম? কোনোবা এদিন কোনোবা অচিন সাংবাদিকে সমীক্ষা চলাইছিল হয়তো। মুখৰোচক কাহিনীৰে সেই সাংবাদিকৰ পৃষ্ঠা ভৰাইছিল এই গুণীন ফুকনহঁতেই। অফিচে অফিচে এনে দেধাৰ গুণীন ফুকন, অফিচে অফিচে দেধাৰ দিলোৱাৰ হুছেইন, অফিচে অফিচে এনে হাজাৰটা ফুচফুচীয়া মেল। ওপৰলৈ থু মাৰি পঠিয়াওঁ আমি। নিজৰ গাত পৰিলেহে হুঁচ আহে। তেতিয়ালৈ আমি নিকা হৈ নাথাকো। থু আহি আমাৰেই গাত পৰে।
এৰা। আমি নিকা হৈ নাথাকিলো। এনে অসংখ্য গুণীন ফুকনেৰে সমাজ ভৰাই পেলালো। আৰু আমাৰ গুণগত সময়বোৰত মুখৰোচক পৰচৰ্চাবোৰ গলিয়াই থাকিলো, ঠিক যেন টাইম পাছৰ দৰে, মুখৰোচক কিন্তু স্বাস্থ্যৰ পক্ষে অপকাৰী। সমাজৰ স্বাস্থ্য হানিকাৰক এই সৰু ৰোগটোৱেই এদিন গৈ জটিল ৰূপ ধাৰণ কৰিব, য’ত ভাল মানুহবোৰ হেৰাই যাব, বেয়াবোৰে সমাজ প্ৰতিনিধিত্ব কৰিব।
বোলো হেৰ’ ভাই-ভনীহঁত। ভালবোৰক বেয়া সজোৱাতকৈ বেয়াবোৰক ভাল কৰিবৰ হ’ল। মনটোক কৰ্ষণ কৰি সমাজখন সুস্থ কৰিবৰ হ’ল। ভূপেনদাৰ বাণীবোৰ খুঁটিয়াই চাবৰ হ’ল। নিজকে প্ৰশ্ন কৰিবৰ হ’ল,
“তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব?”

☆★☆★☆

20 Comments

  • Gitika Saikia

    পৰী, খুব ভাল লাগিল। বাস্তৱৰ নিখুত ছবি আঁকিলা। তোমাৰ লিখনি সদায়েই প্ৰিয়। এই লিখাটোতো চিন্তাৰ খোৰাক দিলা।

    Reply
  • উত্তৰা

    একেবাৰে সঁচা এখন ছৱি আমাৰ সমাজক প্ৰতিফলিত কৰা।

    Reply
  • Dhruba Jyoti Arjuna

    এটাই মাথোঁ শব্দ । দুৰ্দান্ত ।

    Reply
  • ৰাজীৱ শৰ্মা

    অপ্ৰিয় সত্য।ফলাফল বিষময়।

    Reply
  • Raju Kumar Nath

    খুওব ভাল লিখনি।সচাঁয়ে ঋণাত্মক চিন্তাই সমাজখনক পংগু কৰি পেলাইছে।নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে মানুহ কিমান তললৈ যাব পাৰে তাৰ বহু প্ৰমাণ পাই থৈছো।

    Reply
  • Bhaskar

    ভাল লাগিল

    Reply
  • সুন্দৰ লিখনি।

    Reply
  • জাহ্নৱী গগৈ

    সুন্দৰ লিখনি। মন সুস্থ হ’লেহে সমাজ সুস্থ হ’ব।

    Reply
  • Manashi Hazarika

    খুব ভাল লাগিল।বাস্তৱ সময়ৰ এখন জীয়া ছবি সুন্দৰকৈ অংকন কৰিলে।

    Reply
  • ৰূপম বৈশ্য

    ৱাহ ! পঢ়ি উঠি মাথোঁ এইটো শব্দহে মুখেৰে ওলাইছে।

    Reply
  • অভিজিৎ কলিতা

    হৃদয়স্পৰ্ষী। এই নভৱা নিচিন্তা মুখৰোচক আলোচনাবোৰে কিমান আপকাৰ কৰিব পাৰে, কৰোতা জনেও ভাবিব নোৱাৰে। আমি সকলোৱেই এইবোৰৰ চিকাৰ

    Reply
  • পাৰবীন

    সকলোলৈকে ধন্যবাদ

    Reply
  • এনেকুৱা এচাম মানুহ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানতে থাকে। ভাল মানুহৰ শান্তিৰে কাম কৰাৰ পৰিবেশ নষ্ট কৰে। বহুসময়ত কাৰোবাৰ জীৱনো বিষময় কৰি তোলে। ভাল লাগিল লেখাটো।

    Reply
  • Priyankee Baruah

    ভাল লাগিল বা ।

    Reply
  • Princhi Bora

    বৰ ভাল লাগিল বা । সঁচাই কিছুমান মানুহৰ স্বভাৱ বোৰ প্ৰতিফলিত হৈছে ।

    Reply
  • অনুৰূপ

    দুৰ্দান্ত

    Reply
  • চানাচুৰৰ দৰে মুখৰোচক কথাবোৰে সমাজৰ
    স্বাস্থ্য কিমান খতি কৰে! চোবাই ভাল লাগে ৷
    পেটৰ অসুখ হয় ৷

    Reply
  • বত্তৰ্মান সমাজৰ এখন জীয়া ছৱি ৷

    Reply
  • Parishmita Gogoi

    পৰীবা কি সুন্দৰকৈ গল্পটো লিখিলে। বাস্তবৰ পটভূমি আৰু সমসাময়িক সমাজখনক খুব ধুনীয়াকৈ উপস্থাপন কৰিলে। সঁ‌চাকৈ সহকৰ্মী কেতিয়াও বন্ধু হ’ব নোৱাৰে, কথাষাৰে ভবাই তুলিলে।

    Reply
  • Anuradha Devi

    সচাকৈ অতি সুন্দৰকৈ লিখিছে৷এনেকুৱা অভিগ্যতা আছে৷ এচাম তথাকথিত শিক্ষিত মানুহৰ নিম্নৰুচিৰ কথা শুনিলে আচৰিত লাগে৷

    Reply

Leave a Reply

Your email address will not be published.