ফটাঢোল

পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাই – দাদুল দেৱকৃষ্ণ বৰুৱা

হ’ব দে বোপাই,
যেনেতেনে পাছ কৰাক লৈ মই দুখ কৰা নাই
পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাইআখৰ নিচিনাৰ পুতেক হৈ পাছ যে কৰিলি
অংক নুবুজাৰ পুতেক হৈ নম্বৰ যে গোটালিবৰ মানুহ হৈ সাজি দিব নালাগে বঙলা
গাড়ী কিনি আঁতৰাব নালাগে পদূলিৰ নঙলা
যিকণ আছে মাটি তাতেই কৰিবি খেতি
যিকণ চেনেহ আছে তাৰেই বান্ধিবি আঁটি আঁটি

বৰ মানুহ হ’ব নালাগেে, ভাল মানুহ হ’বি
যি জান’ যি বুজ’ মানুহক ভালকৈ ক’বি
আকাশ চুব নেলাগে পূজিবি মাটিক
চৰণ চুব নেলাগে ভাল পাবি জাতিক

হ’ব বোপাই সৰহ নম্বৰ নোপোৱাৰ বাবে দুখ নকৰিবি
মাটিৰ মানুহ মাটিতে থাকিবি
পাঠশালাত নিশিকাখিনি জীৱনৰপৰা শিকিবি

দেখিছোঁ নহয় চকুৰ আগতে
জাকত জিলিকাকেইটাই কি ফুল ফুলাইছে
পাই আছোঁ নহয় বা-বাতৰি
বৰ মানুহ হৈ কেনেকৈ ৰাইজৰ ধন খাইছে
দেশৰনো কিডাল ভাল হৈছে

হাল বাবি খেতি কৰিবি
নিজেও খাবি আনকো খুৱাবি
নামঘৰত পাতিবি ভাওনা সবাহ
কোনোবা ঢুকালে সাজিবি চিতা

গিয়ান ল’বলৈহে আখৰ চিনিব লাগে
ধন-সোণ দেখোঁ চোৰেও গোটায়
আখৰ চিনা বহুতে তোক-মোক মানুহ বুলি নগণে
বেছিকৈ জিলিকা তৰাবোৰচোন পপীয়া তৰা হৈ খহে

হ’ব দে বোপাই, নালাগে হ’ব তই তৰা
টিকাৰ টোপাখহু হৈ ঘৰতে থাকিবি
নৰিয়াত পৰিলে কবিৰাজ মাতিবি
আয়েৰৰ আখলত হেতা ধৰিবি

কোনোবাই খাব কলম পিটিকি
কোনোবাই খাব মাটি খছকি
কোনোবাই খাব শিল ভাঙি
কোনোবাই খাব আনক ঠগি

কোনোবাই খায় দেশ বেছি
কোনোবাই খায় জাতি বেছি
কোনোবাই খায় মূৰ বেছি

দৰকাৰ পৰিলে শিল ভাঙিবি
দৰকাৰ পৰিলে হালোৱা খাটিবি
তথাপি নিদিবি আনৰ ধনলৈ চকু
তথাপি নাখান্দিবি আনৰ বাখৰুৱা বুকু

পোহৰ হ’বি বোপাই, পোহৰ
ৰ’দ হ’বি বোপাই, ৰ’দ
চেচুকীয়া পাণৰ নাই ক’তো আদৰ

হ’ব দে বোপাই, মই দুখ কৰা নাই
বুকুখন ফুলিহে উঠিছে আজি
আখৰ নিচিনাৰ পুতেকে আখৰ চিনিলি
অংক নজনাৰ পুতেকে নম্বৰ গোটালি

পৰীক্ষাটোনো কি কথা বোপাই
পঢ়িলেই পাছ হ’ব পাৰি
জীৱনটোহে ঘাই
য’ত নপঢ়াকৈয়ে দিব লাগে হাজাৰ বিজাৰ পৰীক্ষা

বাদ দে বৰ মানুহৰ চিন্তা, ভাল মানুহ হ’বি
বাদ দে গাড়ী ঘৰৰ চিন্তা, নাঙলৰ খুঁটিকে ধৰিবি
জানই নহয় নাঙলৰ খুঁটিত কিমান শকতি!

☆★☆★☆

3 Comments

  • ৰাজীৱ শৰ্মা

    সুন্দৰ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল।

    Reply
  • জ্ঞানদীপ খনিকৰ

    এইটো মজা

    Reply

Leave a Reply

Your email address will not be published.