ফটাঢোল

পৰিৱৰ্ত্তন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘মই হেৰিক ভোট নিদিও’ – শ্ৰীমতীয়ে ইলেকশ্যনৰ দিনা ৰাতিপুৱাই চিঞৰি চিঞৰি ক’লে। ইলেকশ্যনলৈ তেতিয়াও এসপ্তাহ মাজত। তেওঁ কেতিয়াবা গোটেই ৰাতি কিবাকিবি কথাবোৰ ভাবি, চিন্তা কৰি, ভাবনাবোৰ জিভাতে থূপ খুৱাই থৈ দিয়ে, আৰু ৰাতিপুৱা চকু মেলাৰ লগে লগে সেইবোৰ লেলাউটি পেলোৱা দি পেলাবলৈ আৰম্ভ কৰে। সেয়েহে মই বেছিভাগ কথাৰ আগ-গুৰি নুবুজোঁ। দুই মিনিটমান বুজোৱাৰ পাছতহে বুজোঁ, কিন্তু সেইটো যে তেওঁৰ জন্মগত অভ্যাস সেয়া বুজি পোৱা হৈছোঁ।

‘কিয়?’ – এঙামুৰি এটা দি ম’বাইলত ফে’চবুক খুলি দাগ লগোৱা সুন্দৰীসকলৰ সুন্দৰ মুখবোৰ (আঙুলিক কেন্দ্ৰ কৰিয়েই ফ’টোবোৰ দিছে যদিও প্ৰথম দৃষ্টিতো চকু-মুখতে পৰিব) চাই আনন্দ লৈ লৈয়েই সুধিলোঁ।

‘ভাবি আছিলোঁ কালি ৰাতি কথাবোৰ। পৰিৱৰ্তন অনাৰ কথা কৈছিল। ঘৰে-বাহিৰে সকলোতে পৰিৱৰ্তন হ’ব হেনো। কিন্তু ক’তা? এক চিকুট পৰিৱৰ্তন দেখিলোঁ নে?! একেই আছে চব। নে নাই?’

‘ধুনীয়া আঙুঠি পিন্ধিছে শৰ্মাৰ মিছেচে। নেইল প’লিচেই চাবা নে আঙুঠিকেই চাবা!’

‘কি বকিছা?’

‘নাই নাই। কি কৈ আছিলা? আচ্ছা, পৰিৱৰ্তন? হৈছেতো। তোমাক কিমান পৰিৱৰ্তন লাগে? পাঁচবছৰ আগতে তুমি কিবাকৈ হ’লেও জীনচ্ পিন্ধিবলৈ চেষ্টা কৰিছিলা। বিশাল মেগামাৰ্টত দুই এটা ছাইজ মিলিছিলও। আজিকালি নোৱাৰা। সিদিনা ‘ইমান মন আছে যদি চিলায়েই পিন্ধি ল’ব বাইদেউ’ বুলি কোৱা নাছিল ছেলচবয়জনে? এয়া পৰিৱৰ্তন নহয়? পাঁচবছৰ আগত ক’ৰবালৈ গ’লে পাঁচমিনিট ড্ৰেছিং আইনাৰ সন্মুখত ৰৈছিলা। আজিকালি ওচৰৰ ঘৰৰ বৰ্মনৰ ঘৈণীয়েকৰ বেমাৰৰ খবৰ ল’বলৈ গ’লেও আধাঘন্টা মুখখনত ঘঁহি-পিহি যোৱা, কিজানিবা বৰ্মনৰ জীয়েকে তোমাৰ লগত হঠাতে চাৰিখনমান ছেলফি তুলি ‘ডেকা আন্টিৰ লগত কিছু সময়’ বুলি ফে’চবুকত আপলোড কৰি দিয়েই! এইবোৰেই পৰিৱৰ্তন। নহয়?’

‘তোমাৰ লগত ছিৰিয়াচ কথা পাতিবই নোৱাৰি। কেবল মোক টানি আনি কথাৰ মাজত সোমোৱাই ৰস লোৱা। মই বেলেগ পৰিৱৰ্তনৰ কথা কৈছোঁ’

‘এইবোৰ ৰিলেটেড কাৰণে কৈছোঁ। আগতে ম’বাইল হাতে হাতে আছিল জানো? একঘন্টা নেট কৰিলেও কিমান বিল উঠে। আজিকালি চবতে ফ্ৰী, নহ’লে খুব বেছি ৰামলালৰ তাত চানা খোৱাৰ সমান দাম। নকৰিব কিয়? সেয়েহে দিনে-ৰাতিয়ে ম’বাইলটো লৈ হয় ফ’টো আপলোড, নহ’লে যাৰ তাৰ লগত কথাৰ মহলা…এইবোৰেই পৰিৱৰ্তন’

‘আৰে, আমাৰ জীৱনলৈ কি পৰিৱৰ্তন আহিল কোৱাচোন? সেই পুৱাই উঠি ৰুটি-ভাজি, দুপৰীয়া আকৌ ভাত, আবেলি চাহ..আকৌ ৰাতিলৈ কি ৰান্ধিম সেইটোৰ চিন্তা। সেয়া পাঁচবছৰ আগতেও কৰিছিলোঁ, আজিও কৰি আছোঁ। ক’ত পৰিৱৰ্তন?’

‘এইবোৰত পৰিৱৰ্তন কেনেকৈ আহিব হে? এতিয়া ঠেঙৰ ওপৰত ঠেঙ তুলি বহি বহি খাব পাৰিলে হে পৰিৱৰ্তন? অলপ কষ্টতো কৰিবই লাগিব। আমাৰ নেতা অনিল গগৈক নোচোৱা কিয়। পাঁচবছৰ আগতে পাঁচ লাখ টকাৰ গাড়ীত ঘূৰিছিল। আজিকালি পোন্ধৰলাখ টকাৰ গাড়ীত ঘূৰে। যাৰ কাৰণে আন্দোলন কৰে, তেওঁলোকৰ আৰু পাঁচ টকাৰে চাউল এক কেজি কিনি ভাত বহাবলৈ সামৰ্থ্য নাই। কিন্তু নেতা যে তেওঁ! চিঞৰি চিঞৰি কষ্ট কৰিছে। আন্দোলন কৰিছে ৰ’দ-বৰষুণৰ মাজেৰে। কষ্ট কৰিছে, আউটপুট লাখ-কোটিত পাইছে। কষ্ট নকৰিলে পৰিৱৰ্তনে নিজে খেদি খেদি কিয় আহিব?’

‘অকল সেইটোৱে নহয়। আমাৰ ভাইটোৰ দেখোন এম.এচ.ছি পাছ কৰা পাঁচবছৰৰ বেছি হ’ল। পৰিৱৰ্তন আহিব বুলি তাকো চৰকাৰী চাকৰিত আশা কৰিছিলোঁ। নহ’ল। তাৰ মুখখন চালে যোৱা পাঁচবছৰত কিবা চেঞ্জ হোৱা বুলি ক’ম নে? বেচেৰাটো! বেয়াই লাগে’।

‘শুনা, এইবোৰ বাদ দিয়া। তুমি হেৰিক ভোট দিব নালাগে। যাকে দিয়া দিবা। আমি গৈ ভোট দি আহোঁ। এই দুদিন বন্ধ আছে। অলপ লং ড্ৰাইভত যাওঁ ব’লা। সন্ধিয়ালৈ গোলাঘাট পাম। বন্ধু অম্লানৰ ঘৰত ৰাতি থাকিম। পুৱা তোমাৰ যোৰহাটৰ ঘৰলৈ গৈ ভাত সাজ খাই আকৌ গুৱাহাটীলৈ বেক কৰিম। কেনে পাইছা প্লেন?’

‘বঢ়িয়া। ৰেডী হওঁ’ – শ্ৰীমতীয়ে দৌৰাদৌৰিকৈ গ’ল।

অম্লান আৰু মই একেটা কোম্পেনীত চাকৰি কৰিছিলোঁ গুৱাহাটীত দুবছৰ। ভাল বন্ধুত্ব হৈছিল। পাছত সি গোলাঘাটলৈ গুচি গ’ল। ঠিকা কৰে, আন কিবা বিজনেছো কৰে এতিয়া। ভাল অৱস্থা হ’ল তাৰ যোৱা চাৰিবছৰত। এইবাৰ জানুৱাৰী মাহত হঠাতে তাৰ ফোন পাইছিলোঁ। ঘৈণীয়েকৰ কিবা অ’পাৰেছন আছে। গুৱাহাটীৰ কোনোবা এখন হোটেলত আছে। মই অসুখীয়া মানুহজনীক লৈ হোটেলত থকাতকৈ আমাৰ ঘৰলৈ মাতিলোঁ। সিহঁত আহিল। ঘৈণীয়েকৰ অ’পাৰেছন হ’ল। হ’স্পিটেলৰ পৰা আহি আকৌ আমাৰ ঘৰতে এসপ্তাহ থাকিল। শ্ৰীমতীয়ে মানুহগৰাকীক ‘কুইক ৰিক’ভাৰী’ৰ কাৰণে বহুতো কৰিলে। ময়ো মাগুৰ মাছৰ জোল ভাল বুলি মালিগাঁৱলৈ পুৱা পাঁচটাতে দুদিন মাগুৰ বিচাৰিও গৈছিলোঁ। যোৱাৰ সময়ত অম্লান আৰু তাৰ পত্নীয়ে চকুলো নিগৰাই ‘গোলঘাটলৈ গ’লে এমাহ থকাকৈ আহিব। ধাৰ সুজিব লাগিব আমিও’ বুলি হাজাৰবাৰ কৈ গ’ল। সেই অম্লানৰ ঘৰলৈকে যোৱাৰ কথা ভাবিলোঁ আজি।

গোলাঘাট পাওঁতে সন্ধিয়া সাতমান বাজিল। গুৱাহাটীৰপৰা ওলাওঁতে তাক কৈ থৈছিলোঁ। সি পুলিচ থানাৰ কাষতে সিহঁতৰ ঘৰটো বুলি কৈছিল। গোলাঘাট পাইয়েই তাক ফোন কৰিলোঁ।

‘বিয়া এখনলৈ আহিছিলোঁ। আধাঘন্টাত আহি আছোঁ। থানাৰ কাষতে থাকা’ – সি কৈছিল। আঠ বাজি গ’ল। তাৰ খবৰ নাই। কিছু দেৰি পাছত ফোন কৰিলোঁ। ফোনৰ ছুইটচ্ অফ। শ্ৰীমতীৰ লগত তাৰ পত্নীৰ নম্বৰ আছিল। তেওঁও ফোন কৰিলে। একেই। ছুইটচ্ অফ। ন’ বজালৈ ৰ’লোঁ। তাৰ পাছত যোৰহাট অভিমুখে গাড়ী চলাবলৈ আৰম্ভ কৰিলোঁ।

‘মানুহ চিনিব নোৱাৰি’ – শ্ৰীমতীয়ে ভোৰভোৰালে।

‘পৰিৱৰ্তন নহয় জানো এয়া? চাৰিমাহতে ইহঁতৰ ইমান পৰিৱৰ্তন হ’ল নে!’ – খং উঠিছিল। দুখো পাইছিলোঁ।

শ্ৰীমতীৰ ঘৰত মানে শহুৰৰ ঘৰত ৰাতিটো থাকিলোঁ। এওঁৰ ভায়েক বিকি মানে মোৰ খুলশালীক সেইদিনা ৰাতি নেদেখিলোঁৱে। কোনোবা এজনে ক’লে-‘আজিকালি সি কাম বিচাৰি ঘূৰি থাকে দিনৰ দিনটো। বৰ কষ্ট কৰা হৈছে বেচেৰাই। কিবা এটা কামত মূৰটো সোমাব পাৰিলেই কষ্ট সাৰ্থক হ’ব’।

ময়ো ‘হয় হয়’ বুলি সামৰিলোঁ।

পাছদিনা ৰাতিপুৱা এঘাৰমান বজালৈ বিকি উঠা নাই বিচনাৰপৰা। আমি গুৱাহাটীলৈ ৰিটাৰ্ণ হ’বলৈ সাজু হ’লোঁ। বিকিৰ ৰুমলৈ গৈ মাতিলোঁ। সি খকমককৈ উঠি বহিল।

‘ওহ ভিনদেউ, যাবলৈ ওলালেই এই ৰাতিপুৱাতে?’

‘ও, এতিয়া ওলালেহে সন্ধিয়ালৈ গুৱাহাটী পামগৈ’

‘আচ্ছা, কালি মই বৰ বিজি আছিলোঁ। দেৰি হ’ল বহুত ঘৰলৈ আহোতে’

‘গম পাইছোঁ। মই একমান বজালৈ সাৰেই আছিলোঁ। তুমি তেতিয়ালৈ অহা নাই’

‘কি ক’ব আৰু। সেই যে চ’কৰ আঁহতজোপা আছে। তাৰ তলতেই কম্পিটিছনখন পাতিছোঁ। এইবাৰ মানে ময়েই মূল দায়িত্বটো আকৌ ল’লোঁ। যোৱা তিনিবছৰে বৰ ভালকৈ চলালোঁ যে। আকৌ এইবাৰো দিছে সেয়েহে দায়িত্বটো’

‘কিহৰ কম্পিটিছন?’

‘নাইট কেৰম কম্পিটিছন। ৰাতি আঠটাৰপৰা কেৰম খেলবোৰ পাতোঁ। বাৰটালৈ চলে। কালি মাজতে লাইট গ’ল। দেৰি হৈ গ’ল। আজি আকৌ মোৰো খেল আছে। এতিয়া তালৈকেই যাওঁ প্ৰেকটিছ কৰিবলৈ। সন্মান ৰাখিব লাগিব নহয়’

‘হয় দিয়া। ৰাতি কেৰম খেলি ভালেই লাগে নহয়?’

‘কৈছে হে নে ভিনদেউ! ৰাতি কিয় আমিতো গোটেই দিনটোৱেই খেলোঁ। ভাল ‘টাইম পাছ’ হৈ যায়। মজ্জা!’

তাক দেখি ভাবিলোঁ, সঁচাকৈয়ে পৰিৱৰ্তনৰ বতাহে তাক এচিকুটো হিলাব পৰা নাই। পাঁচবছৰ আগতেও গছৰ তলত কেৰম খেলিছিল, এতিয়াও খেলি আছে। মাত্ৰ চুলি দুডালমান পকিছে। ঘৰত আৰামত বহি খাই আছে বাবে পেটটো ওলাইছে। বাকী..’নো পৰিৱৰ্তন’! হয়তো, এইজনাক উদাহৰণ হিচাপে ল’লে শ্ৰীমতী কিয় কোনেও নামানে যে পৰিৱৰ্তন আহিছে। কিয় নো দিব হেৰিক ভোট! হয় দিয়া শ্ৰীমতী, তুমি সঠিক!

☆★☆★☆

15 Comments

  • আৰাধনা বৰুৱা

    ভাল লাগিল

    Reply
  • লখিমী

    বঢ়িয়া।পিছে বৌয়ে পঢ়িলে সুদাই নেৰে।

    Reply
  • Rintumoni Dutta

    ধামাকেদাৰ পাঞ্চ, বঢ়িয়া লাগিল দিগন্ত

    Reply
  • দিম্পল

    দাদা আপুনি জুই

    Reply
  • তৃষ্ণা সো

    সচাকৈয়ে পৰিৱৰ্তন নাই হোৱা কত!!!
    ভাল লাগিল পঢ়ি।

    Reply
  • উজ্জ্বল

    ভাল লাগিল দাদা৷

    Reply
  • মাধুৰ্য্য

    কিছু লিখিছে দিগন্তুদা। খুব ভাল লাগিল।

    Reply
  • Suntu

    😄😄

    Reply
  • পাৰ্থ প্ৰতীম শৰ্মা

    পৰিৱৰ্তন লাগে সকলোকে, কৰিব কোনোৱে নোখোজে! ভাল লাগিল।

    Reply
  • চন্দন গগৈ

    পৰিবৰ্তন… ধূৰ!!
    নিজকে পৰিবৰ্তন নকৰে আৰু বেলেগ পৰিবৰ্তন বিচাৰে….

    Reply
  • প্ৰাঞ্জল বৰ্মন

    খুব ভাল লাগিল।

    Reply
  • LIPI Khound

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • জৰ্জেছ কদ্দৰ

    সুন্দৰ….

    Reply
  • মানসী বুদ্ধ

    বহুত ভাল লাগিল পঢ়ি ।👌

    Reply
  • কাবেৰী মহন্ত

    সমাজৰ জীয়া ছবি ৷ সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published.